Showing posts with label গাজা. Show all posts
Showing posts with label গাজা. Show all posts

Monday 6 January 2014

নগেন মহাজন

নগেন মহাজনক চিনি নোপোৱা মানুহ হয়টো খুউব কমেইহে ওলাব...

কাৰণ জগত বিখ্যাত ‘কৃপণ ’ হৈছে নগেন মহাজন...যিজনে পেট খালী কৰিও ঘূৰি চায়, কিজানি বেচি খালী হৈ যায়...

এবাৰ মহাজন টান নৰিয়াত পৰি প্ৰায় যোৱা -থোৱা অৱস্থা~

দেউতাকৰ তথৈবচ অৱস্থা দেখি তিনি পুত্ৰই লগ -লাগি মৃত্যুৰ পাছত শ্মশান নিয়াৰ আলোচনা কৰিছে~

১ম পুত্ৰ: দেউতাক শ্মশান নিবলৈ এম্বুলেন্স এখনকে ঠিক কৰো, কেনেকুৱা হ’ব..!

২য় পুত্ৰ: নাই নাই বহুত খৰচ্ হ’ব, তাতকৈ থেলা এখনকে ঠিক কৰ...

৩য় পুত্ৰ: থ থ এইবোৰত বেছি খৰচ্ হ’ব, চাইকেল এখন হ’লেই হ’ব..!

ইমান সময়ে বহু কষ্টৰে পুতেকহঁতৰ কথা শুনি থকা মহাজনৰ আৰু সহ্য নহ’ল... ঘপককৈ বিচনাৰ পৰা উঠিলে আৰু মাত লগালে~

“গৰুহঁত..! বাপেৰৰ টকা গছত লগা নাই, মোৰ পাঞ্জাৱী চোলাটো আৰু লাঠিডাল লৈ আহ.. শ্মশান সৌৱাহে, মই খোজ কাঢ়িয়েই যাম..! ”

Saturday 4 January 2014

আধুনিক ছোৱালী

এজনী বহুত ভাল বান্ধবী, সৰুৰে পৰাই ....!

কর্মসূত্রে বহুদিন ঘৰৰ পৰা বাহিৰত আছিলো, সেইহে বহুত দিন আমাৰ দেখা দেখি নাছিল ।

আজি অকষ্মার্টে অফিছৰ সন্মুখতে তাইক দেখা পায় প্রায় ছিঁঞৰি মাতিলো ।

দুয়ো গ'লো, কফি খালো !

..
..

শীতৰে সেমেকা সন্ধ্যা, দুয়ো এনেই পার্কলৈ বুলি এখোজ-দুখোজ কৈ আগবাঢ়িলো !

তাইও এখন হাত আগবঢ়াই দিলে,
(আই-ঐ-কলিজা) কোনে পায় !

হাত খনত সাবটি ধীৰ গতিৰে আগবাঢ়িলো । (ইমান কোমল)

এটা দুটা কৈ জ্বলি উঠিল ষ্ট্রীট লাইট বোৰ, লাইটৰ পোহৰত পৰিবেশটো ক্রমানয়ে ৰোমান্টিক হৈ উঠিল ।

আবেগ ৰাখিব নোৱাৰি মৰসাহ কৰি সুধিয়ে পেলালো----

.....বেয়া নাপালে, তোমাৰ হাতত এটা মিঠা চুম্বন দিব পাৰোনে ?

উত্তৰ দিলে :

...ছাল্লা নিলাজ, লাজ নালাগে তেনেকৈ কব !

..
..

মোৰ ওঠত কিবা 'বিষ' লাগি আছে নেকি ??

(বহুত পিছ পৰি আছো নেকি বাউ ? )
By: Dípankar Nath

ইমান চিকতা মানুহ

পিকনিকত অকলে অকলে টিঙৰ বাছন টো ডাঙি 'বাবলু' ৰ তামাম ককালৰ বিষ !

