Showing posts with label Jokes Indian. Show all posts
Showing posts with label Jokes Indian. Show all posts

Wednesday 30 October 2013

আব্বে কোন কুক্কুৰ

বন্ধুসকল, আপোনালোক বহুতেই হয়তো নাজানে যে আমাৰ আশিষ দা আৰু সেনাপতি দা ইঞ্জিনিয়াৰিং কলেজত পঢ়োতে একেলগে ভাৰাৰুমত থাকি পঢ়াশুনা কৰিছিল!

 তেওঁলোক দুয়োজন পঢ়া শুনাত বেছ ভাল আছিল !

 ইম্মান পঢ়িছিল যে, পঢ়ি পঢ়ি কেতিয়াবা ৰাতি পুৱাই দিছিল !

 এদিনাখনৰ কথা ৰাতি দুয়োজনে পঢ়ি আছে ,
 কিমান টাইম হ'ল কাৰোৰে খেয়ালেই নাই !
 হঠাত্‍ এবাৰ আশিষ দাই সেনাপতি দাক সুধিলে - "এই সেনা কেই বাজিল ঐ ?"

 আমাৰ সেনাপতি দাই আকৌ চব কাম ডিফেৰেন্ট ষ্টাইলত প্রেক্টিকেলী কৰিহে ভাল পায় !

তেওঁ লগে লগে খিৰিকীখন খুলিলে শিলগুটি এটা লৈ কাষৰ ঘৰলৈ মাৰি পঠিয়ালে !

লগে লগে কাষৰ ঘৰৰ পৰা চিঞঁৰ শুনা গল- "আব্বে কোন কুক্কুৰ বে এই ৰাতি ৩ বজাত ঘৰত শিলগুটি মাৰিছ' !"

 ৰাইজ, এয়াই হ'ল আমাৰ সেনাপতি দাৰ কামৰ ডিফেৰেন্ট ইঞ্জিনিয়াৰিং ষ্টাইল ! কেনে পালে বাৰু ?..

By: Nâvâ Kríshñá DéKá

Sunday 27 October 2013

ঊদয় দাও কম নহয়

পিমি বাইদেৱে স্কুলত বিজ্ঞান বুজাই আছে ।
 -" ল'-ছোৱালীহঁত কছোন, এই যে ছবিখনত দেখিছ ঠেংটো কি চৰাইৰ বাউ ?"

 লাষ্ট বেঞ্চৰ ছাত্ৰ ঊদয় দা: ধুই, ঠেং চাই চৰাইৰ নাম কব পাৰি নেকি ব্যে ?

পিমি বাইদেও: হ'পলেছ কথা ক'বলে আহিছ । তোৰ নাম কি ?

 আমাৰ ঊদয় দাও কম নহয়...

অলপ জেং টাইপৰ তো..........


ঊদয় দা: মোৰ ঠেং দুটা চাই লওঁক ... তাৰ পিছত নিজেই গম পাই যাব

By: Hriday Hazarika

Friday 18 October 2013

আশীস দাৰ কাহিনী

আমাৰ ৰগৰৰ আশীস দাৰ কাহিনী এটা কব লৈছো,,

 দাদাৰ বুদ্ধিৰটো পৰীক্ষা লোৱাৰ প্ৰয়োজন নাই... . .

 আছে জানো..!

 গতিকে শুনক~ . . .


 দাদা ইউনিভাৰচিটিত থাকোতে এবাৰ উদয় হলত চিনেমা চাবলৈ গল.... . . .

 উদয় হলৰ মালিক, মানে আমাৰ সেনাপতি দাৰ আকৌ কাড়া নিৰ্দ্দেশ~ .
 কেৱল তপা আৰু তকলা মানুহেহে সেই চিনেমা চাব পাৰিব.... . . . .

 আশীষ দাৰ সকলো বন্ধু নিৰাশ হৈ উভতি গল... . .

 কিন্তু আমাৰ দাদা আকোৰগোজ, চাবই... . .

 গতিকে গেট কিপাৰক মেনেজ্ কৰি ভিতৰ সোমাল... . . .

 উদয় দা, মানে মালিকো কম নহয়.. !

 আধা ঘণ্টামান পিছতে চেক্ কৰিবলৈ আহিল নহয়.. . .

 পিছে এন্ধাৰত চেক্ কৰে কিদৰে... !

 লাইট জ্বলালেই হৈ চৈ লাগিব, . . .

 গতিকে মূৰ বিলাক এন্ধাৰতে চুই চোৱাৰ সিদ্ধান্ত ললে...

 বাপৰে.... কি হব এতিয়া... . . .

 কিন্তু আমাৰ টেঙৰ আশীষদাই কি কৰিলে জানে...

 জিন্চটো খুলি উভোতাই বহি দিলে...!!! . . . .


 ধৰিবতো নোৱাৰিলেই,

বাহিৰত আহি সেনাপতি দাই আকৌ কয় কি বুলি.... . . .




 যিহওঁক, জীৱনত প্ৰথম বাৰলৈ সেউতা ফলা তপা দেখিলো...!!!

By: Hemanta Hazarika

Friday 4 October 2013

হিচাপটো কৰিবলৈ দিয়া

ফুলশয্যাৰ নিশা ।

 ন-কইনাই লাজতে ৰঙা-চিঙা পৰি তলমূৰকৈ বিছনাত বহি আছে ।

তাকে দেখি স্বামীয়ে ধেমালি কৰি ক'লে :

 স্বামী-----বাৰু কোৱাচোন কোৱা, বিয়াৰ আগতে তুমি কেইজনৰ লগত প্রেম কৰিছিলা ?

 স্বামীৰ কথা শুনি ন-কইনাই ওৰণীখন দীঘলকৈ টানি ল'লে, যেনিবা লজতে একেবাৰে সোঁত-মোচ খাই গ'ল ।

 স্বামী----- নাই নাই, লাজ-ভয় কৰিবলগীয়া একো নাই । মই তোমাক ধেমালিহে কৰিছোঁ ।
 তোমাৰ দৰে সতী-সাধ্বী ছোৱালীজনীয়ে যে আগতে তেনে কাম কৰা নাই সেই কথা মই বিশ্বাস কৰোঁ ।

 তেতিয়া ন-কইনাই ওৰণীৰ তলৰ পৰা লাহেকৈ কৈ উঠিল


----- তুমি বিশ্বাস কৰিছা ঠিকেই,




কিন্তু মোকতো হিচাপটো কৰিবলৈ দিয়া ।

By: Akandas Assam

Wednesday 21 August 2013

লকেল ভূত

মাজনিশা মানুহ এজন গৈ থাকোঁতে বাটতে এটা 'বটল' পালে।

 সেই বটল টোতে এটা ভূত আছিল। 'আৰবীয় সাধু'-ৰ ভূত নহয়, আমাৰ 'লকেল' ভূত।

 মানুহ জনে বটল তো ঘহি দিয়াৰ লগে-লগে, ভূতটো ওলাই আহিল।

 …হামি এটা মাৰি, এঙামুৰি দি ভূতটোৱে ক'লে, "

…ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ, মিছা-মিছি জগাই দিলি।

 ক' ক' জল্দি ক'…, কি লাগে…।"

 : মোক এটা ধুনীয়া ঘৰ লাগে…

 : … … … ধুৰ্ কে** বুৰ্বক ! মই নিজেই বটলত থাকো, …দেখা নাই ??

By: Udoy Senapoti

Sunday 18 August 2013

নগেনৰ 'ইংৰাজী'

নগেনৰ আকৌ বহুদিনৰ পৰাই 'ইংৰাজী' কোৱাৰ অভ্যাস এটা আছে দেই। …ভুলে-শুদ্ধই কৈ থাকে আৰু।

 এদিন এই নগেনেই, বহু বছৰৰ পুৰণি বন্ধু, আমাৰ 'আশীষ দা'-ক লগ পালে।

 …তাৰ পিছত বহুত কথাই পাতিল দুয়ো। মাজে-মাজে নগেনৰ 'ইংৰাজী'…।


 এবাৰ বহু সময় 'আশীষ দা'-ৰ মুখলৈ চাই থাকি, নগেনে ক'লে, "…দোস্ত, তোৰ কিন্তু character টো একদম বেয়াহৈ গ'ল।"

 'আশীষ দা'-ৰ মুখৰ মাত হৰিল। ই কি কয়…!! কৰবাত কিবা বেয়াকৈ শুনিছে নিকি ??


তথাপি লাহেকৈ সুধিলে, "… কি হ'ল নো…?"

 : … … … এস্ নহয় অ', আগতে তই বৰ 'বগা-চগা' টো আছিলি আক'…!!


 … …এনেকৈ 'ভুেল-শুদ্ধই' ইংৰাজী কৈ থকাত, আমনি পাই, এবাৰত 'আশীষ দা'-ই সুধিলে, "… তোৰ qualification কিমান হ'লগৈ অ' ?"


 … … … "পাচত বাঢ়িব,…এতিয়া পাঁচ হাজাৰ দি আছে…" !!

By: Bhabani Sonowal

Friday 9 August 2013

NOKOL Korar PORINAM

Adinakhon dujon friends (RANJAN ARU AKASH)teacher hobor Interview diboloi goisil ekeloge . . . . Ranjanok prothomote vitorot mati nile !
Prosna korota : amar varot ketiya shadin(freedom) hoisil. ?
 RANJAN : 1947 sonot sir,
 Prosna Korota. : dekh shadin howa tu kar dara porisalit hoisil ?
 Ranjan : mahatma gandhi
 prosna korota : Subash chandra bosu marise buli tumi ki vaba ?
 Ranjan : manuhe koi moi biswakh nokoru . . \
Good Ranjan tumi valdore pass korila...

 Aibar Akashor pal.
Akashe ranjank hudile je tomak ki ki hudile.. Plz mok kowa . .
Prosna bilak kobo nalage diya.. Akol answer tu kowa . .
 Ranjan kole mor answer
1)1947 son
2)Mahatma gandi
3)manuhe koi moi biswakh nokoru. .
 Akashe mukhosta korote korote vitorot gol...
 Prosna korota : akash tomar janma ketiya hoisil
 Akash : ( prosna ki koise atention nidi mukhosta kora answer tu koi dile) 1947 sonot
 prosna korota : (asorit hoi kole) tomar deutakor nam ki ?
 Akash : (akou mukosuga kora tu kole ) Mahatma gandhi. .
 Prosna korota : (soku kopalot uthile ) Tumi ki pagol..neki ?
 Akash : (aibaro mukostha kora answer dile ) manuhe koi moi biswakh nokoru....

Thursday 18 July 2013

Biscuit: Assamese JOKE

প্ৰথমতে হাঁহি নুঠিলে অলপ চিন্তা কৰি লৈ হাঁহিব৷
----------------------------------

গ্ৰাহক: হেৰি, কুকুৰক খুউৱা বিস্কুট আছে নেকি?
দোকানী: আছে আছে, বান্ধি দিম নে ইয়াতে খাব?

by Makhal Lal Das

এটা স্বপ্নৰ কথোপকথন : অসমীয়া কৌতুক



(পটভূমি - ৰাতি ১১ বাজি ৫৫ মিনিটমান হৈছে ৷ স্বামী চুচৰি বাগৰি কোনো মতে বাৰান্ডাত উঠিছে ৷ পত্নীয়ে ককালত হাত দি থিয় হৈ আছে ৷)

পত্নি - ইমান ৰাতিখন ক’ত কি কৰি আছিলা ?
স্বামী - এহ্ আছিলো আৰু ৷
পত্নি - সেইটো ময়ো গম পাইছো আছিলা বুলি ৷ কিন্তু কৰি কি আছিলা ?
স্বামী - ডাবা খেলি আছিলো ৷
পত্নি - ডাবা যদি খেলি আছিলা তেনেহ’লে গাটো কিয় মদ মদ গোন্ধাইছে ?
স্বামী - আৰে তেনেহ’লে কি ডাবা ডাবা গোন্ধাব নেকি ?

by Pratibhu Dutta

Friday 5 July 2013

Thuluk and Swami ji

থুলুক: স্বামীজী, মোৰ বিয়াৰ পাঁচ বছৰ হ'ল। কিন্তু কোনো সন্তানৰ মুখ দেখিবলৈ পোৱা নাই এতিয়ালৈকে।
স্বামীজী: চিন্তা নকৰিবা বৎস। মই বৈষ্ণোদেৱীলৈ গৈ আছোঁ। তাতে তোমাৰ হৈ চাকি জ্বলাম। আই সুপ্ৰসন্ন হ'ব। ঔঁ

দহ বছৰৰ পাছত...

স্বামীজী থুলুকৰ ঘৰলৈ আহিছে। ওচৰ চুবুৰীয়া সকলো গোট খাইছে। দহটা ল'ৰা-ছোৱালীৰে থুলুকৰ পত্নীয়ে সেৱা লৈছে।

স্বামীজী: তোমাৰ পতিদেৱ ক'ত আই?
থুলুকৰ পত্নী: বৈষ্ণোদেৱীলৈ গৈছে, চাকি নুমুৱাবলৈ।


By Rajib Ranjan

Saturday 4 May 2013

ডাক্তৰী বিদ্যাৰ কিটিপ


একেবাৰে Clean গাজা:

মেডিকেল কলেজত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসোপাক লৈ চেংমাই ডাক্তৰ লে’বলৈ গ’ল|
চেংমাই: - ল’ৰা ছোৱালীহঁত, ম‍ই আজি তোমালোকক এজন সফল ডাক্তৰ হোৱাৰ ৰহস্য ক’ম|
প্ৰথমটো ৰহস্য- ডাক্তৰে একো বস্তুকে ঘিণ নকৰে! এইয়া মোক চোৱা...

এই বুলি কৈ চেংমাইয়ে এক বাটি বমিত আঙুলি এটা ডুবাই আঙুলিটো উলিয়াই চুপিবলৈ ধৰিলে|
ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কাহিল...

চেংমাই: - এতিয়া তোমালোকেও ট্ৰাই কৰা... ঘিণ নকৰিবা

যেন তেন চেষ্টা কৰি ৪-৫ টা আহি বমি আঙুলিত লগাই চুহিবলৈ ধৰিলে| আধা ঘন্টাত প্ৰায় খিনি ছাত্ৰ-ছাত্ৰীয়েই আঙুলি বমিত ডুবাই ডুবাই কামফেৰা কৰিলে| কেইজনীমানে তো হকহকাই বমিয়েই কৰি দিলে|

চেংমাই: - অলৰাইট, এতিয়া ৰহস্য নম্বৰ দুই:
একাগ্ৰতা! নহ’লে ডাক্তৰ হোৱাটো বৃথা...| খুব ধ্যান দি কাম কৰিব লাগিব|
তোমালোকে চাগে মন কৰা নাছিলা. ম‍ই বমিৰ বাটিত ডুবাইছিলোঁ তৰ্জনী আঙুলিটো আৰু চুপিছিলোঁ অনামিকা আঙুলিটো হে| হি হি হি হি|

by Changmai

Thursday 7 March 2013

Doctor's Advice

Ram: Toi xodai tolor faale mur kori kiyo khuj karho?

Shyam: Nokobi aru, Doctore muk mur petor khayal rakhibole koise je... xei karone ako

Saturday 24 November 2012

এম.পি.


অফিচাৰ: আপোনাৰ নাম কি?
প্রার্থীঃ M.P চাৰ ৷ 
অফিচাৰ: এম.পি ? তাৰ মানে কি?
প্রার্থীঃ মোহন পাল চাৰ ৷
অফিচাৰ:আপোনাৰ পিতাৰ নাম কি ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:তাৰ মানে কি?
প্রার্থীঃ মদন পাল চাৰ ৷
অফিচাৰ: আপোনাৰ যোগ্যতা?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (খং কৰি) এইটো কি?
প্রার্থীঃ মেট্রিক পাচ চাৰ ৷
অফিচাৰ:আপুনি কিয় কাম বিচাৰিছে ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (অঅহহ) তাৰ মানে কি?
প্রার্থীঃ মানি প্রব্লেম চাৰ ৷
অফিচাৰ: আপোনাৰ PERSONALITY বর্ণনা কৰক ৷ 
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:খুলি কওঁকচোন ৷ 
প্রার্থীঃ MAGNANIMOUS PERSONALITY চাৰ ৷
অফিচাৰ: আপুনি এতিয়া আহিব পাৰে ৷ 
প্রার্থীঃ এম.পি চাৰ ?
অফিচাৰ: এইটো কি আকৌ ?
প্রার্থীঃ MY PERFORMANCE …?
অফিচাৰ: M.P !!!
প্রার্থীঃ তাৰ মানে কি চাৰ ?

অফিচাৰ: MENTALLY PUNCTURED…



by Kallol Kumar Baruah

পিন নাম্বাৰ

থুলুকৰ বিৰাট খং উঠি আছে।

বেংকৰ ওপৰত।

 কাইলৈ একাউণ্ট বন্ধ কৰি জমা টকা সকলো খিনি উলিয়াই পেলাব বোলে।

হয়ো দিয়কচোন, প্ৰয়োজনৰ সময়ত নিজৰ টকাকেইটাকে উলিয়াব নোৱাৰিলে বেংকত জমা থোৱাৰ কি যুক্তি আছে।সন্ধিয়া থুলুকক ২০০.০০ টকা এটা লাগিছিল, গেলামালৰ দোকানত দিবলৈ আছিল।

বজাৰৰ চুকত থকা বেংকৰ এটিএমটোত পইচা উলিয়াওঁ বুলি সোমাল।

কাৰ্ডখন নিৰ্দিষ্ট জেগাত সুমুৱাই দিয়াৰ পছত পিন নাম্বাৰ খুজিলে।

সি দিছে। শুদ্ধকৈ দিয়াৰ পাছতো ভুল বুলি কয়।

তিনি নে চাৰি বাৰ পিন নাম্বাৰটো ভৰালে, শেষত গৈ তাৰ এটিএম কাৰ্ডখনেই ব্লক হৈ থাকিল।

এই বয়সতনো বাৰু সি নিজৰ জেগাখনৰ পিন নাম্বাৰটোকে নাজানেনে।

হেৰৌ ইমানো বুৰ্বক নহয় দেচোন।

by Rajib Ranjan

Wednesday 21 November 2012

চহৰত এদিন ভেকোলা


এবাৰ আমাৰ ভেকোলা চহৰলৈ গৈছিল ! চহৰত সি এজনি খুব ধুনীয়া ছোৱালী দেখিলে....!
ছোৱালীজনীয়ে চুটি গাউন এটা পিন্ধি আছিল ! ভেকোলাই ভাবিলে যে তাৰ ঘৈণীয়েকলৈ তেনেকুৱা কিবা এটা লৈ যাব.... আৰু তাৰ ঘৈণীয়েক পুতলীকো ধুনীয়া দেখা হব !.. লাহে লাহে সি ছোৱালীজনীক সুধিলে.... 
... “ ভন্টি, কি নাম তোমাৰ ?” 
... “ কিয় লাগে ?”(ঘোপাকৈ চাই... ) 
... “ নাই মানে এনেই সুধিছো ...!” 
... “ ভন্টি, এইটো কত পায় ?” (গাউনটোলৈ আঙুলিয়াই) 
... “ গছত লাগে...” (খঙেৰে ...) 
... “ ভন্টি.... বৰ কলিতে ছিঙিলা দেই ....

