Showing posts with label Assamese Jokes. Show all posts
Showing posts with label Assamese Jokes. Show all posts

Monday 7 October 2013

আপদীয়া কবিতা

(১)
 ছিঃ…!
কিযে বিশ্বাসঘাটক তুমি,
অ' মোৰ 'ফেচবুকৰ' প্ৰিয়া।
 দুখ দিলা, সহি ল'লো/
চকুলো, মোহাৰি ল'লো/
অভিযোগ কৰা নাইকিয়া।
 কিন্তু…!
কিদৰে নিজকে বুজাম কোৱা,
যিদিনা প্রথম জানিলো,
তোমাৰ নাম…, "…
দিলীপ শইকীয়া…!"
 (Fake ID-ৰ নামত উৎসৰ্গিত)



 (২)
 ধুৰ…!
 'প্ৰেম'-ৰ চক্কৰত নপৰা হ'লে,
 দহোটা ৰণুৱা ঘোঁৰা মোৰ বুকুটো দৌৰি আছিল।
 কিন্তু এতিয়া…?
 বুকুত জুমি চালেই দেখিবা এটা গাধই,
 ফেচবুক খুলি…,

 …'কবিতা' লিখি আছে॥

Sunday 6 October 2013

মাখনী পেহীৰ কাহিনী

আমাৰ মাখনী পেহীৰ কাহিনী এয়া !!

 বসয় তেঁওৰ এতিয়া তিনিকুৰি, ছাৰি মাহ ছয় দিন ।
তথাপি এতিয়াও ছালে চকুৰোৱা ।

মাখনী যেন সাইলাখ মাখনী ।

মাখন যেন দুগালত তেজে ফুটু ফুটু----প্রসাধন হবলা কমকৈ কৰে ।

নিজকে সাজি কাঁছি ধুনীয়া কৰি ৰখাটোয়েই যেন তেঁওৰ একমাত্র কাম ।

 এদিনাখন মাখনী সাজি কাঁছি কৰবালৈ গৈ আছিল !! 

তেনেতে পিছফাল পৰা এক আছৰিত কন্ঠষ্বৰ শুনিলে---- " তুমি আৰু ছল্লিশ বছৰ জীয়াই থাকিবা "

 তাই ইফালে সিফালে ঘূৰি ছালে, কিন্তু কাকো দেখা নাপালে !!
 অলপ দূৰ আগুৱাই গ'ল ! আকৌ শুনা পালে, সেই কন্ঠষ্বৰ ।

 তাই মনতে ভাবিলে ---" এইয়া হয়তু ভগবানৰ আহ্বান, আৰু ছল্লিশ বছৰ যেতিয়া জীয়াই থাকিমেই নিজকে আৰু অধিক সুন্দৰী কৰি তোলো " !!

 গ'ল বিউটি পার্লাৰ---- ছুলি কাটি, ফেছিয়েল কৰি সাইলাখ ষোল্ল বছৰীয়া গাভৰু জনী হৈ ওলাই আহিল !!

 আহি থাকোতে বাটত এখন বাছে তাইক মহতিয়াই নিলে----

 ওপৰত গৈ তাইৰ আত্মাটোয়ে ভগবানক সুধিলে ----

আপুনিটো মোক ছল্লিশ বছৰ আৰু জীয়াই থাকিবা বুলি কৈছিল ??

 ভগবানৰ উত্তৰ -----






















. . . . . . . . . . . . . . . . . . . . ছৰী য়াৰ, মই তোমাক ছিনি নাপালো !!

By: Dípankar Nath

Wednesday 2 October 2013

অসমীয়া এজন বিজ্ঞানী

অসমীয়া এজন বিজ্ঞানী য়ে এটা বস্তু আৱিষ্কাৰ কৰিলে,,,,,

 পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰতিক্ৰিয়া এনে হব,,,,,,,, ,,

 আমেৰিকাৰ ৰ ৰাষ্ট্ৰপতি য়ে সকলো সা সুবিধা দি তেওঁ লোকৰ দেশলৈ নিমন্ত্ৰণ জনাব । ,,

 ইংলেণ্ড ৰ ৰাণী য়ে পুৰস্কাৰ দি আৰু উদ্ভাৱন কৰিবলৈ উৎসাহ দিব,,,। ,,

 পাকিস্তানে তেনেদৰেই এটা প্ৰস্তুত কৰিব চাই চাই,,,, ,,, ,, ,,

 চীন ৰ মন্ত্ৰী য়ে কব বস্তু টোৰ নকল কৰিব পৰা যায় নেকি অলপ কম মূল্যত ভাৰত ত বিক্ৰী কৰিবলৈ ।


 আমাৰ অসমৰ মুখ্য মন্ত্ৰী ৰ প্ৰতিক্ৰীয়া হব,,, ,,, ,, ,, ,, ,, ,, ,,



 মিচা কলে কি ডাল হব বিজ্ঞান ৰ ছাত্ৰ হোৱা হলে মই ও এনে বনাব পাৰিলোঁ হেতেন । সমস্যা জাপান আমেৰিকাৰ আদিতো আছে এওঁ ৰ দৰে বিজ্ঞানী জাপানত গলিয়ে গলিয়ে পাই।।।। হে, হে, হে,

by:Bitupon Saikia

Wednesday 11 September 2013

মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে

মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে · ·…… আমাৰ ভূপেনদাৰ গানটো আলোচনা কৰিছে কৰুণ গগৈ আৰু কালন্ত কৃষ্ণই ৷

 কৰুণ গগৈ = দেত ইজ অলচ' এ ইমপৰ্তেন্ত কথা যে কালন্ত আমি তো অলচ' মানুহৰ বাবে বহুত ভাবিছো নহয় জানো? মিছা কলে কিদাল হ'ব নহয় জানো ৷
কালন্ত কৃষ্ণ শৰ্মা = হয় ছাৰ ৷ আপোনাৰ দৰে টো কোনেও ভাবিবই নোৱাৰে ৷

 কৰুণ গগৈ = হেহ হেহ হেহ ৷ মিছা ক'লে কিদাল হ'ব, তেওঁলোকক মই ৩ টকাত চাউল দিছো, কোনে দিব পাৰিছে হে ৷ নহয় জানো এন্দ মোৰ মিনিস্টাৰেও অলচ' ২:৫০ টকাত ভাত খোৱাৰ কথা কৈয়েই দিছে ৷ এতিয়া অলচ' ৰাইজে এসপ্তাহত এদিন কাম কৰিলেই হ'ল মাহেকীয়া খৰছ গোটাই বিন্দাছ বাকি ৬ দিন অলচ' শুই থাকিলেই হ'ল ৷ নহয় জানো কালন্ত,?

 কালন্ত কৃষ্ণ শৰ্মা = হয় ছাৰ… হয় ছাৰ ৷ কিন্তু ছাৰ মানুহ বিলাক এলেহুৱা হৈ যাব কিজানি ৷ আৰু তেতিয়া আমাক ভোট দিবলৈ এলাহ নকৰে তো ৷ 

কৰুণ গগৈ = কি কথা কৈছা হে তুমি ৷ অল ইজ ৱেল অল ইজ ৱেল ৷ মই কাকো কেয়াৰ নকৰোঁ ৷ কিবা এটা আচনি উলিওৱাৰ কথা চিন্তা কৰা ৷

By: Jayanta Hazarika

Saturday 7 September 2013

ছোৱালীৰ স্বভাৱ

ছোৱালী এজনীয়ে নতুন কাপোৰ পিন্ধি ধুনীয়াকৈ ওলাই মেলি ফুৰিব যাব ওলাল . .

 ছোৱালীৰ স্বভাৱ এটা আছেই নহয় . . কোনোৱে তৰিফ নকৰিলে নিজে নিজে উলিয়াব ধৰে নিজৰ কথা . .

