Showing posts with label Assamese Shayeri. Show all posts
Showing posts with label Assamese Shayeri. Show all posts

Wednesday 22 January 2014

জীৱন মৰণৰ কাহিনী

ৰাইজ, যগু দাক চিনি পাইনে ?

সাংঘাটিক মানুহ এইজন, বিবাহিত যদিও ছোৱালীৰ প্ৰতি অলপ দুৰ্বল ।

এদিন যগুদা একদম ফুউল ষ্পীডত বুলেটখন চলাই গৈ আছিল । ভট্ ভট্ ভট্ ভট্ ভট্

তেনেতে ট্রাফিক পুলিচ এটায়ে Dhoom 3ৰ বাইকখন চলাই আগভেটি ধৰিলে আমাৰ যগুদাক ।

পুলিচ -- আপুনি এইদৰে ইমান ষ্পীডত কিয় চলাইছে ?

যগু দা -- এইটো এটা মোৰ জীৱন মৰণৰ কাহিনী !

পুলিচ -- কিয় ? কি হৈছে ?

যগু দা -- এজনী ধুনীয়া ছোৱালী মোৰ বেডৰুমত বহি মোৰ বাবে অপেক্ষা কৰি আছে !

পুলিচ -- ইয়াত জীৱন মৰণৰ কি কথা আছে ?

যগু দা -- নিশ্চয় আছে...
.
.
.
.
.
.
.
মোৰ পত্নীতকৈ আগতে মই গৈ ঘৰ নাপালে মোৰ জীৱন শেষ ।
By: Deep Jyoti Nath

Tuesday 21 January 2014

ছোৱালী সম্পৰ্কে কিছু কথা

আহক আজি আমি ছোৱালী সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ...

*ছোৱালী হ'ল ভগৱানৰ আটাইতকৈ অপূৰ্ব সৃষ্টি!
*তাই সৰুৰে পৰাই সকলো কথাৰ কাৰণ বুজি পায়!
*তাই সৰুৰে পৰাই ত্যাগ কৰিবলৈ শিকে।
*তাই চকলেট এটা পালে নিজে নাখাই ভায়েকক দিয়ে।
*তাই মাক-দেউতাকৰ সুখৰ বাবে সকলো কৰিব পাৰে।
*তাই নিজৰ গিৰিয়েক আৰু লৰা-ছোৱালীৰ সুখৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিব পাৰে।
*ছোৱালীবোৰে নিজৰ বাবে নহয়, আনক আনন্দ দিবলৈহে জীয়াই থকে।
*ছোৱালীবোৰ আছে বাবেই সম্পৰ্কবোৰ মধুৰ, পৃথিৱীখন ইমান বাসযোগ্য।
*অতিকৈ সংবেদনশীল হোৱা বাবে প্রেম মৰমৰ প্রতি ছোৱালীবোৰৰ সহাঁৰি ইমান সৌন্দৰ্যৰে ভৰপূৰ আৰু সূক্ষ্মতাৰে পূৰ্ণ!
*ছোৱালীবিহীন ঘৰ এখন কল্পনা কৰক চোন! সেইঘৰ ঘৰ নহয় নৰককুণ্ড হে!
*সৃষ্টিকৰ্তাৰ এই অনুপম সৃষ্টি ছোৱালীৰ বিৰুদ্ধে কোনেও যাতে কোনো অভিযোগ উত্থাপন নকৰে! ছোৱালীবোৰক জোকালেও ভাষাৰ শালীনতা বজাই ৰাখি হে জোকাব। কিয়নো এটা সমীক্ষাত প্রকাশ পাইছে এমাহ কাল ধৰি ছোৱালী এজনীক যদি কোনেও নোজোকায় তেনেহ'লে তাই ভীষণ অৱসাদগ্রস্ত (depression) হৈ পৰে। হীনমন্যতাত ভোগে। জীৱনৰ প্রতি বিৰাগ ভাৱ আহে!
*প্রতি গৰাকী নাৰীক শ্রদ্ধাৰ দৃষ্টিৰে চাওক!! আপুনি নিজেই নাজানিব যে আপোনাৰ বাবে তাই কিমান ত্যাগ কৰিব পাৰে!!!!


By: Ashish Majumdar

‘ৰিতা’জনী কোন...??

যোৱাকালি এজন বন্ধুৰ এক্সিডেণ্ট এটা হ’ল~

সি খবৰ দিয়াত লগে লগে গৈ হস্পিতেল পালোগৈ...

তাত গৈ দেখো বেচেৰাটো বেয়াকৈ জখম হ’ল ! হাত -ভৰি সকলোতে প্লাষ্টাৰ~

পৰিস্থিতিৰ কিছু বুজ লৈ তাক ঘৰত খবৰ দিলেনে নাই সুধিলো..,

খবৰ দিয়া নাই বুলি ক’লত ময়েই তাৰ ঘৈণীয়েকলৈ ফোনটো কৰি তাৰ সন্মুখত ধৰি দিলো~

: হেল্ল’ জানু..! মই কৈছো..!

