Tuesday 23 February 2016

এটা প্ৰশ্ন ছাৰ..

ছাত্ৰ- এটা প্ৰশ্ন সোধো ছাৰ??
শিক্ষক-  সোধা !
ছা-  যদি আপোনাক হাতী এটা ফ্ৰিজৰ ভিতৰত সুমাব দিয়ে, তেন্তে আপুনি কেনেকে সুমাব??
শি- নাজানো!
ছা- simple! প্ৰথমে ফ্ৰিজৰ দুৱাৰখন খুলি হাতীটো ভিতৰত সুমাই দিলে হ'ল!
শি-  অহ্ !!
ছা- আৰু এটা প্ৰশ্ন ছাৰ....! যদি গাধ এটা ফ্ৰিজত সুমাব দিয়ে....?
শি- simple! প্ৰথমে ফ্ৰিজৰ দুৱাৰখন খুলি গাধটো ভিতৰত সুমাই দিলে হ'ল!
ছা- নহয়...!  প্ৰথমে ফ্ৰিজৰ দুৱাৰখন খুলি হাতীটো উলিয়াই গাধটো সুমাব লাগিব!
শি- অহ্
ছা- আৰু এটা প্ৰশ্ন ছাৰ  !  ধৰা হ'ল সিংহৰ ঘৰত পাৰ্টি চলি আছে আৰু সকলোবোৰ তাত উপস্থিত আছে! কিন্তু সেই পাৰ্টিত এজন missing থাকিব?? কোন সি??
শি- নিশ্চয় সিংহ!  কাৰণ সি থাকিলে সকলোকে খাই পেলাব!
ছা-  ভুল!!! তাত সেই গাধটো missing থাকিব!  কাৰণ সি ফ্ৰিজৰ ভিতৰতে আছে!
শি- উম্!!!
ছা-এটা অন্তিম প্ৰশ্ন !  সেই সিংহৰ পাৰ্টিত যোৱাৰ এটা নদী আছে,,য'ত বহুত ঘৰিয়াল আছে!  নদীটো কেনেকে পাৰ হ'ব??
শি- নিশ্চয় নাৱেৰে!! ন'হলে ঘৰিয়ালে খাই পেলাব!
ছা- নহয় ছাৰ! নদীটো সাতুৰিয়ে পাৰ হ'ৱ পাৰিব! কাৰণ নদীৰ সকলো ঘৰিয়াল সিংহৰ পাৰ্টিত গৈছে!!!

No comments:

Post a Comment