 ছোৱালী জনী : অই মোক ভাল লাগা হোৱা নাই ন ?
ল’ৰা এজন : নাই নাই , খুব ধুনীয়া লাগিছে তোমাক . . কাপোৰযোৰ ধুনীয়াকৈ মিলিছে তোমাৰ লগত |

ছোৱালী : ই হৱ হৱ , একো ভাল লাগা নাই মোক . . মিছাকৈ ভাল লাগা বুলি নকৱা |

 আকৌ চাব দেই . . .

ছোৱালী : অই মোক ভাল লাগা হোৱা নাই ন ?

ল’ৰা : উম .. . সিমান এটা থিক লাগা নাই দেখোন . . . !!

 ছোৱালী : ( মুখ খন ফুলাই ) হুহ . . হৱ . . চৱে মোক ভাল লাগা বুলি কৈ আছে , কেৱ্ল তুমি হে বেয়া দেখিলানে !!

By: Priyangshu Sarma

Saturday 24 August 2013

ঘোৰাটোৰ নাম ৰস্মি

পাকঘৰত গৈ কলিতাই পেক-পেক কৰি আছিল| ঘৈণীয়েকে হেতাখনেৰে এচাট লগাই দিলে আৰু ক’লে মই আপোনাৰ পেন্টতো ধুবলৈ ওলাওতে পকেটত এখন কাগজ পাইছো| তাত ৰস্মি নাম লিখা আছে| কিয়? 
কলিতা: কালি মই ঘোৰা ৰেচ খেলিছিলো আৰু মোৰ ঘোৰাটোৰ নাম ৰস্মি আছিল| 

পিছদিনা সোধ-পোছ নাই আকউ এপাট পৰিল|
কলিতা: আজি আকউ কি হ’ল?
কলিতানী: আপোনাৰ ঘোৰাটোৰ ফোন আহিছে|

by: Shasanka Medhi

Tuesday 13 August 2013

তিনিজন বন্ধু

তিনিজন নলে গলে লগা বন্ধু,
এজন হিন্দু এজন মুছলিম আৰু এজন খ্রীষ্টান,

তিনিওজনে মিলি এখন বাইক কিনিলে।

হিন্দুজনে এপাক চলাওঁ বুলি নি বাইকৰ আগফালে ওঁ লিখা স্টিকাৰ এটা লগাই আনিলে।

তাকেদেখি খ্রীষ্টানজনে নি টেংকিটোতে ক্রছ চিন থকা স্টিকাৰ এটা লগাই আনিলে।


মুছলিমজনে নি আকৌ অলপ সময়ৰ পিছতহে ঘূৰি আহিল কিন্তু ক'তো একো লগাই নানিলে।

বাকী দুজনে তন্ন তন্নকৈ চাইও একো দেখা নাপালে।

তেওঁ কি কৰি আনিলে জানেনে ? . . . . . .




চাইলেন্চাৰ পাইপডালকে অলপ কাটি আনিলে।(বুজি নোপোৱাসকলে টিভি ত কার্টুন চাব।)

Via Facebook. By Ripunjoy Chetia

Monday 12 August 2013

এইজনী 'মোৰ জনী'

এবাৰ এজন মানুহে নিজৰ পত্নীক, তাইৰ 'বয় ফ্ৰেণ্ড'-ৰ লগত কোনোবা ৰেষ্টুৰেন্ট এখনত সোমোৱা দেখি, খং -অতে এটা 'শিক্ষা' দিয়াৰ কথা চিন্তা কৰিলে।

 …তেওঁ এই কামটোৰ বাবে এটা গুণ্ডা ঠিক কৰিলে।
 গুণ্ডাটোক ২০০০ টকা আৰু পত্নীৰ ফটো এখন দি ক'লে,

 "…তাইক বাহিৰলৈ টানি লৈ আনিবি। দৰকাৰ হ'লে দুই-এছাত লগাই ও দিবি, …মই ইয়াতে ৰৈ থাকিম"।

 ……গুণ্ডা গ'ল॥ কিছু সময়ৰ পাচত গুণ্ডাটোৱে ভিতৰৰ পৰা অন্য এগৰাকী মহিলাক হাতত ধৰি টানি টানি লৈ আহিল। 

……সৰ্বনাশ…!!

এইজনী টো তেওঁৰ পত্নী নহয়।।


 … … … : "আৰে-আৰে, কি কৰিছ? এইজনী তো 'মোৰ জনী' নহয়…, মোৰ জনী ভিতৰত বেলেগ 'মতা'-ৰ লগত বহি আছে…।


 : …এই জনীও তো বেলেগ 'মতা'-ৰ লগতেই বহি আছিল…

 : …আৰে হ'লে কি হ'ব, … এইজনী তো মোৰ জনী নহয়।।


 : … … … … … … ধুৰ… (অশ্লীল)… এইজনী 'মোৰ জনী' বে…!!

Via Facebook: Udoy Senapoti

Friday 9 August 2013

চাইনিজ চাউণ্ড চিষ্টেম

চেংমাই: কলিতা, কালি ম‍ই শিলিগুড়িৰ পৰা এটা চাইনিজ চাউণ্ড চিষ্টেম কিনি আনিলোঁ|
কলিতা: হাইলা… তুমি দেখোন চাইনিজ ভাষা নাজানাই, কেনেকৈ বুজি পাবা গানবোৰ?

কলিতা আৰু দীপা

কলিতা আৰু দীপা এদিন ৰেষ্টুৰেন্ট গল ...

কলিতা : কি খাবি দীপা ?
দী্পা :কিবা হলেই হ'ল
কলিতা : মানে কি * দিচ* তোমাৰ ফেভোৰাইট বাৰু
দীপা : টাটা স্কাই মোৰ ফেভোৰাইট

(দীপা ৰক
কলিতা চক)

---------- >> Parag Choudhury

Thursday 18 July 2013

Biscuit: Assamese JOKE

প্ৰথমতে হাঁহি নুঠিলে অলপ চিন্তা কৰি লৈ হাঁহিব৷
----------------------------------

গ্ৰাহক: হেৰি, কুকুৰক খুউৱা বিস্কুট আছে নেকি?
দোকানী: আছে আছে, বান্ধি দিম নে ইয়াতে খাব?

by Makhal Lal Das

Mastor Eestudent

ৰিয়ান ৰাগিণীয়ে ইচকুলত বিজ্ঞান বুজাই আছে । 

-" ল'-ছোৱালীহঁত কছোন,
এই যে ছবিখনত দেখিছ ঠেংটো কি চৰাইৰ বাউ ?"

লাষ্ট বেঞ্চৰ ছাত্ৰঃ ধুই,  ঠেং চাই চৰাইৰ নাম কব পাৰি নেকি ব্যে ?

ৰিয়ানঃ হ'পলেছ কথা ক'বলে আহিছ । তোৰ নাম কি ?

ছাত্ৰঃ মোৰ ঠেং দুটা চাই লওঁক ... তাৰ পিছত নিজেই গম পাই যাব

by Chandan J Bhuyan

Always Proud to be an Assamese. 

Friday 5 July 2013

ভূ দা, দেবু দা, উৰুকা আৰু অলপ চিতল মাছ ...

উৰুকাৰ ৰাতিপুৱা ভূদা আৰু দেবুদাই একেলগে বেলতলা বজাৰলৈ বজাৰ কৰিবলৈ ওলোৱাৰ পিছতেই লাগিল য'ত খেলিমেলি...