ঘৈণীয়েক: “অ’.. ফোন কৰি ভালেই কৰিলা..! ”

“ঘৰত আলু, পিয়াজ, চেনী... ”

বন্ধুৱে সেহাই সেহাই মাত দিলে,
“ৰবাচোন.., মোৰ কথা শুনা..!

মই ‘ৰিতা’হঁতৰ ঘৰলৈ গৈ উভতি আহোতে আন্ধাৰ হ’ল,

গাড়ীখনৰ পোহৰটোও কম যে -সেয়ে অলপ দূৰ আহি গৰু এটাক বচাবলৈ গৈ দ খাৱৈ এটাত সোমাই পৰিলো...,

বহু সময় তেনেকৈ থকাৰ পিছতহে গাঁৱৰ মানুহে আহি বচালে...

এতিয়া হস্পিতেলত আছো~

সোঁহাত আৰু সোঁভৰি দুয়োটাই ফ্ৰেকচাৰ্...

ডাক্তৰে ৬মাহ মান ৰেষ্টত থকাৰ কথা কৈছে... আহ.....!! ”
.
.
.
.
.
.
.
.
.
কিন্তু ৰাইজ, বন্ধুজনে ইমান কষ্টৰে ঘৈণীয়েকক কথাখিনি কোৱাৰ পিছত ঘৈণীয়েকে কি ক’লে শুনক..
.
.
.
.
.
.
“সেইবোৰ হ’ব বাৰু..! পিচে সেই যখিনী ‘ৰিতা’জনী কোন...??? ”

#‪#‎চোৰে‬ নেৰে চোৰৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই -যাৰ যি পৰকিতি, মৰিলেও লগত যায়...! ##
By: Hemanta Hazarika

Wednesday 15 January 2014

আশীষদা আৰু সেনাপতি দা

বহুদিনৰ আগৰ কথা…
তেতিয় আশীষদা আৰু সেনাপতি দাৰ কোনো চা-চিনাকি নাই !
আশীষদা এটা প্রকাণ্ড বিলডিংৰ মালিক, যিটো বিল্ডিংত সেনাপতি দা আৰু তেওৰ পৰিয়ালে আজি এসপ্তাহৰ পৰাই ৰুম এটা ভাৰা কৰি বসবাস কৰি আছে !
এদিন সেনাপতি দা ৰাতিপুৱাই বিল্ডিংৰ মালিক আশীষদাৰ ওচৰত গৈ ৰিপর্ট দিলেগৈ-
: চাৰ, আপুনাৰ ৰেচিডেঞ্চিৰ ৩নং তলাৰ চতুর্থ ৰুমটো দেখিছে…
: হয়, দেখিছো …
: তাতে এহাল গিৰিয়েক ঘৈনিয়েক থাকে …
: এৰা থাকেতু ! সিহতে আপুনাক কিবা দিষ্টার্ব দিচে নেকি…?
: দিষ্টার্ব মানে…! গোটেই ৰাতি মহিলা গৰাকীয়ে তেওৰ গিৰিয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া লাগি থাকে !
যাৰ ফলত ওচৰৰ কোনো মানুহ শান্তিত শোব নোৱাৰে, ওচৰৰ সকলোৰে টোপনি ক্ষতি হয় !

পাৰে যদি আপুনি মহিলাক গৰাকীক অলপ বুজাই কবচোন, তেও যেন কেতিয়াও এনেদৰে নিজৰ গিৰিয়েকৰ লগত কাজিয়া লাগি নাথাকে , মনে মনে শুই
থাকে ! মোৰ আপুনালৈ এইটোৱেই অনুৰোধ থাকিল !
আশীষ দাই কিচু সময় চিন্তা কৰি সেনাপতি দাক কলে -
: আপুনি নিশ্চয় সেইটো ৰুমৰ কাষৰ ৰুমটোতে থাকে……?
সেনাপতি দাই তলমুৰ কৰি লাজ লাজ কৈ কলে -
: নহয় ! আচলতে মই…
.
.
.
.
.
.
.
.
.
.
. .
.
.
.
.
.
মহিলাগৰাকীৰ গিৰিয়েক হে …!

Monday 13 January 2014

টি ভি টো চাও দিয়ক

গান্ধীদাই যি কোনো বস্তু কিনোতে ভালকে পৰীক্ষা কৰি লয়,,,,

এইবাৰ ভোগালীত এটা কালাৰ টি ভি কিনি আনিলে,,,,

ঘৰত আনন্দৰ সীমা নাই,,,,

পিছে দুদিন ধৰি টি ভি টো পানীত ডুবাই থলে,,,,,
,,,,,,,,,

তাকে দেখি গান্ধীৰ মিছেছে সুধিলে, আপুনি যে কি কৰি আছে বাৰু,,,
টি ভি টো চাও দিয়ক,,,,

,,,,,,, ,

,,,,,,,,,

,,,,,,,,
গান্ধী -- এ ৰবাহে,, টি ভি টোৰ কালাৰটো যায় নে থাকে পৰীক্ষা কৰিছো,,
By: Prashenjit Khound

দেখিলে স্মাৰ্টনেচ্

বাপৰে..!

