Tuesday 29 July 2014

ইজনীতকৈ সিজনী চৰা

By: Dina R. Borah

পাতনি:-"ইজনীতকৈ সিজনী চৰা"।

বৰুৱানীৰ ঘৰৰ ড্ৰযিংৰুমত তিনি গৰাকী নাও বুৰিলেও টিঙৰ
পৰা ননমা ফোপজহী মহিলাৰ নিজকে সকলোৰে ওপৰত ৰখাৰ
আপ্ৰাণ চেষ্টাৰে কথোপ কথন :-
বিষয় এক্সিডেন্টৰ পিচতো মানুহে কামবন কৰি থাকিব পাৰে ??


বৰুৱানী:-
জানে বৰানীহঁত, আমাৰ এখেতৰ জেঠায়েকৰ জোৱায়েক
কলিকতাত থাকে যে চাকৰিও কৰে আৰু টেনিচো খেলে।
অলপতে গাড়ী এক্সিডেন্টত সোঁহাতখন কটা গল বুজিছে। পিচত
ডাক্টৰে অপাৰেচন কৰি পস্থেতিকৰ হাত এখন আনি
লগাই দিলে। সেয়া এতিয়া সেইখন হাতেৰেই চব কামবন কৰে।টেনিচ খেলি সেয়া
পুৰস্কাৰো পাইছে।

বৰানী:-
হয় পাই কেলেইযে এইবোৰহয়। আমাৰ এখেতৰো বন্ধু এজন আছে দিল্লীত। বৰভাল ফুটবল খেলে বুজিছে। এবাৰ চীনদেশত ফুটবল থেলিবলৈ
যাওঁতে মানে সোভৰিটো সুলকিয়েই থাকিল বুজিছে। চীন দেশৰ
ডাক্টৰে পিংফেংকিম্ কাঠৰ ধুনীয়া ভৰি এটা লগাই দিলে আৰু এতিয়া
ধৰিবই নোৱাৰি যে সেইটো ভৰিৰেই বাইচুং ভূটীয়াৰ লগত ফুটবল
খেলি ফুৰিছে।

ডেকানী:-
থৈদিয়ক হে , হাত ভৰি ভাগেই , আৰু ৰিপেয়াৰও হয় দিয়কচোন।
শুনক আমাৰ জনৰ মোমায়েকৰ শহুৰেকৰ পুতেক ৰঙিয়াত
থাকে শিক্ষা বিভাগত কেৰাণী কৰে । তিনি বছৰ আগতে
বজাৰৰ পৰা গৰু এজনী কিনি ঘৰলৈ ৰেল আলিয়েদি আহি
থাকোতে ৰেলে কাটিলে।
দূৰঘনাটত গৰুজনীৰ আগ দোখৰ আৰু আমাৰ সেই মানুহজনৰ
ককালৰ তলৰ দোখৰ ৰেলে কাটি নষ্ট কৰি পেলালে। বাচিব যে
আশাই নাছিল। পিচে ডাক্টৰে কিবা কৰি ভাল হৈ থকা গৰুজনীৰ
তলৰ ডোখৰ মানুহজনৰ ওপৰৰ ডোখৰ জোৰা লগাই মানুহজন
বচালে।
বুজিছে। এতিয়া কিমান ভাল। ৰাতিপুৱা ঘৰত দুই লিটাৰ
গাখীৰো দিয়ে
দিনত অফিচত চাকৰিও কৰে।

বৰুৱানী +ডেকানী:- হাঁ আঁআঁআঁ !!! কি ইইইই!!!!!!!

এ ভাল হোৱা নাই দেই

By: Ranjan Bhattacharyya

এবাৰ ভিৰ বাছ এখনত টেপু উঠি পল্টন বজাৰৰ পৰা বেলতলালৈ বুলি গৈ আছিল,সি বহিবলৈ ছিট নাপাই থিয় হৈ গৈ আছিল৷্লপ দূৰ গৈ টেপুৱে লাহেকৈ পুত কৈ দিলে নহয় গেছিং কৰি,

কাষতে বহি থকা বাইদেও গৰাকীয়ে টেপুলৈ ছাই কলে এ ভাল হোৱা নাই দেই,

টেপুৱে মিচিকিয়াই হাঁহিলে,সি বেছেৰা হোলাৰ ভাই মোলা ভাবিলে সঁচা কৈ ভাল নহ'ল কি জানি,

অলপ পাছত আকৌ সি এবাৰ লাহেকৈ দিলে গেছিং কৰি,বাইদেও এ আকৌ ক'লে ভাল নাই হোৱা দেই,টেপু এই বাৰ মনে মনে থাকিল,

সি ভাবিলে সঁচাকৈ এ বেয়া হৈছে কিজানি,অলপ পাছত টেপুৱে এইবাৰ অলপ জোৰ কে ভ'ট কে দিলে গেছিং কৰি,বাইদেওৱে অলপ জোৰকৈ ক'লে মই কৈছো নাই ভাল নাই হোৱা,

টেপুৰো উঠিল নহয় খংটো,সিও চিঞৰি ক'লে মই ইয়াতকৈ আৰু ভাল কে পাদিব নোৱাৰো দেই়়়়়

ছয় ছয় ছয়...........

By: Shirajul Hoque
আমাৰ অসম মূলকৰ বিসম্বাদীশৰ্মা নামৰ ব্যক্তি জনৰ মানসিক ভাৰসাম্য হেৰুৱাৰ কথা সকলোৱে জানো ।আজি তেওঁৰ কথাকেই কওঁ ........
.
সিদিনা তেওঁ শৰাইঘাট দলংৰ ওপৰত থিয় দি কৈ আছে
.
ছয় ছয় ছয়....................ছয়...
.
কোনোও ধৰিব পৰা নাই তেওঁনো কি হিচাপ কৰি আছে ....
.
এনেতে নলবাৰীৰ পৰা আহি থকা মল্লদাই সুধিলে :দাদা কি গণি আছে ?
.
শৰ্মা :ওচৰলৈ আহাঁ ,কও
.
মল্লদাই ভাবিলে মেডামে কিবা মন্ত্ৰ -ছন্ত্ৰ শিকাই দিছে চাগে ,তেওৱো উৎসুকতাৰে আগুৱাই গ'ল
.
.
.
মল্লদা ওচৰ পোৱাৰ লগে লগে
বিসম্বাদী ডাঙৰীয়াই তাক হেচা মাৰি দলংৰ তলত পেলাই দি মনৰ আনন্দত কবলৈ ধৰিলে
.
.
.
.
.
সাত সাত....,,,,.....সাত সাত

চাণ্টা

By: Madhumita Saikia


চাণ্টা এবাৰ আকৌ ইন্টাৰভিউ এটা দিবলৈ গৈছিল ! কিন্তু চাকৰি টো অলৰেডি "বছ" ৰ খুলশালীক দিয়া হৈ গৈছিল । তথাপিও ফৰমেলিটিৰ কাৰণে ইন্টাৰভিউ পাতা হৈছিল ...যত কিছুমান অবান্তৰ প্ৰশ্ন সোধা হৈছিল.......
.......চাণ্টাৰ পাল পৰিল
ইন্টাৰভিউৱাৰ---- ( চান্টাক উদ্দেশ্য কৰি) । আপুনি নদীৰ মাজত এখন নাৱত বহি আছে ,আপোনাৰ হাতত দুটা চিগাৰেটৰ বাহিৰে আন একো নাই ,আপুনি চিগাৰেট টো কেনেকৈ জ্বলাব?

চান্টাই খুউব গহীন আৰু চিৰিয়াচ হৈ কলে ...চাৰ ইয়াৰ দুই তিনিটা সমাধান আছে ...! ইন্টাৰভিউৱাৰ আছৰিত...কওকচোন কি কি?
.
.চান্টা--মই এটা চিগাৰেট পানী লৈ দলিয়াই দিয়ক so the boat will become lighter...using this lighter মই
চিগাৰেট টো জ্বলাম!
.
. ইন্টাৰভিউৱাৰ --কি প্ৰলাপ বকিছা ?
.
. চান্টা এইবাৰ আৰু চিৰিয়াচ ,চাৰ আৰু এটা উপায় আছে... মই চিগাৰেট টো ওপৰলৈ দলিয়াই দিম..আৰু CATCH ধৰিম !!!!
CATCHES WIN THE MATCHES USE THIS MATCHES মই চিগাৰেট টো জ্বলাম !!!!!:'(


ইন্টাৰভিউৱাৰ ---- STUPID
.
. চান্টা-- চাৰ আৰু এটা উপায় আছিল ..মই হাতত অলপ পানী লম আৰু টোপ টোপ (TIP TIP) কৈ পেলাই যাম !!
.
. ইন্টাৰভিউৱাৰ -- তাৰ পৰা কি হব?

চান্টা---চাৰ আপুনি গান টো শুনা নাই?
.
.TIP TIP BARSA PANI
PANI NE AAG LOGAYEE
সেই AGG ৰেই মই চিগাৰেট টো জ্বলাই লম !:-P

পাগল হৈ ইন্টাৰভিউৱাৰ জনে চান্টাক কলে....আপোনাৰ চৰণ দুখন দিয়কচোন:'(

গব্বৰ

By: Hemanta Dowarah

এবাৰ গব্বৰ ৰ চৰিত্ৰৰ ওপৰত অবলোকন কৰিবলৈ এটা প্ৰশ্ন আহিছিল..
এজন দশম শ্ৰেনী ছাত্ৰই গব্বৰ চৰিত্ৰটোৰ ওপৰত এনেদৰে চিত্ৰায়ত কৰিছিল..

1. সাধাৰন জীৱন আৰু উচ্চ চিন্তা..
তেখেত এজন বৰ সহজ-সৰল জীৱন অতিবাহিত কৰা ব্যক্তি আছিল..কাপোৰ-কানি, খোৱা-বোৱা,লাহ-বিলাহ এইবোৰৰ প্ৰতি তেখেতৰ কোনো মোহ নাছিল..হয়তো সেয়ে তেখেতে জীৱন কালত মলিয়ন ধৰা একেজোৰ কপোৰকে সদায় পিন্ধিছিল, দাড্ -মোচ ও কাটিবলৈ একেবাৰে বাদে দিছিল,মাহ ধৰি দাতত ব্ৰাছ পৰা নাছিল, তেওৰ জীৱন এনে আছিল যেন মধ্যযুগৰ এজন পাহাৰে-পৰ্বতে বগাই ফুৰা এজন ফকিৰহে...তেখেত জীৱনৰ লখ্যত নিজকে স্থিৰ কৰি লৈছিল আৰু জীৱনটোক তাত ইমান সমৰ্পিত কৰি লৈছিল যে বিলাসিতা আৰাম দায়ক জীৱনৰ কথা ভাবিবলৈ এক মুহুত্ব ও সময় নাছিল..আৰু তেখেতৰ চিন্তাধাৰাও চাওক কিমান উচ্চ.তেখেতে কৈছিল.'जो डर गया, सो मर गया'
. যেন তেখেতে জীৱনৰ যুজত ভীত-বিহবল হোৱা সকলক ক্ষনিক জীৱন টোৰ মমাৰ্থ হে বুজাইছে


२. দয়ালু মনৰ ব্যক্তি..
ঠাকুৰে তেখেতৰ হাত দুখনে কেৱল ধৰা কাৰনে গব্বৰে তেওৰ হাত দুখন হে কাটিলে..ইছ্ছা কৰা হলে দিন্গি কাটিব পাৰিলে হেতেন..ইয়াতে তেখেতৰ দয়ালু চাৰিত্ৰিক দিশ টো প্ৰকাশ পাইছে..

3 ন্ ত্য-গীতৰ প্ৰতি দুৰ্বলতা..