দুয়ো জনে বজাৰলৈ ওলাই যোৱাৰ কিছু সময়ৰ পিছত অলপ চুটি চাপৰকে মানুহ এজন দেবুদাহঁতৰ কলিং বেল বজালে... শ্ৰীমতী দেবীয়ে তেতিয়া আনিব লগীয়া চিতল মাছৰ বাবে মছলা পিহাত বেস্থ। শ্ৰীমতীয়ে দুৱাৰ খুলি দিলে চুটি চাপৰ মানুহ জন সন্মুখত... হাতত এটা তিনি পোৱা মান ওজনৰ ছিলভাৰ কাৰ্প....
শ্ৰীমতীঃ নালাগে নালাগে... আজি আকৌ এইবোৰ মাছ খায়নে উৰুকাৰ দিনটোত ( দুৱাৰ বন্ধ কৰিব ওলালে...)
মানুহ জনঃ শুনক চোন...শুনক, মই মাছ বেপাৰী নহয় নহয় ...
শ্ৰীমতীঃ ও তেনেহ'লে অপুনি কি আদাৰ বেপাৰী ?... আমাৰ জাহাজ নাই দিয়ক...আপুনি যাব পাৰে...
মানুহ জনঃ মই মানে দেবুছাৰেহে এই মাছটো দি পঠালে...
শ্ৰীমতীঃ হ’বই নেৱাৰে...তেখেতে আজি চিতল মাছহে আনিব... (অলপ আত্মগৌৰৱৰে)
মানুহ জনঃ শুনক চোন...শুনক বাইদেউ, মই তেখেতৰ অফিচৰ পিয়ন, আজি বেলতলা বজাৰত চিতল মাছৰ ৪০০০ টকা কিলো এই কথাৰ প্ৰতিবাদ কৰা বাবে ছাৰৰ লগত যোৱা দিঘলকে মানুহ জনক বেলতলা বজাৰৰ মাফিয়া কেটাই বেয়াকে পিটিলে। ছাৰে খঙতে আজিৰ পৰা জীৱনত চিতল মাছে নাখাওঁ বুলি বেলতলা তিনিআলিৰ পুলিছ পইন্টটোত উঠি ৰাজহুৱা কৈ ঘোষণা দিলে। ঘটনাটো এতিয়া নিউজ লাইভৰ ব্ৰেকিং নিউজত দেখুৱাই আছে। বিশ্বাস নহ'লে টিভিত চাওঁক। (শ্ৰীমতীৰ মনটো বেয়া হ'লেও মানুহ জনৰ কথাটো অলপ বিশ্বাস হ'ল.. এহ ঠিকেই কৰিলে এটা প্ৰজাতিৰ হে মাছ নাখাওঁ বুলি কৈছে তেওঁ, মাছেই নাখাওঁ তো কোৱা নাই )
শ্ৰীমতীঃ ভূদা এতিয়া ক'ত...? বেয়াকৈ আঘাত পালে নেকি বাৰু তেওঁ...? (উৎকণ্ঠাৰে)।
মানুহ জনঃ নাই নাই ছাৰে তেওঁক চাৰ্ভেৰ চেন্ট্ৰেল নাৰ্ছিং হোম ডাক্তৰ খানালৈ লৈ গৈছে অলপ পিছতেই আহিব দিব হেন আৰু মোক মাছটো থৈ ছাৰৰ বাইক খন নিব দিছে আৰু ছাৰে কৈছে আপুনি যাতে সেই লম্বু ছাৰৰ ঘৈণীয়েকক কথাটো ঘুণাক্ষৰে নজনায়। উৰুকাৰ দিন মিছাতে টেনচনত পঢ়িব। আৰু আপোনাকো চিন্তা কৰিব হাক দিছে। এটা কিবা মেডিচিন চেন্ট্ৰেল নাৰ্ছিং হোমত নোপোৱাৰ বাবেই ছাৰে বাইক খনেৰে GNRC ৰ ফালৰ পৰা মেডিচিনটো আনিব যাব বোলে বাইদেউ।
শ্ৰীমতীঃ যা যা সোনকালে লৈ যা... সেইখন তাতেই ৰাখি থোৱা আছে। ( টেবুলৰ ওপৰৰ পৰা বাইকৰ চাবিটো মানুহজনক দিলে।)
মানুহ জনঃ মই এতিয়া যাওঁ নি বাইদেউ...?
শ্ৰীমতীঃ যা যা সোনকালে যা ( ইচ কি যে আজি-কালিৰ মানুহবোৰ, ইমান ইমাৰজেঞ্ছিতো চাহ খাব বিছাৰে ) মানুহজন বাইক খন লৈ গুচি গ'ল....

