Showing posts with label খগেন. Show all posts
Showing posts with label খগেন. Show all posts

Sunday 3 November 2013

যোগেন নাই

নগেনৰ মতে মানুহ ধনী হৱ পাৰিছেঃ একমাত্ৰ ঠিকা কৰি।

 সেয়ে নগেনে ঠিকাৰ কাম কৰাৰ সিদ্ধান্ত ললে।

চৰকাৰী বিষয়াক খাতনি ধৰি নগেন আৰু বন্ধু খগেন, যোগেন তিনিও মিলি ৰাষ্টাৰ কাষত গছপুলি ৰোৱা কাম এটা হাতত ললে।

 তিনিও কম সময়ৰ ভিতৰতে ধনী হোৱাৰ আশাত পুৰাদ্দমে কামত লাগিল।

 টিকা ফটা ৰ'দত কাম কৰাৰ ফলত যোগেন বেমাৰত পৰিল কিন্তু নগেন আৰু খগেনে কাম কৰিয়ে থাকিল।

 নগেন আৰু খগেনৰ কামত আচৰিত হৈ মানুহ এজনে সুধিলেঃ হেৰি ডাঙৰীয়া সকল এই টিকা ফটা ৰ'দত কিয় মিছাতে এনেকৈ কাম কৰি আছে।

 নগেনঃ ঠিকাৰ কাম হাতত লৈছো কিয় মিছাতে কাম কৰিম। . . . .

মানুহজনঃ তেনেহলে কি কৰি আছে এজনে যে গাত খান্দি আছে আৰু এজনে যে গাত বোৰ পুতি আছে।

 নগেনঃ অ সেইতো আমি তিনিজন আছিলো।

 মোৰ কাম গাত খন্দা যোগেনৰ কাম গছপুলিটো গাতত সমুৱাই দিয়া আৰু খগেনৰ কাম গাতটো পুতি দিয়া। . . . . . . . . .


.যোগেন নাই বাবে আমি আমাৰ কৰ্তব্য কৰি আছো।

by:কেছ টো নগেন

Saturday 6 October 2012

থুলুক-চিকিত্সা


থুলুকৰ চুবুৰীয়া আমাৰ নগেনৰ ঘৈণীয়েক জেতুকীৰ মন বেয়া। শণিবাৰে পুৱাই পুৱাই আহি থুলুকক গোচৰ দিছেহি। নগেনে সদায় সন্ধিয়া পানী এটুপি খাই আহে। ঘৰত ঘৈণীয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া কৰে। আৰু তাৰ পাছত মাৰ পিট। তাৰ পাছতহে সি টোপনি যায়।
থুলুকে অলপ সময় ভাবিলে। তাৰ পাছত ক'লে।
 "শুন, এটা ঔষধ আছে। আজি সন্ধিয়া নগেন ঘৰ সোমোৱাৰ লগে লগেই তই পাকঘৰলৈ যাবি। এক চামুচ চেনী, এক চামুচ চাহপাত মিলাই ল'বি।
তাৰ পাছত আধা কাপ ঠাণ্ডা পানীত সেইখিনি দি দিবি।
এতিয়া মুখত যিমানখিনি পাৰি সিমানখিনি ভৰাই ল'বি। মুখৰ ভিতৰত প্ৰথমে বাওঁফালে কুলু আৰু তাৰ পাছত সোঁফালে কুলু। আকৌ বাওঁফালে কুলু, সোঁফালে কুলু। এই ৰকম কৰি থাকিবি নগেন নোশোৱালৈকে। বুধবাৰে আহি মোক জনাবি। মনত ৰাখিবি কিন্তু, প্ৰথমে বাওঁফালে কুলু।"

বুধবাৰে পুৱাই জেতুকী থুলুকৰ ঘৰত। মুখত এমোকোৰা হাঁহি।
"দাদা, আপুনি কি ঔষধ দিলে এইটো!!!! আমাৰ এখেতৰ এইকেইদিন মুখৰ মাতেই নাই।
 কাজিয়া, মাৰপিট বহুদূৰৰ কথা।"

থুলুক: "দেখিলিটো নিজৰ মুখখন বন্ধ কৰি ৰাখিলে কিমান লাভ!!!!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan

Friday 11 May 2012

অনুশোচনা

বেংকৰ পৰা ঋণ লৈ ৰাকেশে বলেৰএখন কিনিলে। কিন্তু কি হব। 
ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকৰ পৰা মানুহ গৈ বলেৰখন টানি লৈ গল। 

ৰাকেশৰ আক্ষেপজীৱনত ডাঙৰ ভুল এটা কৰিলোঁ। 
বন্ধুৱে ভাবিলে ঋণ লৈ গাড়ী কিনা বাবে ৰাকেশে এতিয়া দুখ কৰিছে।

 বন্ধুৱে ৰাকেশক সান্ত্বনা দি কলেযি হ, ল আৰু দুখ কৰিব নালাগে। 

এতিয়া গাড়ীখন কিদৰে ওভতাই আনিব পাৰি, সেই ব্যৱস্থা কৰিব লাগে।

ৰাকেশঃ মই সেইটো চিন্তা কৰা নাই। মোৰ ভুল হল; বিয়াখনো বেংকৰ পৰা লো্ন লৈ কৰিব লাগিছিল।

Contributed By Ranjit KB