Showing posts with label নগেন. Show all posts
Showing posts with label নগেন. Show all posts

Sunday 3 November 2013

শান্ত স্বভাৱৰ নগেনদা

শান্ত স্বভাৱৰ আমাৰ নগেনদাই সদায় বাছত অহা-যোৱা কৰে।
 সেইজন নগেনদাকেই বাছৰ ভিতৰত এগৰাকী মহিলাক বেয়াকৈ প্ৰহাৰ কৰাৰ (মৰাৰ) অপৰাধত গ্ৰেপ্তাৰ কৰা হ'ল।

 গোচৰটো আদালতত উঠিল।
 বিচাৰকঃ 'আপোনাক দেখিলেতো নালাগে আপুনি এনেকুৱা এটা কাম কৰিব পাৰে বুলি।
বাছৰ সকলোৱেই ঘটনাটোৰ সাক্ষী।
আপোনাৰ শাস্তি হ'বই।
 মোক ঘটনাটো খুলি কওকচোন।

 নগেনঃ 'শুনক মহাশয়, মই গৈ আছিলো যোৰাহাটৰ পৰা শিৱসাগৰলৈ।
মোৰ কাষৰ ছিটতেই তেনেকুৱাতে বহিল হি সেই মানুহ গৰাকী।

 বহিয়েই তেওঁ হাতৰ ডাঙৰ বেগটো খুলিলে, তাৰ পৰা সৰু এটা সৰু বেগ উলিয়ালে।
 তাৰ পিছত ডাঙৰ বেগটো বন্ধ কৰি সৰু বেগতো খুলিলে।
এইবাৰ দহ টকাৰ নোট এখন উলিয়াই সৰু বেগটো বন্ধ কৰিলে।
ইয়াৰ পিছত ডাঙৰ বেগটো খুলি সৰু বেগটো সুমুৱাই ডাঙৰ বেগটো বন্ধ কৰিলে।
কণ্ডাক্টৰ ইতিমধ্যে দূৰলৈ গুছি যোৱাত তেওঁ আকৌ ডাঙৰ বেগটো খুলিলে, সৰু বেগটো উলিয়ালে।
 ডাঙৰ বেগটো বন্ধ কৰিলে আৰু সৰু বেগটো খুলি দহ টকাটো তাত ভৰালে।
এইবাৰ সৰু বেগটোও বন্ধ কৰিলে।
ইয়াৰ পিছত ডাঙৰ বেগটো খুলি সৰু বেগটো তাত ভৰাই....

 বিচৰকে অধৈৰ্য হৈ চিঞৰি উঠিলঃ 'আপুনি কি এশবাৰ ডাঙৰ বেগ, সৰু বেগ কৰি আছেহে....? . . . . . . .

 নগেনঃ 'মহাশয়, আপুনি দুই মিনিট শুনিয়েই ধৈৰ্য হেৰুৱাই পেলালে। মোৰ কথা ভাবকচোন, এঘণ্টাৰ ৰাষ্টাত দুশ একত্ৰিশ বাৰ এই কাণ্ড দেখি মই কোন সতে থিৰেৰে থাকো..!!

 বিচাৰকে ৰায় দিলে- 'কেছ ডিছমিছড'

 শ্বেয়াৰ কৰক ණ হীৰক জ্যোতি নাথ

নগেনৰ ঘৈণীয়েক

নগেনৰ ঘৈণীয়েক বৰ শকত।
তেওঁৰ মুখখনো বৰ ডাঙৰ।

সেই কাৰণে নগেনে ঘৈণীয়েকক লগত লৈ যাবলৈ টান পায়, লাজ কৰে।

 এদিন নগেন কিবা কাৰণত কলিকতালৈ যাবলগীয়া হ'ল।

 তেওঁ জীয়েক পুলপুলিক লগত লৈ গ'ল।

জীয়েকো বেছ স্বাস্থ্যবান। যাত্ৰা পথত ৰে'লত ডকাইত সোমাই মানুহৰ বয়-বস্তুবোৰ লৈ গ'ল।

