Showing posts with label আশীস দা. Show all posts
Showing posts with label আশীস দা. Show all posts

Saturday 1 February 2014

ওকণী মাৰা যন্ত্ৰ

টি. ভি. ত বিজ্ঞাপন দিলে -

‘ওকণী মাৰা যন্ত্ৰ’, মাত্ৰ ১৯৯৯ টকাত ।
ফ্ৰী হোম ডেলিভাৰী ।
২০ বছৰৰ গেৰাণ্টী (যদিহে ব্যৱহাৰ নকৰে)।
লগতে ওকণী ধৰিবৰ বাবে এখন প্লাষ্টিকৰ মজবুত ফনী সম্পূর্ণ বিনামূল্যে ।

বিজ্ঞাপনটো দেখি চেংমাৰ প্ৰডাক্টটো পচণ্ড লাগিল । এনেই ‘মেগী’হেন চুলিখিনত বহুদিনৰে পৰাই ওকণীয়ে অত্যাচাৰ চলাই আছে ।

লগে-লগে চেংমাই নির্দিষ্ট ঠিকনাত মানী অর্ডাৰ যোগে ১৯৯৯ টকা আৰু নিজৰ নাম-ঠিকনা লিখি পঠিয়াই দিলে ।

কেইদিনমান পাছত এটা ডাঙৰ বাকচত ওকণী মাৰা যন্ত্ৰ চেংমাৰ ঘৰ পালেহি ।

বাকচটো ভিতৰলৈ নি আথে-বেথে খুলি দেখিলে তাত দুটা চেংগুটি খেলিব পৰা জোখৰ শিলগুটি, প্লাষ্টিকৰ পকেট ফনী এখন আৰু এখন কাগজৰ বাহিৰে অইন একো নাই !

কাগজখনত লিখা আছিল :-

‘‘এই ‘অত্যাধুনিক’ ওকণী মাৰা যন্ত্ৰ বিধ ১৯৯৯ টকা ভৰি অর্ডাৰ কৰাৰ বাবে ধন্যবাদ । বাকচটোত থকা ফনীখনেৰে নিজৰ মূৰৰ ওকণীবোৰ ধৰি আনি এটুকুৰা শিলত দি আন টুকুৰাৰে হেচা মাৰি নিধন কৰিব ! এই অত্যাধুনিক ‘ওকণী মাৰা যন্ত্ৰ’বিধ ব্যৱহাৰ কৰি আপুনি সুফল পাব বুলি আশা কৰিলো ।

বিঃ দ্ৰঃ - নকলৰ পৰা সাবধান ।

ধন্যবাদ !!’’


By: আকাশ জ্যোতি দেৱ গোস্বামী

Wednesday 15 January 2014

আশীষদা আৰু সেনাপতি দা

বহুদিনৰ আগৰ কথা…
তেতিয় আশীষদা আৰু সেনাপতি দাৰ কোনো চা-চিনাকি নাই !
আশীষদা এটা প্রকাণ্ড বিলডিংৰ মালিক, যিটো বিল্ডিংত সেনাপতি দা আৰু তেওৰ পৰিয়ালে আজি এসপ্তাহৰ পৰাই ৰুম এটা ভাৰা কৰি বসবাস কৰি আছে !
এদিন সেনাপতি দা ৰাতিপুৱাই বিল্ডিংৰ মালিক আশীষদাৰ ওচৰত গৈ ৰিপর্ট দিলেগৈ-
: চাৰ, আপুনাৰ ৰেচিডেঞ্চিৰ ৩নং তলাৰ চতুর্থ ৰুমটো দেখিছে…
: হয়, দেখিছো …
: তাতে এহাল গিৰিয়েক ঘৈনিয়েক থাকে …
: এৰা থাকেতু ! সিহতে আপুনাক কিবা দিষ্টার্ব দিচে নেকি…?
: দিষ্টার্ব মানে…! গোটেই ৰাতি মহিলা গৰাকীয়ে তেওৰ গিৰিয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া লাগি থাকে !
যাৰ ফলত ওচৰৰ কোনো মানুহ শান্তিত শোব নোৱাৰে, ওচৰৰ সকলোৰে টোপনি ক্ষতি হয় !

পাৰে যদি আপুনি মহিলাক গৰাকীক অলপ বুজাই কবচোন, তেও যেন কেতিয়াও এনেদৰে নিজৰ গিৰিয়েকৰ লগত কাজিয়া লাগি নাথাকে , মনে মনে শুই
থাকে ! মোৰ আপুনালৈ এইটোৱেই অনুৰোধ থাকিল !
আশীষ দাই কিচু সময় চিন্তা কৰি সেনাপতি দাক কলে -
: আপুনি নিশ্চয় সেইটো ৰুমৰ কাষৰ ৰুমটোতে থাকে……?
সেনাপতি দাই তলমুৰ কৰি লাজ লাজ কৈ কলে -
: নহয় ! আচলতে মই…
.
.
.
.
.
.
.
.
.
.
. .
.
.
.
.
.
মহিলাগৰাকীৰ গিৰিয়েক হে …!

Monday 13 January 2014

বাপেৰৰ ৰাস্তা পাইছ?

জংঘলত ৰাস্তাৰ মাজত সিংহ এটা শুই আছিলে.....

সেই দেখি শিয়াল এটাই ভয়ে ভয়ে সুধিলে- মহাৰাজ আপুনি এই odd time ত ৰাস্তাত শুই আছে যে!

সিংহ- মই চখত শুই থকা নাই অ'....গাত গুলি লাগিছে বাবে উঠিব পৰা নাই
.
.
.
.
.
.
.
.
.
শিয়াল- সেই বুলি তই ৰাস্তাৰ মাজত শুই থকিবি নেকি? বাপেৰৰ ৰাস্তা পাইছ? আঁতৰ বুলি কৈছোঁ ভালে ভালে.....!!!!

বৰ ডাঙৰ এক্সিডেণ্ট

যোৱাৰাতি নগেন কাইয়ে বৰ ডাঙৰ এক্সিডেণ্ট এটা কৰিলে~

ট্ৰাক চলাই একেলগে ৫০জন মানুহক মহতিয়ালে....

চিনাকী বুলি খবৰ এটা কৰিবলৈ থানালৈ গৈছিলো,

তাত নগেন কাইক পুলিচে সুধিলে,
“তই একেলগে ৫০টা মানুহ কেনেকৈ খুন্দিয়াবলৈ পালি..? ”

: মানে চাৰ,কুঁৱলী বৰ বেচি যে... আহি থাকোতে পটককৈ দেখিলো আগত এফালে দুটা মানুহ আৰু আনফালে ৫০জন মান মানুহৰ এটা সমদল...

... কি কৰো কি নকৰো ভাবিয়েই নাপালো~ নগেন কাইয়ে উত্তৰ দিলে,

পুলিচে আকৌ ক’লে,
“কিন্তু তই উপায় নহ’লেও সেই সময়ত বাঁওফালে থকা দুজনকে খুন্দিয়াব পাৰিলিহেঁতেন...লোকচান কিছু কম হ’লহেঁতেন..! ”

তাৰ পিছত নগেন কাইয়ে যি উত্তৰ দিলে নহয় শুনকচোন....
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
“চাৰ, মইয়ো সেইটোকে কৰিছিলো.... কিন্তু এটাক খুন্দিওৱাৰ পিছত আনটো দৌৰি সমদলটোৰ মাজলৈ সোমাই দিলে নহয়....! সেয়েহে....... ”

ভোগালী ৰগৰ

ফেচবুকত আমি যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ প্রকৃততে সেইবোৰৰ অৰ্থ কি?
1. Yo baby! whats up?= ঐ কেচুৱা! ওপৰত কি?

2. Listen buddy dat chik is mine!
= শুনা বন্ধু, সেই মুৰ্গীৰ পোৱালীটো মোৰ।

3. Rock the party!= অনুষ্ঠানটোত শিলগুটি মাৰা!

4. You must be kidding me!= তুমি মোৰ লগত কেচুৱা কৰি আছা!

5. Let's hang out!= ব'লা বাহিৰত গৈ ওলমি থাকোঁ!

6. Hey! Are u nuts? = আৰে...তুমি বাদাম নেকি?

হয় দেই...কিবোৰ যে আমি কৈ নাথাকোঁ!

By: Ashish Majumdar

Saturday 4 January 2014

আধুনিক ছোৱালী

এজনী বহুত ভাল বান্ধবী, সৰুৰে পৰাই ....!

কর্মসূত্রে বহুদিন ঘৰৰ পৰা বাহিৰত আছিলো, সেইহে বহুত দিন আমাৰ দেখা দেখি নাছিল ।

আজি অকষ্মার্টে অফিছৰ সন্মুখতে তাইক দেখা পায় প্রায় ছিঁঞৰি মাতিলো ।

দুয়ো গ'লো, কফি খালো !

..
..

শীতৰে সেমেকা সন্ধ্যা, দুয়ো এনেই পার্কলৈ বুলি এখোজ-দুখোজ কৈ আগবাঢ়িলো !

তাইও এখন হাত আগবঢ়াই দিলে,
(আই-ঐ-কলিজা) কোনে পায় !

হাত খনত সাবটি ধীৰ গতিৰে আগবাঢ়িলো । (ইমান কোমল)

এটা দুটা কৈ জ্বলি উঠিল ষ্ট্রীট লাইট বোৰ, লাইটৰ পোহৰত পৰিবেশটো ক্রমানয়ে ৰোমান্টিক হৈ উঠিল ।

আবেগ ৰাখিব নোৱাৰি মৰসাহ কৰি সুধিয়ে পেলালো----

.....বেয়া নাপালে, তোমাৰ হাতত এটা মিঠা চুম্বন দিব পাৰোনে ?

উত্তৰ দিলে :

...ছাল্লা নিলাজ, লাজ নালাগে তেনেকৈ কব !

..
..

মোৰ ওঠত কিবা 'বিষ' লাগি আছে নেকি ??

(বহুত পিছ পৰি আছো নেকি বাউ ? )
By: Dípankar Nath

Sunday 29 December 2013

অসমীয়া কৌতুক

Khali Gaari

ফিউজ লাইভ

ফিউজ লাইভৰ টিভি শ্ব' চলি আছে..
মহিলা এংকৰ- হেল্ল্, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
- মই দিছপুৰৰ পৰা কৈছো
মহিলা এংকৰ- ওৱাও ময়ো দিছপুৰত থাকোঁ, দিছপুৰৰ ক'ত?
- কল্পতৰু পথ।
মহিলা এংকৰ- ওৱাও ময়ো কল্পতৰু পথত থাকোঁ, কল্পতৰু পথৰ কোনখিনিত থাকে?
- ডলফিন এপাৰ্টমেণ্ট!
মহিলা এংকৰ- কি আচৰিত! ময়ো সেইটো এপাৰ্টমেণ্টতে থাকোঁ! আপোনাৰ ফ্লেট নাম্বাৰ কিমান?
.
.
.
- মই তোমাৰ হাজবেণ্ডে কৈ আছোঁ, তোমাৰ ম'বাইল অফ্ থকা বাবে ইয়াতে ফোন কৰিলোঁ। ফ্লেটৰ চাবি ক'ত থৈ গ'লা?

Saturday 21 December 2013

ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক

বহু দিনৰ আগৰ কথা ।
ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক আমাৰ আশীষদা ।
আৰু সহ: অধি: সেনাপতি দা ।

কোছ ইন্দিয়াৰ জন ৰাইট, অষ্টেলীয়াৰ জন বুকানন ।

ফাইনেল খেল ।

তামাম ৰোমাঞ্চকৰ ।

অৱশেষত সকলোৰে আশাত চেঁচা পানী ঢালি অষ্টেলীয়াৰ জয় ।

আমাৰ 'জন' খঙত তিঙিৰিতুলা ।

তথাপিও শান্ত মগজেৰে বুকাননক সুধিলে - তোমালোকৰ সাফল্যৰ ৰাজ কি ?
বুকাননে ৰিকিক মাতি ৰাইটৰ সন্মুখতে সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?
ৰিকি- কিয় চাৰ মই আক'।
বুকানন- ok তুমি যোৱা ।
পাছত ৰাইটলৈ চাই গৰ্বেৰে কলে দেখিলা এজন ষ্মাৰ্ট কেপ্টেইন।

লাজ লাজ কৈ ৰাইট আহি আশীষ দাক সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?

আশীষদা থতমত খাই কলে চাৰ ওত্তৰটো এতিয়াই লাগিব ?
ৰাইট- হ'ব যোৱা (খঙেৰে)।
দাদাই লগে লগে সেনাপতি দাক গৈ প্ৰশ্নটো সুধিলে ।

সেনাপতি দাই ৰিকিৰ ষ্টাইলতে কলে 'মই'

আশীষ দাই দৌৰি আহি চাৰক কলেহি চাৰ ওত্তৰটো পালো ।


মোৰ দেওতাৰাৰ ভায়েকৰ ভতিজা সেনাপতি ।

ৰাইট- খঙত অগ্নিশৰ্মা হৈ তাকো নাজানা কেপ্টেইন হব আহিছা ।

তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা হ'ল ৰিকি পন্টিং। গৰ্বেৰে ৰাইটে কলে ।

Monday 16 December 2013

জীৱৰ ফেচবুক

অবলা জীৱৰ ফেচবুক থকা হ'লে ষ্টেটাচ কিদৰে দিলে হয়?