মাইকী মানুহৰ কথা কৈছো হে..!

বৰ স্মাৰ্ট দেই আজিকালি মাইকী মানুহবোৰ...

ৰাতিপুৱাৰে পৰা মেজি, ভেলা ঘৰত লাগি থাকি দুপৰীয়া যেতিয়া ঘৰ সোমালোহি, মানুহজনীক ক’লো...
“ভোক লাগিছে..! কি আছে সোনকালে দিয়া..! ”

তেঁও ক’লে,
“উদয় দাৰ বৌয়ে দিয়া ছাগলীৰ জিভা বনাই থৈছো.. ”
.
.
.
.
.
.
.
.
: মই মুখেৰে উলিয়াই দিয়া কোনো বস্তু নাখাঁও..!
এইবুলি ক’বলৈহে পালো,

মানুহজনীয়ে কি ক’লে জানে..!
.
.
.
.
.
.
.
.
.
.
“তেতিয়া হ’লে ‘কণী’ আছে....! বনাই দিঁও নেকি..? ”

দেখিলে স্মাৰ্টনেচ্ !
একো ক’বই নোৱাৰি...


By: Hemanta Hazarika

বৰ ডাঙৰ এক্সিডেণ্ট

যোৱাৰাতি নগেন কাইয়ে বৰ ডাঙৰ এক্সিডেণ্ট এটা কৰিলে~

ট্ৰাক চলাই একেলগে ৫০জন মানুহক মহতিয়ালে....

চিনাকী বুলি খবৰ এটা কৰিবলৈ থানালৈ গৈছিলো,

তাত নগেন কাইক পুলিচে সুধিলে,
“তই একেলগে ৫০টা মানুহ কেনেকৈ খুন্দিয়াবলৈ পালি..? ”

: মানে চাৰ,কুঁৱলী বৰ বেচি যে... আহি থাকোতে পটককৈ দেখিলো আগত এফালে দুটা মানুহ আৰু আনফালে ৫০জন মান মানুহৰ এটা সমদল...

... কি কৰো কি নকৰো ভাবিয়েই নাপালো~ নগেন কাইয়ে উত্তৰ দিলে,

পুলিচে আকৌ ক’লে,
“কিন্তু তই উপায় নহ’লেও সেই সময়ত বাঁওফালে থকা দুজনকে খুন্দিয়াব পাৰিলিহেঁতেন...লোকচান কিছু কম হ’লহেঁতেন..! ”

তাৰ পিছত নগেন কাইয়ে যি উত্তৰ দিলে নহয় শুনকচোন....
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
“চাৰ, মইয়ো সেইটোকে কৰিছিলো.... কিন্তু এটাক খুন্দিওৱাৰ পিছত আনটো দৌৰি সমদলটোৰ মাজলৈ সোমাই দিলে নহয়....! সেয়েহে....... ”

প্ৰকৃততে সঁচা কি আৰু মিছা কি

এই ছোৱালীবোৰ যে আৰু ইমান মিছা কথা কয় নহয়ঃ প্ৰকৃততে সঁচা কি আৰু মিছা কি আহকচোন শুনো আমাৰ দত্ত কাইৰ নিজ মুখেৰেই :
১) 'আই মিচ ইউ'
[প্ৰকৃততেঃ টাইম পাছ কৰিবলৈ একো নাই, তোমাকেই বলি কা বকৰা বনালো]
২) 'আই এম চিঙ্গল'
[প্ৰকৃততেঃ মোৰ পুৰণা বয়ফ্ৰেণ্ডটো একেবাৰে ভিক্ষাৰী হৈ গ'ল বে, এইবাৰ তোমাৰ পাল]
৩) 'জেঠাইৰ ছোৱালীজনীৰ লগত কথা পাতি আছিলো জান'
[প্ৰকৃততেঃ বেছি ঔকাদ নেদেখাবি বে তোৰ নিচিনা আৰু চাৰিটা ৱেইটিংত আছে]
সঁচা যেন লাগিছে নে বাৰু কথাকেইটা !
তেনেহলে পলম কিহৰ লাইক এটা মাৰি দিয়ক আৰু ! যিমানে শ্বেয়াৰ কৰিব,
ছোৱালীবোৰে সিমানে লাজ পাব !
আহক শ্বেয়াৰ কৰো !
By: Arindam Ðütta Jãñtü

Monday 6 January 2014

আজি ওজন লওকচোন

নিভাই চাকৰিৰ বাবে কোম্পানী এটাত ইণ্টাৰভিউ দিবলৈ গল।
মেনেজাৰ - তোমাৰ ওজন ৪২ কি:গ্ৰা: । আমি ৪০কি:গ্ৰা: ওজনৰ ছোৱালীকহে চাকৰি দিম।
নিভাই একো নকৈ গুছি আহিল।
পিছদিনা নিভা পুণৰ কোম্পানীটোলৈ গল।
মেনেজাৰ- তোমাক কৈছিলো নহয় তোমাৰ ওজন ৪২ কেজি হোৱাৰ বাবে চাকৰিটো নহব বুলি।
নিভা- চাৰ ,আজি ওজন লওকচোন।
মেনেজাৰ - বৰ দিকদাৰ দিয়াহে তোমালোকে । থিক আছে বাৰু ।
আকৌ ওজন লৈ ,
মেনেজাৰ - আৰে আজি ওজন দেখুন ৪০ কেজি। ৰাতিটোতে ২ কেজি ওজন কেনেকৈ কমালা।
নিভা লাজুকি হাঁহি মাৰি - আজি মেকআপ কৰা নাই আক ।

