Showing posts with label Assamese Adult Jokes. Show all posts
Showing posts with label Assamese Adult Jokes. Show all posts

Friday 18 October 2013

চিগাৰেত

এদিন চেংমাৰ গেৰালফেনে তাক দুদাল চিগাৰেত খাই থকা দেখি সুধিলে

'তুমি দুদাল চিগাৰেত কিয় খাইছা ?'

চেং : 'নকবা আৰু, কলিতালৈ আজি বৰ মনত পৰিছে বাবে তাৰ নামত ও এদাল খাইছো ..'

দুদিনমানৰ পিছত এদাল চিগাৰেত খাই থকা দেখি সুধিলে :
 'কি হল ? আজি তোমাৰ frnd পাহৰিলা ?

 চেং : 'নাইহে, মই চিগাৰেত এৰিলো। এইদাল কলিতাৰ ভাগৰ ডালহে খাইছো ..!


By: Dipa Moni

Sunday 13 October 2013

HOLY WATER

খ্ৰীষ্টান সকলৰ ১ মাহ ধৰি নাম ধৰ্ম চলি আছিলে।
তেওঁলোকে সেই ১ মাহ মাছ মংহ একো নাখায়।
 সেই কলনীতে আমাৰ হাঁহিৰাম কাই আছিলে।
 যদি মাছ মংহ নাথাকে তেতিয়া হলে আমাৰ হাঁহিৰাম কাইৰ আকৌ পেটত ভাত নাজায়।
 খ্ৰীচষ্টান ধৰ্মৰ মানুহসকলে এটা বুদ্ধি কৰিলে, হাঁহিৰামক তেওঁলোকৰ গুৰুৰ ওচৰত লৈ গল আৰু গুৰুজনে হাঁহিৰামক HOLY WATER চিতাই দিলে আৰু কলে, তোৰ জন্ম হিন্দু ধৰ্মত কিন্তু আজিৰ পৰা খ্ৰীচষ্টান হৈ গলি।
হাঁহিৰাম তাৰ পৰা গুচি আহিলে।
 পিছ দিনা আকৌ হাঁহিৰামৰ ঘৰৰ পৰা মংহৰ গোন্ধ পায়, হাঁহিৰামে কি কৰি আছে বুলি ঘৰত চাব গল।
 ঘৰৰ ভিতৰত গৈ দেখিলে, হাঁহিৰামে মংহ খিনি আগত লৈ মংহখিনিত HOLY WATER চিতিয়াই দি কলে, তই মূৰ্গী হৈ জন্ম লৈছিলি কিন্তু ...........


এতিয়া তই ৰঙা লাওঁ হৈ গলি।

by: Gautam Das Asom

Wednesday 21 August 2013

অ কবিৰ প্ৰেম

পিয়াঁজ ক‘লিৰ কলম বনাই মই
মহৰ তেজৰে লিখিম তোমালৈ প্ৰেমপত্ৰ...

বান্দৰ চাধাৰ খালি পেকেটত,
তামোল গছত উঠি মিছড ক'ল দিম মইনা
নেটৱাৰ্ক আৰু বেলেঞ্ছৰ অভাৱত।।

 ছাইকেলৰ লিক বাতি তোমাক ফুৰিব নিম
বহাগৰ মতলীয়া বতৰত .....
কেৰিয়াৰত গাৰু দি তোমাক বহাম মইনা
 চলাম মইও ছাইকেল যতনত।।

 খবৰৰ কাগজত নিমখ বান্ধি লৈ যাম
দলিয়াই বগৰিবোৰ দুয়ো জনে পাৰি খাম,
 চিনেমা ঘৰত গৈ আমি দুয়োটায়েই মইনা....