উপায় নাপায় ঘৈণীয়েক 'অনামিকা বৌ' ক প্রতিবেশী 'ঘূগু দা' ঘৰৰ পৰা " ম'ভ " টো আনিব খাটনি ধৰিলে ।

'বৌ' য়ে আকৌ বাবলুক অকনো ভয় নকৰে, ফেপেৰি পাতি উত্তৰ দিলে--

.... এই নোৱাৰো দেই মই 'ঘূগু দা' ৰ ঘৈণীয়েক জনী ইমান চিকতা, নিদিব ! ৰাতিপুৱাতে মই লাজত পৰিম ।

..
..

বাবলু : ইমান চিকতা মানুহ নে সাধাৰণ " ম'ভ " টোকে নিদিয়ে ।

....যা যা আলমাৰিতে আমাৰ টো আছে, তাকে লৈ আহ !!

আমাৰ বাবলুদা

আমাৰ বাবলুদাৰ কাহিনী:-

দিনটো ফেচবুক চাই থাকেবাবে বৌৰ লগত ভীষণ কাজিয়া...

যোৱা দুদিন ধৰি দুয়োৰে মাতা-মাতি নাই । ইজনে সিজনক কিবা ক'ব লগা থাকিলে কাগজত লিখি দিয়ে ...

আজি গধুলি বাবলুদাই বিশেষ কাম এটাত যোৰহাটত যোৱাৰ কথা আছিলে । ৫টাত ট্রেইন ।

....দুপৰীয়া ভাত খাই উঠি কাগজ এখনত লিখি থ'লে ৪বজাত জগাই দিব...

.... বৌৱেও ৪বজাত কাগজ এখন লিখি থ'লে ... উঠক হে..

RAM মানে কি ?

মেৰিলিন এ মেট্ৰিক পাছ কৰি টাওন লৈ গৈছে পৰ্হিবলৈ।computer science পৰ্হিব হেনু।গল এদমিচন কৰিলে।কলিতা ছাৰ আহিছে পহাবলৈ । আহিয়েই প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰি দিলে।
কলিতা ছাৰ-(মেৰিলিনক থিয় কৰাই)তুমি কোৱা চোন...RAM মানে কি ?
মেৰিলিন-ছাৰ ৰাম মানে দশৰথৰ পুতেক....সেই যে সীতাক বিয়া পাতিছিল ...ৰাবনক বধি যে সীতাক উদ্ধাৰ কৰিিনছিল ...লখ্মনৰ যে ককায়েক আছিল তেও ৰাম ছাৰ......
.
.
.
.
.

.
.
.
.
.
তাৰ পিছত কি হব আৰু.....কলিতা ছাৰৰ মাথাত পানি...মেৰিলিন yo yo honey...
By: শ্যামন্ত কুমাৰ দাস

Tuesday 31 December 2013

কাম কৰা বাইজনী

আমাৰ নৱকৃষ্ণহঁতৰ ঘৰত কাম কৰা বাইজনীক নৱকৃষ্ণৰ মানুহজনীয়ে তেওঁৰ পুৰণি শাড়ী কেইখনমান দিলে।
.
.
.
প্রথমে শাড়ী কেইখন পিন্ধি বাইজনীয়ে কাম কৰিব আহিল যদিও পিছৰ কেইদিন নহা হ'ল।
.
.
.
মানুহজনীয়ে বাইক শুধিলে কিয় তাই সেই শাড়ী কেইখন নিপিন্ধা হ'ল।
.
.
.
বাই:- এ নক'ব.. আপোনাৰ শাড়ী পিন্ধাৰ পিছত আপোনালোকৰ চাৰে মোক আপুনি বুলি মোৰ কাষত নহাই হ'ল।

Saturday 21 December 2013

ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক

বহু দিনৰ আগৰ কথা ।
ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক আমাৰ আশীষদা ।
আৰু সহ: অধি: সেনাপতি দা ।