by Madhurjya Gogoi

Monday 17 September 2012

Thuluk: An egg story

থুলুকে কুকুৰা এজনী পুহিছে, নতুনকৈ।

 এতিয়া ডেইলী দুটাকৈ কুকুৰাৰ কণীৰে ব্ৰেকফাষ্ট, থুলুকৰ ভাষাত লাইফ ইজ বিউটিফুল।
 পিছে আজি পুৱাই লাগিল নহয় কেণা।
 কুকুৰাই গৈ কণী পাৰিলে চুবুৰীয়া নগেনৰ চৌহদত।
থুলুকৰ মতে কুকুৰাৰ ককাক-আইতাক বাংলাদেশৰ, সীমাৰ সিপাৰলৈ যোৱাৰ স্বভাৱটো সেয়েহে জন্মগত। নগেনৰ ঘৰত যিহেতু কণী পাৰিব পৰা একো জীৱ নাই, গতিকে থুলুকে দস্তুৰমত কণীটো ডিমাণ্ড কৰিলে।

 নগেনৰ যুক্তি কণীটো বোলে ভগবানৰ দান, চমৎকাৰ। সীমাৰ ভিতৰৰ যিকোনো বস্তু তাৰ নিজৰ। থুলুকৰ টেমা গৰম হৈ গ'ল।

 থুলুক: "ঠিক আছে। তয়ো জান আৰু ময়ো জানো, ভগবানে আহি বহি লৈ তোৰ চোতালত কণী পৰা নাই। কণী পাৰিছে মোৰ কুকুৰাজনীয়ে। গতিকে আমি এটা কাম কৰো। দুইটাই দুইটাকে দুইভৰিৰ মাজত এগোৰ এগোৰ মাৰো। যাৰ গোৰৰ জোৰ বেছি, কণীটো তাৰ।"

নগেন গায়ে-পায়ে বিশাল আকাৰৰ। গতিকে সি সন্মত হ'ল। তাৰ একগোৰ খাই থুলুক যে আৰু উঠিব নোৱাৰে সি খাটাং।

 থুলুক: "যিহেতু কণীৰ উৎসটো মানে কুকুৰাজনী মোৰ বস্তু, গতিকে প্ৰথম মই গোৰ মাৰিম।" নগেনে দুইভৰি মেলি থুলুকৰ সন্মুখত থিয় দিলে। একদম হেণ্ডছ আপ পজিছন। গাৰ সমস্ত শক্তিৰে, পাঁচ খোজ দৌৰি, ফুটবলত পেনাল্টী শ্বট লোৱা টাইপ থুলুকে আহি নগেনৰ দুই ভৰিৰ মাজত এটা দূৰ্দান্ত গোৰ দিলে।

 গোৰ খাই নগেনে মাক-দেউতাক-ককাক-আইতাক-আজোককাক-আজোআইতাক সকলোৰে নাম চিঞৰি তিনি লুটি দি চিৎভোলোঙা খাই পৰিল। প্ৰায় আধা ঘণ্টা মান লাগিল তাক কিবা এটা ক'ব পৰা হ'বলৈ।

তাৰ পাছত যেনে তেনে, কেকোঁ জেকোঁকৈ থিয় হৈ সি ক'লে "এইবাৰ মোৰ পাল।"। "এহঃ, হ'ব দে কণীটো তয়েই ৰাখ।"

 এইবুলি কৈ থুলুক নিজৰ ঘৰলৈ গুচি আহিল।

 (সঁচা কথা ক'লে থুলুক বেয়া।)

 By Rajib Ranjan

Wednesday 2 May 2012

The Super Intelligent Chef

গুৱাহাটী ক্লাৱত থকা গাৰ্লচ হো্ষ্টেল এখনৰ ৰান্ধনী গৰাকীয়ে কেলেন্ডাৰখন বৰ মনোযোগেৰে চাই আছে ।

আৰু চাই চাই অৱশেষত চিঞৰি উঠিল এইবাৰ চেকেন্ড চেটাৰডে টো সোমবাৰে পৰিছিল ।

মই ঘৰৰ পৰাই আহিব পাৰিলোহেতেন ৷

Contributed by Bhabita