ফেহুৰ কইনা চোৱা

ফেহুৰ কাৰণে ঘৰৰ ফালৰ পৰা কইনা বিচাৰি আছে ৷ মুঠতে এইবাৰ তাৰ বিয়া পাতিব ৷ ফেহু হ’ল মোৰ একমাত্ৰ বন্ধু ৷ ফেহু নামটো সন্ধি ভাঙি চালেই আপুনি নিজেই বুজি পাব তাৰ নামৰ অৰ্থ (ফেঁচা + হুদু = ফেহু )৷ পিচে জন্ম কুণ্ডলিত তাৰ আচল নাম বাপেকে ৰাখিছিল ‘যম’ বুলিহে ৷ কাৰণ সি জন্মাৰ পিচতে হেনো মাক ঢুকাইছিল সেই কাৰণে বাপেকে তাৰ নাম যম ৰিখিছিল ৷ পাচত পঢ়াশালিত নাম লেখি দিওতে বহুতৰ বুজনিত তাৰ নাম ৰাখিলে ‘অনল’ বুলি ৷ কিন্তু অলপ ডাঙৰ হোৱাৰ পিচত তাৰ নামটো লৈ ছোৱালীবোৰে ফিচিঙা-ফিচিঙি কৰিব ধৰাত সি তাৰ নামটো সলনি কৰি কৰিলে ‘অনিল’ ৷ আমাৰ বন্ধুসকলৰ মাজত সি ফেহু বুলিয়ে জনাজাত ৷ তাৰো কোনো আপত্তি নাই ৷ তাৰ কিন্তু কীৰ্তণ, নামঘোষাত বৰ গিয়ান ৷
অ’ কি কৈ আছিলো ? অ’ মনত পৰিছে – ফেহুৰ বিয়া ৷ হয় ঠিকেই শুনিছে, ফেহুৰ কাৰণে কইনা বিচাৰিব ধৰিছে ঘৰৰ মানুহে ৷ আৰু এঠাইৰ পৰা খবৰো আহিল ৷ সিহতৰ ঘৰৰ মানুহে ছোৱালীজনী চায়ো আহিল ৷ ছোৱালীৰ ঘৰ আমাৰ গাঁওৰ পৰা ২৫ কি.মি. মান নিলগত ৷ মাজতে এখন প্ৰকাণ্ড অৰণ্য ৷
ছোৱালী চাই অহা কেইজনৰ মতামত হুবহু এনেধৰণৰ –
১ম মানুহ – ছোৱালীজনী সাইলাখ লক্ষী, কিন্তু ওপৰৰ দাঁত পাৰি মাত্ৰ অলপ বাহিৰ ওলোৱা ৷ বাকী ভাল ৷
২য় মানুহ – ছোৱালীজনী দেখাত বৰ সুন্দৰ, কিন্তু ৰঙতো কলা ৷ তাতে কি হ’ল, কৃষ্ণৰো ৰঙ কলা আছিল দেখোন ৷
৩য় মানুহ – বাকী সব ভাল মাত্ৰ পেটতো অলপ ওলোৱা ৷
সকলোৰে কথা শুনি ফেহু আৰু মই থিক ধৰিব পৰা নাই আচলতে ছোৱালীজনী দেখাত কেনে হব ৷ সেয়েহে দুয়ো ঠিক কৰিলো এদিন দুয়ো গৈ ছোৱালীজনী চাই আহিম ৷
কথামতেই কাম, ফেহুই এজন বন্ধুৰ পৰা এজোৰ কা্পোৰ ললে, ঠিকে আছে মাত্ৰ অলপ লুজ হৈছে ৷ মুঠতে কাম চলি যাব ৷ ময়ো মোৰ বন্ধুক নিম বুলি এজনক তেল মাৰি পুৰণা ‘য়ামাহা’ বাইক এখন জোগাৰ কৰিলো ৷ এইমতে এদিন ছোৱালী চাবলৈ দুই বন্ধু যাত্ৰা কৰিলো শুভ দিন-বাৰ চাই ৷
আমি যাত্ৰা আৰম্ভ কৰি কিছুদূৰ গৈ, অলপ দূৰ পোৱাৰ পিচত চিনাকি মানুহে নেদেখে বুলি নিশ্চিন্ত হৈ দুয়ো দুটা চিগাৰেট জলাই লৈ বাইকত শ্বোলে চিনেমাৰ জয় আৰু বিৰুৰ দৰে গৈ আছো ৷ মাজে মাজে চিগাৰেটৰ টান দিছো ৷ মুঠতে বিন্দাচ গৈ আছো ৷ মোৰ বাইকখনৰ হৰ্ণটোৰ বাহিৰে বাকি সব পাৰ্টচৰ পৰা নানা শব্দ ওলাই এনে এক পৰিবেশ হৈছে যেন আমাৰ লগত কোনোবাই চেনহাই বাদন কৰিহে গৈছে ৷ মুঠতে সব মিলি বিন্দাচ গৈ আছো ৷ গৈ গৈ দুয়ো গাঁওৰ মাজৰ অৰণ্যখন পালো ৷ আমিও অলপ গহিন হলো ৷ ৰাস্তাটো ঠেক ৷ গৈ গৈ আমি ৯০ ডিগ্ৰিৰ কেকুৰিটো পালো ৷ কেকুৰিটো ঘুৰিয়ে আমাৰ মূৰ ঘুৰি গ’ল ৷ সন্মুখত এখন কাঠৰ দলং আৰু দলঙৰ ওপৰত এটা প্ৰকাণ্ড দাঁতাল হাতি ৷ মোৰ হাত-ভৰি কপিব ধৰিলে ৷ হাত-ভৰি বাদ দিয়ক মোৰ বাইক পৰ্য্যন্ত কপিব ধৰিলে ৷ বাইকৰ ষ্টাৰ্ট বন্ধ হৈ গ’ল ৷ মই ভয়ে ভয়ে ফেহুক চালো পিচ ফালে ৷ কিন্তু ফেহু চিটত নাই, মোৰ মূৰ ঘুৰি গল ৷ ঠেক ৰাস্তা পলাবও ঔপাই নাই ৷ ইপিনে দুয়োপিনে জংগল ৷ এনেতে দেখো ফেহুক দেখিলো, সি ৰাস্তাত দীঘল দি পৰি কিবা কিবি বকি আছে ৷ শুনিলো, সি গজেন্দ্ৰা উপাখ্যান আৰু নামঘোষাৰ পদ মাতি মাতি হাতিটোক প্ৰাৰ্থণা কৰিবা লাগিছে ৷ মাজতে কৈছে ‘কৈত গৈলা মাও, কৈত গৈলা বাপ, আজি হস্তিৰ শুৰে প্ৰাণ চলি যা্য়’ ৷ দুয়োৰে অৱস্থা সাংঘাতিক ৷ এনেতে জংগলৰ পৰা মাত এটা ভাহি আহিল – ওই ভয় নাখাবি, মই ইয়াত আছোদে ৷ মই চালো, কিন্তু কাকো দেখা নাপালো, মনতে ভবিলো টাৰ্জান জাতীয় কিবা নেকি ? নাই, অলপ পিচত দেখিলো মানুহ এজন থি্য দি আছে, বোধহল সি পায়খানা কৰিব গৈছে৷ মানুহ জনে কলে ভয় নাখাবি, মোৰ হাতি যা, একো নকৰে ৷ মই তাক কলো যে হাতিটো অলপ ৰাস্তাৰ পৰা গুচাই দিবলৈ ৷ সি কিবা এটা কলে আৰু হাতিটো দলংৰ পৰা নামি জংগলত সোমাই গল ৷ তেতিয়ালৈ ফেহুও উঠি থিয় দিছে ৷ দেখিলো, তাৰ চোলাত বোকা-ধূলিৰে ভৰ্তি ৷ সি এতিয়া নাযা্য় ছোৱালী চাব ৷ বহুত বুজাই মেলি তাক সন্মত কৰালো ৷ মই তাৰ কাপোৰ-কানি জাৰি-জোকাৰি দিলো ৷ পেন্টৰ পিনে চাই দেখিলো তিতি আছে, মিছা কলে কিডাল হ’ব, মোৰো দুটুপ মান ওলাইছে ৷
শেষত ছোৱালীৰ ঘৰ পালো ৷ আথে-বেথে আমাক বহিব দি খুৱালে ৷ আমাৰ টেনচন, সোনকালে জংগলৰ ৰাস্তা পাৰ হব লাগে ৷ গতিকে খাই উঠিয়ে কলো – যাও দিয়ক আমি ৷ ছোৱালীঘৰৰ মানুহে কলে, কিহে ছোৱালী নেদেখাকৈয়ে যাবা নেকি ? হয়তো, আমি বহিলো ৷ এজনীয়ে তামোল পান দি গল ৷ আন এজনীয়ে দুয়োকে দুখন গামোচা দিলে, ফেহুই দেখোন টপকৈ সেৱা কৰি দিলে এইজনীক ৷ ছোৱালী একে জাপে ঘৰৰ ভিতৰত সোমাল ৷ কোনোবা এজনীয়ে কলে, কি কল্লাহে বাপু, কইনাটুকে সেৱা কল্লা দেখুন ৷ ফেহুই মোৰ কানৰ কাষত কলে, মই ছোৱালীৰ মাক বুলিহে ভাবিছিলো ৷ যাহওক, সকলো নিয়ম-নীতি শেষ কৰি আমি দিনৰ পোহৰতে ঘৰ ওলালোহি ৷
ইমানৰ পাচত আপুনি আশাকৰি আছে নেকি, ফেহুৰ বিয়া খাম বুলি ?

