Showing posts with label Asomiya Jokes. Show all posts
Showing posts with label Asomiya Jokes. Show all posts

Saturday 4 January 2014

ইমান চিকতা মানুহ

পিকনিকত অকলে অকলে টিঙৰ বাছন টো ডাঙি 'বাবলু' ৰ তামাম ককালৰ বিষ !

উপায় নাপায় ঘৈণীয়েক 'অনামিকা বৌ' ক প্রতিবেশী 'ঘূগু দা' ঘৰৰ পৰা " ম'ভ " টো আনিব খাটনি ধৰিলে ।

'বৌ' য়ে আকৌ বাবলুক অকনো ভয় নকৰে, ফেপেৰি পাতি উত্তৰ দিলে--

.... এই নোৱাৰো দেই মই 'ঘূগু দা' ৰ ঘৈণীয়েক জনী ইমান চিকতা, নিদিব ! ৰাতিপুৱাতে মই লাজত পৰিম ।

..
..

বাবলু : ইমান চিকতা মানুহ নে সাধাৰণ " ম'ভ " টোকে নিদিয়ে ।

....যা যা আলমাৰিতে আমাৰ টো আছে, তাকে লৈ আহ !!

আমাৰ বাবলুদা

আমাৰ বাবলুদাৰ কাহিনী:-

দিনটো ফেচবুক চাই থাকেবাবে বৌৰ লগত ভীষণ কাজিয়া...

যোৱা দুদিন ধৰি দুয়োৰে মাতা-মাতি নাই । ইজনে সিজনক কিবা ক'ব লগা থাকিলে কাগজত লিখি দিয়ে ...

আজি গধুলি বাবলুদাই বিশেষ কাম এটাত যোৰহাটত যোৱাৰ কথা আছিলে । ৫টাত ট্রেইন ।

....দুপৰীয়া ভাত খাই উঠি কাগজ এখনত লিখি থ'লে ৪বজাত জগাই দিব...

.... বৌৱেও ৪বজাত কাগজ এখন লিখি থ'লে ... উঠক হে..

RAM মানে কি ?

মেৰিলিন এ মেট্ৰিক পাছ কৰি টাওন লৈ গৈছে পৰ্হিবলৈ।computer science পৰ্হিব হেনু।গল এদমিচন কৰিলে।কলিতা ছাৰ আহিছে পহাবলৈ । আহিয়েই প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰি দিলে।
কলিতা ছাৰ-(মেৰিলিনক থিয় কৰাই)তুমি কোৱা চোন...RAM মানে কি ?
মেৰিলিন-ছাৰ ৰাম মানে দশৰথৰ পুতেক....সেই যে সীতাক বিয়া পাতিছিল ...ৰাবনক বধি যে সীতাক উদ্ধাৰ কৰিিনছিল ...লখ্মনৰ যে ককায়েক আছিল তেও ৰাম ছাৰ......
.
.
.
.
.

.
.
.
.
.
তাৰ পিছত কি হব আৰু.....কলিতা ছাৰৰ মাথাত পানি...মেৰিলিন yo yo honey...
By: শ্যামন্ত কুমাৰ দাস

Tuesday 31 December 2013

যুগান্ত দা আৰু বাবলু দা

যুগান্ত দা আৰু বাবলু দাৰ কথাবার্তা:-

বাবলু:- শুনিছে যুগু দা, আমাৰ ঘৰত মোৰ ৰাজত্ব চলে। মই যি কও মানুহজনীয়ে চুপ-চাপ তাকে শুনে।
.
.
.
.
যুগান্ত :- মোৰ মানুহজনীয়েও মোৰ কথা শুনে। গৰম পানী লাগে বুলি ক'লেই দি দিয়ে।
.
.
.
বাবলু:- আপুনি কি গৰম পানীৰে গা ধুৱে নেকি?
.
.
.
যুগান্ত:- নহয় হে... গৰম পানীৰে বাচন ধুলে বেছি ভালদৰে চাফা হয়। বুজিছানে??
By: B.n. Rupam

কাম কৰা বাইজনী

আমাৰ নৱকৃষ্ণহঁতৰ ঘৰত কাম কৰা বাইজনীক নৱকৃষ্ণৰ মানুহজনীয়ে তেওঁৰ পুৰণি শাড়ী কেইখনমান দিলে।
.
.
.
প্রথমে শাড়ী কেইখন পিন্ধি বাইজনীয়ে কাম কৰিব আহিল যদিও পিছৰ কেইদিন নহা হ'ল।
.
.
.
মানুহজনীয়ে বাইক শুধিলে কিয় তাই সেই শাড়ী কেইখন নিপিন্ধা হ'ল।
.
.
.
বাই:- এ নক'ব.. আপোনাৰ শাড়ী পিন্ধাৰ পিছত আপোনালোকৰ চাৰে মোক আপুনি বুলি মোৰ কাষত নহাই হ'ল।

তলৰ খিনি নপঢ়িব, বিপদজ্জনক !!