শ্ৰীমতী দেবুয়ে অলপ চিন্তিত পঢ়ি গ'ল, যিকি নহওঁক তেখেতৰ বন্ধুতো। ঘটনাটোৰ বাবে পিছে মনে মনে অলপ ভালো পালে শ্ৰীমতীয়ে... নিজৰ মানুহটো টিভিত ওলাইছে যেতিয়া এই বাৰ বিহুতে লেভেল মইয়ো অলপ দিব পাৰিম... শ্ৰীমতীয়ে টিভিটো খুলি নিউজ লাইভ চেনেল লগাই ল'লে... পিছে তাত চোন এতিয়া হিমন্তবিশ্বহে ওলাই আছে....

ডিং ডং... কলিং বেল আকৌ এবাৰ বাজি উঠিল।

দুৱাৰ খুলি দিয়াৰ লগে লগেই দেবুদাৰ প্ৰৱেশ মুখত গৌৰৱৰ হাঁহি হাতত এটা চিতল মাছ ...

শ্ৰীমতীঃ কি এঘন্টাতে প্ৰতিজ্ঞা ভঙ্গ...?
দেবুঃ কি...? কি প্ৰতিজ্ঞা আকৌ ভঙ্গ কৰিলোঁ মই...(অলপ আচৰিত হৈ )
শ্ৰীমতীঃ কিয় আপোনাৰ চিতল মাছ নাখাওঁ বুলি কৰা প্ৰতিজ্ঞা ...!!!
দেবুঃ ধেই... কি ধেমালী কৰাহে এই উৰুকাৰ দিনতো !!! মই চোন তোমাক মচলা পিহিব দিয়ে গ'লো...
শ্ৰীমতীঃ প্ৰতিভূদা ক'ত...?
দেবুঃ কিয়...? মোক ড্ৰপ কৰি ঘৰলৈ গ'ল আক... সিও চিতল এটাকে ল'লে দিয়া। আজি ৰাতি কিন্তু চেংমা, কলিতা, ছেৰিলীনহঁতক ৰাতিৰ সাজ আমাৰ ইয়াতে খাব মাতিম দেই। বেচেৰাহঁত বিয়া বাৰু নকৰা এই বিহুৰ দিনত ভালে-মন্দে কিবা এটা খাব আৰু.....
শ্ৰীমতীঃ তোমাৰ বাইক খন ক'ত...? তোমাৰ অফিছৰ সেই পিয়ন জন ক'ত...? আৰু এই ছালভাৰ কাৰ্পটো.... সৰ্ব্বনাষ… (শ্ৰীমতী মজিয়াত বহি পৰিল)
দেবুদাৰ ঘটনা টো বুজিবলৈ বাকি নাথাকিলে .... কিন্তু শ্ৰীমতীৰ অৱস্থা চাইহে আৰু বেয়া লাগিল এই বিহুৰ দিনটোতো কোনবা বদমাছে ঠগিলে তাইক। শ্ৰীমতীৰ মনটো ভাল লগাৱলৈ ক'লে ....

দেবুঃ এহ এনেও বাইক খন বহু পূৰণি হৈছিলে দিয়া... মই দুই এদিনতে বিকি দিম বুলিয়ে ভবি আছিলোঁ। নিলে নিলে দিয়া চুৰটোৰ কিজানি পইচাৰ অভাৱ আৰু তাৰ গাৰ্লফ্ৰেন্ডে কিজানি বিহুৰ দিনত কিবা এটা দামী উপহাৰ খুজিছে যিটো দিয়াৰ চুৰটোৰ সামৰ্থ নাই.... খালি এই ঘটনাটো বাহিৰত জানিব নালাগিব নহ'লে আমাকলৈ বেয়াকৈ হাঁহিব সিহঁত কেটাই। বাইকৰ কথা শুধিলে আজিয়েই ভাল দাম পাই বিক্ৰী কৰি দিয়া বুলি ক'ৱ লাগিব চবকে ।


 by Professor Hizbiz

ধৰা হ’ল...

