Thursday 11 February 2016

------ ঐ নগেন পানীৰ বাল্টিটো লৈ আহ------


################
বেচেৰা নগেনৰ ভাটৌ চৰাইৰ দোকানত বহু দিন গ্ৰাহক অহা নাই, সেয়ে এটা ভাটৌ চৰাইক বুজাই আছে - "ঐ আজি তই গ্ৰাহকক বেয়া ব্যৱহাৰ নকৰিবি। আজি যদি তোক বিকিব নোৱাৰো অহাকালি মই দোকানৰ ভাড়াই দিব নোৱাৰিম।
ভাটৌ :- আপুনি চিন্তা নকৰিব নগেন দা। অ কিন্তু মই মিছা মাতি কাকো তেল মৰা বিধৰ ভাটৌ নহওঁ দেই !!
এনেতে ৰমক জমক পোছাক পৰিধান কৰা গাভৰু এগৰাকী সোমাই আহি কলে :- দাদা এটা কথা কব পৰা ভাটৌ পাম নে ?
নগেন :- এইটো লওক। ই অকল কথা কোৱাই নহয়, ইয়াৰ এটা বিশেষ গুণো আছে। ই মানুহ দেখিলে কব পাৰে সুখ-দুখৰ বা অন্তৰৰ কথা।
গাভৰু :- আচ্ছা (ভাটৌটো হাতত লৈ) বাৰু কোৱাচোন মোক দেখি তোমাৰ কেনে ভাৱ হৈছে ?
ভাটৌ:- আপোনাক দেখিলে চৰিত্ৰহীনা যেন লাগে।
গাভৰু :- হেৰি দোকানী, ভাটৌটোৰ ব্যৱহাৰ ঠিক নহয় !
নগেন :- নহয় ভন্টি ই আচলতে ঠিকেই আছিল। কিয় জানো আজি এনেকুৱা কৰিছে।
নগেনে চাওঁ দিয়াচোন বুলি কৈ ভাটৌ টো দোকানৰ ভিতৰৰ ৰুমত নি পানীৰ বাল্টি এটাত
তিনিবাৰ জুবুৰিয়াই কলে, আৰু গ্ৰাহকক বেয়া কথা কবি?
ভাটৌটোয়ে মুৰ জোকাৰি ইংগিত দিলে নকয় বুলি।
নগেনে বাহিৰত আহি ভাটৌটো গাভৰুৰ হাতত তুলি দি কলে,
ভন্টি এইবাৰ সুধা ই যথাযথ উত্তৰ দিব।
গাভৰু :- বাৰু কোৱাচোন, মই যদি এজন পুৰুষৰ লগত এটা ৰুমত ৰাতি থাকোঁ তুমি মোক কি বুলি ভাবিবা ?
ভাটৌ :- কি ভাবিম আৰু সেইজন আপোনাৰ গিৰিয়েক হব চাগে।
গাভৰু:- আৰু যদি দুজনৰ লগত থাকোঁ ?
ভাটৌ :- সেইজন গিৰিয়েকৰ ভাই হব চাগে।
গাভৰু:- আৰু যদি তিনি জনৰ লগত থাকোঁ ?
ভাটৌ:- উমম……(চিন্তা কৰি) সেইজন আপোনাৰ গিৰিয়েকৰ বন্ধু হব লাগে।
গাভৰু :- যদি চাৰি জনৰ লগত থাকোঁ ?
এইবাৰ ভাটৌটোয়ে নগেনক মাতিলে:- ঐ নগেন উপায় নাই পানীৰ বাল্টিতো লৈ আহ , মই আগতেই কৈছিলোঁ এই বেটিৰ চৰিত্ৰ ঠিক নহয়

1 comment: