Showing posts with label Assamese Adult Jokes. Show all posts
Showing posts with label Assamese Adult Jokes. Show all posts

Wednesday 19 March 2014

'নলবেইৰাত কথা-বতৰা'

By: B.n. Rupam

------------------------

আমাৰ নলবেইৰা চ'লি জোনমনিয়ে গেৰেজৰ কাম শিখবাহ গোলাঘাটৰ পেহাকৰ ঘৰত গেইছিল ।

চেকেন্দ দিনা গেৰেজত যাংতে জোনমনিয়ে হাত মুচবাহ তাৰ পকেটত আখান চিৰা কানি ভ'ৰে ল'লাক ।

তাৰ পকেটখান ফুলি আছে । পেহাকে তাকে দেখি সুধলাক:- তোৰ পকেটত কি ও জোন?

জোন:- কানি ।

পেহা:- কি?? তই কানি খা?

জোন:- মানে চিৰা কানি?

পেহা:- কি কৈছ', চিৰাৰ সৈতে কানি খা কিদৰে? আচৰিত দেই..

পিছত জোনমনিয়ে পকেটৰ পাৰাই 'ফটা কাপোৰ' উলিয়াই দি হে বুজে দিলাক 'চিৰা কানি' কি!!

Tuesday 11 March 2014

ভগৱানক প্ৰাৰ্থনা

By: Topon Gohain
সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনে ভগৱানক প্ৰাৰ্থনা কৰিছে---ভগৱান মোৰ অংক ছাৰৰ জিভা খন কাটি পেলোৱা ৷ তেওঁ মোক বৰকৈ গালি পাৰি থাকে ৷
পিছদিনা খন লৰাটোৱে শুনিলে তাৰ অংক ছাৰৰ জিভা খন কোনোবাই কাটি পেলালে ৷ লৰাটো ভগৱানৰ ওচৰত সন্তষ্ট হল
সি আকৌ ভগৱানক কলে ---ভগৱান তুমি মোৰ লগৰ নিখিলৰ ভৰি এটা ভাঙি পেলোৱা , সি এবাৰ মোক ফুটবল খেলোতে গোৰ মাৰি দিছিল ৷
পিছদিনা সি শুনিলে নিখিলৰ চাইকেলৰ পৰা পৰি ভৰি এটা ভাঙি থাকিল ৷
সি পুনৰ ভগঁৱানক কলে--ভগৱান মোৰ দেউতাই মোক সদায় মাৰি থাকে, তুমি মোৰ দেউতাক উঠাই লৈ যোৱা ৷
কিন্ত পিছদিনা খন লৰাটোৱে দেউতাকক দেখি আচৰিত হল ৷
দেউতা , তোমাৰ একো হোৱা নাই ? --লৰাটোৱে দেউতাকলৈ চাই সুধিলে ৷
নাই একো হোৱা নাই--দেউতাকে কলে
কিন্ত মা কলৈ গল দেউতা--লৰাটোৱে দেউতাকক কলে ৷
আমাৰ ওচৰৰ শৰ্মা চাৰ যে, তেওঁ ঢুকাল , তোমাৰ মা তালৈকে গৈছে--দেউতাকে লৰাটোক কলে ৷
( ফ্ৰেইণ্ডচ কিবা বুজিলেনে ? যদি বুজি পাইচা কমেণ্ট কৰিবচোন )

Sunday 9 March 2014

ছোৱালী বোৰে লৰাবোৰক বেয়া পোৱাৰ কেইটামান কাৰণ ।

By: Master Dhruba Nath

 ( কেৱল হাঁহিৰ খোৰাক যোগাবৰ বাবেহে । কোনও গাত পাতি নলব । বেয়া কমেণ্ট ও নিদিব । )

১: লৰাবোৰ বৰ লুভিয়া । বিয়া কৰিবলৈ হলে ধনীঘৰৰ ছোৱালীকহে বিয়া কৰাব । কাৰণ ছোৱালীৰ লগত এগালমান ধন সোণ দিব ।

২: লৰাবোৰে আনৰ কথা একেবাৰে মানিব নিবিচাৰে । আপুনি যদি কয় এইটো নকৰিবি সেইটো নাখাবি । নাই আপোনাৰ কথা নামানে । গধূলি হোৱাৰ লগে লাগে সিটোপি ধৰি ঘৰত হাল্লা কৰিব ।

৩: মালিকৰ দৰে থাকিব বিচাৰি । ঘৰখনত সিহঁতেই যেন ৰজা । সিহঁতেই যেন মালিক ইটো কৰ সিটো কৰ । ভাত কেইটা সময় মতে নাপালে যি গৰ্জন যেন বাঘ হে ।

৪: লৰাবোৰ বৰ লেতেৰা । নিজৰ কোঠাটো চাফা নকৰে । নিজৰ কাপোৰ কেইটাই ধুই নলয় । জোতাৰ কি দুগন্ধ । মোজাযোৰ নুধুৱাকৈ সদায় পিন্ধি থাকে । গা যে ঠাণ্ডা দিনত ১০/১৫ দিন নুধুৱে । গৰম দিনতো ৩/৪ দিন থাকে ।

৫: কোনো কামৰ নহয় । কাম বন যেন নাইয়ে অনবৰত অলৈ তলৈ ঘূৰি ফুৰিব জানে । দেউতাকক অলপ সহায় কৰি দিব নোৱাৰে । তিনি আলি চাৰিআলিৰ মুৰত আদ্দা দি ছোৱালী জোকোৱাটোহে যেন সিহঁতৰ একমাত্ৰ কাম ।

৬: লৰাবোৰে কথা কব নজানে । সিহঁতে কথাইপ্ৰতি ( ছোৱালী বোৰক লৈ) তোৰ মালটোৰ খবৰ কি । আজি তোৰ মালটোক লগ পাইছিলো । আদি শুনিবলৈ বেয়া লগা কথাবোৰ কথাবোৰ কৈ থাকে । ছোৱালী বোৰ কিবা মাল নেকি ।

৭ : লৰাবোৰ বৰ হিংসাকুৰীয়া । ছোৱালী বিলাকে যিয়েই যিয়েই নিপিন্ধক লৰাবোৰে লগে লগে ঠাট্টা কৰিব । নতুন ডিজাইনৰ চুটি চুটি কাপোৰ পিন্ধা দেখে তেতিয়া কি যে নকব । কাৰণ সিহঁতে যে তেনে ডিজাইনৰ কাপোৰ পিন্ধিব নোৱাৰে ।

আৰু বহু আছে আজিলৈ ইমানেই দিছো । কেনে পালে জনাব ।

Thursday 6 March 2014

কাণৰ গণ্ডগোল

By: Bitupon Saikia
আশিষ দা ডাক্তৰ এজনৰ ক্লিনিক ত গৈ ,,,,,,,
"চাৰ মোৰ পত্নী ৰ অলপ বয়স হৈছে লগতে কি বা এটা সুধিলে একো উত্তৰ নিদয়া হৈছে । কিবা কাণৰ গণ্ডগোল হৈছে নেকি ? এটা উপায় দিয়ক ।

ডাক্তৰ : -- কাণৰ প্ৰবলেম হব পাৰে আপুনি আজি গৈ পৰীক্ষা এটা কৰি চাব ।

আশিষ দা: -- কি কৰিব লাগিব???

ডাক্তৰ : --- আপুনি প্রথম অলপ আঁতৰৰ পৰা মাত দিব তাৰ পাচত অলপ ওচৰত গৈ মাত দিব তাৰ পাচত আৰু অলপ ওচৰত গৈ মাত দিব এনে কৰি চাব চোন ।

আশিষ দা আনন্দ মনে ঘৰ আহিল অন্ততঃ কিবা এটা উপায় টো পাইছে ।

ঘৰ আহি বৌক ১৫ ফুট আঁতৰৰ পৰা সুধিলে "হেৰা আজি কি বনাইছা ? "
নাই একো উত্তৰ নাই
এইবাৰ ১০ফুট ওচৰত আহি
" হেৰা কি বনাইছা হয় আজি ?? "
নাই এইবাৰ ৫ ফুট ওচৰত আহি " বুলু কি বনাইছা ??? "
এইবাৰ বৌয়ে কলে ,,

,
,,
,
,
,
,
,
,
""হেৰৌ কেইবাৰ কব লাগে খিচিৰি বনাইছো বুলি !!! "

ৰতনকাই

By: Achinta S. Projai

হোটেলত বহি ৰতনকাই চাহৰ অৰ্ডাৰ দিলে! হোটেলৰ লৰাটোৱে চাহৰ কাপত আঙুলি সুমুৱাই চাহ একাপ লৈ অহা দেখি ৰতনকাই খংত অগ্নিশৰ্ম্মা হৈ চিঞঁৰি উঠিল: - অসভ্য কৰবাৰ, চাহৰ কাপত আঙুলি কিয় সুমুৱাইছ??
হোটেল বয়: - নহয় তাৰমানে মোৰ আঙুলিত আচিনা ওলাইছে, ডাক্তৰে কলে যে গৰম ভাপ দিলে আৰাম পাবা! সেয়েহে,,,,,,,
ৰতনকাই আকৌ উগ্ৰ হৈ চিঞঁৰি উঠিল: - কি???? আচিনা হোৱা আঙুলিটো তই চাহৰ কাপত সুমুৱাই আনিছ???? ছিঃ ছিঃ!!! যা কটা কৰবাৰ!!! তোৰ সেই আঙুলিটো তোৰ কটীৰ ফুটাত সুমুৱাই থগৈ!!! আৰু আৰাম পাবি! 


হোটেল বয়: - তাতেই সুমুৱাই থৈছিলো, পিছে চাহ আনিব লগা হল যে,,,,,,

Tuesday 18 February 2014

লটাৰী

By: ৰিদিপ চেতিয়া
আগতে পঢ়িলে মোৰ গাত দোষ নাই দেই, আকৌ লিখো দিলো বাপেকে.....

এদিন এজন ভিক্ষাৰীৰে লটাৰীত এককোটি টকা জিকিলে । ভিক্ষাৰী এজনেও কোটি টকা জিকা কাৰণে সংবাদ মাধ্যমৰ পৰা তেখেতক সাত্‍ক্ষাতকাৰ লবলৈ আহিল ।
সাংবাদিক ~ আপুনি ১কোটি টকা জিকা শুনি আমি নথৈ আনন্দিত । কওঁকচোন আপুনি এই টকাৰে কি কৰিব ?
ভিক্ষাৰী ~ মই চহৰৰ মাজ-মজিয়াত এডোখৰ মাটি কিনিম আৰু তাত মোৰ ব্যৱসায় আৰম্ভ কৰিম ।
সাংবাদিক ~ ভাল কথা । আপুনি ভাল চিন্তাই কৰিছে । কওঁকচোন কি ব্যৱসায় কৰিম বুলি ভাৱিছে ?
ভিক্ষাৰী ~ তাত এটা ধুনীয়া মন্দিৰ বনাম ।
সাং ~ মন্দিৰ ! মন্দিৰতনো আপুনি কি ব্যৱসায় কৰিব ?
ভি ~ (অলপ গহীনহৈ) তাত মই মোৰ ভিক্ষাবৃত্তি আৰম্ভ কৰিম আৰু কোনো ভিক্ষাৰীকেই সেই ঠাইত থাকিব নিদো । কেৱল মই । চাওকচোন কিমান টকা হব মোৰ ।

(নীতি শিক্ষা কিবা পালেনে বন্ধুসকল)

Sunday 9 February 2014

বাৰ্তা

By: ঈশানজ্যোতি বৰা

লংকাত থকা সীতালৈ ৰামে পঠোৱা এটা বাৰ্তা:

“হাই ছীতা,হুৱাটজ আপ?মই ইয়াত তামাম মস্তিত আছো৷তুমিও চাগে আগৰদৰেই বিন্দাছ আছা৷ ই লক্সমনে তোমাক মাজে মাজে বিৰাট মিছ কৰে অ’! হি ইজ ছ’ ডিপ্ৰেচদ ইউ ন’! বাট,তুমি টেনছন নল’বা ৷অতি সোনকালেই তোমাক মই উদ্ধাৰ কৰিম৷ অ’ শুনা,মই কালি নতুনকৈ বি এছ এন এলৰ ছিম এখন ল’লো৷হনুমানক টপ আপ কাৰ্ড আনিবলৈ পঠাইছো ৰ’বা৷ ৰাৱনক আজি মৰণিং কল কৰি ঢেৰ গালি দিলো৷ সি লাষ্টত বেটেৰী ল’ বুলি ফোনটো কাটি দিলে জানানে৷ নিৰ্লজ্জ ক’ৰবাৰ!! অ’ ৰ’বা গুড নিউজ এটা দিও,বিভীচণক মই ফেচবুকত এড কৰিলো৷নাউ,লংকাৰ প্ৰতিটো পলৰ খবৰ সি নিজৰ ষ্টেটাচত দি থাকিব৷মাজে মাজে ফটোও আপল’ড কৰিব৷ মই শুনিছো,লংকাত বোলে লাইনেই নাথাকে৷ আমাৰ প্ৰদুৎ দাৰ বিজুলী-আঁচনিসমূহে তাত হেনো বিৰাট ফ্লপ চাৰ্ভিচ দিছে৷ ছ’ মই থাৰ্টি দেইজৰ বেটেৰী বেক আপ থকা এটা ডুৱেল ছিমৰ মাইক্ৰমেক্স ম’বাইল তোমালৈ ‘হনুমান কুৰিয়াৰ চাৰ্ভিছ’ত পঠাই দিম এছ চুন এছ পচিবল৷তাত তুমি নেট ছাৰফিঙো কৰিব পাৰিবা৷ এণ্ড ডেন নাইট পেক ভৰাই ননষ্টপ কথাও পাতিব পাৰিম৷ ইয়’ ইয়’!!
অ’কে৷ এতিয়া বাই-বাই৷পাছত কথা পাতিম দেই৷লাভ ইউ এণ্ড টেক কেয়াৰ ছুইটহাৰ্ট”
ইতি,
তোমাৰ একান্ত বাধ্য হাজবেণ্ড ৰাম
(বি:দ্ৰ:সংগ্ৰহিত আৰু সম্পাদিত কৌতুক)

Tuesday 21 January 2014

তুমি ইমান ইনফৰ মেশ্বন কত পালা ?

@ পঢ়ি চাব ; মজা পাব @

এদিন ৰাতি ১২ বজাত দ্বীপজ্যোতিয়ে তাৰ গার্লফেণ্ডলৈ ফ'ন লগালে !..

ছোৱালী : "হেল্ল' কোনে কৈছা?"...

দ্বীপ : "হেল্ল' পম্পী ; মই তোমাৰ জানু' ৱে কৈছো !"....

ছোৱালী:"অ' কোন ; বিট্টু নেকি ?"...

দ্বীপ : "অ' বিট্টু হয় ; কিন্তু তুমি কেনেকৈ জানিলা মোৰ এই ঘৰত মতা নামটো ?....

ছোৱালী: "তোমাৰ আচল ঘৰ নাহৰটীয়া ?"...

দ্বীপ : "হয় তোমাক তো মই গুৱাহাটী বুলিহে কৈছিলো : তুমি কেনেকৈ গম পালা ?"....

ছোৱালী: "তোমাৰ ককাৰ নাম জয়দেৱলাল ?"....

দ্বীপ :"অ... হয়তো কেনেকৈ জানিলা মোৰ সোন ! মইতো তোমাক এইবোৰ কোৱা নাছিলো ?"...

ছোৱালী: "তোমাৰ দেউতাৰ নাম যদুলাল "?...

দ্বীপ : "আৰে মোৰ জানমনি... তুমি ইমান ইনফৰ মেশ্বন কত পালা ?"...
.
.
.
ছোৱালী : "আৰে গৰু ; গাহৰি মই কোনো পম্পী নহয়...
.
.
.
.
মই তোৰ
.
.
.
.
.
.
.
মাৰ'ই কৈ আছো হাৰামজাদা !!!"


By: Nâvâ Kríshñá DéKá

Wednesday 15 January 2014

বুজি পালে লাইক এটা দিব।(18+)

এজনী তিরোতা শিক্ষিত হলে ৫ জন মানুহক শিকাব পারে।
কিন্তু অর্ধ শিক্ষিত হলে কি হয় তলত চাওক।

এজনী ছোবালীর ইংলিছ কোবা খুব ইচ্ছা আছিল ।
বিয়ার প্রথম রাতি গম পায় যে তাইর গিরীয়েকর এটা ভরি নাই?