মিছা কলে কিডাল হ'ব

এবাৰ কেইজনমান জাপানী পয্যটক অসমলৈ আহিল | উদ্দেশ্য অসমৰ উন্নয়নৰ বুজ লোৱা | আমাৰ অসমৰ মুখ্যমন্তী মানণীয় হঁাহিৰাম গগৈ ডাঙৰীয়াই তেওঁলোকক গোটেই অসমখন দেখুৱালে | অসমৰ অনুন্নত আৰু কদয্য ৰূপ দেখি-----

জাপানী পয্যট-- অসমখন এতিয়াও বহুত পিছপৰি আছে |

হাঁহিৰাম গগৈ- হে..হে..হে.. মইটো উন্নয়ন কৰিয়েই আছো |

পয্যটক-- এবছৰৰ বাবে অসমখন আমাক দিয়ক, আৰু চাই থাকিব অসমখন জাপান বনাই দিম |

গগৈ-- এ.ব.ছ.ৰ. হে..হে..হে...... জাপানখন মোক দিয়ক, মিছা কলে কিডাল হ'ব মইতো দুমাহতে জাপানখন অসম বনাই দিম..............

দত্ত অৰু তেওঁৰ পৰিবাৰ

আমাৰ দত্তৰ বিয়াৰ পাচ বছৰমান পিছৰ কথা.........
.
.
দত্ত অৰু তেওঁৰ পৰিবাৰ এখন ৰেষ্টোৰেন্টত সোমাল । কিবা এটা খাই লোৱাৰ উদ্দেশ্যে । দত্তহঁত বহা টেবুলখনৰ বাদে গোটেই ৰেষ্টোৰেনখন ধুনীয়া ধুনীয়া গাভৰু ছোৱালীৰে ভৰি আছিল । দত্তই টেবুলত বহিয়েই ছোৱালী কেইজনীৰ ফালে চকু দিলে ।
.
দত্তৰ পত্নী:- (খঙেৰে) কি চাই আছা ইমানকৈ....... ?
.
দত্ত:- ( লাহেকৈ) নিৰামিষ খালো বুলি মেনু খনো চাব নোৱাৰি নেকি...... ?
.
.
.
বুজি পালে লাইক এটা দিব ।

Saturday 4 January 2014

তুমি হাঁহিব নাজানা নেকি ?

আজি এজনী ছোৱালী লগত
ছ্যাট কৰি আছিলো --

তাই সুধিলে ---- তুমি হাঁহিব নাজানা নেকি ?

..... কিয় সুধিলা ??

----- নহয় মানে, তোমাৰ হাঁহি থকা ফটো এখনো দেখা নাই যে ।

অলপ সময়ৰ পিছত সুধিলো
তাইক ----

.....তুমি সদায় গা ধোৱা নে ?

তাই : ও ধোঁও তো, কিয় সুধিলা ?

উত্তৰ দিলো :

..
..

....নহয় মানে, তোমাৰ গা ধুই থকা ফটো এখনো দেখা নাই !!

(দিলে বাপ্পেকে ব্লক কৰি)


By: Dípankar Nath

Assamese Joke


জল্‍দি দিয়ে যদি দিয়ক

বন্ধুসকল, আপোনালোকে জানেই 'বাবলু'ৰ ঘৰ গুৱাহাটীত..
নিতৌ ছিটিবাছে ঘৰৰ পৰা দোকানলৈ 'আহ-যাহ' কৰে ...!

আজি ও আহিল এখন ছিটিবাছত উঠি দোকানলৈ বুলি...

কাষৰ ছিট টোত এজনী ভদ্র মহিলা নিজৰ দুবছৰীয়া ল'ৰাটোৰ সৈতে সৈতে বহি আহিছে ।

ল'ৰাটোৰ হাতত এটা মিঠাই পেকেট,
.....সি খোৱা নাই, হাতত লৈ পেকেটটোৰ সৈতে খেলি আছে ।

মাক : সোণটো, জল্দি মিঠাই খিনি খাই লোৱা নহ'লে কাষত বহি থকা খুড়াজনক খাবলৈ দি দিম !

নাই বাচ্ছা টোয়ে খোৱা নাই, সম্ভবত: তাৰ ভোক নাছিল !!

মাকে আকৌ ক'লে --

.....সোণটো জল্দি খাই লোৱা নহ'লে খুড়াক দি দিম !

..
..
..
..

