Showing posts with label Thuluk. Show all posts
Showing posts with label Thuluk. Show all posts

Saturday 6 October 2012

School Ahead...

সৰুতে স্কুলত পঢ়ি থাকোতে থোলোকে এদিন ৰাতিপুৱা স্কুল গৈ পাওঁতে অলপ দেৰী হ’ল । শিক্ষকে সুধিলে – “কিয় দেৰী কৰিলা থোলোক ? টাইমমতে আহিব নোৱাৰা নেকি ?”

থোলোকে গহীনাই উত্তৰ দিলে – "চাৰ, মই ঠিকেই আহি আছিলোঁ । আহি থাকোতে বাটত দেখিলো এখন চাইন্‌বৰ্ড । তাত লিখা আছে ‘school ahead, go slow’ ।
গতিকে মই নিৰ্দেশ মানি লাহে লাহে আহি থাকোতে অলপ দেৰী হৈ গ’ল ।" 


(সঁচা কথা কলে থোলোক বেয়া ।)

By Pratim P Baruah

ক’ৰ্টত থুলুক


থুলুকৰ ঘৰৰ কাষৰ মানুহটোক পুলিচে ধৰি লৈ গ'ল। নিনিবনো কিয়? মাৰ্ডাৰ, তাকো দুটাকৈ। ক'ৰ্টত ৰায়দান আৰম্ভ হৈছে। থুলুকো গৈছে কিনো শাস্তি দিয়ে শুনিবলৈ। জাজ মহোদয়ে আচামীক শাস্তি শুনোৱাৰ আগতে তাৰ ওপৰত লগা দফাবোৰ কৈ লৈছে। 
"তোমাৰ ওপৰত তোমাৰ পত্নীক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"। 
পাছফালে বহি থকা থুলুকে চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
"তোমাৰ ওপৰত তোমাৰ পত্নীৰ মাকক, মানে তোমাৰ শাহু আইক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"।
পাছফালে বহি থকা থুলুকে আকৌ চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
জাজ: "অৰ্ডাৰ, অৰ্ডাৰ!! আপুনি আৰু এবাৰো যদি চিঞৰে বা বেয়া কথা কয়, মই আপোনাক ক'ৰ্টৰুমৰ পৰা উলিয়াই দিম।"
থুলুক: "মাই লৰ্ড, এই চুঁৱৰৰ বাচ্ছাটোৱে যোৱা দহ বছৰ ধৰি মোৰ ঘৰৰ কাষতে আছিল। চুঁৱৰৰ বাচ্ছাক যেতিয়া মই হাতুৰী আছেনেকি সুধিছিলো, সি নাই বুলি কয়। চাল্লা, চুঁৱৰৰ বাচ্ছা, মহা ফাঁকিবাজ!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan

মৰিবলৈ ওলাল লুথুক


লুথুকে জীৱনৰ বিফলতাৰ বাবে ভাগ্যক ধিয়াই আত্মহত্যাৰ পথ বাচি ল'লে । তাকো সিদ্ধান্ত চলন্ত ৰেলৰ আগত পৰাৰ ।

 ষ্টেশ্যন ৰ'ডেৰে গৈ থাকোতে ৰাস্তাত গুবিনে লগ পাই সুধিলে --
হেৰৌ লুথুক, এই ভৰ ৰাতিখনত কলৈ যাৱ ?

লুথুকে কান্দি কান্দি উত্তৰ দিলে-"মোৰ জীৱনটোত একো নহ'ল । সেয়ে নিজকে শেষ কৰিবলৈ আহিছো"

গুবিন-"পাগল হোৱা নাইতো ? হাতত যে টিফিনটো লৈ আহিছ কি আছে তাত ? পয়জন নেকি ?

লুথক-"হেৰৌ কালি নাহিলেই । আজিও যদি ট্ৰেইনখন নাহে তেন্তে ভোকত নমৰিমনে ?

(এতিয়া কি কৰে কৰক)

