Showing posts with label Assamese Blog. Show all posts
Showing posts with label Assamese Blog. Show all posts

Sunday 6 October 2013

পূজা চেলিব্ৰেচন.......

তিনিজন নলে-গলে লগা দোৰ্ঘোৰ মদপী বন্ধুৱে পূজা অলপ বেলেগ ধৰনে চেলিব্ৰেট কৰাৰ সিদ্ধান্ত ল’লে |

বহু আলোচনা বিলোচনা ৰ পিছত ঠিক হ’ল- অষ্টমী পুজাৰ দিনা আটাইকেইজন যোৰাবাটৰ পাহাৰৰ ওপৰলৈ যাব আৰু দিনটো তাতে বহি মদ খাব !

 নিৰ্দিষ্ট দিনাখনআটাইকেইজন পাহাৰৰ ওপৰ পালেগৈ |
মদ খাবলৈ বহিহে তিনিবন্ধুৱে গম পালে ... মদৰ লগত খাবলৈ কিনা তন্দুৰী চিকেন, চানা, বুট..... সোপাকে গণেশগুৰিত এৰি থৈ আহিল !

এঘন্টামানৰ তৰ্ক-বিতৰ্ক, আলোচনা- বিলোচনাৰ পিছত এজন যেনিবা ৰাজী হ’ল গণে্শগুৰি্লৈ গৈ বস্তুখিনি আনিবলৈ !

 যাওঁতে এটা চৰ্ত্ত দি গ’ল..... তেওঁ ঘুৰি নহালৈকে কোনেও মদৰ বটলৰ সাফৰ খুলিব নোৱাৰিব !

বাকী দুজন ৰাজী হ’ল | এজন নামি গ’ল বস্তুখিনি আনিবলৈ |

 প্ৰায় দুঘন্টা পাৰ হ’ল.. নামি যোৱাজনৰ দেখাদেখি নাই !
সন্ধিয়া নামিল ! তেওঁ আহি পোৱা নাই !
ৰাতি হ’ল.... তেওঁ নাই !
 অষ্টমী পাৰ হ’ল..... তেওঁ নাই.......!
 নৱমী পাৰ হ’ল ! আহি পোৱাই নাই !
 দশমী পুজাৰ দিনা ১২ মান বজাত ৰৈ থকা দুজনে ঠিক কৰিলে যে... শুদাই শুদাই আৰম্ভ কৰি দিয়া যাওঁক !
আৰু নোৱাৰি !
 বটলৰ সাফৰ খুলিছেহে....!
তললৈ নামি যোৱাজনে প্ৰকান্ড গছ এদালৰ আৰৰপৰা মাত লগালে.....




." ম‍ই জানিছিলোৱেই তহতে এনেকুৱা কৰিবি বুলি ! চাইহে আছিলো তহত্ক যোৱা দুদিন ধৰি ! বেইমানি ম‍ই বেয়া পাওঁ দেই !!!"

By: Jyotirmoy Sarma

Saturday 7 September 2013

সকলো একেই আছে

আদহীয়া মানুহ এজনে কলেজ হোষ্টেলৰ ৰুম এটাৰ দৰজাত knock কৰিলে।

 অলপ পিছত ল'ৰা এটা ওলাই আহিল।

 আদহীয়া মানুহ- মই ভিতৰলৈ আহিব পাৰোঁ নে? মই ১৯৮১ চনত এইখন কলেজতেই পঢ়িছিলোঁ আৰু এইটো কোঠাতেই আছিলোঁ।

 ল'ৰাটোৱে অলপ ইতস্তত কৰি ভিতৰলৈ মাতিলে।

 আদহীয়া মানুহজনে অলপ নষ্টালজিক হৈ ক'ব ধৰিলে-

আহ...সেই পুৰণি কোঠা...সেই একেই পুৰণি ফাৰ্ণিচাৰ....একেই আলমাৰী!

এইদৰে স্মৃতি ৰোমন্থন কৰি কৰি আলমাৰীৰ দৰজাখন খুলি দিওঁতে ভিতৰৰ পৰা দিপলিপ ছোৱালী এজনী ওলাই আহিল !!

 ল'ৰাটোৱে থতমত খাই ক'লে- এইজনী মোৰ cousin ! . . . .

আদহীয়া মানুহ- আহ্......! সেই আমাৰ দিনৰেই পুৰণা বাহানা !!!!!!!


 সকলো একেই আছে, একো সলনি হোৱা নাই!

By: Ashish Majumdar

Wednesday 21 August 2013

অ কবিৰ প্ৰেম

পিয়াঁজ ক‘লিৰ কলম বনাই মই
মহৰ তেজৰে লিখিম তোমালৈ প্ৰেমপত্ৰ...

বান্দৰ চাধাৰ খালি পেকেটত,
তামোল গছত উঠি মিছড ক'ল দিম মইনা
নেটৱাৰ্ক আৰু বেলেঞ্ছৰ অভাৱত।।

 ছাইকেলৰ লিক বাতি তোমাক ফুৰিব নিম
বহাগৰ মতলীয়া বতৰত .....
কেৰিয়াৰত গাৰু দি তোমাক বহাম মইনা
 চলাম মইও ছাইকেল যতনত।।

 খবৰৰ কাগজত নিমখ বান্ধি লৈ যাম
দলিয়াই বগৰিবোৰ দুয়ো জনে পাৰি খাম,
 চিনেমা ঘৰত গৈ আমি দুয়োটায়েই মইনা....

“কেয়ামত ছে কেয়ামত তক” চাম।।


 জয় চখ্রৱৰ্ত্তীৰ খবিতা ।

By :Joydeep Chakrabarty

Friday 9 August 2013

শৰ্মাদা

শৰ্মাদাক চিনি পায় নহয়?
শৰ্মাদা নিজৰ পুৰণি স্কুলখনলৈ গ’ল| বিচাৰি বিচাৰি স্কুলত পঢ়া লগৰ এটাক বিচাৰি উলিয়ালে|
শৰ্মা: চিনি পাইছা নে মোক মোহন?
মোহন: নাই পোৱা
শৰ্মা: কিয়? তৃতীয় চতুৰ্থত একেলগে পঢ়িছিলোঁ দেখোন|
মোহন: মিছা কথা, চতুৰ্থ শ্ৰেণীত মোৰ কোনো দাড়িৱালা বন্ধু নাছিল|

প্ৰফেছাৰনী কিচমিচ

দীপাংকৰে ঘৰত বহি ভিডিও গেম খেলি আছে - মাক দেউতাক ভনীয়েক চব বিয়া খাবলে গ’ল

তিং টঙ

দীপাংকৰে খঙত ওলাই গৈ দেখে এটা ভিখাৰী ...
দীপাংকৰ: ঘৰত মানুহ নাই যা, পিছত আহিবি...
ভিখাৰী: তুমি মানুহ নহয় নি বাউ ? তুমি মেকুৰী নি বাউ?
দীপাংকৰ : হয় নি বাউ?
ভিখাৰী : নহয় নি বাউ ?
দীপাংকৰ : হয় নি বাউ?
ভিখাৰী : বেয়া পালে নি বাউ?
দীপাংকৰ : বেয়া নাই পোৱা নি বাউ ?
.
.
.
.

--->> প্ৰফেছাৰনী কিচমিচ

Saturday 29 June 2013

মালিংগা আৰু অপু

মালি চে পাংগা
-------------
মালি গ’ল মুম্বাই ৷ লগত দত্তকাই আৰু অপু ৷
টেক্সি এখন ভাড়া কৰি দিনটো মুম্বাই ফুৰিলে ৷
টেক্সিৱালাই কুতুব মিনাৰ, লাল কিল্লা, তাজ মহল, শংকৰদেৱ কলাক্ষেত্ৰ, হাৱা মহল সকলো দেখুৱালে ৷
মালিহঁতেও গম পাইছে টেক্সিৱালাই ঠগিছে ৷ ক’ত বাৰু মুম্বাইত সেইবোৰ আছে ??
পেটে পেটে তামাম খং উঠি আছে ৷

যি নহওক শেষত আহি হোটেলত নমালে ৷
ভাড়া ৯৯৯ টকা হ’ল ৷
দত্তকাইৰ মতে ৯৯৯ টকা দি বাটাৰ পৰা জোতা কিনা হ’লেই ভাল আছিল ৷