এইবাৰ বাবলুয়ে গৰজি উঠিল---

খুড়ী, জল্‍দি দিয়ে যদি দিয়ক মিঠাইখিনি, আপোনাৰ মিঠাইখিনিৰ লোভতে মই তিনিটা বাছ ষ্টেপ বেছিকৈ আগুৱাই আহিলো ।
By: Dípankar Nath

Tuesday 31 December 2013

যুগান্ত দা আৰু বাবলু দা

যুগান্ত দা আৰু বাবলু দাৰ কথাবার্তা:-

বাবলু:- শুনিছে যুগু দা, আমাৰ ঘৰত মোৰ ৰাজত্ব চলে। মই যি কও মানুহজনীয়ে চুপ-চাপ তাকে শুনে।
.
.
.
.
যুগান্ত :- মোৰ মানুহজনীয়েও মোৰ কথা শুনে। গৰম পানী লাগে বুলি ক'লেই দি দিয়ে।
.
.
.
বাবলু:- আপুনি কি গৰম পানীৰে গা ধুৱে নেকি?
.
.
.
যুগান্ত:- নহয় হে... গৰম পানীৰে বাচন ধুলে বেছি ভালদৰে চাফা হয়। বুজিছানে??
By: B.n. Rupam

Sunday 29 December 2013

বুকিং মালৰ ওপৰত চকু নিদিব

.....'বুকিং মালৰ ওপৰত চকু নিদিব' !

আপুনি যদি কেতিয়াবা সেই পুৰণি কলীয়া বাছখনত উঠিছে, তেন্তে নিশ্চয় দেখিছে এই আপ্ত বাক্যশাৰী ।


সঁছাকৈ, আনৰ 'বুকিং-মাল'ৰ ওপৰত চকু দিয়াটো অযুক্তিকৰ !

.
.

এই বাক্যশাৰী সাৰোগত কৰিয়ে কাৰোবাৰ কপালত এটা ৰঙা ফোট (বুকিং-ছিম্বল) দেখিলে দূৰতে আতঁৰ হৈছিলো । ঘূণাক্ষৰেও দৃষ্টি নাযায় সেইফালে !

কিন্তু

আজিৰ আধুনিক বোৱাৰীহঁতে কপালত সেন্দুৰৰ ফোট ল'লে কিবা 'আউটডেটেত-ফেশ্বন' বুলি ভাবে নেকি ?

ধৰিবই নোৱাৰি কপালৰ ফোটটো, একেবাৰে 'ৰাউডী ৰাথোৰ' চিনেমাখনত 'অক্ষয় কুমাৰে' মাৰা দৰে 'ম'বাইলৰ ফ্লাছ' মাৰি চাব লাগিব, তেতিয়াহে যদি দেখা পায় ----

'নিগনিয়ে মল ত্যাগ' কৰাৰ দৰে কপালত অকণমান ...!

..
..

পিন্ধনত কি চাবা ?

'জীনছ পিন্ধে, -- শ্লীম ফিট'
'চুৰিদাৰ পিন্ধে, --ক্লীভ লেছ' !

..
..

এবাৰ যদি ঘূৰি চাঁও....

তেতিয়া হয় ---- 'উতনুৱা ডেকাৰ অসত্‍ অভিপ্রায়' !

..
..

কেতিয়াবা ভাবি দুখ লাগে ---

"আমাৰ পিছৰ প্রজন্মই হয়তু 'আইৰ-আছল' কি বস্তু দেখা নাপাবা ..." !

তাতে কি হ'ল ?
(So what ?)

আমিও টো 'ডাইনোছৰ' দেখা নাছিলো ?

কেতিয়াবা কাৰোবাক কিবা দোষ দিছো জানো, নাই দিয়া !

এনেকৈ চলি আছে আমাৰ সমাজ ব্যবস্থা, ছলি থাকিব এনেকৈ .....!

(যাৰ যি ইচ্ছা....হাত দাঙি-দাঙি নাছা)

..
..

বি: দ্র: কাৰো সেন্দুৰক অপদস্থ কৰিবলৈ অপচেষ্টা কৰা হোৱা নাই ।

ঘৰ বনোৱা ঠিকাদাৰ

পঢ়ক এবাৰ নিজৰেই গৌৰৱ বাঢ়িব মূহুৰ্ততে:
....................................................
তিনিজন ঘৰ বনোৱা ঠিকাদাৰৰ মৃত্যুৰ পাছত স্বৰ্গত :
এজন আছিল পাকিস্থানী এজন চিনৰ আৰু আনজন আছিল আমাৰ ভাৰতৰ ।তিনিওঁজনকে স্বৰ্গৰ দূত এজনে স্বৰ্গৰ প্ৰবেশদ্বাৰৰ গেট খনৰ সন্মুখতে ৰাখিলৈ ক'লে :তহঁতটো একো একোজন ভাল ঠিকাদাৰ কথাটো হ'ল আমাৰ এই গেটখন পুণৰ নিৰ্মান কৰিব লাগে ,তহঁতে আন্দাজ লগাচোন কিমান টকা খৰচা হ'ব।
চবতকৈ প্ৰথমে পাকিস্থানী ঠিকাদাৰজনে মাত লগালে ,মোৰ হিচাবত 9000হাজাৰ টকাত এইখন ধুনীয়াকৈ বনাব পৰা যাব ।
তেতিয়া দূতে সুধিলে কি হিচাবত তুমি এই অনুমান কৰিলা ? ঠিকাদাৰে ক'লে 3000হাজাৰ বস্তু বাহানীবোৰ কিনোতে, 3000হাজাৰ লেবাৰৰ আৰু 3000হাজাৰ মুনাফা মানে ঠিকাদাৰৰ লাভৰ ।
এইবাৰ চিনৰ ঠিকাদাৰে অনুমান লগালে : 33000হাজাৰত হৈ যাব ধুনীয়াকৈ।।
দূতে সুধিলে কি হিচাবত তুমি এই অনুমান কৰিলা ?
চিনৰ ঠিকাদাৰে ক'লে:
11000হাজাৰ বস্তু বাহানীবোৰ কিনোতে, 11000হাজাৰ লেবাৰৰ আৰু 11000হাজাৰ মুনাফা মানে ঠিকাদাৰৰ লাভৰ ।।
যেতিয়া দূতে ভাৰতৰ ঠিকাদাৰ জনক অনুমান লগাবলৈ ক'লে ,
ভাৰতৰ ঠিকাদাৰে অলপো একো নিৰিক্ষন নকৰাকৈয়েই আনকি গেটখনৰ ফালেওঁ নোছোৱাকৈয়েই অনুমান লগালে 29000 হাজাৰত কাম হৈ যাব আৰামত ।।
দূতে সুধিলে কি হিচাবত ক'লা তুমি ?
ভাৰতৰ ঠিকাদাৰে ক'লে "10000 আপোনাৰ 10000 মোৰ.....বাকী থকা 9000হাজাৰ পাকিস্থানী ঠিকাদাৰক দি দিম ............সি 9000হাজাৰত এনেওঁ ভাল গেট বনাই মই জানো তাক আগৰ পৰাই ।।
By: Amar Jyoti Nath

