Tuesday 29 July 2014

ইজনীতকৈ সিজনী চৰা

By: Dina R. Borah

পাতনি:-"ইজনীতকৈ সিজনী চৰা"।

বৰুৱানীৰ ঘৰৰ ড্ৰযিংৰুমত তিনি গৰাকী নাও বুৰিলেও টিঙৰ
পৰা ননমা ফোপজহী মহিলাৰ নিজকে সকলোৰে ওপৰত ৰখাৰ
আপ্ৰাণ চেষ্টাৰে কথোপ কথন :-
বিষয় এক্সিডেন্টৰ পিচতো মানুহে কামবন কৰি থাকিব পাৰে ??


বৰুৱানী:-
জানে বৰানীহঁত, আমাৰ এখেতৰ জেঠায়েকৰ জোৱায়েক
কলিকতাত থাকে যে চাকৰিও কৰে আৰু টেনিচো খেলে।
অলপতে গাড়ী এক্সিডেন্টত সোঁহাতখন কটা গল বুজিছে। পিচত
ডাক্টৰে অপাৰেচন কৰি পস্থেতিকৰ হাত এখন আনি
লগাই দিলে। সেয়া এতিয়া সেইখন হাতেৰেই চব কামবন কৰে।টেনিচ খেলি সেয়া
পুৰস্কাৰো পাইছে।

বৰানী:-
হয় পাই কেলেইযে এইবোৰহয়। আমাৰ এখেতৰো বন্ধু এজন আছে দিল্লীত। বৰভাল ফুটবল খেলে বুজিছে। এবাৰ চীনদেশত ফুটবল থেলিবলৈ
যাওঁতে মানে সোভৰিটো সুলকিয়েই থাকিল বুজিছে। চীন দেশৰ
ডাক্টৰে পিংফেংকিম্ কাঠৰ ধুনীয়া ভৰি এটা লগাই দিলে আৰু এতিয়া
ধৰিবই নোৱাৰি যে সেইটো ভৰিৰেই বাইচুং ভূটীয়াৰ লগত ফুটবল
খেলি ফুৰিছে।

ডেকানী:-
থৈদিয়ক হে , হাত ভৰি ভাগেই , আৰু ৰিপেয়াৰও হয় দিয়কচোন।
শুনক আমাৰ জনৰ মোমায়েকৰ শহুৰেকৰ পুতেক ৰঙিয়াত
থাকে শিক্ষা বিভাগত কেৰাণী কৰে । তিনি বছৰ আগতে
বজাৰৰ পৰা গৰু এজনী কিনি ঘৰলৈ ৰেল আলিয়েদি আহি
থাকোতে ৰেলে কাটিলে।
দূৰঘনাটত গৰুজনীৰ আগ দোখৰ আৰু আমাৰ সেই মানুহজনৰ
ককালৰ তলৰ দোখৰ ৰেলে কাটি নষ্ট কৰি পেলালে। বাচিব যে
আশাই নাছিল। পিচে ডাক্টৰে কিবা কৰি ভাল হৈ থকা গৰুজনীৰ
তলৰ ডোখৰ মানুহজনৰ ওপৰৰ ডোখৰ জোৰা লগাই মানুহজন
বচালে।
বুজিছে। এতিয়া কিমান ভাল। ৰাতিপুৱা ঘৰত দুই লিটাৰ
গাখীৰো দিয়ে
দিনত অফিচত চাকৰিও কৰে।

বৰুৱানী +ডেকানী:- হাঁ আঁআঁআঁ !!! কি ইইইই!!!!!!!

No comments:

Post a Comment