Monday 6 January 2014

ফেহুৰ কইনা চোৱা

ফেহুৰ কাৰণে ঘৰৰ ফালৰ পৰা কইনা বিচাৰি আছে ৷ মুঠতে এইবাৰ তাৰ বিয়া পাতিব ৷ ফেহু হ’ল মোৰ একমাত্ৰ বন্ধু ৷ ফেহু নামটো সন্ধি ভাঙি চালেই আপুনি নিজেই বুজি পাব তাৰ নামৰ অৰ্থ (ফেঁচা + হুদু = ফেহু )৷ পিচে জন্ম কুণ্ডলিত তাৰ আচল নাম বাপেকে ৰাখিছিল ‘যম’ বুলিহে ৷ কাৰণ সি জন্মাৰ পিচতে হেনো মাক ঢুকাইছিল সেই কাৰণে বাপেকে তাৰ নাম যম ৰিখিছিল ৷ পাচত পঢ়াশালিত নাম লেখি দিওতে বহুতৰ বুজনিত তাৰ নাম ৰাখিলে ‘অনল’ বুলি ৷ কিন্তু অলপ ডাঙৰ হোৱাৰ পিচত তাৰ নামটো লৈ ছোৱালীবোৰে ফিচিঙা-ফিচিঙি কৰিব ধৰাত সি তাৰ নামটো সলনি কৰি কৰিলে ‘অনিল’ ৷ আমাৰ বন্ধুসকলৰ মাজত সি ফেহু বুলিয়ে জনাজাত ৷ তাৰো কোনো আপত্তি নাই ৷ তাৰ কিন্তু কীৰ্তণ, নামঘোষাত বৰ গিয়ান ৷
অ’ কি কৈ আছিলো ? অ’ মনত পৰিছে – ফেহুৰ বিয়া ৷ হয় ঠিকেই শুনিছে, ফেহুৰ কাৰণে কইনা বিচাৰিব ধৰিছে ঘৰৰ মানুহে ৷ আৰু এঠাইৰ পৰা খবৰো আহিল ৷ সিহতৰ ঘৰৰ মানুহে ছোৱালীজনী চায়ো আহিল ৷ ছোৱালীৰ ঘৰ আমাৰ গাঁওৰ পৰা ২৫ কি.মি. মান নিলগত ৷ মাজতে এখন প্ৰকাণ্ড অৰণ্য ৷
ছোৱালী চাই অহা কেইজনৰ মতামত হুবহু এনেধৰণৰ –
১ম মানুহ – ছোৱালীজনী সাইলাখ লক্ষী, কিন্তু ওপৰৰ দাঁত পাৰি মাত্ৰ অলপ বাহিৰ ওলোৱা ৷ বাকী ভাল ৷
২য় মানুহ – ছোৱালীজনী দেখাত বৰ সুন্দৰ, কিন্তু ৰঙতো কলা ৷ তাতে কি হ’ল, কৃষ্ণৰো ৰঙ কলা আছিল দেখোন ৷
৩য় মানুহ – বাকী সব ভাল মাত্ৰ পেটতো অলপ ওলোৱা ৷
সকলোৰে কথা শুনি ফেহু আৰু মই থিক ধৰিব পৰা নাই আচলতে ছোৱালীজনী দেখাত কেনে হব ৷ সেয়েহে দুয়ো ঠিক কৰিলো এদিন দুয়ো গৈ ছোৱালীজনী চাই আহিম ৷
কথামতেই কাম, ফেহুই এজন বন্ধুৰ পৰা এজোৰ কা্পোৰ ললে, ঠিকে আছে মাত্ৰ অলপ লুজ হৈছে ৷ মুঠতে কাম চলি যাব ৷ ময়ো মোৰ বন্ধুক নিম বুলি এজনক তেল মাৰি পুৰণা ‘য়ামাহা’ বাইক এখন জোগাৰ কৰিলো ৷ এইমতে এদিন ছোৱালী চাবলৈ দুই বন্ধু যাত্ৰা কৰিলো শুভ দিন-বাৰ চাই ৷
আমি যাত্ৰা আৰম্ভ কৰি কিছুদূৰ গৈ, অলপ দূৰ পোৱাৰ পিচত চিনাকি মানুহে নেদেখে বুলি নিশ্চিন্ত হৈ দুয়ো দুটা চিগাৰেট জলাই লৈ বাইকত শ্বোলে চিনেমাৰ জয় আৰু বিৰুৰ দৰে গৈ আছো ৷ মাজে মাজে চিগাৰেটৰ টান দিছো ৷ মুঠতে বিন্দাচ গৈ আছো ৷ মোৰ বাইকখনৰ হৰ্ণটোৰ বাহিৰে বাকি সব পাৰ্টচৰ পৰা নানা শব্দ ওলাই এনে এক পৰিবেশ হৈছে যেন আমাৰ লগত কোনোবাই চেনহাই বাদন কৰিহে গৈছে ৷ মুঠতে সব মিলি বিন্দাচ গৈ আছো ৷ গৈ গৈ দুয়ো গাঁওৰ মাজৰ অৰণ্যখন পালো ৷ আমিও অলপ গহিন হলো ৷ ৰাস্তাটো ঠেক ৷ গৈ গৈ আমি ৯০ ডিগ্ৰিৰ কেকুৰিটো পালো ৷ কেকুৰিটো ঘুৰিয়ে আমাৰ মূৰ ঘুৰি গ’ল ৷ সন্মুখত এখন কাঠৰ দলং আৰু দলঙৰ ওপৰত এটা প্ৰকাণ্ড দাঁতাল হাতি ৷ মোৰ হাত-ভৰি কপিব ধৰিলে ৷ হাত-ভৰি বাদ দিয়ক মোৰ বাইক পৰ্য্যন্ত কপিব ধৰিলে ৷ বাইকৰ ষ্টাৰ্ট বন্ধ হৈ গ’ল ৷ মই ভয়ে ভয়ে ফেহুক চালো পিচ ফালে ৷ কিন্তু ফেহু চিটত নাই, মোৰ মূৰ ঘুৰি গল ৷ ঠেক ৰাস্তা পলাবও ঔপাই নাই ৷ ইপিনে দুয়োপিনে জংগল ৷ এনেতে দেখো ফেহুক দেখিলো, সি ৰাস্তাত দীঘল দি পৰি কিবা কিবি বকি আছে ৷ শুনিলো, সি গজেন্দ্ৰা উপাখ্যান আৰু নামঘোষাৰ পদ মাতি মাতি হাতিটোক প্ৰাৰ্থণা কৰিবা লাগিছে ৷ মাজতে কৈছে ‘কৈত গৈলা মাও, কৈত গৈলা বাপ, আজি হস্তিৰ শুৰে প্ৰাণ চলি যা্য়’ ৷ দুয়োৰে অৱস্থা সাংঘাতিক ৷ এনেতে জংগলৰ পৰা মাত এটা ভাহি আহিল – ওই ভয় নাখাবি, মই ইয়াত আছোদে ৷ মই চালো, কিন্তু কাকো দেখা নাপালো, মনতে ভবিলো টাৰ্জান জাতীয় কিবা নেকি ? নাই, অলপ পিচত দেখিলো মানুহ এজন থি্য দি আছে, বোধহল সি পায়খানা কৰিব গৈছে৷ মানুহ জনে কলে ভয় নাখাবি, মোৰ হাতি যা, একো নকৰে ৷ মই তাক কলো যে হাতিটো অলপ ৰাস্তাৰ পৰা গুচাই দিবলৈ ৷ সি কিবা এটা কলে আৰু হাতিটো দলংৰ পৰা নামি জংগলত সোমাই গল ৷ তেতিয়ালৈ ফেহুও উঠি থিয় দিছে ৷ দেখিলো, তাৰ চোলাত বোকা-ধূলিৰে ভৰ্তি ৷ সি এতিয়া নাযা্য় ছোৱালী চাব ৷ বহুত বুজাই মেলি তাক সন্মত কৰালো ৷ মই তাৰ কাপোৰ-কানি জাৰি-জোকাৰি দিলো ৷ পেন্টৰ পিনে চাই দেখিলো তিতি আছে, মিছা কলে কিডাল হ’ব, মোৰো দুটুপ মান ওলাইছে ৷
শেষত ছোৱালীৰ ঘৰ পালো ৷ আথে-বেথে আমাক বহিব দি খুৱালে ৷ আমাৰ টেনচন, সোনকালে জংগলৰ ৰাস্তা পাৰ হব লাগে ৷ গতিকে খাই উঠিয়ে কলো – যাও দিয়ক আমি ৷ ছোৱালীঘৰৰ মানুহে কলে, কিহে ছোৱালী নেদেখাকৈয়ে যাবা নেকি ? হয়তো, আমি বহিলো ৷ এজনীয়ে তামোল পান দি গল ৷ আন এজনীয়ে দুয়োকে দুখন গামোচা দিলে, ফেহুই দেখোন টপকৈ সেৱা কৰি দিলে এইজনীক ৷ ছোৱালী একে জাপে ঘৰৰ ভিতৰত সোমাল ৷ কোনোবা এজনীয়ে কলে, কি কল্লাহে বাপু, কইনাটুকে সেৱা কল্লা দেখুন ৷ ফেহুই মোৰ কানৰ কাষত কলে, মই ছোৱালীৰ মাক বুলিহে ভাবিছিলো ৷ যাহওক, সকলো নিয়ম-নীতি শেষ কৰি আমি দিনৰ পোহৰতে ঘৰ ওলালোহি ৷
ইমানৰ পাচত আপুনি আশাকৰি আছে নেকি, ফেহুৰ বিয়া খাম বুলি ?

No comments:

Post a Comment