কোছ ইন্দিয়াৰ জন ৰাইট, অষ্টেলীয়াৰ জন বুকানন ।

ফাইনেল খেল ।

তামাম ৰোমাঞ্চকৰ ।

অৱশেষত সকলোৰে আশাত চেঁচা পানী ঢালি অষ্টেলীয়াৰ জয় ।

আমাৰ 'জন' খঙত তিঙিৰিতুলা ।

তথাপিও শান্ত মগজেৰে বুকাননক সুধিলে - তোমালোকৰ সাফল্যৰ ৰাজ কি ?
বুকাননে ৰিকিক মাতি ৰাইটৰ সন্মুখতে সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?
ৰিকি- কিয় চাৰ মই আক'।
বুকানন- ok তুমি যোৱা ।
পাছত ৰাইটলৈ চাই গৰ্বেৰে কলে দেখিলা এজন ষ্মাৰ্ট কেপ্টেইন।

লাজ লাজ কৈ ৰাইট আহি আশীষ দাক সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?

আশীষদা থতমত খাই কলে চাৰ ওত্তৰটো এতিয়াই লাগিব ?
ৰাইট- হ'ব যোৱা (খঙেৰে)।
দাদাই লগে লগে সেনাপতি দাক গৈ প্ৰশ্নটো সুধিলে ।

সেনাপতি দাই ৰিকিৰ ষ্টাইলতে কলে 'মই'

আশীষ দাই দৌৰি আহি চাৰক কলেহি চাৰ ওত্তৰটো পালো ।


মোৰ দেওতাৰাৰ ভায়েকৰ ভতিজা সেনাপতি ।

ৰাইট- খঙত অগ্নিশৰ্মা হৈ তাকো নাজানা কেপ্টেইন হব আহিছা ।

তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা হ'ল ৰিকি পন্টিং। গৰ্বেৰে ৰাইটে কলে ।

Monday 16 December 2013

আকৌ উদয় সংবাদ:


উদয় দা এদিন দৰ্জীৰ ওচৰলৈ গৈ সুধিলে...
“পেণ্টৰ চিলনী কিমান..? ”
.
.
.
দৰ্জী: “২০০ টকা ”
.
.
.
তেতিয়া উদয় দাই সুধিলে, “আণ্ডাৰপেণ্টৰ চিলনী...? ”
.
.
.
.
দৰ্জী: “৪৫ টকা ”
.
.
.
.
দাম কেইটা শুনি উদয় দাই কিছু পৰ ইফালে সিফালে চাই কিবা এটা চিন্তা কৰিলে আৰু দৰ্জীক ক’লে...
.
.
.
.
.
“তেতিয়া হ’লে আণ্ডাৰপেণ্ট এটাকে চিলাই দিয়ক, কেৱল দীঘলটো ভৰিত পৰাকৈ চিলাব..... ”

# কৃষ্ণ #
by: Hemanta Hazarika

Saturday 30 November 2013

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন...

এটা ৯ -১০ বছৰীয়া সৰু ল’ৰা বাছত উঠিল আৰু ঠিক ড্ৰাইভাৰৰ পিছতে বহি একেৰাহে আঁওৰাব ধৰিলে...

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন, মই এটা দমৰা হ’লোহেতেন...
.
.
.

কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা হাতী আৰু মা মাইকী হাতী হ’লহেতেন, মই পোৱালী হাতী হ’লোহেতেন...
.
.
.

আকৌ কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা গাহৰি আৰু মা মাইকী হ’লহেতেন, মই এটা পোৱালী গাহৰি হ’লোহেতেন...

দুবাৰলৈকে যেনেতেনে সহ্য কৰিলে, কিন্তু এই তৃতীয়বাৰ ড্ৰাইভাৰৰ আৰু সহ্য নহ’ল...
গতিকে গাড়ীত ব্ৰেক্ মাৰি কৈয়েই পেলালে, “ঐ পোৱালী তই যে ইমান চিঁঞৰ -বাখৰ কৰি আছ, তোৰ বাপেৰ ডকাইত আৰু মাৰ বেশ্যা হোৱাহেতেন তই কি হলিহেতেন...? ”
.
.
.

“হি: হি: আংকল, একেবাৰে সহজ উত্তৰ~ আপোনাৰ দৰে এজন বাছ ড্ৰাইভাৰ হলোহেতেন...” , লৰাটোৱে তপৰাই উত্তৰ দিলে...!!!

(মূল কথাখিনি ইংৰাজী ভাষাৰ এটি ৰগৰত পাই নিজে অনুবাদ কৰি, কিছু মছলা সংযোজন কৰি আপোনালোকলৈ আগবঢ়ালো )


By: Hemanta Hazarika

আশিষ দা আৰু ৰামায়ণ


আমাৰ আশিষ দা অধিবক্তা পঢ়ি থকা সময়ৰ কথা । উদয় দাই কেচ এটা আনিছে সমাধান কৰিব লাগে ।

ৰামায়ণৰ সীতাক ৰাৱনে হৰণ কৰা নাছিল, সীতা নিজে গৈছিল।
আশিষ দা ৰামায়ণ পঢ়া আৰম্ভ কৰি দিলে । আৰু আইন ৰ কিতাপ আৰু এটা সমাধান দিলে

-“মায়াবী সোণৰ হৰিণা ধৰিবলৈ ৰামে পহু ৰূপী মায়াবী ৰাক্ষস মাৰীচক খেদি গৈছিল। বহুদুৰ গৈয়ো যেতিয়া ৰামে হৰিণ ধৰিব পৰা নাছিল তেতিয়া উপায়ন্তৰ হৈ ৰামে হৰিণক উদ্দেশ্যি শৰ মাৰিছিল। মৰাৰ আগেয়ে মাৰীচে ৰামৰ মাতেৰে কাতৰ স্বৰেৰে ‘ভাই লক্ষ্ণণ। ৰাক্ষসে মোক মাৰিলে, তুমি তৎক্ষণাৎ আহি মোক ৰক্ষা কৰা বুলি চিঞৰিলে। সীতাৰ ৰখিয়াৰ দায়িত্বত থকা লক্ষ্ণণক সীতাই স্বামীক ৰক্ষা কৰিবলৈ পঠাই দিছিল | তেতিয়াই ৰাৱণে ব্ৰাহ্মণৰ বেশ ধৰি সীতাক হৰণ কৰি লৈ গৈছিল।”

-“সেই কথা সকলোৱে জানে কিন্তু সীতা দেৱীয়ে জনক ৰজাৰ ঘৰত থকা প্ৰকাণ্ড হৰধণুখন বাওঁহাতেৰে দাঙি সোঁহাতেৰে ঘৰ মচি আনিছিল। আচলতে জানকী মানৱী নহয়, দেৱী লক্ষ্ণী আছিল। তেওঁৰ ক্ষমতাৰ তুলনা নাই, তেওঁ মহাশক্তিশালিনী দেৱী। গতিকে মহাদেৱৰ সেই ধনুখন দাঙি ধনুৰ তলৰ ঠাইখিনি মচি অনা মিছা নহয়।”

জানকী সীতাই যিখন হৰধনু বাওঁ হাতেৰে দাঙি ধৰি অনায়াসে সদায় ধনুৰ তলৰ ঠাইখিনি মচিছিল সেইখন ধনু সয়ম্বৰ
সভালৈ আনোতে প্ৰকাণ্ড আঠটি চকাযুক্ত গাড়ীত উঠাই শতাধিক মানুহে ঠেলি ঠেলি আনিছিল। দেৱী সীতাই অনায়াসে বাওঁহাতেৰে দাঙিব পৰা ধনুখন ৰাজসভালৈ আনোতে যিদৰে আনিছিল তাৰপৰা বুজাযায় সেইখন এখন প্ৰকাণ্ড ধনু
আছিল। দেৱী জানকীৰ সয়ম্বৰ সভালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰতাপী-মহাপ্ৰতাপী বহু ৰজা- ৰাজকুমাৰৰ আগমণ ঘটীছিল। তাৰ মাজত লংকাধিপতি ৰাৱণো আছিল। সেই ৰাৱণে কিন্তু হৰধনুখন ধনু ৰখা ঠাইৰপৰা চাৰি আঙুল ওপৰলৈও তুলিব পৰা নাছিল। 

তাৰ পৰা বুজা যায় যে তেওঁৰ শক্তি দেৱী জানকীতকৈ বহুগুণে কম আছিল। 

তেন্তে আপোনালোকে কওকচোন সেইজনী দেৱী জানকীক ৰাৱণে বনৰ মাজত হাতৰ ধৰি হৰণ কৰাৰ শক্তি আছে বুলি কেনেকৈ বিশ্বাস হয় ? মই ভাবো জানকীয়ে ইচ্ছা কৰিয়ে ৰাৱণৰ লগত গুচি গৈছিল। কাৰণ শক্তিৰে ৰাৱণে জানকীক
কেতিয়াও বলে নোৱাৰিলেহেঁতে।”

আদালতৰ ওচৰত আশিষ দাৰ সেই যুক্তি খণ্ডন কৰিবলৈ একো উত্তৰ নাছিল । যুক্তি শুনি আদালতে “হায় মা জানকী” বুলি আশিষ দাৰ হকে ৰাই দিলে।

সম্পূৰ্ণ ধাৰ কৰা।


By: Bitupon Saikia

Friday 22 November 2013

কেনেকৈ পাগল হ'ল...


ডাক্টৰে এজন পাগলক সুধিলে.................
.
.
.
ডাক্টৰ- পাগল আপোনি কেনেকৈ পাগল হ'ল...
.
.
.
.
পাগল- মই এজনী বিবাহিতা মহিলাক বিয়া পাতিছিলো
তাইৰ গাভৰু জীয়েকক মোৰ দেউতাই বিয়া পাতিলে
মোৰ ছোৱালী মোৰ মা হ'ল
তেঁওলোকৰ এজনী ছোৱালী হ'ল
তাইৰ মই ককায়েক হওঁ কিন্তু মই তাইৰ আইতাকৰ গিৰিয়েক হওঁ
সেইকাৰনে মই তাইৰ ককাক হলো
সেইদৰে মোৰ লৰাটো মোৰ দেউতাৰ লগত ককাই ভাই হ'ল ।
আৰু তাৰ পিছত.......

Monday 18 November 2013

ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত....

যদি ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত ঘটিলেহেতেন, তেতিয়াহলে বাতৰিৰ শিৰোনামা হয়তো এনেকুৱা হলহেতেন.......

*ৰজা দশৰথে কৰিলে শ্রবন কুমাৰ হত্যা । ৰাজভবন ঘেৰাওঁ প্রতিবাদী জনতাৰ । দশৰথৰ ৰাজপাত ত্যাগৰ দাবী !

* অযোধ্যাৰ ৰাজপাতক লৈ ৰজা দশৰথ আৰু ৰাণী কৈকেয়ীৰ মাজৰ বিবাদ তুংগত ! দশৰথে দি দিলে ভৰতক ৰাজপাত ৰামক ১৪ বছৰ বনবাস ।

* তাৰকা বধ আৰু শূর্পনশাৰ নাক কান কটাৰ
বিৰোধিতা মহিলা আয়োগৰ । বিক্ষোভ প্রদর্শন অব্যাহত ।

* স্বর্ন মৃগ প্রসংগত সংসদত অচল অবস্থা সৃষ্টি ! অবঃ শেহত শ্রীৰামচন্দ্রলৈনতিচ জাৰি বন বিভাগৰ !

* সীতা হৰণ প্রসংগক লৈ উত্তাল দুই সদন । বিৰোধীৰ সদন ত্যাগ ।
মহিলা আয়োগৰ দেশজোৰি বিৰোধ প্রদর্শন অব্যাহত ।

* সীতা হৰণ প্রতিবাদত কাইলৈ কেইবাটাওঁ সংগঠনৰ অনিষ্টকালীন ভাৰত বন্ধৰ আহ্বান !

* শ্রী ৰামে গঠন কৰিলে হনুমানৰ নেতৃত্বাধীন এক ষ্পেচিয়েশ টিম । দেবী সীতাক বিচৰা অভিযান আৰম্ভ ।

* মৃত্যুৰ আগে আগে জতায়ুৱে শ্রী ৰামচন্দ্রক দিলে সীতা হৰণৰ
প্রকৃত সংবাদ । ৰাবনৰ দ্বাৰা সীতা হৰন ! দেশযুৰি প্রতিবাদৰ ঢৌ ।

* বালি হত্যা প্রসংগত উত্তাল সদন ! শ্রীৰামচন্দ্রলৈসন্দেহৰ আঙুলি । চি. বি. আই. তদন্তৰ দাবী বিৰোধীৰ ।

* শ্রী ৰামচন্দ্রৰ নির্দেশত লংকালৈ উৰা মাৰিলে হনুমান । অশোকবনত সাক্ষাত্ সীতাক !

* শ্রীলংকা চৰকাৰ দ্বাৰা আটক হনুমান ! নেগুৰত লগাই দিলে জুই । নেগুৰত জুই লৈ হনুমানৰ
স্বর্ন লংকা দাহ !

* ভিচা পার্চপর্ট অবিহনে শ্রীলংকাত জবৰদস্তি চলন ফুৰনক লৈ শ্রীলংকান চৰকাৰে উথালে তিব্র আপত্তি ! ভাৰত চৰকাৰলৈ জাননী জাৰি ।

* সাগৰৰ ওপৰত সেতুবান্ধ আৰম্ভ ! তিব্র
বিৰোধিতা শ্রীলংকা চৰকাৰৰ ! ৰাষ্টসংঘৰ ওচৰত উথালে আপত্তি ।

* শ্রীলংকা মহিলা আয়োগৰ সীতা হৰণ প্রসংগত তীব্র বিৰোধিতা ! শির্ঘে সীতাক ৰামচন্দ্রলৈ ঘূৰাই দিয়াৰ নির্দেশ ! অন্যথা তিব্র প্রতিবাদৰ হুংকাৰ ।

* শ্রীলংকা চৰকাৰৰ লগত থকা সকলো ধৰনৰ বৈদেশিক চুক্তি নাকচ ভাৰত চৰকাৰৰ । শ্রীলংকাত অচল অবস্থাৰ সৃষ্টি ! ........................
————————————
ණ Nâvâ Kríshñá DéKá

Sunday 17 November 2013

জোনাকী পৰুৱা...

লাডেনে আমেৰিকাৰ ভয়ত আহি অসমৰ জংঘল এখনত গাত খানি পলাই আছিল ।
সেই সময়ত অসমত D.G.P আছিল
নগেন ।D.G.P.নগেনক অসমৰ মানুহে কথাটো জনালে ।D.G.P.নগেনে গুপন ভাৱে লাডেনক লগ কৰি ক'লে আজি ৰাতিপৰা আমেৰিকা চীলফৌজে অভিযানআৰম্ভ কৰিব গতিকে আপোনি অসম এৰি যাব লাগে ।

লাডেন:- মই অসমৰ কোনো ক্ষতি নকৰোআৰু অসম পৰা নাযাওঁ ।

DGP নগেন :-সেইটো আপোনাৰ কথা ।

( লাডেনে ৰাতি গাতৰ পৰা মোৰটো উলিয়াই দেখিলে গোটেই জংঘলত পোহৰে পোহৰ ।পিছদিনাৰ পৰা লাডেনক অসমত দেখা পোৱা নগ'ল ।)

সাংবাদিক আহিল D.G.P.নগেনক
সুধিলে ।চাৰ কোনো সৈন্যবাহিনী ব্যৱহাৰ নকৰাকৈ ইমান ডাঙৰ সমস্যা
এটা কেনেকৈ সমাধান হ'ল ।
.
.
.
.
.
.
.
.
.

.

.D.G.P.নগেন :- বেচেৰা লাডেনে জোনাকী পৰুৱা দেখিয়ে পলাল ।

মোক এজনী ভন্টি লাগে !

ঠিকাদাৰৰ ৪বছৰীয়া পুতেক : দেউতা মোক এজনী ভন্টি লাগে !

ঠিকাদাৰ বাপেক :কিয় ?

পুতেক: মোৰ খেলিবলৈ লগ নাই মোক খেলিবলৈ লগৰীয়া ভন্টি এজনী লাগে ।

ঠিকাদাৰ বাপেক : ঠিক আছে বাবা মই তোমাক ভন্টি এজনী আনি দিম ! এতিয়া পঢ়ি থাকা বাবাটো !

পুতেক : নহয় মোক এতিয়াই এসপ্তাহৰ ভিতৰত লাগে !

ঠিকাদাৰ বাপেক : নহয় বাবা এনেকে ইমান সোনকালে নোৱাৰি নহয় !

পুতেক: কিয় ?

ঠিকাদাৰ বাপেক : তুমি নুবুজিবা বাবা সৰু হৈ আছা ! ইয়াৰ কাৰনে কমেওঁ ১২ মাহ লাগিব !

পুতেক :কিয় কিয় এতিয়াই কিয় নহয় ?

ঠিকাদাৰ বাপেক (খঙেৰে) : ঐ গৰু পিতন খাবি এতিয়া কৈ দিছো ! পঢ়ি থাক বুলিছো ! এয়া অসম্ভব ॥

পুতেক :মই গৰু তেনে আপুনি কি ? কিহৰ ঠিকাদাৰ আপুনি ? দৰকাৰ হলে আজিৰ পৰাই ২০/২৫ টা মানুহ লগাই দিয়ক , এতিয়াৰ পৰাই কাম আৰম্ভ কৰি দিয়ক , মুঠতে মোক ভন্টি এজনী লাগে অহা সপ্তাহত !!!..... 

ষ্বর্গ সূখ-----!!

ষ্বর্গ সূখ-----!!

ঠাণ্ডাত 

বিছনাৰ ওপৰত 

লেপৰ তলত

তোমাক টিপি থাকিব পালে ।

যদি ষ্পীডও ভাল হয়,

লগতে ফ্রীও হয় ।

কথাই নাই,

গোটেই ৰাতি টিপিব মন যায় ।

আই লাভ ইউ

ওমুৱাহ ---

..

..

..

..

অ মোৰ মৰমৰ ম'বাইলটো !!


By: Dípankar Nath

বিজ্ঞাপন...

এগৰাকী মহিলাৰ 'পতি' এটা আকষ্মিক পথ দুর্ঘটনাত নিহত 
হল !! 

দুখত সমভাগী হৈ সকলোয়ে তেখেতক সমবেদনা জনালে !!

ছাওতে ছাওতে...

আদ্যশ্রাদ্ধৰ দিন চমু চাপি আহিল ।

দুখত সমভাগী সকলক আদ্যশ্রাদ্ধলৈ নিমন্ত্রনৰ শৰাই আগবঢ়াবলৈ মহিলাই বাতৰি কাকতত এটা বিজ্ঞাপন দিয়াৰ কথাকে ভাবিলে ।

ভবা মতেই দি দিলে বিজ্ঞাপন ----

..

..

বিজ্ঞাপনটো আছিল ঠিক এনেধৰণৰ ----

" মোৰ পতিৰ আকষ্মিক বিয়োগত, দুখত দুখী হৈ যিসকলে সমবেদনা জনালে সেইসকলক সাদৰৰে আদ্যশ্রাদ্ধলৈ নিমন্ত্রন জনালো " ।

..............ধন্যবাদেৰে..............

গীতিকা দাস
ঘৰ-- কপাহেৰা, নগাঁও (অসম)
বয়স-- ২৪ বছৰ
গাৰ ৰঙ-- বগা
চাইজ-- ৩৪-২৪-৩৪
ফোন-- ৮৪৮৬৬৪৯৪০৩

( বি: দ্র: এটাও ল'ৰা-ছোৱালী হোৱা নাই ) !!


By: Dípankar Nath

গৰম উঠিলেনে..!

কেতিয়াবা মনত অনুশোচনা জাগে...

 কামটো বৰ ভাল নহল নেকি...!

 ইমান পঢ়া -শুনা কৰি, ভাল ভাল মানুহৰ সঙ্গত থাকি মই সেই কামটো কৰিব নালাগিছিল....

 এতিয়া লাজ লগা নাই, যাৰে তাৰে আগত কৈ ফুৰিবলৈ...!

 সঁচাকৈয়ে বৰ বেয়া কাম কৰিলো নেকি বাৰু..!

 যাৰে তাৰে খুলিলো~ সৰু -ডাঙৰ, মতা মানুহ, মাইকী মানুহ , লৰা -ছোৱালী, ধুনীয়া ছোৱালী, কম ধুনীয়া ছোৱালী... 

কেতিয়াবা নিজৰো খুলিলো বেলেগৰ ওচৰত...

 উস্... এতিয়া খুলিবলৈ আৰু মন নোযোৱা হল... . . . . . . . . . . . . . . . . .



 কি..! গৰম উঠিলেনে..!



 মই lic পলিচি খোলাৰ কথাহে কৈছো....!!! হে: হে: হে:

By: Hemanta Hazarika

Assamese Joke


Assamese Joke for  Facebook

ৰাসৰ কথাৰে .....

"  পৰিয়ালৰ লগত আমাৰ সেনাপতি দা ৰাসত ....................."

মহাভাৰতৰ এটি দৃশ্য .....

কৌৰৱৰ হাতত যোৱাত সকলো হাৰি আছে পান্ডব।
 নিজৰ সমস্ত শেষ। ৰাজ্য -সম্পত্তি ,ধন - সোণ , হাতী ঘোঁৰা ভাতৃ - ভায্যা .....

সকলোৱে চাই আছে ৰজা ৰাণী সভাসদ সকলো আজিৰ মন্ত্ৰী সকলৰ দৰে দূষাসনে দৌপদীক ছুলি ত ধৰি ছুচৰাই আনিছে ....

কৌৰৱৰ কটু বাক্য ৰ পাছতে বস্ত শৰণ আৰম্ভ হল ৰজাৰ সন্মুখতে নাৰী নিৰ্জাতন দৌপদীৰ হাজাৰ অনুণয় কোনেও নুশুনিলে ....

শাৰী টানি আছে দূসাষানে ....

শেষত যেনিবা কৃষ্ণৰ কৃপাত গোৱালীয়ৰ চিল্ক শাৰী ৰে দৌপদীৰ মান ৰ'ল।
দূষাসন ভাগৰি পৰিল .... ... ..

["মাজতে কৃষ্ণক গালি দিছে দৌপদীয়ে ১০০ টকীয়া শাৰী নেকি খজুৱাইছে" গোৱালীয়ৰ চিল্ক দিম বুলি কৈ .....নহয় ঔ শোৱালকুছি তে লৈছিলো তাতে থগিলে ...। "

 তাকে দেখি আমাৰ সেনাপতি দাই দশকৰ শাৰীৰ পৰাই চিয়ৰী দিলে ....... ' ' ' ' ' ' ' ' ' ' ' '





""সেৰৌ খুলিলে সোনকালে খুল আৰু ৰব নোৱাৰি ইয়াত কোনোবাই চানা -দিম খাই গেলা পাডিছে ... । "

By: Bitupon Saikia

Saturday 16 November 2013

এদিন এখন বাছ

এদিন এখন বাছৰ ভিতৰত ককা এজনে আইতাক কোচত বহুৱাই অনা দেখি তাৰে যাত্ৰী এগৰাকীয়ে ককাক সুধিলে, . . . .

যাত্ৰী :- অ' ককা, আইতাক কিয় এনেদৰে কোচত বহুৱাই আনিছে? . . . .

ককা :- সৈয়া কি লিখা আছে দেখা নাই নেকি? . . . .

যাত্ৰী :- অ' বোলো কি লিখা আছেনো ককা? . . . .



ককা :- বোলে, "নিজৰ মাল নিজৰ লগত ৰাখিব"..........

By: Satya Prasad Kalita