“কেয়ামত ছে কেয়ামত তক” চাম।।


 জয় চখ্রৱৰ্ত্তীৰ খবিতা ।

By :Joydeep Chakrabarty

Friday 9 August 2013

কিচমিচ বাউদেউ

কিচমিচ বাউদেউ অসমলৈ ফুৰিব আহোতে গুৱাহাটীত ট্ৰেফিক ছিগনেল ভঙিলে।
আমাৰ চেংমাই তেতিয়া ট্ৰেফিক পুলিছৰ চাকৰিটোত সোমাইছেহে। বাউদেৱে ভঙা ছিগনেলটোত চেংমাই বকৰ্তব্যৰত।

চেংমাইক দেখি বাইদেৱে ক’লে – মনত আছেনে চেং, তোমাক যে পঢ়াইছিলো জাপানত?
বাইদেউক দেখি চেংমাইৰ দুচকু উজলি উঠিল। ভাবিলে এয়াই সোনালী সুযোগ।

চেংমাই: মনত আছে বাউদেউ, সকলো মনত আছে। আপোনাক বাৰে বাৰে লিখি দিয়া assignment বোৰ যে reject কৰি দিছিল, আৰু অৱশেষত উপায় নাপাই ডিগ্ৰী সম্পূৰ্ণ নকৰা কৈ যে ঘুৰি আহিলো, সেয়াও মনত আছে। জানেনে বাইদেউ,তাৰ পিছতেই আহি এই ট্ৰেফিক পুলিছৰ চাকৰিটোত সোমাইছো।

বাইদেউ: অ’ দুখৰ কথা দিয়া।যি হওক, এতিয়া তুমি চাকৰি কৰিছা যে তাকে দেখি মই সুখী। বাৰু, যাওঁ দিয়া, ট্ৰেফিক ছিগনেল টো অজানিতেই ভাঙিলো। তুমি নহৈ আন পূলিছ হোৱা হলে দিগদাৰেই জহ্’ল হেতেন।

চেংমাই : একো নাই বাইদেউ, মই আপোনাক ফাইন নাকাটো দিয়ক, এটা কাম কৰক : এই বগা কাগজখন লওক আৰু ইয়াত 100 বাৰ লিখক “মই আৰু জীবনত কেতিয়াও ট্ৰেফিক ছিগনেল নভঙো” ।

--------------->> M Barman

Thursday 6 June 2013

Some Text Missing

১৪+
এক ল'ৰা আৰু এক ছোৱালীয়ে
.
.
.
.
.
.
গছৰ তলত কৰি আছে কিছিং
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এতিয়া চর্ম টেস্ক মি্চিং

.
.
.
.
কাৰণ এতিয়াও এই কথা জানিবলৈ ৪ বছৰ স্মলিং

by Gitu Pan

Saturday 25 August 2012

মুৰ্গী অৱতাৰ

কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে |


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |


কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |



উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#

Friday 11 May 2012

Plz Don't Change the Topic

পুখুৰীৰ পাৰত কচুপাত এখিলাত বহি ভেকুলী এযোৰাই ডেটিং মাৰি আছিল . . .

১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
আকৌ……
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
আকৌ . . .
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃফাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
১নং ভেঃটাৰ্...টাৰ্...টাৰ্...টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
সোণজনী Topic change নকৰিবিচোন....

Contributed By Abhijit Dehingia

Thursday 3 May 2012

A Worried Ketenga



কেটেঙা মহা চিন্তাত...

কেটেঙীয়ে যে তাক এৰি পেটেলাৰ লগত বিহু চাবলৈ গুছি গ’ল তাতে বৰ দুখ পালে | কিন্তু সেইটো চিন্তাৰ বিষয় নহয় | দুখতে সি বজাৰৰ পৰা প‍ইজনৰ বটল এটা কিনি আনিলে | ঘৰত আহি হে দেখিছে, এক্সপাইৰী ডেট এবছৰ আগতেই পাৰ হৈ গ”ল |

তাকে লৈ কেটেঙা চিন্তাত... প‍ইজনৰ বটল টো বেয়া হৈ যোৱা নাই তো ? 

অজলাটো কৰ’বাৰ .... 



by Changmai#

The most Romantic Place

কেটেঙা: ভাৰত চৰকাৰে Recently অসমক দেশৰ ভিতৰতে আটাইতকৈ 
ৰোমান্টিক ঠাই বুলি ঘোষণা কৰিছে

পেটুৱা: বাত কৰতা হ্যে!!! কেনেকৈ?

কেটেঙা: কেলেই, অসমত সদায় গধূলি মানুহবোৰে Candle-light ডিনাৰ কৰে আক’ ; সেই কাৰণে... 

পেটুৱা: তেমাম আৰু দেই... 



by Changmai#