By Bhaskarjyoti Das

-নবীন আৰু থুলুকৰ শেহতীয়া ৰিজলিউছন-

সৰুৰে পৰা বিজ্ঞানী বা উদ্ভাৱক বা মহত্‍ লোক হোৱাৰ বাসনাক পুহি ৰখা নবীন আৰু থুলুকে বিভিন্ন ধৰনৰ সুত্র বা নতুন কিবা আবিষ্কাৰ বা নতুন মহত্‍ লোকৰ বানীৰ উদ্ভাৱনৰ বাবে আপেল গছৰ পৰা আইফিল টাৱাৰলৈকে , ভুগোলৰ পৰা গুগুললৈকে , ৰাসায়ন বিজ্ঞানৰ পৰা মহাভাৰত ৰামায়নলৈকে সকলো ঘুৰি পঢ়ি চলাথ কৰিলে । আৰু চার্ভেটো শেষ হোৱাৰ পিছত দুয়ো ভালকে কথা বোৰ জুকিয়াই চাই মন কৰিলে যে সিহতে উদ্ভাবন কৰিব বিছৰা প্রায় সকলোবোৰ আবিষ্কাৰ বা মহৎ লোকাৰ বানী নিউটন অইন্ষ্টাইন কলম্বাছ ৰামানুজন শংকৰদেৱ ডাক আদিকে ধৰি বহুকেইজন মহান মনিষীয়ে ইতিমধ্যে উদ্ভাৱন কৰিয়েই পেলাইছে । সেয়ে ইহত দুয়োটাৰ ভাগত আবিষ্কাৰ কৰিবলে একোয়েই নাপালে । এই অৱস্থাত হতাশ হৈ দুয়ো এতিয়া এটা উমৈহতীয়া সিদ্ধান্তত উপনিত হ'ল যে 

" আজি নিউটন দা হ'তে যেনেকৈ দুদিন আগতে পৃথিবীলে অহাৰ সুবিধা লৈ আমাৰ বাবে একো আবিষ্কাৰ কৰিবলে নোথোৱাকে স্বার্থপৰৰ দৰে সব আবিষ্কাৰ কৰি পেলালে। আমি দুয়ো কিন্তু নতুন প্রজন্মৰ বাবে তেনে স্বার্থপৰৰ দৰে কাম নকৰো । আজি লেকে যি হ'ল হ'ল আৰু, বাকী নতুন হ'ব লগিয়া কিবা আৱিষ্কাৰ বা মহৎ লোকৰ বানী আছে যদি সেইবোৰ নতুন প্রজন্মক দিলো উদ্ভাৱন কৰিবলে । আমি সেই বোৰ আবিষ্কাৰ কৰি নতুনৰ উদ্যম বা আকাংক্ষাক আশাহত নকৰো কাহানীও । "

এই বুলি দুয়ো বিজ্ঞানী হোৱাৰ বাসনাক মাকৰ ঘৰলে পথাই নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ পৰিল | ধন্যবাদ |

By Mon Zeet

Monday 17 September 2012

Thuluk: An egg story

থুলুকে কুকুৰা এজনী পুহিছে, নতুনকৈ।

 এতিয়া ডেইলী দুটাকৈ কুকুৰাৰ কণীৰে ব্ৰেকফাষ্ট, থুলুকৰ ভাষাত লাইফ ইজ বিউটিফুল।
 পিছে আজি পুৱাই লাগিল নহয় কেণা।
 কুকুৰাই গৈ কণী পাৰিলে চুবুৰীয়া নগেনৰ চৌহদত।
থুলুকৰ মতে কুকুৰাৰ ককাক-আইতাক বাংলাদেশৰ, সীমাৰ সিপাৰলৈ যোৱাৰ স্বভাৱটো সেয়েহে জন্মগত। নগেনৰ ঘৰত যিহেতু কণী পাৰিব পৰা একো জীৱ নাই, গতিকে থুলুকে দস্তুৰমত কণীটো ডিমাণ্ড কৰিলে।

 নগেনৰ যুক্তি কণীটো বোলে ভগবানৰ দান, চমৎকাৰ। সীমাৰ ভিতৰৰ যিকোনো বস্তু তাৰ নিজৰ। থুলুকৰ টেমা গৰম হৈ গ'ল।

 থুলুক: "ঠিক আছে। তয়ো জান আৰু ময়ো জানো, ভগবানে আহি বহি লৈ তোৰ চোতালত কণী পৰা নাই। কণী পাৰিছে মোৰ কুকুৰাজনীয়ে। গতিকে আমি এটা কাম কৰো। দুইটাই দুইটাকে দুইভৰিৰ মাজত এগোৰ এগোৰ মাৰো। যাৰ গোৰৰ জোৰ বেছি, কণীটো তাৰ।"

নগেন গায়ে-পায়ে বিশাল আকাৰৰ। গতিকে সি সন্মত হ'ল। তাৰ একগোৰ খাই থুলুক যে আৰু উঠিব নোৱাৰে সি খাটাং।

 থুলুক: "যিহেতু কণীৰ উৎসটো মানে কুকুৰাজনী মোৰ বস্তু, গতিকে প্ৰথম মই গোৰ মাৰিম।" নগেনে দুইভৰি মেলি থুলুকৰ সন্মুখত থিয় দিলে। একদম হেণ্ডছ আপ পজিছন। গাৰ সমস্ত শক্তিৰে, পাঁচ খোজ দৌৰি, ফুটবলত পেনাল্টী শ্বট লোৱা টাইপ থুলুকে আহি নগেনৰ দুই ভৰিৰ মাজত এটা দূৰ্দান্ত গোৰ দিলে।

