Tuesday 29 July 2014

গব্বৰ

By: Hemanta Dowarah

এবাৰ গব্বৰ ৰ চৰিত্ৰৰ ওপৰত অবলোকন কৰিবলৈ এটা প্ৰশ্ন আহিছিল..
এজন দশম শ্ৰেনী ছাত্ৰই গব্বৰ চৰিত্ৰটোৰ ওপৰত এনেদৰে চিত্ৰায়ত কৰিছিল..

1. সাধাৰন জীৱন আৰু উচ্চ চিন্তা..
তেখেত এজন বৰ সহজ-সৰল জীৱন অতিবাহিত কৰা ব্যক্তি আছিল..কাপোৰ-কানি, খোৱা-বোৱা,লাহ-বিলাহ এইবোৰৰ প্ৰতি তেখেতৰ কোনো মোহ নাছিল..হয়তো সেয়ে তেখেতে জীৱন কালত মলিয়ন ধৰা একেজোৰ কপোৰকে সদায় পিন্ধিছিল, দাড্ -মোচ ও কাটিবলৈ একেবাৰে বাদে দিছিল,মাহ ধৰি দাতত ব্ৰাছ পৰা নাছিল, তেওৰ জীৱন এনে আছিল যেন মধ্যযুগৰ এজন পাহাৰে-পৰ্বতে বগাই ফুৰা এজন ফকিৰহে...তেখেত জীৱনৰ লখ্যত নিজকে স্থিৰ কৰি লৈছিল আৰু জীৱনটোক তাত ইমান সমৰ্পিত কৰি লৈছিল যে বিলাসিতা আৰাম দায়ক জীৱনৰ কথা ভাবিবলৈ এক মুহুত্ব ও সময় নাছিল..আৰু তেখেতৰ চিন্তাধাৰাও চাওক কিমান উচ্চ.তেখেতে কৈছিল.'जो डर गया, सो मर गया'
. যেন তেখেতে জীৱনৰ যুজত ভীত-বিহবল হোৱা সকলক ক্ষনিক জীৱন টোৰ মমাৰ্থ হে বুজাইছে


२. দয়ালু মনৰ ব্যক্তি..
ঠাকুৰে তেখেতৰ হাত দুখনে কেৱল ধৰা কাৰনে গব্বৰে তেওৰ হাত দুখন হে কাটিলে..ইছ্ছা কৰা হলে দিন্গি কাটিব পাৰিলে হেতেন..ইয়াতে তেখেতৰ দয়ালু চাৰিত্ৰিক দিশ টো প্ৰকাশ পাইছে..

3 ন্ ত্য-গীতৰ প্ৰতি দুৰ্বলতা..

'महबूबा ओये महबूबा' গীত টোয়ে তেখেতৰ কলা মনটো সুন্দৰ কৈ প্ৰকাশ কৰিছে..আন যিবোৰ ডকাইটৰ চৰিত্ৰ দেখা পাও তাত কিন্ত এনে কলা-সন্গীত প্ৰেমী ভাল পোৱা ডকাইট পাবলৈ বিৰল..বচন্তীক ধৰি লৈ আহোতে তেখেতেৰ ভিতৰৰ কলাসুলভ মানুহ টো সাৰ পাই গৈছিল আৰু কলাসুলভ মানুহ টোয়ে ভালকৈয়ে চিনি পাইছিল যে বচন্তী এগৰাকী ভাল ন্ ত্য -পতিসয়ী..সেয়ে তাইৰ নাছ উপভোগ কৰিছিল..হয়তো সেই সুযোগ এৰিব খোজা নাছিল...

4. অতিঅনুশাসন প্ৰিয়্তা..

যেতিয়া কালিয়া আৰু লগৰ জনে নিজৰ PROJECT সফল কৰি আনিব নোৱাৰিলে এইক্ষেত্ৰত কিন্ত তেখেতে ক্ষমা নকৰিলে..আৰু পৰিনামত গুৰু শাস্তি প্ৰদান কৰা হ'ল..

5. ৰসিক হিচাপে গব্বৰ
তেখেতৰ বৰ ব্যতিক্ৰমী ৰসাল চৰিত্ৰ এটাও দেখা পাইছিলো.. কালিয়া আৰু লগৰ দুজনে ভগ্ন-মনোৰথ লৈ ঘুৰি অহাৰ পাছত গুৰু-শাস্তি প্ৰদান কৰা আগে আগে 'এটা JOKES"কৰি খুব হহুৱাইছিল..যেন হাহি হাহি এই ধৰাৰ পৰা বিদাই দিবহে লৈছে...এক অৰ্থত তেখেত আধুনিক প্ থিবীৰ এজন 'লাফিন্গ বুদ্ধ' আছিল..

6. নাৰীৰ প্ৰতি সন্মান..
বসন্তীৰ নিছিনা ধুনীয়া ছোৱালীক পলুৱাই আনি তেখেতে কেৱল নাছিবলৈহে বাধ্য কৰাইছিল..তাতকৈ বেছি একো কৰা নাছিল..কিন্ত আজিকালিৰ খলনায়ক হোৱা হলে কি যে নকৰিলেহেতেন..নকও য়ে বা !

7. ভিক্ষুক জীৱন..

গব্বৰে হিন্দু ধৰ্ম ৰ মাৰ্গ মতে চলিছিল.তেখেতে ওচৰৰ ৰামপুৰ,ৰামগৰ ইত্যাদি গাও বোৰৰ পৰা ধান বা অন্য শস্য পকা বা নপকা যি পাইছিল তুলি আনিছিল আৰু তেনেবোৰ খায়ে জীৱন অতিবাহিত কৰিছিল.. তেখেতে কোনোদিন চিকেন বা মলাই টিক্কা খাবলৈ ইছ্ছা কৰা নাছিল..

8. সামাজিক দায়বদ্ধ্বতা..
তেখেতৰ পেসাগত ডকাইট হলেও কিন্ত সামাজিক কামতো তেও লাগি আছিল যেনে তেও মাক বোৰক আমনি কৰি থকা সৰু লৰা-ছোৱালীক শুৱাই দিয়াৰ কামো কৰিছিল

No comments:

Post a Comment