তলৰ খিনি নপঢ়িব, বিপদজ্জনক !!

যত লিখা থাকে---- "ইয়াত পিক নেপেলাব"

মানুহে তাতেই বেছিকৈ পিক পেলায় !!

যত লিখা থাকে ---- "ইয়াত জাবৰ নেপেলাব"

মানুহে তাতেই বেছিকৈ জাবৰ পেলায় !!

যত লিখা থাকে ---- "ইয়াত র্পাকিং নকৰিব"

কিন্তু,

তাতেই অথালি পথালিকৈ গাড়ী র্পাকিং কৰি থোৱা দেখা যায় ।

..
..
..
..

এতিয়া কথা হ'ল----

এনে বোৰ কাম জানি শুনি কোনে কৰে ??
.
.

নিশ্চয় 'আপোনাৰ-মোৰ' দৰে ভদ্রলোক বোৰেই !!
..
..
..
..
..
..
..

কিয়নো,

চাওক ওপৰত লিখা আছে

" তলৰ খিনি নপঢ়িব, বিপদজ্জনক "

তথাপিটো আপুনি পঢ়িলেই !!
..
..
..
..

এতিয়া লাজ কৰি লাভ নাই !

নিজৰ চিন্তাধাৰা সলাওক, শুই থকা দেশক জগাবলৈ সংকল্প লওক নববর্ষত !!

ধন্যবাদ

গুৱাহাটীৰ কুকুৰ

বহু বছৰ আগৰ কথা ..

উত্তৰ গুৱাহাটীৰ কুকুৰ বোৰৰ তামাম অসন্তুষ্টি ! সিহঁতে দক্ষিণ গুৱাহাটীৰ কুকুৰ বোৰৰ সমানে বহু সা-সুবিধা নাপায় । মিটিং পাতি দিচিচন ল'লে সিহঁতৰ দাবী আৰু অসন্তুষ্টিৰ কথা লিখি দি চি চাৰক এখন এপ্লিকেচন দিব !
এপ্লিকেচন লিখা হয় গ'ল। দেট্ ফিক্সদ্ হ'ল। চব কুকুৰ একলগ হ'ল আমিনগাওঁ চেক্ গেটত। সমস্যা হ'ল শৰাইঘাট দলং পাৰ চিকিউৰিটিয়ে হ'ব নিদিয়ে। তাতে আকৌ হাজাৰ হাজাৰ কুকুৰ ..
উপায় নাপায় চব কুকুৰ সাতুৰি ব্ৰহ্মপুত্ৰ পাৰ হম বুলি দিচিচন ল'লে। এপ্লিকেচন খন পানীত তিতিব বুলি কুকুৰ এটাৰ টিকাৰ ফুটাইদি ভৰাই এডাল পূৰণ চিন দি থ'লে।
সাতুৰি পাৰ হ'ল চব। কিন্তু প্ৰব্লেম হ'ল , যিটোৰ টিকাইদি এপ্লিকেচন ভৰাই পূৰণ চিন দিছিল
সেইবোৰ চব পানীত ধোৱা গ'ল। আৰু আৰম্ভ হৈ গ'ল এটাই আনটোৰ টিকা চেক্ কৰা কাম ...

ম'ৰেল অফ দ্যা ষ্টৰি :
এতিয়াও কিছুমান কুকুৰে এটাই আনটোক দেখিলে টিকা চেক কৰে। আৰু চেক কৰিব অহাটোক লাঠ মাৰি আনটোৱে কয় , "নাই অ' মোৰ তাত।"

Sunday 29 December 2013

business কৰাৰ সৰু tips

আজি আমাৰ বন্ধু সকলক business কৰাৰ সৰু tips এটা দিব বিছাৰিছো..

দেউতাক--( পুতেক লৈ চাই)--চোৱা বেটা, তোমাৰ বাবে মোৰ choice ৰ এজনী ছোৱালী চাব বিছাৰিছো?
পুতেক--নহব ,
দেউতাক- ছোৱালীৰ দেউতাকৰ নাম বিল্ গেটচ
লৰা- ঠিক আছে, আপুনি যি ভাল দেখে দেউতা

দেউতাক এইবাৰ বিল গেটচৰ ওচৰলৈ যায়
লৰাৰ দেউতাক- মোৰ লৰাৰ কাৰনে আপোনাৰ ছোৱালী জনী বিছাৰিছো?
বিল গেটচ--নহব,
লৰাৰ দেউতাক-মোৰ লৰাটো world bank ৰ CEO
বিল গেটচ- ঠিক আছে,ঠিক আছে, দিন বাৰ ঠিক কৰক

দেউতাক এইবাৰ আমেৰিকাৰ প্ৰেচিডেন্টৰ ওচৰলৈ যায়

লৰাৰ দেউতাক--মোৰ লৰাটোক WORLD BANK ৰ CEO বনাই দিয়ক
প্ৰেচিডেণ্ট---বলিয়া হ'লা নেকি ?
লৰাৰ দেউতাক- মোৰ ল'ৰা বিল গেটচৰ জোৱায়েক
প্ৰেচিডেন্ট--ঠিক আছে, তাক মোৰ ওচৰলৈ পঠাই দিব....


By: Hemanta Dowarah

বুকিং মালৰ ওপৰত চকু নিদিব

.....'বুকিং মালৰ ওপৰত চকু নিদিব' !

আপুনি যদি কেতিয়াবা সেই পুৰণি কলীয়া বাছখনত উঠিছে, তেন্তে নিশ্চয় দেখিছে এই আপ্ত বাক্যশাৰী ।


সঁছাকৈ, আনৰ 'বুকিং-মাল'ৰ ওপৰত চকু দিয়াটো অযুক্তিকৰ !

.
.

এই বাক্যশাৰী সাৰোগত কৰিয়ে কাৰোবাৰ কপালত এটা ৰঙা ফোট (বুকিং-ছিম্বল) দেখিলে দূৰতে আতঁৰ হৈছিলো । ঘূণাক্ষৰেও দৃষ্টি নাযায় সেইফালে !

কিন্তু

আজিৰ আধুনিক বোৱাৰীহঁতে কপালত সেন্দুৰৰ ফোট ল'লে কিবা 'আউটডেটেত-ফেশ্বন' বুলি ভাবে নেকি ?

ধৰিবই নোৱাৰি কপালৰ ফোটটো, একেবাৰে 'ৰাউডী ৰাথোৰ' চিনেমাখনত 'অক্ষয় কুমাৰে' মাৰা দৰে 'ম'বাইলৰ ফ্লাছ' মাৰি চাব লাগিব, তেতিয়াহে যদি দেখা পায় ----

'নিগনিয়ে মল ত্যাগ' কৰাৰ দৰে কপালত অকণমান ...!

..
..

পিন্ধনত কি চাবা ?

'জীনছ পিন্ধে, -- শ্লীম ফিট'
'চুৰিদাৰ পিন্ধে, --ক্লীভ লেছ' !

..
..

এবাৰ যদি ঘূৰি চাঁও....

তেতিয়া হয় ---- 'উতনুৱা ডেকাৰ অসত্‍ অভিপ্রায়' !

..
..

কেতিয়াবা ভাবি দুখ লাগে ---

"আমাৰ পিছৰ প্রজন্মই হয়তু 'আইৰ-আছল' কি বস্তু দেখা নাপাবা ..." !

তাতে কি হ'ল ?
(So what ?)

আমিও টো 'ডাইনোছৰ' দেখা নাছিলো ?

কেতিয়াবা কাৰোবাক কিবা দোষ দিছো জানো, নাই দিয়া !

এনেকৈ চলি আছে আমাৰ সমাজ ব্যবস্থা, ছলি থাকিব এনেকৈ .....!

(যাৰ যি ইচ্ছা....হাত দাঙি-দাঙি নাছা)

..
..