পইতাঁচোৰা- আজি অলপৰ বাবে বাচিলোঁ! মোক দেখি এজনী ছোৱালীয়ে ইমান জোৰে চিঞৰিলে যে মোৰ হাৰ্ট এটেক হ'ল হেঁতেন!
ভগৱানে বচালে!

মেকুৰী- কি যে বিপদত পৰিলোঁ! মোৰ সাত নম্বৰ পোৱালিটোৱে তাৰ দেউতাক কোন জানিব খুজিছে! কি যে উত্তৰ দিম ভাবিয়েই পোৱানাই, মই দেখোন নিজেই নাজানো!

মহ- সকলোৱে কুশলে থাকিব। এইটোৱেই হয়তো মোৰ অন্তিম ষ্টেটাচ! মোৰ এইডছ হৈছে!কেলৈ যে সেই পাষণ্ডটোৰ তেজ শুহিবলৈ গৈছিলোঁ! মই আৰু কাকো মুখ দেখুৱাব নোৱাৰিম, মোৰ মৃত্যুই শ্রেয়!

গাহৰি- কোন হাৰামজাদাই জানো উৰাবাতৰি উৰুৱাই আছে মই হেনো ফ্লু বিয়পাই আছোঁ! তাক এবাৰ মই পাই লওঁ!

মুৰ্গী- কাইলৈ ৰাতিপুৱা যদি মোৰ ষ্টেটাচ নোপোৱা তেনেহ'লে ধৰি ল'বা কে এফ চি'ত মোক চাৰ্ভ কৰা হৈছে!

উদয় সংবাদ:ডাক -টিকত এটাও আনি দিয়ক...

সেই যে ‘অভিজাত ’ বিয়াখন খাইছিল... উদয় দা আৰু আশীস দাই...

তাৰ পিছদিনা উদয় দা বিছনাত... হস্পিতেলৰ...

হাত শুকোৱাবই পৰা নাই...

ৰাতিলৈ অলপ অহা -যোৱা কমাত নাৰ্চে কিবা অলপ খাবলৈ দিলেহি...

খানা দেখি উদয় দা ফিউজ্... নাৰ্চক ক’লে,
“এইয়া কি হে ..! এচামুচ দালি, এচামুচ ভাজি.. আৰু ৰুটিখন ৰুটি নহয় যেন এটকীয়া কইন্ এটাহে... ”

নাৰ্চৰ গহীন উত্তৰ, “ডাক্তৰে এনেকৈয়ে দিবলৈ কৈছে...! ”

দুই মিনিটমান ইফালে- সিফালে চাই উদয় দাই নাৰ্চক ক’লে,

“তেতিয়া হ’লে ডাক -টিকত এটাও আনি দিয়ক... ”

নাৰ্চে সুধিলে, “আপুনি আকৌ ডাক -টিকতটোৰে কি কৰিব..! ”

আমাৰ উদয় দাই কি ক’লে জানে...
.
.
.
.
.
.
.
.
.

“কিয়, এইখিনি খাই মুখ মচিবলৈ নেপকিন এখনো নিবিচাৰিম নেকি...! ”
by: Hemanta Hazarika

আশীস দা মানুহজন বৰ হিচাবী

আজি আশীস দাৰ চিক্ৰেট্ এটা কৈছো.... দায়, দোষ নধৰিব...

.
.
.
আশীস দা মানুহজন বৰ হিচাবী (! ), মিতব্যয়ী (! )...

... আজি -কালি হ’বই লাগে দিয়কচোন~
.
.
.
এই দুদিনমান আগতে আশীস দাৰ দূৰ সম্পৰ্কীয় মামা এজন ঢুকাল...
.
.
ঘৰৰ মানুহে আশীস দাকে নিউজ্ পেপাৰত শ্ৰদ্ধাঞ্জলিটো প্ৰকাশ কৰাৰ দায়িত্ব দিলে...
.
.
দাদাই নিউজ্ পেপাৰ অফিচলৈ ফোন লগালে~
.
.
“মোৰ /আমাৰ মৰমৰ বিকুল মামা ঢুকাল...”,

“কিমান খৰছ হ’ব..? ”
.
.
উত্তৰ আহিল.. “৫০০ মান টকা হ’ব... ”
.
.
আশীস দাই কিবা এটা চিন্তা কৰি ক’লে..
“বিকুল মামা ঢুকাল ”

“এইবাৰ কিমান হ’ব..? ”
.
.
.
.
.
আকৌ উত্তৰ আহিল..
“নহ’ব.., কমেও ৮টা শব্দ হ’ব লাগিব.. ”
.
.
.
.
.
.
.
.
.
.
. আশীস দাই কিছু পৰ চিন্তা কৰি ক’লে...
.
.
.
“থিক আছে লিখক.. ”

“বিকুল মামা ঢুকাল scooter for sale contact 904100653 ”

(দেখিলে আশীস দাৰ “এক গুলীত দুই চিকাৰ ”)
by: Hemanta Hazarika

সেই একেই কাহিনী

আমাৰ আশীষদা বোলে কেইদিনমানৰ আগতে থকা কলেজ হোষ্টেলটো চাবলৈ গৈছিল।তাত তেওঁ থকা ৰূমটোৰ দর্জাখনত গৈ টোকৰ মাৰিলগৈ।এজন ল'ৰাই দর্জা খুলি দিলে।ভিতৰত সোমাই আশীষদা নষ্টালজিক হৈ পৰিল।
কবিতাৰ সুৰত তেওঁ কৈ উঠিল- আস্ সেই একেখনেই খিৰিকী একেই টেবুল একেই বিছনা।সকলোতে তেওঁ আলফুলে হাত ফুৰাই গ'ল।
...হঠাৎ তেওঁ বিছনাৰ তললৈ হাউলি চালে.....

আচৰিত!এজনী ছোৱালী লুকাই আছিল।
ডেকাজনে তৎক্ষণাত কৈ উঠিল- ভুল নকৰিব মহাশয়,এয়া মোৰ ভাগিনীহে,মোৰ খবৰ লবলৈ আহিছিল।

কাণফুলি হেৰুৱাৰ বাবেহে তাই তেনেকৈ বিচাৰি আছে।আশীষদাই পুনৰ কৈ উঠিল-..
.
.
.
.
.
..-আৰু সেই একেই কাহিনীৰ পুনৰাবৃত্তি!
by: Ripunjoy Chetia

র্গালফেণ্ড


বন্ধুসকল, আজি এবিধ আছৰিত প্রাণীৰ বিষয়ে পঢ়ো আহক....!

যাৰ নাম হ'ল ---- "র্গালফেণ্ড" !

এই প্রাণীবিধ সহজে চহৰ অঞ্চলত উপলব্ধ ।

ইহঁতৰ প্রধান খাদ্য হ'ল ---বয়ফেণ্ডৰ 'মানিবেগ' টো !

তৃণভোজী প্রাণীয়ে এঠাইত ঘাঁহ শেষ হলে ঠাই সলনি কৰাৰ দৰে এই প্রাণী বিধেও খাদ্যৰ সন্ধানত এজনক এৰি আনজনক চিকাৰ কৰিব পাৰে ।

প্রানী বিধৰ প্রিয় ঠাই হ'ল -- শ্বপিং মল, ৰেষ্টুৰা, বাইকৰ পিছ ছিট টো ।

প্রাণী বিধে হাতত সদায় কিবা এডাল 'ষ্মার্ট ফোন' নামৰ যন্ত্র লৈ থাকে । 'মিছকল' দিয়া টো প্রাণীবিধৰ পৰম্পৰাগত লক্ষণ !

..
..

ইন্টাৰনেটৰ ভাষাত প্রাণী বিধক 'ভাইৰাছ' বুলি কোৱা হয় ।

যিয়ে আপোনাৰ পকেট অকষ্মার্টে 'ফৰমেট' মাৰিব পাৰে !

সেইহে বন্ধুসকল --

অনুগ্রহ কৰি আপোনালোকৰ 'র্গালফেণ্ড' ৰ নাম্বাৰ বোৰ মোক দিয়ক !

কাৰণ

মই জন্ম সূত্রেই এটা --

..

..

...."প্রফেচ'নেল এন্টিভাইৰাছ" !
By: Dípankar Nath

Saturday 30 November 2013

পুলিচ নগেন...

এবাৰ স্কটলেণ্ড য়াৰ্ড, কেজিবি আৰু ভাৰতৰ পুলিচৰ মাজত প্ৰতিযোগিতা হৈছিল কোন সকলোতকৈ ভাল পুলিচ তাকে চাবলৈ৷ ভাৰতৰ দলটোৰ নেতা আছিল আমাৰে নগেন৷
প্ৰতিযোগিতা হ'ল এখন অটব্য অৰণ্যৰ কাষত৷
সকলোকে কোৱা হ'ল,
অৰণ্যৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু এটা বাঘ ধৰি আনিব লাগিব৷ যিটো দলে কম সময়ৰ ভিতৰত বাঘ এটা ধৰি আনিব, সেইটো দলেই জিকিব৷
প্ৰথমে গ'লস্কটলেণ্ড য়াৰ্ড৷ প্ৰায় এঘন্টামানৰ ভিতৰতে বাঘ এটা ধৰি আনিলে৷
তাৰ পাছত গ'ল কেজিবি৷
তেওঁলোকে আধাঘন্টাতে ধৰি আনিলে৷
এইবাৰ গ'ল নগেনৰ দল৷
আধাঘন্টা গ'ল, এঘন্টা গ,ল, দুঘন্টা গ'ল... দলটোৰ দেখা-দেখি নাই৷ প্ৰায় ছঘন্টামান পাৰ হোৱাৰ পাছত সকলোৰে চিন্তা হ'ল, কিজানি নগেনৰ দলটোক বাঘে........
বেছি অপেক্ষা কৰা উচিত নহ'ব বুলি ভাবি সকলোবোৰ হাবিৰ ভিতৰ সোমাই গ'ল৷ কিছুদূৰ যোৱাৰ পাছত এডাল ডাঙৰ গছৰ তলত দেখা গ'ল নগেনৰ দলটোক৷
নগেনেহঁতে এটা ভালুক ধৰি গছত বান্ধি লৈ উধাই-মুধাই পিটিছে আৰু কৈছে
: ঐ তই কৈ দে তই বাঘ বুলি
ভালুকটোৱে কয়,
: মই ভালুকহে
: নাই তই বাঘ , কৈ দে বাঘ বুলি৷ বাঘ বুলি ক'৷


By: ডঃ মাখন লাল দাস

আশিষ দা আৰু ৰামায়ণ


আমাৰ আশিষ দা অধিবক্তা পঢ়ি থকা সময়ৰ কথা । উদয় দাই কেচ এটা আনিছে সমাধান কৰিব লাগে ।

ৰামায়ণৰ সীতাক ৰাৱনে হৰণ কৰা নাছিল, সীতা নিজে গৈছিল।
আশিষ দা ৰামায়ণ পঢ়া আৰম্ভ কৰি দিলে । আৰু আইন ৰ কিতাপ আৰু এটা সমাধান দিলে

-“মায়াবী সোণৰ হৰিণা ধৰিবলৈ ৰামে পহু ৰূপী মায়াবী ৰাক্ষস মাৰীচক খেদি গৈছিল। বহুদুৰ গৈয়ো যেতিয়া ৰামে হৰিণ ধৰিব পৰা নাছিল তেতিয়া উপায়ন্তৰ হৈ ৰামে হৰিণক উদ্দেশ্যি শৰ মাৰিছিল। মৰাৰ আগেয়ে মাৰীচে ৰামৰ মাতেৰে কাতৰ স্বৰেৰে ‘ভাই লক্ষ্ণণ। ৰাক্ষসে মোক মাৰিলে, তুমি তৎক্ষণাৎ আহি মোক ৰক্ষা কৰা বুলি চিঞৰিলে। সীতাৰ ৰখিয়াৰ দায়িত্বত থকা লক্ষ্ণণক সীতাই স্বামীক ৰক্ষা কৰিবলৈ পঠাই দিছিল | তেতিয়াই ৰাৱণে ব্ৰাহ্মণৰ বেশ ধৰি সীতাক হৰণ কৰি লৈ গৈছিল।”

-“সেই কথা সকলোৱে জানে কিন্তু সীতা দেৱীয়ে জনক ৰজাৰ ঘৰত থকা প্ৰকাণ্ড হৰধণুখন বাওঁহাতেৰে দাঙি সোঁহাতেৰে ঘৰ মচি আনিছিল। আচলতে জানকী মানৱী নহয়, দেৱী লক্ষ্ণী আছিল। তেওঁৰ ক্ষমতাৰ তুলনা নাই, তেওঁ মহাশক্তিশালিনী দেৱী। গতিকে মহাদেৱৰ সেই ধনুখন দাঙি ধনুৰ তলৰ ঠাইখিনি মচি অনা মিছা নহয়।”

জানকী সীতাই যিখন হৰধনু বাওঁ হাতেৰে দাঙি ধৰি অনায়াসে সদায় ধনুৰ তলৰ ঠাইখিনি মচিছিল সেইখন ধনু সয়ম্বৰ
সভালৈ আনোতে প্ৰকাণ্ড আঠটি চকাযুক্ত গাড়ীত উঠাই শতাধিক মানুহে ঠেলি ঠেলি আনিছিল। দেৱী সীতাই অনায়াসে বাওঁহাতেৰে দাঙিব পৰা ধনুখন ৰাজসভালৈ আনোতে যিদৰে আনিছিল তাৰপৰা বুজাযায় সেইখন এখন প্ৰকাণ্ড ধনু
আছিল। দেৱী জানকীৰ সয়ম্বৰ সভালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰতাপী-মহাপ্ৰতাপী বহু ৰজা- ৰাজকুমাৰৰ আগমণ ঘটীছিল। তাৰ মাজত লংকাধিপতি ৰাৱণো আছিল। সেই ৰাৱণে কিন্তু হৰধনুখন ধনু ৰখা ঠাইৰপৰা চাৰি আঙুল ওপৰলৈও তুলিব পৰা নাছিল। 

তাৰ পৰা বুজা যায় যে তেওঁৰ শক্তি দেৱী জানকীতকৈ বহুগুণে কম আছিল। 

তেন্তে আপোনালোকে কওকচোন সেইজনী দেৱী জানকীক ৰাৱণে বনৰ মাজত হাতৰ ধৰি হৰণ কৰাৰ শক্তি আছে বুলি কেনেকৈ বিশ্বাস হয় ? মই ভাবো জানকীয়ে ইচ্ছা কৰিয়ে ৰাৱণৰ লগত গুচি গৈছিল। কাৰণ শক্তিৰে ৰাৱণে জানকীক
কেতিয়াও বলে নোৱাৰিলেহেঁতে।”

আদালতৰ ওচৰত আশিষ দাৰ সেই যুক্তি খণ্ডন কৰিবলৈ একো উত্তৰ নাছিল । যুক্তি শুনি আদালতে “হায় মা জানকী” বুলি আশিষ দাৰ হকে ৰাই দিলে।

সম্পূৰ্ণ ধাৰ কৰা।


By: Bitupon Saikia

Friday 29 November 2013

মহাপ্রতাপী ৰজা মহাৰাজ উদয়

আজিৰ পৰা প্রায় ৮০০ বছৰমান আগৰ ঘটনা । অসমৰ উত্তৰ -পশ্চিম প্রান্তত ৰাজত্ব কৰিছিল এজন মহাপ্রতাপী ৰজা মহাৰাজ উদয় । তেওঁৰ উদাৰ , ধার্মিক , নির্ভীক প্রকৃতিৰ আছিল । তেখেতক সুখে দুখে সংগ দিছিল তেখেতৰ অতি ৰূপৱতী , অতিকে মোহনীয় পত্নী মহাৰানী "দর্শনাই " ।

হঠাতে এবাৰ ৰাজ্যত বহুতো বিদ্রোহী সংগঠনৰ আবির্ভাব হল আৰু ৰজাৰ বিৰুদ্ধে মহাযুদ্ধ ঘোষনা কৰিলে । প্রজা হিতঁৰ বাবে মহাৰাজেও সিদ্ধান্ত লৈ সৈন্য -সামন্ত ,হাতী -ঘোৰা লৈ যুদ্ধলৈ যাব ওলাল আৰু যোৱাৰ আগত তেওঁৰ অতিকে মৰমৰ পত্নী দর্শনাক সকলো সা সুবিধা প্রদান কৰি অট্টালিকা এটাত ডাঙৰ তলা এটা লগাই আবদ্ধ কৰি থলে আৰু আটাইতকে বিশ্বাসী প্রিয় বন্ধু আশীশক মাতি আনি কলে " হে প্রিয়বন্ধু , তোমাক এই চাবিপাত অর্পন কৰিলো যদি মই তিনিদিনত ঘূৰি নাহো তেন্তে যুদ্ধত মোৰ মৃত্যু হোৱা বুলি ভাবিবা আৰু চতুর্থদিনা তুমি চাবিপাতেৰে অট্টালিকাৰ তলাতো খুলি মহাৰানীক চিৰদিনৰ বাবে তোমাৰ নিজৰ কৰি লবা , এয়াই মোৰ শেষ সিদ্ধান্ত ।। "
দুখমনে আশীষে চাবিপাট গ্রহণ কৰিলে ।।

মহাৰাজ উদয়ক তিলক লগাই জয়গান গাই , ঢোল পেপা বজাই সৈন্য সামন্তৰে যুদ্ধলৈ বুলি বিদায় দিলে ।

ৰাজপাতাকা উৰুৱাই , হাতী ঘোৰা দৌৰাই মহাৰাজ উদয় আগবাঢ়িব ধৰিলে ।

প্রায় এঘন্টামান আহি আঠ - ন মাইলমান যোৱাৰ পাছত পিছৰ পৰা ধুলি বালি উৰুৱাই এজন তীব্রবেগী অশ্বাৰোহী তেওঁলোকৰ পিনে অহা দেখা পালে ! মহাৰাজে সকলোকে সতর্ক কৰিলে । কিন্তু ওচৰ পোৱাত অশ্বাৰোহীজন দেখি সকলো আচৰিত কাৰন তেওঁ আছিল আশীষ ।

মহাৰাজে সুধিলে " প্রিয়বন্ধু কি হল তুমি এনেকে আকস্মাত বলিয়াৰ দৰে পর্দাপন কৰিলাযে , একো অমংগল হোৱা নাইতো ? "

আশীষে ফোফাই জোফাই উত্তৰ দিলে

" ক্ষমা কৰিব মহাৰাজ , সকলো কুশলেই আছে কিন্তু আপুনি মোক এপাত ভুল চাবি দি আহিছে " !!




By: Shyamal K Bhattacharjee

Saturday 16 November 2013

ইমান টকা

আশীষ দা : হেৰৌ ভাই পংকজ, শুনছোন মোৰ পত্নীয়ে সদায় সদায় টকা খুজি মোক হাহাকাৰ কৰি দিছে, বুজিছনে ??

 পংকজ দা : কি হ'লনো দাদা, খুলি কওকচোন ??


 আশীষ দা : এহ : নকবি আৰু, যোৱা সপ্তাহত এহাজাৰ টকা বিছাৰিছিল, পৰহি দুশ টকা বিছাৰিছে, যোৱা কালি পাচশ, 
আজি আকৌ ৰাস বুলি এহাজাৰ টকা বিছাৰিছে ।

 পকংজ দা : আছৰিত কথা ইমান টকা তেঁও কি কৰে ?? .. ..



 আশীষ দা : নাজানো ভাই-- .. .. .. ..




 মই কিন্তু আজিলৈ এটকাও দিয়া নাই !!

By: Dípankar Nath

Thursday 7 November 2013

WIFE Joke

পুলিচত চাকৰি কৰা পুতেকে বাপেকলৈ চিঠি দিলে

" দেউতা মোৰ ঘৰত থকা wife ক পঠাই দিবা "

বাপেকে এতিয়া WIFE ৰ অর্থতো বুজি নাপালে ।

 ওচৰৰ জনা এজনক শুধিলে WIFE মানে কি ?

সি কলে এই ঠাণ্ডাত লোৱা কম্বলখন আকৌ

 বাপেকে ভাবিলে পুলিচত তো কম্বল লেপ দি থাকে তাক ঘৰত থকাখন কিয় লাগে ।

 বাপেকে পুতেকলৈ লিখিলে "বোপাই ঘৰত যিটো wife আছে তোৰ ভায়েৰে দিনে ৰাতিয়ে লৈ শুই শুই একদম বৰবাদ কৰি পেলালে "!!!!!!!

By: Jadob Atif Saikia

Sunday 3 November 2013

নলেগলে লগা বন্ধু

চনঃ১৯৭৫,

 এখন গাঁৱৰ দুজন নলেগলে লগা বন্ধুৰ কাহিনী।

 এজন আনজনতকৈ অলপ বেছি ধূর্ত।

এদিনৰ কথাঃ

 দুয়োজনে একেলগে এটা কঁঠাল খাই আছিল।

 ১ম বন্ধু(নামউদয়):হেৰি নহয় বন্ধু তোৰ দেউতা কেনেকৈ ঢুকাল অলপ বুজাই ক'চোন।

২য় বন্ধু(নাম আশীষ):কিনো ক'বি আৰু বন্ধু বৰ দীঘলীয়া কাহিনী।
দেউতাৰ গেষ্ট্রিক আছিল।
অলপ দিনৰ পিছতে সিয়ে আলচাৰ হ'ল।
তাৰপিছত হস্পিটেলত অপাৰেচন হ'ল।তাৰপৰা আকৌ..................................

(সমূহ ঘটনা বিৱৰি ক'লে)।
 কৈ শেষ হোৱাৰ পিছত দেখিলে যে সিজনে কঁঠাল বেছিখিনি খাই শেষ কৰিলে।
এইবাৰ তেওঁ সিজনক একেটা প্রশ্ন কৰিলে।

 সিজনে(উদয়) একে উশাহতে ক'লে: . . . . . . .



বেমাৰ একো নাছিল,এদিন পৰিল আৰু তেতিয়াই লগে লগে মৰিল।


By: Ripunjoy Chetia