'महबूबा ओये महबूबा' গীত টোয়ে তেখেতৰ কলা মনটো সুন্দৰ কৈ প্ৰকাশ কৰিছে..আন যিবোৰ ডকাইটৰ চৰিত্ৰ দেখা পাও তাত কিন্ত এনে কলা-সন্গীত প্ৰেমী ভাল পোৱা ডকাইট পাবলৈ বিৰল..বচন্তীক ধৰি লৈ আহোতে তেখেতেৰ ভিতৰৰ কলাসুলভ মানুহ টো সাৰ পাই গৈছিল আৰু কলাসুলভ মানুহ টোয়ে ভালকৈয়ে চিনি পাইছিল যে বচন্তী এগৰাকী ভাল ন্ ত্য -পতিসয়ী..সেয়ে তাইৰ নাছ উপভোগ কৰিছিল..হয়তো সেই সুযোগ এৰিব খোজা নাছিল...

4. অতিঅনুশাসন প্ৰিয়্তা..

যেতিয়া কালিয়া আৰু লগৰ জনে নিজৰ PROJECT সফল কৰি আনিব নোৱাৰিলে এইক্ষেত্ৰত কিন্ত তেখেতে ক্ষমা নকৰিলে..আৰু পৰিনামত গুৰু শাস্তি প্ৰদান কৰা হ'ল..

5. ৰসিক হিচাপে গব্বৰ
তেখেতৰ বৰ ব্যতিক্ৰমী ৰসাল চৰিত্ৰ এটাও দেখা পাইছিলো.. কালিয়া আৰু লগৰ দুজনে ভগ্ন-মনোৰথ লৈ ঘুৰি অহাৰ পাছত গুৰু-শাস্তি প্ৰদান কৰা আগে আগে 'এটা JOKES"কৰি খুব হহুৱাইছিল..যেন হাহি হাহি এই ধৰাৰ পৰা বিদাই দিবহে লৈছে...এক অৰ্থত তেখেত আধুনিক প্ থিবীৰ এজন 'লাফিন্গ বুদ্ধ' আছিল..

6. নাৰীৰ প্ৰতি সন্মান..
বসন্তীৰ নিছিনা ধুনীয়া ছোৱালীক পলুৱাই আনি তেখেতে কেৱল নাছিবলৈহে বাধ্য কৰাইছিল..তাতকৈ বেছি একো কৰা নাছিল..কিন্ত আজিকালিৰ খলনায়ক হোৱা হলে কি যে নকৰিলেহেতেন..নকও য়ে বা !

7. ভিক্ষুক জীৱন..

গব্বৰে হিন্দু ধৰ্ম ৰ মাৰ্গ মতে চলিছিল.তেখেতে ওচৰৰ ৰামপুৰ,ৰামগৰ ইত্যাদি গাও বোৰৰ পৰা ধান বা অন্য শস্য পকা বা নপকা যি পাইছিল তুলি আনিছিল আৰু তেনেবোৰ খায়ে জীৱন অতিবাহিত কৰিছিল.. তেখেতে কোনোদিন চিকেন বা মলাই টিক্কা খাবলৈ ইছ্ছা কৰা নাছিল..

8. সামাজিক দায়বদ্ধ্বতা..
তেখেতৰ পেসাগত ডকাইট হলেও কিন্ত সামাজিক কামতো তেও লাগি আছিল যেনে তেও মাক বোৰক আমনি কৰি থকা সৰু লৰা-ছোৱালীক শুৱাই দিয়াৰ কামো কৰিছিল

যন্ত্ৰ

by: Abdul Aziz Choudhury

টিক্ৰমৰ ঘৰত জালনোট তৈয়াৰ কৰা যন্ত্ৰ।গতিকে
টিক্ৰমক পুলিছে ধৰি আনিলে।

থানাতঃ


ইন্সপেক্টৰঃটিক্ৰম তোমাৰ ঘৰত জালনোট তৈয়াৰ কৰা যন্ত্ৰ পোৱা গৈছে গতিকে তোমাৰ ওপৰত জালনোট বনোৱা বুলি আইনৰ ধাৰা মতে কেছ ৰেজিষ্টাৰ কৰা হ'ব।

টিক্ৰমঃচাৰ,যন্ত্ৰতোহে পাইছে?কিন্তু সেইতো মোৰ নহয় আৰু মই কোনো জালনোট তৈয়াৰো কৰা নাই আৰু আপোনালোকেও মোৰ ঘৰত কোনো জালনোট পোৱা নাই।গতিকে মোৰ ওপৰত জালনোট বনোৱা বুলি কেছ দিলে বৰ ভূল হ'ব চাৰ!!!

ইন্সপেক্টৰঃবেছি কথা নক'বা টিক্ৰম।আইনৰ ধাৰা তোমাতকৈ মই বেছি জানো।

টিক্ৰমঃছাৰ,তেতিয়াহ'লে দায় দোষ নধৰিব আৰু,ময়ো এটা ৰেপৰ কেছ দিব খুজিছোঁ আপোনাৰ ওপৰত।

ইন্সপেক্টৰঃচাল্লা কুকুৰ?এই ২০ বছৰীয়া চাকৰি জীৱনত এটাও দাগ নপৰাকৈ চাকৰি বজায় ৰাখিছোঁ।তই কিহৰ ওপৰত ভিত্তি কৰি মোৰ ওপৰত ৰেপৰ কেছ দিব খুজিছ?মই কাক ৰেপ কৰিলোঁ?হাঁ?

টিক্ৰমঃনাই ছাৰ,আপুনি আকৌ এই বয়সত কিয় ৰেপ কৰিব?
কিন্তু ছাৰ আপোনাৰোতো ৰেপ কৰা যন্ত্ৰ এটা আছে,সেই কাৰনেই মই এই কেছটো দিব খুজিছোঁ………………

কলিতাখুঢ়া বৰ মৰমিয়াল

By: Utpal Gogoi

এদিন ঘৰৰ সমুখত গাই গৰু এজনী আৰু পোৱালী এটাই চেলেকা চেলেকী কৰি আছিল !

তাকে দেখি কনটিলৌৱে বাপেকক সুধিলে ?পাপা পাপা এই গাইজনীয়ে কিয় চেলকী আছে !

বাপেক ক লে , বোপাই গৰু ছাগলীয়ে এনেকৈয়ে মৰম কৰে আৰু আপোন বুজাই ।


তেতিয়া সি অলপ সময় মনে মনে থাকি কলে ,

পাপা জানানে ,কাষৰ যে কলিতাখুঢ়া বৰ মৰমিয়াল ,

বাপেকে কলে কিয় !