বুদ্ধিমতী পুলপুলিয়ে ডকাইতবোৰ দবাটোত সোমোৱা মাত্ৰকে তাইৰ সকলো গহণা খুলি মুখত ভৰাই থ'লে।

 সিহঁতৰ বাকী বস্তুবোৰ গ'ল যদিও গহণাবোৰ থাকিল আৰু সেইটো যে নিজৰ কৃতিত্ব পুলপুলিয়ে দেউতাক নগেনক দেখুৱালে।

 নগেনে নিজৰ মূৰত চপৰিয়াই ক'লেঃ- ইছ ইছ ! মাৰক অনা হ'লেতো আমাৰ বেগ আৰু ট্ৰাংক কেইটাও ডকাইতে নিব নোৱাৰিলেহেতেঁন !

ইছ ইছ !!

 শ্বেয়াৰ কৰক ණ হীৰক জ্যোতি নাথ

যোগেন নাই

নগেনৰ মতে মানুহ ধনী হৱ পাৰিছেঃ একমাত্ৰ ঠিকা কৰি।

 সেয়ে নগেনে ঠিকাৰ কাম কৰাৰ সিদ্ধান্ত ললে।

চৰকাৰী বিষয়াক খাতনি ধৰি নগেন আৰু বন্ধু খগেন, যোগেন তিনিও মিলি ৰাষ্টাৰ কাষত গছপুলি ৰোৱা কাম এটা হাতত ললে।

 তিনিও কম সময়ৰ ভিতৰতে ধনী হোৱাৰ আশাত পুৰাদ্দমে কামত লাগিল।

 টিকা ফটা ৰ'দত কাম কৰাৰ ফলত যোগেন বেমাৰত পৰিল কিন্তু নগেন আৰু খগেনে কাম কৰিয়ে থাকিল।

 নগেন আৰু খগেনৰ কামত আচৰিত হৈ মানুহ এজনে সুধিলেঃ হেৰি ডাঙৰীয়া সকল এই টিকা ফটা ৰ'দত কিয় মিছাতে এনেকৈ কাম কৰি আছে।

 নগেনঃ ঠিকাৰ কাম হাতত লৈছো কিয় মিছাতে কাম কৰিম। . . . .

মানুহজনঃ তেনেহলে কি কৰি আছে এজনে যে গাত খান্দি আছে আৰু এজনে যে গাত বোৰ পুতি আছে।

 নগেনঃ অ সেইতো আমি তিনিজন আছিলো।

 মোৰ কাম গাত খন্দা যোগেনৰ কাম গছপুলিটো গাতত সমুৱাই দিয়া আৰু খগেনৰ কাম গাতটো পুতি দিয়া। . . . . . . . . .


.যোগেন নাই বাবে আমি আমাৰ কৰ্তব্য কৰি আছো।

by:কেছ টো নগেন

Sunday 6 October 2013

মাখনী পেহীৰ কাহিনী

আমাৰ মাখনী পেহীৰ কাহিনী এয়া !!

 বসয় তেঁওৰ এতিয়া তিনিকুৰি, ছাৰি মাহ ছয় দিন ।
তথাপি এতিয়াও ছালে চকুৰোৱা ।

মাখনী যেন সাইলাখ মাখনী ।

মাখন যেন দুগালত তেজে ফুটু ফুটু----প্রসাধন হবলা কমকৈ কৰে ।

নিজকে সাজি কাঁছি ধুনীয়া কৰি ৰখাটোয়েই যেন তেঁওৰ একমাত্র কাম ।

 এদিনাখন মাখনী সাজি কাঁছি কৰবালৈ গৈ আছিল !! 

তেনেতে পিছফাল পৰা এক আছৰিত কন্ঠষ্বৰ শুনিলে---- " তুমি আৰু ছল্লিশ বছৰ জীয়াই থাকিবা "

 তাই ইফালে সিফালে ঘূৰি ছালে, কিন্তু কাকো দেখা নাপালে !!
 অলপ দূৰ আগুৱাই গ'ল ! আকৌ শুনা পালে, সেই কন্ঠষ্বৰ ।

 তাই মনতে ভাবিলে ---" এইয়া হয়তু ভগবানৰ আহ্বান, আৰু ছল্লিশ বছৰ যেতিয়া জীয়াই থাকিমেই নিজকে আৰু অধিক সুন্দৰী কৰি তোলো " !!

