Wednesday 15 January 2014

স্ক্ৰীন চেভাৰ

বিল গেইটছ মