Sunday 29 December 2013

আইৰ সমান হ’ব কোন ?

সৌকাধৰাৰ মাক আৰু পাঠকৰ মাকে লগ হৈ বিয়নি মেলৰ বাবে সমবেত হৈছে | স্থান- দুয়োৰে নিজৰ নিজৰ নঙলামুখ | আলোচনাৰ বিষয়, বৰুৱাৰ জীয়েকৰ হালোৱাটোৰ লগত থকা পিৰীতি, কেওটৰ মুখচোকা বোৱাৰীজনীৰ বদনাম, ৰায়ৰ পুতেকৰ তিৰোতাসেৰুৱা স্বভাৱ আদিকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তু |
এনেতে দুয়ো দূৰৰ পৰা কোনোবা আহি থকা দেখা পালে | দূৰৰ পৰা আলুৰ বস্তা হেন দেখি | অলপ ওচৰ পোৱাত সেইটো যে মানুহ পোৱালী দুয়ো কনফাৰ্ম হ’ল | পাঠকৰ মাকে ক’লে " দেখিছেনে সৌকাধৰাণী, কেনে পেটুৱা আপা এটা আহি আছে.... গা ক’ত, মূৰ ক’ত ধৰিবই নোৱাৰি ...... ই বেটাই চাগে ঘি মৌতেই জীয়াই আছে | আজি-কালিৰ মাকবোৰো যে আৰু, ল’ৰা ছোৱালীবোৰক একো এটা কৰিবই নিদিয়ে... এনে ভীম নহৈ কি হ’ব ল’ৰা " "ই যিমান খায়, ১০ টা মানুহ অনায়াসে খাব পাৰিব ...." সৌকাধৰাণীয়ে এড কৰিলে......... " হয়, ঠিকেই কৈছে" .... পাঠকৰ মাকে শলাগিলে | 
ইতিমধ্যে আইসকলৰ আলোচনাৰ চাবজেক্ট তেওঁলোকৰ ওচৰ আহি পোৱাত আই দুগৰাকীয়ে দেখিলে সেয়া পাঠকনীৰ আলাসৰ লাৰু পাঠক পোণা |লগে লগে পাঠকনী আৰ্তনাদ কৰি উঠিল, " আই ঐ বাছা, তই ইমান খীনালি..... হোষ্টেলত খাবলৈ নিদিয়ে নেকি?"


মৰেল অব দা ষ্টৰী : আইৰ সমান হ’ব কোন ?

By:Sushmita Das

No comments:

Post a Comment