ভু-দাই হোটেলত ভাত খাই আছে ।

ওৱেটাৰ :-- হাউ !! ছাৰ, আপুনি সুদাই সুদাই ভাত খাইছে যে, আপোনাক দাইল, চবজি কিবা আনি দিমনে ?

ভু-দা :-- আহ্‌, তই জাননে মইযে এজন অঙ্ক বিভাগৰ শিক্ষক, মই ইয়াত বহি অঙ্ক কৰি আছো, মোক দিগদাৰ নিদিবি.....

ওৱেটাৰ :-- কি অঙ্ক কৰিছে ছাৰ ?

ভু-দা :-- ধৰা হ'ল, ভাতৰ লগত ডালি আছে.....

* (ভূ দা এজন ভাল লেখক আৰু অংকবিদ)

by Deep Jyoti Nath

ৰেলত মালি


মালি মাজতে ঘৰৰ ফালে গৈছিল ৷ আচলতে দেবুৰ ঘৰত তাক প্ৰায়ে উপদেশ দি থকা হয় বিয়াখন সোনকালে পাতিব লাগে বুলি ৷ গতিকে বিয়া ঠিক কৰিবলৈ বুলি এদিন নিশা মালি ৰেলত উঠিলে ৷

ৰেলৰ ভিতৰৰ দৃশ্য -

যুৱতী : মই ইয়াত বহিব পাৰো নে ?

মালি : আৰে !! কিয় নোৱাৰিবা ? তোমাৰ ছিট বুলিয়ে ধৰি লোৱা ৷

যুৱতী : পানী অকনমান খাওঁ নে ?

মালি : আৰে সেইটো সুধিব লাগে নেকি কিবা ?? নিজৰ বুলি নাভাবা ন তুমি ?

ঝক ঝক ৰেল গৈ আছে ........
যুৱতী : দাদা কোনটো ষ্টেচন পালো বাৰু ?

মালি : আৰে মোৰ মাথাত GPS লগাই থোৱা নাই নহয় যে মাজ নিশা কি ষ্টেচন পালো কৈ দিব পাৰিম ৷ চাওঁ উঠা ছিটৰ পৰা ৷ মোৰ টোপনি ধৰিছে ৷

*মালি> মালিংগা> চেংমাই

by Pratibhu Dutta


Saturday 29 June 2013

অসমীয়া কৌতুক: গেন্ধেলাৰ ল’ৰাটো

১৮ + Assamese Joke

গেন্ধেলাৰ ল'ৰাটো মানে ছেদেলা হঠাৎ অসুস্থ হ'ল। ১২ বছৰীয়া ল'ৰাটোয়ে পিছে টেবলেট খাবই নিবিচাৰে। সমস্যা সমাধানৰ উদ্দেশ্যে গেন্ধেলা আৰু গেন্ধেলীয়ে মিলি ছদেলাক ডাঃ অপুৰ চেম্বাৰলৈ নি সমাধান বিচাৰিলে।

ডাঃ অপুই গেন্ধেলীক আঁতৰলৈ মাতি নি কাণে কাণে কিবা এটা ক'লে …. তিনিও ঘৰলৈ উভতিল।

ঘৰলৈ আহি গেন্ধেলীয়ে ডঃ অপুৰ সিদ্ধান্ত মতে
সিজা কণীৰ ভিতৰত টেবলেট সোমাই দি ছেদেলাক খাবলৈ দিলে…
কিছুপৰ পিছত গেন্ধেলীয়ে ল'ৰাটোক সুধিলে…
বাবা, কণীটো খালা নে ?
.
.
.
.
.
.