তাই ঘরলৈ আহে আরো মাক কয়,,
মা মোর এওর এক ফুট (foot) হে আছে ? মই কি করো !

মা- হে ভগবান ! তোক আরো কিমান দীঘল লাগে ?তেনেকে কব নাপায় (?)
মই আকৌ ভয়ে খাইছিলোঁ।।

দেখিছেনে ।

বুজি পালে লাইক এটা দিব।

কৃষ্ণ! রগর হে করিছোঁ দেই।

Monday 13 January 2014

মাঘ বিহুৰ নিশাঃ

যোৱা বছৰ মাঘ বিহুৰ নিশাঃ

সন্ধ্যা ঘৰৰ ওচৰৰ মানুহঘৰলৈ গৈছিলো ।ৰাষ্টাতে সৰু সৰু ল'ৰা দুটায়ে চিগাৰেট টানি আছে ।সৰু মানে নৱম মানত পঢ়ি আছে আৰু ।মোক দেখি ভয়তে তাতে চিগাৰেটটো পেলাই দৌৰ দিলে ।মই অলপ ধমক দিলো ,ৰ ৰ ,বাপেৰক লগাই দিম তঁহতৰ কথা ।

চিগাৰেটটো জ্বলিয়ে আছে ।মই উঠাই ললো ।ধেত্‍ তেৰি বেচেৰা কেইটায়ে জ্বলাইছিল হে ।ইফাল সিফালে চাই ময়ো টেষ্ট অলপ কৰো বুলি মুখলৈ নিছোহে মোৰ পিতাই মোৰ মুখৰ আগত ।খা এতিয়া চিগাৰেট ।ভয়তে কঁপি আছো ।কি কৰো এতিয়া ।

মাৰে কাম কৰিব বিছাৰি আছে ,ইয়াত চিগাৰেট টানিব আহিচ ।দিলে পাতচ পাতচ দুপাত ।

চিগাৰেটটো তাতে পেলাই ঘৰলৈ ঘুৰি আহিলোং আউ দেই !
By: Nang Niva Gogoi

Saturday 4 January 2014

মোৰ ওচৰলৈ একেবাৰে নাহিব

ফুলশয্যাৰ নিশা পত্নীয়ে প্রায় ছিঁঞৰি পতিক ক'লে --

..... সাবধান, মোৰ ওচৰলৈ একেবাৰে নাহিব কিন্তু কৈ দিছো ।

..
..

পতি : (লাহেকৈ) কিন্তু কিয় জান ?

..
..

পত্নী : মই 'মা' ৰ ওচৰত শপত খাই থৈছো যে ---- 'বিয়া' ৰ পিছত এইবিলাক একেবাৰে বাদ দিম ।

(বুজিলেই বিপদ, নুবুজাকৈয়ে থাকক)
By: Dípankar Nath

Sunday 29 December 2013

বুকিং মালৰ ওপৰত চকু নিদিব

.....'বুকিং মালৰ ওপৰত চকু নিদিব' !

আপুনি যদি কেতিয়াবা সেই পুৰণি কলীয়া বাছখনত উঠিছে, তেন্তে নিশ্চয় দেখিছে এই আপ্ত বাক্যশাৰী ।


সঁছাকৈ, আনৰ 'বুকিং-মাল'ৰ ওপৰত চকু দিয়াটো অযুক্তিকৰ !

.
.

এই বাক্যশাৰী সাৰোগত কৰিয়ে কাৰোবাৰ কপালত এটা ৰঙা ফোট (বুকিং-ছিম্বল) দেখিলে দূৰতে আতঁৰ হৈছিলো । ঘূণাক্ষৰেও দৃষ্টি নাযায় সেইফালে !

কিন্তু

আজিৰ আধুনিক বোৱাৰীহঁতে কপালত সেন্দুৰৰ ফোট ল'লে কিবা 'আউটডেটেত-ফেশ্বন' বুলি ভাবে নেকি ?