অপুৱে ১০০০ টকাৰ নোট এখন দিলে ৷
টেক্সিৱালাই ক’লে, ‘‘ছুট্টা নেহি হ্যায় ভাউ ৷’’
লগে লগে অপুৱে ক’লে, ‘‘এইটো ক্যা বাত হুৱা বাউ ? লাগিবই ১ টকা ৷’’
টেক্সিৱালাই ক’লে, ‘‘কাহা চে দু , নেহি হ্যায় ৷’’
অপু, ‘‘মই নাজানো ৷ লাগিবই ১ টকা ৷’’
টেক্সিৱালাই ক’লে, ‘‘ঠিক হ্যায় ৷ কৰীনা পচন্ড হ্যায় ? ইয়ে দেখো ১ ৰুপীয়া মে ভিডিও ৷’’
মোবাইলত ১ টকাৰ ভিডিও দেখুৱালে ৷

মালিৰ খং উঠি গ’ল ৷ মনতে ভাবিলে,‘‘দিনটো ঠগিলি ৷ এতিয়া এইবোৰ ?? ৰ !!!’’
মালি, ‘‘ভায়া চাহাব ইয়ে ল’ হামাৰ 16 GBকা মেমৰী কাৰ্ড ৷ ২০০০ ভিডিও দেখ লো ঔৰ ২০০০ ৰুপীয়া নিকালো ৷’’

কৃষ্ণ !!

By Pratibhu Dutta

Wednesday 21 November 2012

ৰ-কাৰ আৰু কেৰকণ


কেৰকনৰ বৰ ভয়... ঘৰৰ পৰা বাহিৰ হলেই গিৰিজাই মাষ্টৰে বাট আগুচি ধৰে... !কথা একো নাই.. মানুহৰ উচচাৰণত ভুল ধৰি ভাল পায় গিৰিজাই মাষ্টৰে.... মানে একেবাৰে শুদ্ধ উচ্চাৰণৰ মানুহ! (কেৰকনৰ আকৌ এনেই অলপ অসুবিধা হয়..... যেনে... আৰু টো আও.... প্ৰথম টো পথম ... ইত্যাদি.. ) 

আজি ৰাতিপুৱা কেৰকন ঘৰৰ বাহিৰলৈ ওলাল..! ওলায়েই দেখিলে যে মাষ্টৰ ৰৈ আছে.. বাহিৰত....! 

মাষ্টৰ : কলৈ যাৱ কেৰকন ?
কেৰকন : পতাপৰ দোকানলৈ যাও !
মাষ্টৰ  : (মুখ বিকটাই... ) হেৰৌ.. পতাপ নহয়... ঔ.. "প্ৰতাপ" হে..... ৰ কাৰ এডাল .. থাকে নহয়...! কিবা কাম আছিল নেকি ?
কেৰকন : (সাৱধান হৈ ...) নহয় মানে ছাৰ্.. পথমতে পতাপৰ দোকানৰ পৰা চাকি দুগছ লৈ স্কুল যাম !আজি শধান্জলি পাতিছে নহয় ! 
মাষ্টৰ  : (খঙেৰে...গালি পাৰি... ) তহত.. মূৰ্খবোৰে .. অসমীয়াৰ জাত মাৰিলি....! ৰ কাৰ যোগ দিবলৈ কিমান শিকাব লাগে ? পতাপ নহয় প্ৰতাপ্.... পথম নহয় প্ৰথম্.... আৰু মাৰিলি.. ঐ মাৰিলি.... ! শধান্জলি ... নহয় ... ঐ ..গৰু .. শ্ৰদ্ধাঞ্জলি.. হে ......!

এইবাৰ কেৰকনৰ সচাই ভয় লাগিল.... ! পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ... সি ভাবিলে.... যে মাষ্টৰক  মাফ খুজি ইয়াৰ পৰা পলাব পাৰিলেই হল আৰু ....! 
কেৰকন : (অলপ চিন্তা কৰি...) ত্ৰেত্ৰিয়া হ্ৰলে ছ্ৰাৰ, আজ্ৰিৰে প্ৰৰা ম্ৰই স্ৰব্ৰত্ৰে ৰ্ৰক্ৰাৰ যোগ্ৰ দ্ৰিম্ৰেই দ্ৰিম ...!আপ্ৰুনি চ্ৰিন্ত্ৰা নক্ৰৰ্ৰিব...! 

গিৰিজাই মাষ্টৰ  খঙতে মূৰ্ছা গল... !

by Madhurjya Gogoi

Saturday 25 August 2012

মুৰ্গী অৱতাৰ

কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে |


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |


কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |



উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#