Thursday 6 June 2013

অসমীয়া কৌতুক: সমস্যা

সমস্যা#

অতিপাত হেণ্ডচাম হোৱাটো‍ও এটা দুৰ্ঘোৰ অপৰাধ|
সঁচা কথা কৈছোঁ|
বেছি হেণ্ডচাম হ’লে নিজৰ মুখখনকেই থেতেলিয়াই অলপ বেঁকা কৰি ল’ব লাগে| নহ’লে ধেৰ সমস্যা| এই ধৰকচোন: -

১/ বাকী মতাবোৰে হিংসা কৰে, ভাবে- "এইটো ইমান হেণ্ডচাম, আৰু মোৰ পেটডালেই ইমান ডাঙৰ যে গাড়ী চলাওঁতেই উশাহ বন্ধ হৈ যায়"

২/ ছোৱালীবোৰে ফেচবুকত বা বাস্তৱ জীৱনত দেখি ভাবে- "এই ল’ৰাটো ইমান তুষাৰ/ অতিপাত/ ভীষণ হেণ্ডচাম, নিশ্চয়েই ইয়াৰ ১০-১৫ জনীমান গাৰ্লফ্ৰেণ্ড থাকিব‍ই| সেইকাৰণে ম‍ই চেষ্টা নকৰাই ভাল|"

এই সমস্যাটোৰ কাৰণেইতো পেটুৱা পেটুৱা মানুহৰ বিয়া হৈ গৈছে আৰু আমি হেণ্ডচামসোপা যেনে নয়ন. মনাই, শেখৰ. জ্ঞান, চেংমাই, মেৰীলিন, অপু, দীপাংকৰ, শশাংক, ভাচকৰ, কৌ-চিক, কল্লোল, গিতু আৰু কেইবাটাও অবাইচ সুপুৰুষ এতিয়ালৈকে বৰলা হৈ আছোঁ!

by Changmai

No comments:

Post a Comment