ফিউজ লাইভ

ফিউজ লাইভৰ টিভি শ্ব' চলি আছে..
মহিলা এংকৰ- হেল্ল্, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
- মই দিছপুৰৰ পৰা কৈছো
মহিলা এংকৰ- ওৱাও ময়ো দিছপুৰত থাকোঁ, দিছপুৰৰ ক'ত?
- কল্পতৰু পথ।
মহিলা এংকৰ- ওৱাও ময়ো কল্পতৰু পথত থাকোঁ, কল্পতৰু পথৰ কোনখিনিত থাকে?
- ডলফিন এপাৰ্টমেণ্ট!
মহিলা এংকৰ- কি আচৰিত! ময়ো সেইটো এপাৰ্টমেণ্টতে থাকোঁ! আপোনাৰ ফ্লেট নাম্বাৰ কিমান?
.
.
.
- মই তোমাৰ হাজবেণ্ডে কৈ আছোঁ, তোমাৰ ম'বাইল অফ্ থকা বাবে ইয়াতে ফোন কৰিলোঁ। ফ্লেটৰ চাবি ক'ত থৈ গ'লা?

আইৰ সমান হ’ব কোন ?

সৌকাধৰাৰ মাক আৰু পাঠকৰ মাকে লগ হৈ বিয়নি মেলৰ বাবে সমবেত হৈছে | স্থান- দুয়োৰে নিজৰ নিজৰ নঙলামুখ | আলোচনাৰ বিষয়, বৰুৱাৰ জীয়েকৰ হালোৱাটোৰ লগত থকা পিৰীতি, কেওটৰ মুখচোকা বোৱাৰীজনীৰ বদনাম, ৰায়ৰ পুতেকৰ তিৰোতাসেৰুৱা স্বভাৱ আদিকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তু |
এনেতে দুয়ো দূৰৰ পৰা কোনোবা আহি থকা দেখা পালে | দূৰৰ পৰা আলুৰ বস্তা হেন দেখি | অলপ ওচৰ পোৱাত সেইটো যে মানুহ পোৱালী দুয়ো কনফাৰ্ম হ’ল | পাঠকৰ মাকে ক’লে " দেখিছেনে সৌকাধৰাণী, কেনে পেটুৱা আপা এটা আহি আছে.... গা ক’ত, মূৰ ক’ত ধৰিবই নোৱাৰি ...... ই বেটাই চাগে ঘি মৌতেই জীয়াই আছে | আজি-কালিৰ মাকবোৰো যে আৰু, ল’ৰা ছোৱালীবোৰক একো এটা কৰিবই নিদিয়ে... এনে ভীম নহৈ কি হ’ব ল’ৰা " "ই যিমান খায়, ১০ টা মানুহ অনায়াসে খাব পাৰিব ...." সৌকাধৰাণীয়ে এড কৰিলে......... " হয়, ঠিকেই কৈছে" .... পাঠকৰ মাকে শলাগিলে | 
ইতিমধ্যে আইসকলৰ আলোচনাৰ চাবজেক্ট তেওঁলোকৰ ওচৰ আহি পোৱাত আই দুগৰাকীয়ে দেখিলে সেয়া পাঠকনীৰ আলাসৰ লাৰু পাঠক পোণা |লগে লগে পাঠকনী আৰ্তনাদ কৰি উঠিল, " আই ঐ বাছা, তই ইমান খীনালি..... হোষ্টেলত খাবলৈ নিদিয়ে নেকি?"


মৰেল অব দা ষ্টৰী : আইৰ সমান হ’ব কোন ?

By:Sushmita Das