 গ'ল বিউটি পার্লাৰ---- ছুলি কাটি, ফেছিয়েল কৰি সাইলাখ ষোল্ল বছৰীয়া গাভৰু জনী হৈ ওলাই আহিল !!

 আহি থাকোতে বাটত এখন বাছে তাইক মহতিয়াই নিলে----

 ওপৰত গৈ তাইৰ আত্মাটোয়ে ভগবানক সুধিলে ----

আপুনিটো মোক ছল্লিশ বছৰ আৰু জীয়াই থাকিবা বুলি কৈছিল ??

 ভগবানৰ উত্তৰ -----






















. . . . . . . . . . . . . . . . . . . . ছৰী য়াৰ, মই তোমাক ছিনি নাপালো !!

By: Dípankar Nath

Friday 4 October 2013

মানৱ জাতিৰ ঐতিহাসিক যাত্ৰা

(অলপ ধেমালি: খাটি অসমীয়া ৰগৰ)

 ২০৫০ চন।

 আমেৰিকা, ইংলেণ্ড আৰু আমাৰ 'খাৰ-খোৱা' মহাকাশচাৰী তিনিজনক লৈ কেপলাৰ-২২ 'মহাকাশ যান'-খন পূৰ্ণ গতিত মংগল গ্ৰহ লৈ গৈ আছে।

এয়া মানৱ জাতিৰ এটা ঐতিহাসিক যাত্ৰা।

পৃথিৱীৰ মানুহৰ প্ৰথমটো মংগল গ্ৰহ যাত্ৰা। .

 মংগল গ্ৰহত 'লেণ্ড' কৰাৰ পিছত, প্রথম আমেৰিকাৰ মহাকাশচাৰী জন নামিল।

পৃথিৱীৰ লগত দূৰ-সংযোগ হৈ থকা কেমেৰাৰ সন্মুখলৈ আহি তেওঁ ক'লে,

 "…এয়া মানৱৰ এক ঐতিহাসিক পদক্ষেপ…!" .

 তাৰপাছত ইংলেণ্ডৰ জন নামিল, আৰু ক'লে…

 "…আমি অসম্ভৱক, সম্ভৱ কৰি দেখুৱালে…!" .

 এইবাৰ আমাৰ জন নামিল।
 নামিয়েই 'গা'টো বেঁকা কৰি, এঙামুৰি এটা দিলে…!

 দীঘল হাঁমি এটা মাৰিলে…!

 লাহে-লাহে গৈ কেমেৰাৰ সন্মুখত থিয় দিলে…!

কিছু সময় কেমেৰালৈ চালে…!

 তাৰপাছত ক'লে: … . . . . . . . . . . "






…ইউউউ হুহ্ হুইইই…! আজি পূৰা 'মাল' খাম…!"

By: Udoy Senapoti

Saturday 7 September 2013

নাজানিলে নাজানুং কব লাগে

এটা শিয়ালে নিজকে বৰ দাদা বুলি ভাবে,

এদিন শিয়ালে DON NO 1 চিনেমা খন ছাই হাবিৰ মাজেৰে চিগাৰেত সুপি সুপি গৈ আছিল.....

তেনেতে এটা নিগনি তাৰ সন্মুখত আহিল.....
 শিয়ালে নিগনিক এক লাদ মাৰি দিলে, নিগনি তিন লুতি খাই পৰিল,

শিয়ালে নিগনিক সুধিলেঃ ঐ নিগনি বনৰ ৰজা কোন...?
 নিগনিঃমহাৰাজ আপুনি....
শিয়ালঃঊম, কোনোবাই কিবা কলে মোক কবি।

তাৰ পাছত শিয়াল আগ বাহিল,এইবাৰ শিয়ালে এটা সেপাক পালে,
শিয়ালে সেপাক কান এখনত ধৰি উঠাই দিলে,শিয়ালৰ একেই প্ৰন্শ বনৰ ৰজা কোন...?
সেপাঃমহাৰাজ আপুনি। শিয়ালঃউম,কোনোবাই কিবা কলে মোক কবি..।

 তাকে কৈ শিয়াল গৈ থাকিল,অকনমান দুৰৈত এটা হাটীয়ে কল গছ খাই থকা শিয়ালৰ চকুত পৰিল,

 শিয়ালে গৈ হাটীৰ টিকাত খুছিবলৈ ধৰিলে,আৰু কৈছেঃ ঐ ঐ বনৰ ৰজা কোন, বনৰ ৰজা কোন...?