ধৰিবই নোৱাৰি কপালৰ ফোটটো, একেবাৰে 'ৰাউডী ৰাথোৰ' চিনেমাখনত 'অক্ষয় কুমাৰে' মাৰা দৰে 'ম'বাইলৰ ফ্লাছ' মাৰি চাব লাগিব, তেতিয়াহে যদি দেখা পায় ----

'নিগনিয়ে মল ত্যাগ' কৰাৰ দৰে কপালত অকণমান ...!

..
..

পিন্ধনত কি চাবা ?

'জীনছ পিন্ধে, -- শ্লীম ফিট'
'চুৰিদাৰ পিন্ধে, --ক্লীভ লেছ' !

..
..

এবাৰ যদি ঘূৰি চাঁও....

তেতিয়া হয় ---- 'উতনুৱা ডেকাৰ অসত্‍ অভিপ্রায়' !

..
..

কেতিয়াবা ভাবি দুখ লাগে ---

"আমাৰ পিছৰ প্রজন্মই হয়তু 'আইৰ-আছল' কি বস্তু দেখা নাপাবা ..." !

তাতে কি হ'ল ?
(So what ?)

আমিও টো 'ডাইনোছৰ' দেখা নাছিলো ?

কেতিয়াবা কাৰোবাক কিবা দোষ দিছো জানো, নাই দিয়া !

এনেকৈ চলি আছে আমাৰ সমাজ ব্যবস্থা, ছলি থাকিব এনেকৈ .....!

(যাৰ যি ইচ্ছা....হাত দাঙি-দাঙি নাছা)

..
..

বি: দ্র: কাৰো সেন্দুৰক অপদস্থ কৰিবলৈ অপচেষ্টা কৰা হোৱা নাই ।

ব্ৰেকিং নিউজ

ব্ৰেকিং নিউজ ১: (ৰাতিপুৱা ১০ বজাত), ১৫ ফেব্ৰুৱাৰী, ২০১৪

দিল্লী কংগ্ৰেছত হাহাকাৰ । "আআপা"-ৰ চৰকাৰৰ দ্বাৰা আগৰ কংগ্ৰেছ চৰকাৰৰ বহুতো পুৰণি ফাইল মুকলি। পৰ্বতসম দুৰ্নীতি ফাদিল । শীলা দিক্সিত আৰু অইন কেইবাজনকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি চৰকাৰী সূত্ৰে প্ৰকাশ ৷

(১ ঘণ্টা পিছত)
ব্ৰেকিং নিউজ ২:

"আআপা"-ৰ সপোন ৰথ স্তব্ধ। কংগ্ৰেছ দলৰ দিল্লীৰ বিধান সভাত অনাস্থা প্ৰস্তাৱ। উফৰি পৰিব "আআপা"-ৰ চৰকাৰ । কেজৰিৱালৰ মন্তব্য, "নিৰ্বাচনলৈ সাজু"।

(২ ঘণ্টা পিছত)
ব্ৰেকিং নিউজ ৩:

দিল্লীৰ ৰাজনীতিত নতুন সমীকৰণ। বিজেপিৰ "আআপা"-ৰ চৰকাৰলৈ বাহিৰৰ পৰা চৰ্তবিহীন সমৰ্থন। "আআপা"-ৰ চৰকাৰ বাহাল । শীলা দিক্সিতৰ মৌনব্ৰত। দিগ্বিজয় সিঙে ত্ৰিপুৰাৰ সভাত কয় যে "আআপা" বিজেপিৰ "ডি-পাৰ্টি", তেখেতে আগতেই জানে।

বাথৰুমটোত মাথো পোহৰ অলপ কম !

চেংমাৰ বহুত মুৰৰ কামোৰণি, অসহ্য বিষত ৰব নোৱাৰি ডাক্টৰৰ ওচৰলৈ গ'ল। ডাক্টৰে পৰীক্ষা কৰি ঔষধ দিলে।নাই, নকমে।৩ মাহ ঔষধ খালে, তথাপিও একো improvement নাই।

৩মাহৰ মুৰত এদিন ডাক্টৰ জনে কলে,"শুনা, এসময়ত মোৰো এনেকুৱা মুৰৰ বিষ আছিল। মই আজি তোমাক যি কথা কম সেয়া মই মেডিকেল কলেজত শিকা কথা নহয়। এই কথা মই মোৰ নিজা experienceৰ পৰা শিকা। যেতিয়াই মোৰ মুৰৰ কামোৰণি হয়, মই ঘৰলৈ গৈ প্ৰথমে গৰম পানীৰে গা ধুৱাৰ পাচত মোৰ পত্নীয়ে ধুনীয়াকে মূৰটো মালিচ কৰি দিয়ে। তাৰ পাচত মোৰ মূৰৰ বিষ নকমিলেও মই মোৰ শ্ৰীমতীক bedroomলৈ লৈ যাওঁ। মূৰৰ কামোৰণিৰ কথা আওকাণ কৰি আমি দুয়ো দুয়োকে মৰম কৰো। তাৰ পাচত মূৰৰ কামোৰণি নাইকিয়া হৈ যায়।তুমিও try কৰি চোৱা। দুমাহ পাচত কেনে ফল পোৱা মোক আহি জনাবা।"

দুমাহ পাচত চেংমাই ডাক্টৰক দেখা কৰিলে :
"চাৰ, আচৰিত দেই। ইমান বছৰে ভুগি থকা বেমাৰ ইমান easily ভাল হৈ গ'ল।আপোনাক বহুত ধন্যবাদ। ও চাৰ কথা এটা কব লগা আছিল।আপোনাৰ ঘৰটো বহুত ধুনীয়া দেই। বাথৰুমটোত মাথো পোহৰ অলপ কম।"
.
.....
By:Hemanta Medhi

Thursday 28 November 2013

নগেনৰ ঘৈণীয়েকঃ

নগেনৰ ঘৈণীয়েকঃ ড° আমাৰ এও মোৰ লগত ৰোমাঞ্চ
নকৰে।
ডাক্তৰঃ মই ৩০টা টেবলেট দিম । সদাই এটাকৈ ১মাহ
খুৱালে ঠিক হৈ যাৱ ।
ঘৰলৈ আহি ঘৈণীয়েকে নগেনক এটা টেবলেট খুৱালে আৰু
সেইদিনা ৰাতি নগেনে অলপ ৰোমাঞ্চ কৰিলে ।
পাছদিনা দুটা টেবলেট খুৱাই দিলে আৰু সেইদিনা অলপ
বেছিকৈ ৰোমাঞ্চ কৰিলে ।
তাৰ পাছদিনা ঘৈণীয়েকে বাকী থকা ২৭টা টেবলেট
ভাতৰ লগত মিহলাই একেলগত খুৱাই দিলে ।
.
.
.
.
৩ দিন পাছত ড° জনে নগেনৰ পুতেকক হস্পিতালৰ ওচৰত
লগ পায় মাকৰ বিষয়ে সোধাত সি কলে যেঃ
.
.
.
.
.
.
মা মৰি গল ।
মাহী আৰু পেহী মেডিকেলত পৰি আছে ।
কাম কৰা বাই জনী পলাই গল ।
ওচৰৰ আন্টি এজনীয়ে দেউতাৰ ওপৰত ৰেপ কেছ দিছে ।
মোৰ পিছফালটো এতিয়াও বিষাই আছে ।
ভাইটি বিচনাৰ তলত লুকাই আছে ।
দেউতাই কুকুৰ এটাৰ পিছে পিছে এতিয়াও দৌৰি আছে ।

পৰীক্ষাৰ বহী এখনৰ কিয়দাংশ

/ অসমীয়া মাহৰ(Months) নাম লিখা
উঃ.. মটৰ মাহ, বুট মাহ, মাটি মাহ, মগু মাহ ইত্যাদি।
/ কেইটামান পোক(insects) নাম লিখা
উঃ.. মাৰ পোকৰ, পাপাৰ পোকৰ, বাৰ পোকৰ, ককাৰ পোকৰ...
/ বাক্য ৰচনা কৰাঃ
আলাসৰ লাৰুঃ
"
নাৰিকলৰ লাৰু খাইচো, এই আলাসৰ লাৰুটোহে আজিলৈকে খাই পোৱা নাই"

ডলাৰ বগৰীঃ "মায়ে ৰদত শুকুৱাই থোৱা ডলাৰ বগৰীখিনি মই চুৰ কৰি কৰি খাওঁ"

হাত দীঘলঃ "হাত দীঘল চার্ট এটা পিন্ধি সি ওলাই গল"


Tuesday 26 November 2013

মোৰ দেউতা যদি ....