.
.
.
.
.
.
ছেদেলা: হয় আই, খালো
কণীটোৰ ভিতৰত গুটি এটা আছিলে সেইটো পেলাই দিলোঁ।
ইচ কিযে ভেজালৰ দিন চলিছে কণীতো গুটি, এনেই মানুহ বোৰক বেমাৰে পায়নে?…

By Joy Chakraborty

Assamese Shayeri

চেংমাইৰ শনিবৰীয়া বিশেষ ফ্ল’প শ্বায়েৰী:

মোৰ সপোনত
ৱাহ ৱাহ...

মোৰ সপোনত...
চুভান আল্লা

মোৰ সপোনত
কালি নিশা...

ৱাহ ভাই ৱাহ

মোৰ সপোনত
কালি নিশা...
আহিল এজনী পৰী

উম্মাহ... ৱাহ ৱা

মোৰ সপোনত
কালি নিশা...
আহিল এজনী পৰী

কুৱেশ্যন নাম্বাৰ ১,২,৩ আৰ কম্পালছ’ৰী....

Assamese Shayeri. 

Thursday 6 June 2013

অসমীয়া কৌতুক: সমস্যা

সমস্যা#

অতিপাত হেণ্ডচাম হোৱাটো‍ও এটা দুৰ্ঘোৰ অপৰাধ|
সঁচা কথা কৈছোঁ|
বেছি হেণ্ডচাম হ’লে নিজৰ মুখখনকেই থেতেলিয়াই অলপ বেঁকা কৰি ল’ব লাগে| নহ’লে ধেৰ সমস্যা| এই ধৰকচোন: -

১/ বাকী মতাবোৰে হিংসা কৰে, ভাবে- "এইটো ইমান হেণ্ডচাম, আৰু মোৰ পেটডালেই ইমান ডাঙৰ যে গাড়ী চলাওঁতেই উশাহ বন্ধ হৈ যায়"

২/ ছোৱালীবোৰে ফেচবুকত বা বাস্তৱ জীৱনত দেখি ভাবে- "এই ল’ৰাটো ইমান তুষাৰ/ অতিপাত/ ভীষণ হেণ্ডচাম, নিশ্চয়েই ইয়াৰ ১০-১৫ জনীমান গাৰ্লফ্ৰেণ্ড থাকিব‍ই| সেইকাৰণে ম‍ই চেষ্টা নকৰাই ভাল|"

এই সমস্যাটোৰ কাৰণেইতো পেটুৱা পেটুৱা মানুহৰ বিয়া হৈ গৈছে আৰু আমি হেণ্ডচামসোপা যেনে নয়ন. মনাই, শেখৰ. জ্ঞান, চেংমাই, মেৰীলিন, অপু, দীপাংকৰ, শশাংক, ভাচকৰ, কৌ-চিক, কল্লোল, গিতু আৰু কেইবাটাও অবাইচ সুপুৰুষ এতিয়ালৈকে বৰলা হৈ আছোঁ!

by Changmai

Some Text Missing

১৪+
এক ল'ৰা আৰু এক ছোৱালীয়ে
.
.
.
.
.
.
গছৰ তলত কৰি আছে কিছিং
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এতিয়া চর্ম টেস্ক মি্চিং

.
.
.
.
কাৰণ এতিয়াও এই কথা জানিবলৈ ৪ বছৰ স্মলিং

by Gitu Pan

* গৃহিনী আৰু পণ্ডিত *

গৃহিনী :- ঘৰখনৰ সুখ শান্তিৰ বাবে মই আৰু কি কৰিব লাগিব ।
.
.
.
.
.
.
পণ্ডিত :- এটা ব্রত ৰাখিব লাগিব ।
.
.
.
.
.
.
গৃহিনী :- কি ব্রত ।
.
.
.
.
.
.
.
.
.
.
.
পণ্ডিত :- " মৌন ব্রত " ।

By Kandarpa Borthakur