হাটীৰ খং উঠিল আৰু এক লাদ মাৰি দিলে শিয়ালক শিয়াল উফৰি গৈ বান্দৰ এটাৰ সন্মুখত পৰিল,

বান্দৰে খিক খিক কৈ হাহিঁ দিলে,

তেতিয়া শিয়ালে কৈছেঃনাজানিলে নাজানুং কব লাগে এনেকে লাদ মাৰি দিব নালাগে নহয়...


Saturday 24 August 2013

ছাৰ আপোনাৰ পেণ্টটো

নগেন আৰু ভদৰামে পৰীক্ষা দি আছিলে।

 প্রশ্নকাকত আছিলে বৈদ্য tough নিৰীক্ষকজন আকৌ সাংঘাতিক কাঢ়া।
 কাকো নকল মাৰিবলৈ সুযোগ দিয়া নাই। নগেন-ভদৰামে টুকলি উলিয়াব পৰানাই, কিয়নো নিৰীক্ষকে মিনিট মিনিটে পাক মাৰি আছে।
এনেতে নগেনে টুকলি এটা লৈ নিৰীক্ষকৰ হাতত দিলেগৈ।
 সেইটো পঢ়ি নিৰীক্ষকে চকীত গৈ যি বহিল আৰু নুঠিলেই!
 গোটেই ক্লাছৰ লৰাবোৰে বিন্দাছ পৰীক্ষা দিলে।
পৰীক্ষা শেষ হোৱাৰ পিছত লৰাবোৰে আহি নগেনক চাবাচী দিলে...
"তই ছাৰক কি যাদু কৰি অ", বহিল যে বহিয়েই থাকিল!"




 নগেন- মই টুকলি এটা লিখি ছাৰক দিলোঁ- "ছাৰ আপোনাৰ পেণ্টটো পিছফালে ফটা!"

By: Ashish Majumdar

Sunday 18 August 2013

নগেনৰ 'ইংৰাজী'

নগেনৰ আকৌ বহুদিনৰ পৰাই 'ইংৰাজী' কোৱাৰ অভ্যাস এটা আছে দেই। …ভুলে-শুদ্ধই কৈ থাকে আৰু।

 এদিন এই নগেনেই, বহু বছৰৰ পুৰণি বন্ধু, আমাৰ 'আশীষ দা'-ক লগ পালে।

 …তাৰ পিছত বহুত কথাই পাতিল দুয়ো। মাজে-মাজে নগেনৰ 'ইংৰাজী'…।


 এবাৰ বহু সময় 'আশীষ দা'-ৰ মুখলৈ চাই থাকি, নগেনে ক'লে, "…দোস্ত, তোৰ কিন্তু character টো একদম বেয়াহৈ গ'ল।"

 'আশীষ দা'-ৰ মুখৰ মাত হৰিল। ই কি কয়…!! কৰবাত কিবা বেয়াকৈ শুনিছে নিকি ??


তথাপি লাহেকৈ সুধিলে, "… কি হ'ল নো…?"

 : … … … এস্ নহয় অ', আগতে তই বৰ 'বগা-চগা' টো আছিলি আক'…!!


 … …এনেকৈ 'ভুেল-শুদ্ধই' ইংৰাজী কৈ থকাত, আমনি পাই, এবাৰত 'আশীষ দা'-ই সুধিলে, "… তোৰ qualification কিমান হ'লগৈ অ' ?"


 … … … "পাচত বাঢ়িব,…এতিয়া পাঁচ হাজাৰ দি আছে…" !!

By: Bhabani Sonowal