Thursday 11 February 2016

মস্ত সাংবাদিক

আমাৰ মস্ত সাংবাদিকৰৰ যে কি হ’ব| কালি বোলে ক’ৰবাত ব’ম্ব ব্লাষ্ট হ’ল| আমাৰ সাংবাদিকে তাত নিউজ বনাবলৈ গ’ল| ব্লাষ্টতোত কেইজনমান মানুহ ঢুকাল মাত্ৰ এজন বাছিল| তেওঁকে বলি কা বকৰা সাজি সাংবাদিকে আৰম্ভ কৰিলে-

সাংবাদিক: আপুনি বাছি গ’ল| আপোনাৰ সমুখতে ঘটিছিল ঘটনাতো| কেনেকৈ ঘটিছিল? ব’ম্বটো কেনেকৈ ব্লাষ্ট হ’ল|
মুমূৰ্ষ: মই পাচলি কিনি আছিলো| তেনেতে লাজ-লাজকৈ ব’ম্বটো মোৰ কাষলৈ আহিল...
সাংবাদিক: হয় হয়| তাৰপিছত...
মুমূৰ্ষ: ব’ম্বটোৱে মোক লাহেকৈ হেচুকি সুধিলে " মই ব’ম্ব| ফুটু নে?" মই ফুটিবলৈ কোৱাত লাহেকৈ শব্দ এটা হ’ল- ’ফুচুক’...
সাংবাদিক: নিশ্চয়কৈ ব’ম্বটো নিশ্চয় চাইনীজ আছিল| আপুনি বাছি গ’ল| এই মুহূৰ্তত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে?
মুমূৰ্ষ: কে% @ঽ(ঽ%&$ঽ *#@$*ঽ#@ *$ঽ&#$‍
(সংযোগ বিশ্ছিন্ন হয়)

No comments:

Post a Comment