বি: দ্র: কাৰো সেন্দুৰক অপদস্থ কৰিবলৈ অপচেষ্টা কৰা হোৱা নাই ।

ঘৰ বনোৱা ঠিকাদাৰ

পঢ়ক এবাৰ নিজৰেই গৌৰৱ বাঢ়িব মূহুৰ্ততে:
....................................................
তিনিজন ঘৰ বনোৱা ঠিকাদাৰৰ মৃত্যুৰ পাছত স্বৰ্গত :
এজন আছিল পাকিস্থানী এজন চিনৰ আৰু আনজন আছিল আমাৰ ভাৰতৰ ।তিনিওঁজনকে স্বৰ্গৰ দূত এজনে স্বৰ্গৰ প্ৰবেশদ্বাৰৰ গেট খনৰ সন্মুখতে ৰাখিলৈ ক'লে :তহঁতটো একো একোজন ভাল ঠিকাদাৰ কথাটো হ'ল আমাৰ এই গেটখন পুণৰ নিৰ্মান কৰিব লাগে ,তহঁতে আন্দাজ লগাচোন কিমান টকা খৰচা হ'ব।
চবতকৈ প্ৰথমে পাকিস্থানী ঠিকাদাৰজনে মাত লগালে ,মোৰ হিচাবত 9000হাজাৰ টকাত এইখন ধুনীয়াকৈ বনাব পৰা যাব ।
তেতিয়া দূতে সুধিলে কি হিচাবত তুমি এই অনুমান কৰিলা ? ঠিকাদাৰে ক'লে 3000হাজাৰ বস্তু বাহানীবোৰ কিনোতে, 3000হাজাৰ লেবাৰৰ আৰু 3000হাজাৰ মুনাফা মানে ঠিকাদাৰৰ লাভৰ ।
এইবাৰ চিনৰ ঠিকাদাৰে অনুমান লগালে : 33000হাজাৰত হৈ যাব ধুনীয়াকৈ।।
দূতে সুধিলে কি হিচাবত তুমি এই অনুমান কৰিলা ?
চিনৰ ঠিকাদাৰে ক'লে:
11000হাজাৰ বস্তু বাহানীবোৰ কিনোতে, 11000হাজাৰ লেবাৰৰ আৰু 11000হাজাৰ মুনাফা মানে ঠিকাদাৰৰ লাভৰ ।।
যেতিয়া দূতে ভাৰতৰ ঠিকাদাৰ জনক অনুমান লগাবলৈ ক'লে ,
ভাৰতৰ ঠিকাদাৰে অলপো একো নিৰিক্ষন নকৰাকৈয়েই আনকি গেটখনৰ ফালেওঁ নোছোৱাকৈয়েই অনুমান লগালে 29000 হাজাৰত কাম হৈ যাব আৰামত ।।
দূতে সুধিলে কি হিচাবত ক'লা তুমি ?
ভাৰতৰ ঠিকাদাৰে ক'লে "10000 আপোনাৰ 10000 মোৰ.....বাকী থকা 9000হাজাৰ পাকিস্থানী ঠিকাদাৰক দি দিম ............সি 9000হাজাৰত এনেওঁ ভাল গেট বনাই মই জানো তাক আগৰ পৰাই ।।
By: Amar Jyoti Nath

ফিউজ লাইভ

ফিউজ লাইভৰ টিভি শ্ব' চলি আছে..
মহিলা এংকৰ- হেল্ল্, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
- মই দিছপুৰৰ পৰা কৈছো
মহিলা এংকৰ- ওৱাও ময়ো দিছপুৰত থাকোঁ, দিছপুৰৰ ক'ত?
- কল্পতৰু পথ।
মহিলা এংকৰ- ওৱাও ময়ো কল্পতৰু পথত থাকোঁ, কল্পতৰু পথৰ কোনখিনিত থাকে?
- ডলফিন এপাৰ্টমেণ্ট!
মহিলা এংকৰ- কি আচৰিত! ময়ো সেইটো এপাৰ্টমেণ্টতে থাকোঁ! আপোনাৰ ফ্লেট নাম্বাৰ কিমান?
.
.
.
- মই তোমাৰ হাজবেণ্ডে কৈ আছোঁ, তোমাৰ ম'বাইল অফ্ থকা বাবে ইয়াতে ফোন কৰিলোঁ। ফ্লেটৰ চাবি ক'ত থৈ গ'লা?

ব্ৰেকিং নিউজ

ব্ৰেকিং নিউজ ১: (ৰাতিপুৱা ১০ বজাত), ১৫ ফেব্ৰুৱাৰী, ২০১৪

দিল্লী কংগ্ৰেছত হাহাকাৰ । "আআপা"-ৰ চৰকাৰৰ দ্বাৰা আগৰ কংগ্ৰেছ চৰকাৰৰ বহুতো পুৰণি ফাইল মুকলি। পৰ্বতসম দুৰ্নীতি ফাদিল । শীলা দিক্সিত আৰু অইন কেইবাজনকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি চৰকাৰী সূত্ৰে প্ৰকাশ ৷

(১ ঘণ্টা পিছত)
ব্ৰেকিং নিউজ ২:

"আআপা"-ৰ সপোন ৰথ স্তব্ধ। কংগ্ৰেছ দলৰ দিল্লীৰ বিধান সভাত অনাস্থা প্ৰস্তাৱ। উফৰি পৰিব "আআপা"-ৰ চৰকাৰ । কেজৰিৱালৰ মন্তব্য, "নিৰ্বাচনলৈ সাজু"।

(২ ঘণ্টা পিছত)
ব্ৰেকিং নিউজ ৩:

দিল্লীৰ ৰাজনীতিত নতুন সমীকৰণ। বিজেপিৰ "আআপা"-ৰ চৰকাৰলৈ বাহিৰৰ পৰা চৰ্তবিহীন সমৰ্থন। "আআপা"-ৰ চৰকাৰ বাহাল । শীলা দিক্সিতৰ মৌনব্ৰত। দিগ্বিজয় সিঙে ত্ৰিপুৰাৰ সভাত কয় যে "আআপা" বিজেপিৰ "ডি-পাৰ্টি", তেখেতে আগতেই জানে।

বাথৰুমটোত মাথো পোহৰ অলপ কম !

চেংমাৰ বহুত মুৰৰ কামোৰণি, অসহ্য বিষত ৰব নোৱাৰি ডাক্টৰৰ ওচৰলৈ গ'ল। ডাক্টৰে পৰীক্ষা কৰি ঔষধ দিলে।নাই, নকমে।৩ মাহ ঔষধ খালে, তথাপিও একো improvement নাই।

৩মাহৰ মুৰত এদিন ডাক্টৰ জনে কলে,"শুনা, এসময়ত মোৰো এনেকুৱা মুৰৰ বিষ আছিল। মই আজি তোমাক যি কথা কম সেয়া মই মেডিকেল কলেজত শিকা কথা নহয়। এই কথা মই মোৰ নিজা experienceৰ পৰা শিকা। যেতিয়াই মোৰ মুৰৰ কামোৰণি হয়, মই ঘৰলৈ গৈ প্ৰথমে গৰম পানীৰে গা ধুৱাৰ পাচত মোৰ পত্নীয়ে ধুনীয়াকে মূৰটো মালিচ কৰি দিয়ে। তাৰ পাচত মোৰ মূৰৰ বিষ নকমিলেও মই মোৰ শ্ৰীমতীক bedroomলৈ লৈ যাওঁ। মূৰৰ কামোৰণিৰ কথা আওকাণ কৰি আমি দুয়ো দুয়োকে মৰম কৰো। তাৰ পাচত মূৰৰ কামোৰণি নাইকিয়া হৈ যায়।তুমিও try কৰি চোৱা। দুমাহ পাচত কেনে ফল পোৱা মোক আহি জনাবা।"

দুমাহ পাচত চেংমাই ডাক্টৰক দেখা কৰিলে :
"চাৰ, আচৰিত দেই। ইমান বছৰে ভুগি থকা বেমাৰ ইমান easily ভাল হৈ গ'ল।আপোনাক বহুত ধন্যবাদ। ও চাৰ কথা এটা কব লগা আছিল।আপোনাৰ ঘৰটো বহুত ধুনীয়া দেই। বাথৰুমটোত মাথো পোহৰ অলপ কম।"
.
.....
By:Hemanta Medhi

আইৰ সমান হ’ব কোন ?

সৌকাধৰাৰ মাক আৰু পাঠকৰ মাকে লগ হৈ বিয়নি মেলৰ বাবে সমবেত হৈছে | স্থান- দুয়োৰে নিজৰ নিজৰ নঙলামুখ | আলোচনাৰ বিষয়, বৰুৱাৰ জীয়েকৰ হালোৱাটোৰ লগত থকা পিৰীতি, কেওটৰ মুখচোকা বোৱাৰীজনীৰ বদনাম, ৰায়ৰ পুতেকৰ তিৰোতাসেৰুৱা স্বভাৱ আদিকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তু |
এনেতে দুয়ো দূৰৰ পৰা কোনোবা আহি থকা দেখা পালে | দূৰৰ পৰা আলুৰ বস্তা হেন দেখি | অলপ ওচৰ পোৱাত সেইটো যে মানুহ পোৱালী দুয়ো কনফাৰ্ম হ’ল | পাঠকৰ মাকে ক’লে " দেখিছেনে সৌকাধৰাণী, কেনে পেটুৱা আপা এটা আহি আছে.... গা ক’ত, মূৰ ক’ত ধৰিবই নোৱাৰি ...... ই বেটাই চাগে ঘি মৌতেই জীয়াই আছে | আজি-কালিৰ মাকবোৰো যে আৰু, ল’ৰা ছোৱালীবোৰক একো এটা কৰিবই নিদিয়ে... এনে ভীম নহৈ কি হ’ব ল’ৰা " "ই যিমান খায়, ১০ টা মানুহ অনায়াসে খাব পাৰিব ...." সৌকাধৰাণীয়ে এড কৰিলে......... " হয়, ঠিকেই কৈছে" .... পাঠকৰ মাকে শলাগিলে | 
ইতিমধ্যে আইসকলৰ আলোচনাৰ চাবজেক্ট তেওঁলোকৰ ওচৰ আহি পোৱাত আই দুগৰাকীয়ে দেখিলে সেয়া পাঠকনীৰ আলাসৰ লাৰু পাঠক পোণা |লগে লগে পাঠকনী আৰ্তনাদ কৰি উঠিল, " আই ঐ বাছা, তই ইমান খীনালি..... হোষ্টেলত খাবলৈ নিদিয়ে নেকি?"


মৰেল অব দা ষ্টৰী : আইৰ সমান হ’ব কোন ?

By:Sushmita Das

ধুম তিনি

কইলতা, চেং আৰু শশাংকৈ ধুম তিনি চাব গল, সিহতৰ চিটৰ সন্মুখত এটা তপা বহি আছিল
চেং: তহত কোনোবাই যদি টপাৰ মুৰত এটা টোকৰ মাৰিব পাৰো দহ টকা দিম, শশাংক উঠি যাই টপাক টোকৰ এটা দিলে আৰু কলে আৰে দেব দা আপুনি ইয়াত, ভালদৰে চা ই দেখিলে দেব দা নহয় চৰি কলে, চেংৰ দহ টকা গল,
শশাংকৈ এইবাৰ চেংক কলে তই মাৰি আহ তোক বিশ টকা দিম, আমাৰ চেং কম নেকি গৈ দিলে টোকৰ এটা আৰু কলে দাদা আপুনি বেয়া নাপাব দেই, মোৰ বন্ধুই ভুলতে মাৰিলে
চেং য়ে এইবাৰ বিশ টকা পালে
টপাই ভাবিলে ইহতে মোক শান্তিত চিনেমা চাব নিদিয়ে বুলি একেবাৰে আগত বহিল গৈ
চেং আৰু শশাংকৈ এইবাৰ কইলতাক কলে তই যদি মাৰি আহিব পাৰো তোক আমি এশ টকা দিম,
কইলতাই য়ো য়ো বুলি আগলৈ গৈ টপাক বম টোকৰ এটা দিলে আৰু কলে দেব দা আপোনাৰ দৰে টপা এটা আগত বহি আছে, চেং আৰু শশাংকৈ ভুলতে তেওক টোকৰ দিলে
কইলতা ৰকচ, শশাংক আৰু চেং চকত

সকলো ধৰনৰ চিকিত্‍সা

এজন ডাক্তৰে এখন ক্লিনিক খুলিলে আৰু ক্লিনিক খনৰ সন্মুখত এখন ছাইনবর্ডত লিখি থ’লে :

সকলো ধৰনৰ চিকিত্‍সা কেৱল ১০০ টকাত কৰা হ’ব আৰু যদি চিকিত্‍সা কৰিব নোৱাৰো,

তেন্তে আমি আপোনাক ২০০ টকা ওভোটাই দিম ।


একো অসুখ নোহোৱা এজন ব্যক্তিয়ে ২০০ টকা নিজৰ হাতলৈ অনাৰ পাং পাতি ক্লিনিক খনলৈ আহিল ।

তেওঁ ডাক্তৰ জনক ক’লে :

‘‘মই মোৰ জিভাখনত একো সোৱাদ অনুভব কৰিব নোৱাৰা হৈছো !’’

ডাক্তৰ জনে তেওঁৰ সহাকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জিভাত দি দিবলৈ ক’লে ।

ঔষধ কেইটোপাল জিভাত পৰাৰ লগে-লগেই মানুহজনে চিঞৰি উঠিল...

‘‘ইছ ৰাম ! ইমান তিতা !!’’

ডাক্তৰ জনে হাঁহি এটা মাৰি ক’লে :

‘‘Congratulasion, আপোনাৰ জিভাৰ অনুভব শক্তি ঘূৰি আহিল ।’’

এশ টকা যোৱাৰ খঙত মানুহজন জ্বলি-পকি উঠিল আৰু দুসপ্তাহ পাছত আগৰ এশ টকাৰ লগতে আৰু এশ টকা ঘূৰাই লোৱাৰ উদেশ্যেৰে পূণৰ ক্লিনিক খনলৈ আহিল ।

মানুহজন :- ছাৰ, মই মোৰ স্মৃতি শক্তি হেৰুৱাই পেলালো, আগৰ কথা মোৰ এতিয়া অলপো মনত নাই !

ডাক্তৰ জনে তেওঁৰ সহকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জীভাত দি দিবলৈ ক’লে ।

সহকাৰী জনে ঔষধ দিবলৈ লোৱাত মানুহজনে আচৰিত হৈ সুধিলে :

‘‘ৰ’ব ছাৰ, এই ঔষধটো দেখোন জিভাৰ অনুভব শক্তি ঘূৰাই অনাৰ বাবেহে!?’’

ডাক্তৰ :- Congratulasion, আপোনাৰ স্মৃতি শক্তিও ঘূৰি আহিল ।
By: আকাশ জ্যোতি দেৱ গোস্বামী

Monday 16 December 2013

আমাক চাইড দিয়া ৰে


আমাক চাইড দিয়া ৰে আমিতো কাওৰি বালা

************

মানুহৰ মগজটো এটা আজৱ যন্ত্র । দিনৰাতি ২৪ ঘন্টাই কাম কৰে । জন্মৰ পৰা মৃত্যু পর্যন্ত কাম কৰিয়েই থাকে । মাত্ৰ পৰীক্ষাৰ হলত সোমুৱাৰ আগে আগে কাম কৰাৰ বন্ধ কৰি দিয়ে ।

*************

আমাৰ জীৱনত সূর্যতকৈও চন্দ্ৰৰ প্ৰয়োজন বহুত বেছি । কাৰণ ৰাতি যেতিয়া পোহৰ নাথাকে তেতিয়া চন্দ্ৰই পোহৰ দিয়ে ।

*************

শিক্ষক :- আনজনে শুনিব নিবিচাৰিলেও যিয়ে অনর্গল কথা কয়, তাক কি বুলি কোৱা হয় ?

ছাত্র :- ছাৰ, তাকে কোৱা হয় শিক্ষক ।

*************

এটা হাতী আহি থকা দেখি....

১ম পৰুৱা :- মই সেইটোক মাৰি পেলাম |

২য় পৰুৱা :- মই তাৰ ঠেং ভাঙিম |

৩য় পৰুৱা :- বেচেৰাক এৰি দে । আমি ৩ টা, আনফালে সি এটাহে !

*************

সৈন্য :- ছাৰ, আমি পলাবলৈ কোনো পথ নাই । শত্রুৱে চাৰিওফালে আগুৰি ধৰিছে ।

মেজৰ :- ভয় নকৰিবা, এতিয়া আমি যিকোনো ফালেই এটেক কৰিব পাৰিম ।

*************

শিক্ষক :- তোমাৰ দেউতাৰ বয়স কিমান ?

ছাত্র :- মোৰ আৰু মোৰ দেউতাৰ বয়স একেই |

শিক্ষক :- কি ? এইটো কেনেকৈ সম্ভব ?

ছাত্র :- আৰেই ছাৰ, মই জন্ম হোৱাৰ পাছৰ পৰাইতো তেওঁ দেউতা হৈছে ।

************

দত্ত :- যোৱাকালি চুট-পেনট পিন্ধি বজাৰলৈ গৈছিলো, শাক পাচলিৰ দাম বহুত ললে, কিন্তু আজি গেণ্জী আৰু লুঙ্গি পিন্ধি গ'লো দাম কম ললে |

কলিতা :- কাপোৰ নিপিন্ধাকে গ'লে ফ্ৰীতেই পাবি |

************

স্বামী :- মই গোঁফ ৰাখিলে কেনেকুৱা দেখিব কোৱাচোন ?

স্ত্রী :- তোমাৰ নাকটো কি ইমানেই ইম্পৰর্টেন্ট হ'ল যে নাকটোৰ তলত আন্দাৰলাইন মাৰিব লাগে ।

************

আমাক চাইড দিয়া ৰে আমিতো কাওৰি বালা


By: Deep Jyoti Nath

Tuesday 26 November 2013

মোৰ দেউতা যদি ....

এটা ৯ -১০ বছৰীয়া সৰু ল’ৰা বাছত উঠিল আৰু ঠিক ড্ৰাইভাৰৰ পিছতে বহি একেৰাহে আঁওৰাব ধৰিলে... 

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন, মই এটা দমৰা হ’লোহেতেন...
.

.

কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা হাতী আৰু মা মাইকী হাতী হ’লহেতেন, মই পোৱালী হাতী হ’লোহেতেন...
.
.
.

আকৌ কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা গাহৰি আৰু মা মাইকী হ’লহেতেন, মই এটা পোৱালী গাহৰি হ’লোহেতেন...

দুবাৰলৈকে যেনেতেনে সহ্য কৰিলে, কিন্তু এই তৃতীয়বাৰ ড্ৰাইভাৰৰ আৰু সহ্য নহ’ল...
গতিকে গাড়ীত ব্ৰেক্ মাৰি কৈয়েই পেলালে, “ঐ পোৱালী তই যে ইমান চিঁঞৰ -বাখৰ কৰি আছ, তোৰ বাপেৰ ডকাইত আৰু মাৰ বেশ্যা হোৱাহেতেন তই কি হলিহেতেন...? ”
.
.
.

“হি: হি: আংকল, একেবাৰে সহজ উত্তৰ~ আপোনাৰ দৰে এজন বাছ ড্ৰাইভাৰ হলোহেতেন...” , লৰাটোৱে তপৰাই উত্তৰ দিলে...!!!

(মূল কথাখিনি ইংৰাজী ভাষাৰ এটি ৰগৰত পাই নিজে অনুবাদ কৰি, কিছু মছলা সংযোজন কৰি আপোনালোকলৈ আগবঢ়ালো )

বিজ্ঞানৰ আজৱ উত্তৰ..

এবাৰ হাইস্কুল এখনৰ ছমহীয়া পৰীক্ষাৰ বহী চাবলৈ পোৱাৰ সুযোগ ঘটিছিল৷ অষ্টম নে নৱম শ্ৰেণীৰ বিজ্ঞানৰ বহী৷ উত্তৰবোৰ পঢ়ি পঢ়ি যথেষ্ট আমোদ পালো৷ তাৰে মনত থাকি যোৱা দুটামান উত্তৰ উল্লেখ কৰিলো৷
(ৰসৰ উৎস যদিও চিন্তনীয় বিষয়)
প্ৰশ্ন: মামৰ কি?
উত্তৰ: মামৰ এবিধ জিনিচ৷ ইয়াকে মামৰ বোলে৷

প্ৰশ্ন: ৰেলৰ চিৰিৰ মাজত ফাঁক কিয় থাকে?
উত্তৰ: বৰপেটাৰোডৰ পৰা গুৱাহাটী বহু দূৰ৷ গতিকে ৰেলেৰে যাব লাগে৷ ৰেলত বহুত মানুহ থাকে৷ ইমানবিলাক মানুহে উশাহ ল’বলৈ বহুতো অক্সিজেনৰ প্ৰয়োজন৷ সেইকাৰণে চিৰিৰ মাজত ফাঁক থাকে আৰু তাতে অক্সিজেন থাকে৷
প্ৰশ্ন: জাৰকালি ফণিৰে চুলি আঁচোৰাৰ পাছত সেই ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷ কিয়?
উত্তৰ: ফণিৰে চুলি আঁচুৰিলে ফণিত কিছুমান বগা বগা বস্তু লাগি আহে (ছাত্ৰ/ছাত্ৰীগৰাকীৰ নিশ্চয় মূৰত উফি হৈছিল) ৷ ইয়াৰ দ্বাৰা বুজা যায় যে ফণিখন কাগজেৰে তৈয়াৰী৷ একেজাতীয় বস্তুৱে একে বস্তুক আকৰ্ষণ কৰে৷ গতিকে ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷

প্ৰশ্ন: মাখিপাত কি?
উত্তৰ: মৌ-মাখিয়ে মৌ খাই যিটো পাতত পৰে সেইটোকে মাখিপাত বোলে৷
প্ৰশ্ন: আলু কাণ্ড নে শিপা?
উত্তৰ: বেছিকৈ সাৰ দিলে আলু প্ৰকাণ্ড হয়৷