এটা ৯ -১০ বছৰীয়া সৰু ল’ৰা বাছত উঠিল আৰু ঠিক ড্ৰাইভাৰৰ পিছতে বহি একেৰাহে আঁওৰাব ধৰিলে... 

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন, মই এটা দমৰা হ’লোহেতেন...
.

.

কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা হাতী আৰু মা মাইকী হাতী হ’লহেতেন, মই পোৱালী হাতী হ’লোহেতেন...
.
.
.

আকৌ কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা গাহৰি আৰু মা মাইকী হ’লহেতেন, মই এটা পোৱালী গাহৰি হ’লোহেতেন...

দুবাৰলৈকে যেনেতেনে সহ্য কৰিলে, কিন্তু এই তৃতীয়বাৰ ড্ৰাইভাৰৰ আৰু সহ্য নহ’ল...
গতিকে গাড়ীত ব্ৰেক্ মাৰি কৈয়েই পেলালে, “ঐ পোৱালী তই যে ইমান চিঁঞৰ -বাখৰ কৰি আছ, তোৰ বাপেৰ ডকাইত আৰু মাৰ বেশ্যা হোৱাহেতেন তই কি হলিহেতেন...? ”
.
.
.

“হি: হি: আংকল, একেবাৰে সহজ উত্তৰ~ আপোনাৰ দৰে এজন বাছ ড্ৰাইভাৰ হলোহেতেন...” , লৰাটোৱে তপৰাই উত্তৰ দিলে...!!!

(মূল কথাখিনি ইংৰাজী ভাষাৰ এটি ৰগৰত পাই নিজে অনুবাদ কৰি, কিছু মছলা সংযোজন কৰি আপোনালোকলৈ আগবঢ়ালো )

Thursday 14 November 2013

আৰু যদি ফেইল কৰো?

দিপাংকৰ: দেউতা দেউতা মই পৰীক্ষাত পাছ কৰিলে কি দিবানো? .

দেউতাক: তোক যি লাগে তাকে দিম । ক কি লাগিব? .

দিপাংকৰ: এখন চাইকেল দিবা ।
 দেউতাক: হ'ব ।

 দিপাংকৰ: আৰু যদি ফেইল কৰো?
 দেউতাক: ১৫ খন চাইকেল দিম ।

 দিপাংকৰ: উৱা. . . . এইটো আকৌ কেনেকুৱা কথা ।

 দেউতাক: ফেইল কৰিলে আৰু স্কুল গৈ ফালিব নালাগে । চাইকেল দোকানকে খুলিবি ।

By: Princess Kaku Gogoi

Thursday 7 November 2013

হাও হৈ নাকি হা

নিৰজু বা নতুনকৈ টেটৰ পৰীক্ষা পাছ কৰি দীপাহতৰ বিদ্যালয়ৰ লৈ গল ৷
 নিৰজু বাৰ ভালে লাগিছে ছাত্ৰ ছাত্ৰীবোৰ বৰ আময়িক ৷
 মাত্ৰ দীপা বোলা জনী অলপ আঘাইটং ৷

 দীপা কেইবাদিনো আহা নাই ৷
আহি পোৱাৰ দিনা নিৰজু মিছ - দীপা তুমি ইমান ক্ষতি কৰিছা ৷ কলৈ গৈছিলা
দীপা - কোহও যেনাই হা মিছ ৷ দাদাৰ বিয়া আছিল ৷ আপি এটা বিয়া কৰি আনচি ৷
 আহবা পৰা নাই হা সেইকুনটি ৷
নিৰজু মিছ - হৰৌ নিধক ছোৱালী ৷
মহিলা বিয়া নকৰাই আনি কাক আনিবো পূৰুষক আনিব নি ৷
 কি যে জধা মূৰ্খ ৷

 দীপা ( শেখুন মুছি) হাহি মাৰি কলে - হাও হৈ নাকি হা, আমাৰ মালতী বাই দেখুন আৰু মতা এটাক লেগি হি বিয়া হৈ গেলাক ৷

নিৰজু মিছ হৈ গল ফিউজ

By: কালু দি কলা কুকুৰ