 গোৰ খাই নগেনে মাক-দেউতাক-ককাক-আইতাক-আজোককাক-আজোআইতাক সকলোৰে নাম চিঞৰি তিনি লুটি দি চিৎভোলোঙা খাই পৰিল। প্ৰায় আধা ঘণ্টা মান লাগিল তাক কিবা এটা ক'ব পৰা হ'বলৈ।

তাৰ পাছত যেনে তেনে, কেকোঁ জেকোঁকৈ থিয় হৈ সি ক'লে "এইবাৰ মোৰ পাল।"। "এহঃ, হ'ব দে কণীটো তয়েই ৰাখ।"

 এইবুলি কৈ থুলুক নিজৰ ঘৰলৈ গুচি আহিল।

 (সঁচা কথা ক'লে থুলুক বেয়া।)

 By Rajib Ranjan

Monday 10 September 2012

DUPLICATE KEY ?

তাজমহলৰ কেচটোৰ পিছত থুলুক অলপ ঠাণ্ডা হৈ আছিল, গম পাইছে বেছি সচা কথা কোৱাটো যে বিপদ্দজনক কিন্তু আজি পুৱাই পুৱাই পুতেক চিত্তক ডাক্তৰ তাত যাবলগীয়া হৈ আকৌ সঁচা কথা ক'ব লগত পৰিল।

ডাক্তৰ- কওকচোন?
থুলুক - ল'ৰাটোৱে ঘৰৰ চাবিটো খঙতে গিলি দিলে।
ডাক্তৰ- কেতিয়া?
থুলুক - তিনিমাহ মান হ'ল।
ডাক্তৰ- আজি কিয় আহিল তেনেহ'লে?
থুলুক - দুপলিকেট চাবিটো হেৰাল সেই কাৰণে। চিত্তক ওলোটাই দিছো কি সুমুৱাই কেনেকৈ চাবিটো উলিয়াই আনে আনক ফটাফট। 

____________________________________
-সঁচা কথা ক'লে থুলুক বেয়া- (হিঃহিঃহিঃহিঃহিঃ)

by Ractim G

Friday 11 May 2012

Supreme Knowledge

এবাৰ এজন জীৱ-বিজ্ঞানৰ শিক্ষক,গণিতৰ শিক্ষক আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষকে তেওঁলোকৰ পাণ্ডিত্য দেখুৱাবলৈ নদী এখনলৈ গ'
জীৱ-বিজ্ঞানৰ শিক্ষক জনে ক'লে : মই নদীত থকা সকলোবোৰ প্রাণী আৰু উদ্ভিদৰ তথ্য দিব পাৰিম | (এইবুলি কৈ নদীত জাঁপ দিলে)
.
গণিতৰ শিক্ষক জনে ক'লেঃ মই নদী খনৰ দৈর্ঘ্য আৰু প্ৰস্হ উলিয়াব পাৰিম |(এইবুলি কৈ পানীত জাঁপ দিলে)
.
ৰসায়ন বিজ্ঞানৰ শিক্ষক জনে ক'লে (তেওঁলোকে উঠি আহিব বুলি ৫ ঘন্টা ধৰি অপেক্ষা কৰি থাকিল আৰু নদীৰ পৰা উঠি নহা দেখি): মই নিশ্চিত হৈ ক'ব পাৰো যে তেওঁলোক দুজন পানীত দ্রৱণীয়..!!

Contributed By Jyoti Rekha

Wednesday 2 May 2012

Tit for Tat

প্ৰানেশ্বৰে দেউতাকক দুখেৰে ক’লে : “দেউতা ৷ মোৰ গাৰ্লফ্ৰণ্ডে মোৰ লগত ব্ৰেক-আপ কৰিলে ৷ তাই নতুন ল’ৰা এটা পটালে ৷ সেই গাধটোৰ লগত উঠা ফটোবোৰ মোলৈ তাই পঠিয়াই দিছে আজি ৷ ”

প্ৰানেশ্বৰৰ দেউতাক: ইমান ছেন্টি ফালিলে নহ’ব ৷ হিম্মত নাহাৰিবি ৷ তই এটা কাম কৰ মোৰ সোনাই ৷ 

প্ৰানেশ্বৰ:কি কাম দেউতা ?

প্ৰানেশ্বৰৰ দেউতাক : ফটোবোৰ তাইৰ দেউতাকলৈ পঠিয়াই দে পষ্ট কৰি ৷ পাওক মজাটো ৷ 

Contributed by Ishanjyoti Bora