কনটিলৌৱে কলে ' জানা পাপা তুমি অফিছত গলে কলিতাখুড়াই আহি মাম্মীৰ লগত সদায় চেলেকা চেলেকী কৰি থাকে....

কত আছা তুমি??

By: Nayan Bharali

ঘৈণীয়েকে phone কৰি গিৰীয়েকক সুধিলে: কত আছা তুমি??

গিৰীয়েক: সেই jewelery দুকান খন তোমাৰ মনত আছেনে, যত তোমাৰ সোণৰ হাৰ এডাল পচন্দ হৈছিল..? কিন্তু মোৰ হাতত পইচা নথকাৰ কাৰণে তোমাক দিব পৰা নাছিলো।।

ঘৈণীয়েক: অ, অ মনত আছে।


গিৰীয়েক: তাৰ পিছত মই তোমাক কৈছিলো যে এদিন সেই হাৰ ডাল মই তোমাক নিশ্চয় লৈ দিম.........

ঘৈণীয়েক: (পৰম আনন্দেৰে) অ অ, তুমি কৈছিলা কৈছিলা,,,, মোৰ পুওওওওৰৰা মনত আছে।
.
.
.
.
.
.
.

.
.
.

গিৰিয়েক: মই তাৰ ওচৰৰ চেলোন খনত চুলি কাটি আছো..... আহোতে অলপ পলম হব!!!!!!!!!.......

চাইকেল

By: Alêx Jîtü


এদিন এটা সৰু ল'ৰা শিৱ মন্দিৰলৈ গৈ প্ৰার্থনা কৰিলে ।

বাবা, মোক এখন ধুনিয়া চাইকেল লাগে :

কিন্তু বাবাই নো আৰু ক'ত চাইকেল দিয়ে !!


পিছদিনা ল'ৰাটো বজাৰলৈ গল । আৰু এটা গনেশৰ পুতলা - মূর্ত্ৰি আনি চকুত কাপোৰ বান্ধি বিচনাৰ তলত থৈ দিলে !

আৰু তাৰ পাছত মহাদেৱলৈ বুলি চিঠি লিখি মন্দিৰত থৈ আহিল ।

চিঠিত লিখিলে....

মহাদেউ. তোমাৰ ল'ৰাটো মোৰ ওচৰত আছে । যদি ল'ৰাক ভালে ভালে ওভোটাই পাব বিচাৰিছা । তেন্তে কালিলৈ এখন চাইকেল লৈ মন্দিৰলৈ আহিবা....!!

Friday 30 May 2014

অই পাগল

By: Hemanta Kumar Medhi
এটা পাগল ৰাস্তাত শুই আছিল
। ট্রাক ড্রাইভাৰ এজনে তাৰ
ট্ৰাকখন ৰখাই অনবৰত হৰ্ণ
বজাই আছে, তথাপিও
পাগলটো উঠা নাই ।
অৱশেষত
ড্রাইভাৰজনে নামি ক'লে,
"অই পাগল, ৰাস্তাৰ
পৰা উঠি নগ'লে তোৰ গাৰ
উপৰেৰে ট্রাক চলাই নিম ।''
পাগল (হাঁহি হাঁহি) :-- অলপ
আগতে মোৰ গাৰ
উপৰেৰে প্লেন এখন গ'ল, তাতেই
একো নহ'ল । আৰু
ট্ৰাকখনেৰে কি হ'ব, নুঠং যা ।

আৰ ইউ ৰিলেকসিঙ

By: Deepak Thapa
এবাৰ অসমৰপৰা জগত সিঙ লণ্ডনলৈ ফূৰিবলৈ গৈছিল । তাত সাগৰৰ পাৰত বহি সকলোবে সাগৰৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি জিৰণি লৈ আছে।জগত সিঙো এঠাইত গৈ বহিল।
তেনেতে এজন মানুহ আহি সূধিলে -আৰ ইউ ৰিলেকসিঙ 
জগত সিঙ : ন' ন ', আই এম জগত সিঙ
কিছূ সময়ৰ পিছত ইজনৰ পিছত সিজনে একেটা প্ৰণ্শকে বাৰে বাৰে সূধি থকাত একেটা উত্তৰকে দি দি আমনি লাগি আহিল আৰু সেই কাৰনে বেলেগ এঠাইত বহিবলৈ উঠি গ'ল । তাত আগৰেপৰা বহি থকা মাণূহ এজনক দখি জগত সিঙে সূধিলে: আৰ ইউ ৰিলেকসিঙ ?
মানূহজনে লগে লগে উত্তৰ দিলে - ইয়েছ আই এম ৰিলেকসিঙ ।



জগত সিঙেও লগে লগে এক চৰ মাৰি খঙেৰে কলে: চালা তোক অথনিৰে পৰা ইমাণবোৰ মানূহে বিচাৰি ফূৰিছে তই মনে মনে আহি ইয়াত বহি আছ?

বিশ্বাস

BY: Bapan Dey
১ম বন্ধুঃ দোস্ত, মোৰ ঘৈণীৰ ওপৰত মোৰ আৰু বিশ্বাস নাই। কেবল মিছা কথা কয়। কি যে কৰো..!
২য় বন্ধুঃ কিয়, কি হৈছে দোস্ত?
১ম বন্ধুঃ আৰু নকবি ভাই। যোৱা কালি ৰাতি মই ঘৰত নাছিলো। ৰাতিপুৱা আহি দেখো, ঘৈণী ঘৰত নাই। দুপৰীয়া ঘৰ আহি পোৱাৰ লগে লগে সুধিলো, ক'ত গৈছিলা? ক'লে তাইৰ ভনীয়েকৰ ঘৰত ৰাতি থাকিব গৈছিল।
২য় বন্ধুঃ হুম, তাতে বিশ্বাস নকৰিব লগিয়া কি আছে? 
১ম বন্ধুঃ আৰে, তাইৰ ভনীয়েক দেখোন ৰাতি মোৰ লগত আছিল।

আকস্মিক বক্তৃতা

By:Rakesh Barman
নমস্কাৰ ।
আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে ছোৱালী ।

প্ৰথমে ছোৱালী কাক বোলে ?
.
.
.
.
চাইকেল, স্কুটাৰ, মটৰ চাইকেল, মাৰুতি কাৰ আদিৰ পাছ ফালৰ চিটত ল'ৰাৰ সৈতে উঠি যিবিলাক মহিলাই দোকানে পোহাৰ, চিনেমা থিয়েটাৰে, ৰাস্তাই ঘাটে, অলিয়ে গলিয়ে ঘুৰি ফুৰে তাকে ছোৱালী বোলে ।

প্ৰকাৰ :
ছোৱালী তিনি প্ৰকাৰৰ ।
পুংলিংগ, স্ত্ৰীলিংগ আৰু উভয়লিংগ ।
পুংলিংগ : যিবিলাক ছোৱালীয়ে ল'ৰাৰ নিচিনাকৈ চুলি কাটি লংপেণ্ট চাৰ্ট পিন্ধি ঘুৰি ফুৰে সেইবিলাককে পুংলিংগ বোলে ।
স্ত্ৰীলিংগ : যিবিলাক ছোৱালীয়ে মেকছী, শাৰী, মেখেলা চাদৰ, চেলোৱাৰ কামিজ আদি পিন্ধি ঘুৰি ফুৰে সেইবিলাকক স্ত্ৰীলিংগ বোলে ।
উভয় লিংগ : কিছুমান ছোৱালীক দেখিলে ধৰিবই নোৱাৰি ল'ৰাই নে ছোৱালী । ওচৰলৈ গৈ ভালদৰে চালেহে ছোৱালী বুলি গম পোৱা যায় । তেনে ধৰণৰ
ছোৱালীকে উভয়লিংগ ছোৱালী বোলা হয় ।

বৰণ : ছোৱালীৰ বৰণ তিনিটা । ক'লা, বগা আৰু পখৰা ।
ক'লাটো ক'লায়েই আৰু বগাটো বগায়েই ।
পখৰাটো হল কিছুমান ছোৱালীক দেখিব গালে মুখে ফেয়াৰ এণ্ড লাভলি, স্নো পাউদাৰ, লিপষ্টিক, আইব্ৰো আদি ঘহি একেবাৰে কুইন হৈ আহিছে । কিন্তু যেতিয়া অলপ বৰষুণ পৰে তেতিয়াই ৰং সলনি হৈ ক'লা যেন ও নেদেখি আৰু বগা যেন ও নেদেখি সেইটোকে পখৰা বোলে ।
উপকাৰীতা : ছোৱালীৰ লগত ভাল সম্পৰ্ক থাকিলে বিভিন্ন সময়ত ধুনীয়া ধুনীয়া শুভেচ্ছা পত্ৰ বিহুৰ সময়ত ৰুমাল গামোচা আদি আদি কিছুমান
সামগ্ৰী সময়ে সময়ে পাই থাকিব পাৰি । ইয়াৰ ওপৰিও তেওঁলোকৰ ঘৰলৈ কৰা সঘন যাতায়তৰ জৰিয়তে ধুনীয়া ধুনীয়া বিভিন্ন ধৰণৰ মিঠাই চাহৰ লগত
বিনামুলীয়াকৈ সোৱাদ লব পৰা যায় ।

 অপকাৰিতা : তেওঁলোকৰ লগত পৰি হোটেল , চিনেমা, থিয়েটাৰ, পাৰ্ক আদিলৈ যাওঁতে আপোনাৰ পকেটৰ লালবাটি জ্বলিব পাৰে । দামী দামী গিফ্ট
দি দি দেউলীয়া হোৱাৰ উদাহৰণ বহুতো আছে ।

ধন্যবাদ
বিঃদ্ৰঃ ৰচনাটি কেৱল হাহিৰ বাবেহে দেই ।

$ এটা মধুৰ কল্পনা $

By: Anuj Kumar Das


ৰাইজ ! আমিবোৰ কল্পনা বিলাসী নহয় নে ?

ধৰি লওঁক.. ভৱিষ্যতে হব লগীয়া আমাৰ নিভা'মেমৰ বিবাহিত জীৱনৰ এটি কল্পনা !



সেইটোকেই..আজি কল্পনা কৰো আহক !

হঠাৎ আমাৰ ন-বিবাহিতা নিভামেম্ উচুপি উচুপি কান্দি আছে আৰু তেওঁৰ শাশু-আইয়ে ওচৰতে ৰৈ...ন-বোৱাৰীয়ে কান্দি থকা কাৰণটো বুজিব নোৱাৰি...বিবুদ্ধিত পৰি সুধিলেঃ- আই ! কিয় কান্দিছা ? তোমাক কোনোবই কিবা কলে নেকি ?
.

নিভামেম উচুপনি মুদ্ৰাত নিমাতী কইনামতী ৰূপে:-নিশ্চুপ !
.

কেৱ্ল উচুপনিৰে চকুলো বোৱাই কান্দোন !
.

শাশুৱেকঃ- কোৱা আই ! সংকোচ নকৰিবা...মই তোমাৰ মা'ৰৰ দৰে নহয় নে ?
.

মনত অলপ জোৰ বান্ধি নিভামেমে কলেঃ-কলেঃ-'মা'...কওঁকচোন...মই বাৰু দেখিবলৈ "যখিনী"ৰ দৰে নে ?
.

শাশুৱেকঃ-Oওৱা ?...কোনে কৈছে ? ছিহ্ ! বিলকুল নহয় । তুমি মোৰ লখিমী বোৱাৰী ।
.

পুনৰ উচুপি উচুপি নিভামেমঃ- তেনেহলে মোৰ মুখখন সেই বগী গাইজনীৰ নিচিনা 'বেঙা' নে ?
.

শাশুৱেকঃ- ছি: ছি ! ... কি যে কোৱা ?
.

পুনৰ চকুলো মুচি মুচি...নিভামেমঃ- মোৰ চকুকেইটা 'চুক ভেকুলী' দৰে নে ?
.

শাশুৱেকঃ- হে ইশ্বৰ ! তোমাক কোনে কলে এইবোৰ ?..কৃষ্ণ ! কৃষ্ণ !
.

নিভামেম (বেজাৰ মনেৰে ) :- তেন্তে মোৰ নাকটো "পকৰি"টোৰ নিচিনা "ডলা পকা" নে ?
.

শাশুৱেকে মূৰত হাত দি...আৰ্তনাদ কৰি কলেঃ- হে: প্ৰভূ ! তোমাক এইবোৰ কোনে কলে ? হাৰামীৰ নেগুৰহঁত...মোৰ বোৱাৰীজনীৰ মাথা খালে ঔ !...আৰু কিবা কবলৈ বাকী আছে নেকি...আই ?
.

নিভা'মেমে পুনৰ সুধিলেঃ- "মা" মই দেখিবলৈ সেই ৰামায়ণৰ 'সুপৰ্ণখা'ৰ নিচিনা নে ?"
.

শাশুৱেকঃ- ওফ্ ৰাম ! ৰক্ষা কৰা প্ৰভু ! সংসাৰখনত কোনে বাৰু জুই লগাবলৈ এনে কাণ্ড কৰিলে ?...কৃষ্ণ প্ৰভূ...তুমি হে জানা ?

নিভামেমৰ কান্দোনত ফুলি উঠা...চকু মোহাৰি মোহাৰি কলেঃ-"তেনেহলে 'মা' ! আমাৰ ওচৰ-চুৱৰীয়া তিৰোতাবিলাকে তাছিল্ল্য কৰি কিয় কয় ?
তুমি একেবাৰে তোমাৰ শাশু-আইৰ নিচিনা Photo-Copy ! "

.
.
.

নিভামেমৰ কথা শুনি শাশুৱেক....SHOCK !
কেছ 2 on the ROCK !

কিবা ধৰিব পাৰিছে নে ?

মন্তব্য দিব দেই !

#‪#‎আকৌ‬ আশীষ'দা ##

By: Anuj Kumar Das

ঘৰটোৰ বন্ধ দূৱাৰখনৰ সন্মুখত থিয় দি কনমানি লৰাটোৱে জপিয়াই জপিয়াই বাৰে বাৰে কলিং বেলটো বজাবলৈ চেষ্টা কৰা দেখি...

পথেৰে গৈ থকা আমাৰ আশীষ'দাৰ...কনমানিটোলৈ পুতৌ জাগিল আৰু কাষলৈ গৈ লৰাটোক দাঙি দি কলে:-"সোন...এতিয়া বেলটো বজাই দিয়া ।"
.
.
.


কনমানি লৰাটোৱে মনৰ সুখত ১০/১২ বাৰ মান কলিং বেলটো বজাই দিলে...তাৰপাছত কোলাৰ পৰা তাক নমাই দি আশীষ'দাই সুধিলে:-"সোন ! তোমাক আৰু কিবা সহায় কৰি দিব লাগিব নে ?"
.
.
.

তৎক্ষণাত লৰাটোৱে দৌৰিবলৈ ধৰি...আশীষ'দাক কলে:-"খুৰা ! বেগেৰে পলাওঁক...হাৰামী পুলিচটোৱে তাৰ পাগল কুকুৰটোক চুৱাই দিব...পলাওঁক পলাওঁক...নহলে কুকুৰৰ কামোৰ খাব !"
.
.
.
লৰাটিৰ কথা শুনি...বেহুচঁ আশীষ'দা !
প্ৰাণৰ ভয়ত লোধোৰ-পোধোৰ দেহাৰে...
পলাল তাৰপৰা !

নীতিকথা:-"উপকাৰীক অজগৰে খায় ।"

আৰু-"আশীদা'ৰ নিস্তাৰ নাই ।"

মোক কেনেকোৱা লাগিছে??

By: Kunja Kakati

এজনী ছোৱালীয়ে
তাইৰ নিজৰ ফটো এখন আপলোড কৰি লিখিছে
মোক কেনেকোৱা লাগিছে ফ্ৰেইন্ডচ
.
.
.
.
.
.
.
.
.
.
মই কলো----> তোমাৰ দেউতা বা মাৰাই ৯হাজাৰ বা ১০হাজাৰ টকা খৰছ কৰি মবাইল কিনি দিছে যেতিয়া তোমালোকৰ ঘৰত একেবাৰে কম দামৰ মানে ৫০০ টকা মান দামৰ এখন আইনা নিশ্চয় থাকিব !!


সেইখনতে চাই লোৱা নিজক কেনেকোৱা লাগিছে ??

আমাক কিয় সুধিব লাগে  ভুটুনী !!!!

আই ঔ লগে লগে ব্লক মাৰিলে বে

আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?

By: Gautam G Ovi Nd
এগৰাকী মহিলালৈ এবাৰ এজন পুৰুষৰ পৰা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: আছে, পিছে আপুনি কোন?
পুৰুষ: মই তোৰ ককায়েৰ ।


আকৌ ঠিক তেনেদৰেই আৰু এটা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: নাই, পিছে আপুনি কোন?
পুৰুষ: মই তোমাৰ বয়ফ্ৰেণ্ড ।
মহিলা: অহ! চৰি চৰি, তোমাক মই মোৰ দাদা বুলি ভাবিছিলো ।
পুৰুষ: হাৰামজাদী, মই তোৰ গিৰিয়েৰ । ৰ' তোক ঘৰত গৈ দি আছো ।।

হনুমান

by: Prasanta Kumar Nath

ৰাম লক্ষ্মণ সিতাৰ লগত হনুমানো লংকাৰ পৰা অযোধ্যা লৈ ঘুৰি আহিল কেইদিন মান থকাকৈ । পুৱায়ে হনুমান ওচৰতে থকা নদী খনত সদায় গা ধুবলৈ যায় । যেতিয়া গা ধুই ঘুৰি আহে হনুমান , তেতিয়া আলি কাষৰ কাপোৰ চিলোৱা দজী এজনে হনুমানক আগ ভেটি সদায় কয়........

হনুমান , তই ক'না লংকা খন কেনেকৈ জ্বলালি............
দজী ক'কাই বাদদে সেয়বোৰ কথা.....


নাই , দজীয়ে নামানে তাক কবয়ে লাগিব.....

এদিন গ'ল.....

দুদিন গ'ল.......

এদিন হনুমানে কলে ,ক'কাই অহা কালি গা ধুবলৈ আহোঁতে তোক দেখুৱায় থৈই যাম হা....

পিছ দিনা হনুমান আহি দজী দুকানত সোমায় কলে-এতিয়া মোৰ নেগুৰত কাপোৰ বান্ধ....

দজীয়ে সেয়মতে কাপোৰ মেৰিয়াই বান্ধিলে....

তাৰ পিছত ,

এতিয়া....তই মোৰ নেগুৰত জুই লগাই দে....

দজীয়ে দিলে নেগুৰত লগায় জুই..........

হনুমানে নেগুৰত জুই লৈই কলে....
তই এতিয়া ৰাৱণ.....মই হনুমান আৰু তোৰ দুকান খন লংকা ।

তাতে কি হ'ল......দজীয়ে কলে ।

এতিয়া ৰাৱণৰ দৰে হাঁ.....,

হনুমানৰ কথাত দজীয়ে ৰাৱণৰ দৰে হাঁহিব লাগিল...,....

এতিয়া তই কান্দি থাক বুলি কৈয় ........
দুকান খন জ্বলায় দিলে ।

চুঙা চাই সোপা.......

বান্দৰ পৰা যি শিক্ষা লয় সিও বান্দৰে ।
(এতিয়া মাথোঁ আপোনাৰ মত......)

ৰিজাল্টৰ পিছত..

By: Ashish Majumdar

ৰিজাল্টৰ পিছত..
ছোৱালী১- (কান্দি কান্দি) মাত্র ৯১ পালোঁ।
ছোৱালী২- ( আৰু বেছিকৈ কান্দি) পাঁচবাৰ ৰিভিজন দিয়াৰ পিছতো ৯০ কেনেকৈ পাওঁ?
ছোৱালী৩- মই ৯৩ লৈ দেউতাৰ আগত কেনেকৈ মুখ দেখুৱাম?
ছোৱালী৪- (হায়ৈ বিয়ৈ কৰি) ৯০ত একো লাভ নাই!


ল'ৰাৰ প্রতিক্রিয়া..
ল'ৰা১- এইবাৰ পুৰা কঁপাই দিছো বে..৪৩ পালোঁ
ল'ৰা২- ময়ো পাছ কৰিলোঁ, দেউতাই শুনিলে ডান্স আৰম্ভ কৰি দিব।
ল'ৰা৩- ছাৰে নকল মাৰিব দিছিলে, সেয়ে ওলাই গলোঁ। ছাৰ নহয় বে ভগৱান!
ল'ৰা৪- পুৰা ৩৩ পাইছোঁ, এতিয়াও বিশ্বাস হোৱানাই মই যে পাছ কৰিছোঁ! আজি পাৰ্টি কৰোঁগৈ ব'ল!
আটাইবোৰে সমস্বৰে- ব'ল ব'ল !!!

Tuesday 13 May 2014

কাজিয়া

By: Mintu Das

শিক্ষক : ৰিতু তোমাৰ আজি স্কুললৈ অহা কিয় ইমান পলম হল?
ৰিতু: মানে ছাৰ মা আৰু দেউতাই কাজিয়া কৰি আছিলে।
শিক্ষক : (ধমকি সুৰত) আাৰু তই হবলা তাকে চাই আছিলি।
ৰিতু : নহয় ছাৰ, কাজিয়া শেষ হোৱালৈকে ৰৈ থাকিব লগা হল।কাৰণ জোতাযোৰ এপাত মাৰ হাতত আৰু আন পাত দেউতাৰ হাতত আছিলে।

ভাওনা

By: Madhurjya Dutta

এটা সঁচা কাহিনী:-
এবাৰ নামঘৰত ভাওনা পাতিলে,ঠিক টোটোন তামুলি ৰ ভাওনাৰ দৰেই হ'ল ৷
১/ ৰজা,মন্ত্ৰী,সেনাপতি ৰাজসভা ৷ ৰজাৰ ভাও লোৱাজনে মন্ত্ৰীৰ ভাও লোৱাজনৰ লগত ভাওনাৰ আগদিনা কাজিয়া লাগি মাতবোল নাই ৷ এতিয়া ৰজাই মন্ত্ৰীক ৰাজ্যৰ খবৰ সোধে কেনেকৈ মাতবোল নাই যেতিয়া ৷ সেয়ে নতুন পন্থা অৱলম্বন কৰি সুধিলে- সেনাপতি, মন্ত্ৰীবৰক সোধা, ৰাজ্যৰ খবৰ কি? মন্ত্ৰীয়ে ক'লে- সেনাপতি, মহাৰাজক কোৱা, সকলো ঠিকেই আছে ৷ 

২/ শিৱক এজন দৈত্যই স্তুতি কৰিছে বৰ বিছাৰি, শিৱ নাই ৷ সকলোৱে শিৱক বিছাৰি ফুৰিছে, বহুদেৰিৰ পাছত শিৱ ওলাল ৷ সকলোৰে প্ৰশ্ন ক'ত গৈছিলি?
শিৱৰ উত্তৰ: মোৰ ভাওটো দেৰিকে ওলাব কাৰনে ম'হটোক ধানখেৰ অলপ খুৱাই আহো বুলি গ'লো,কিন্তু ম'হে মোৰ এই পোছাক পিন্ধি যোৱা কাৰনে এৰাল চিঙি পলাল, ম'হৰ পিছে পিছে মই ধৰিবলৈ যাব লগা হ'ল ৷

কানচেপা

By: Dali Kaushik Chutia
এদিন কনটিলা হোটেলত চাহ খাবলৈ সোমাওঁতে কাম কৰা লৰাটোৱে কাপোৰত চাহ পেলাই দিলে। ৰবলৈ সময় নাই, কনটিলাই তাক দিলে মস্ত কানচেপা এটা। চাহ খাই উঠি কনটিলা মেনেজাৰৰ ওচৰলৈ আহিল-

কনটিলা- কিমান পইচা হ'ল?
মেনেজাৰ- দুটকা পঞ্চাশ পইচা।
কনটিলা- কেলৈ, একাপ চাহৰ দাম দুটকাহে।
মেনেজাৰ - হয় দুটকাই। কিন্তু আপুনি বয়টোক দিয়া কানচেপাৰ বাবে পঞ্চাশ পইচা এক্সট্ৰা।
কনটিলা- (গহীনাই মেনেজাৰকো কানচেপা এটা দি) হোঁ, তিনিটকাই ৰাখি থ। খুচুৰা নাই।

পত্নী আরু মাকর মাজর পার্থক্য

By: Niva Gogoi

*********************************
1,,পত্নীয়ে পতিৰ দূখ বোৰ কলেও বুজি নাপায় কিন্তু মাকে নকলেও
বুজি পায় ।


2,,কৰবাৰ পৰা আহিলে পত্নীয়ে হাতলৈ চাই কিন্তু মাকে মূখলৈ চাই

3,,,পত্নীক উপহাৰ দিয়া বস্তু এটাৰ দাম হাজাৰটকীয়া হলেও সি সস্তীয়া হয কিন্তু মাকৰ বাবে বৰ দামী হয ।

4,,,পুতেকে আঘাট পালে মাকৰ বুকুখন বিষায় কিন্তু পত্নীৰ মন টো বিষায় ।

5,,,মাকে সদায় পুতেকৰ দূষ বোৰ লুকুব্।ই কিন্তু পত্নী সদায় উলিয়াই ফুৰে....

6,,,মাকে সদায় পূতেকক শকত হোব্।তো কামনা কৰে কিন্তু পত্নীয়ে নকৰে...।

7,,,মাকে আলহীৰ লপত পুতেকে হাঁহি হাঁহি কথা পাতিলে ভাল পায় কিন্তু পত্নীয়ে বেয়া পায ।

8,,পত্নীয়ে বাচন খিনি তুমি ধোব্। বুলি কয় কিন্তু মাকে তই ধুব নালাগে বুলি কয় ।

9,,,পত্নীয়ে কাজিয়া লাগিলে তোমাৰ নিচিনা বহুত পাম বুলি কব পাৰে কিন্তু মাকে কব নোব্।ৰে ।

10,,,খং উঠিলে পত্নীযে এতিয়াই তোমাক এৰি থৈ যাব পাৰিম বুলি কয় কিন্তু মাকে তোক এৰি যাব নোব্।ৰো বুলি হে কয়......

আৰু আছে

@জোনবাই ২০৫০@

by: চিন্ময় দত্ত

আমাৰ পৰৱর্তী প্রজন্মই "জোনবাই এ বেজি এটি দিয়া বুলি..." গানটো কেনেকৈ গাব জানেনে

জোনবাই এ;
মবাইল এটি দিয়া বুলি
পদ্য মতা বয়সত;
তুমি পঢ়িছিলা এচি ৰুমত বহি
এপেল আইফোন ৰে লগত।।
আৰু মই তোমাকে 3G কল কৰি চালো জান ঐ;
ফটোচপ ৰ ইডিটিংত তোমাৰ মুখনি
নতুন ৰঙেৰে উঠিছিল জিলিকি।।


জোনবাই এ;
লেপটপ এটি দিয়া বুলি পদ্য মতা বয়সত,
আমি পঢ়িছিলো আৰামী চকীত বহি
প্লে-স্কুলৰ চোতালত।।
আৰু মই তোমাৰে ফটো লৈছিলো জান ঐ;
মৰম বুজি তুমি নাপালা ঐ,
ৱালপেপাৰ তেতিয়াৰ পৰাই তোমাৰে অ।।

মৰমজান ঐ;
ফেচবুকৰ বুকুতে চাটিং কৰা বয়সত;
তুমি পঢ়িছিলা ডুবাইৰ স্কুলত
এইটত নে ও নাইনত।।
আৰু মই তোমালৈ সদায় ৰাতি কৰি চাটিং;
ফটো টেগ কৰো তুমি ভাল পাবায়ে বুলি;
কোৱাই নহল জানা তোমাকে ও,
ভাল পাও বুলি এবাৰ চাটিংত অ।।

দেহাজান ও;
জীৱনত প্রথমবাৰ মিনি স্কার্ট পিন্ধোতে;
তুমি জোকাইছিলা গাল ৰঙা পেলাই ডিস্ক বাৰত পাই অকলে।
আৰু মই উচুপি উচুপি কান্দিলো জান ঐ;
কোমল বয়সৰ কোমলীয়া মন;
দেহাত জাগিছিল যৌৱনৰ শিশৰণ।।

কোন হয়?

BY: ডঃ মাখন লাল দাস

নগেন আৰু খগেন মিলিটেৰীত ভৰ্ত্তি হ'ল৷

প্ৰশিক্ষণ আৰম্ভ হ'ল৷ সকলো শাৰী পাতি থিয় হৈ আছে৷


প্ৰশিক্ষকজন খগেনৰ ওচৰ পালে আৰু খগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: এইটো কি?

খগেনে লগে লগে উত্তৰ দিলে..
: এইটো বন্দুক..

প্ৰশিক্ষকজনে অতি গহীনাই কিন্তু সকলোৱে শুনাকৈ ক'বলৈ ধৰিলে..
: এইটো বেলেগ মানুহৰ কাৰণে বন্দুক৷ কিন্তু তোমাৰ বাবে এইটোৱেই তোমাৰ সকলো৷ই তোমাৰ মান, সন্মান, সাহস, অনুপ্ৰেৰণা..... চমুকৈ ক'বলৈ গ'লে এইটো তোমাৰ মা.....

খগেনে মূৰ দুপিয়াই শলাগিলে...

এইবাৰ প্ৰশিক্ষকজন নগেনৰ ওচৰ চাপি আহিল৷ তেওঁ নগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: তুমি কোৱাচোন এতিয়া, তোমাৰ হাতত এইটো কি?

নগেনে তপৰাই ক'লে..
: এইটো খগেনৰ মা...
মানে আমাৰ আন্টি....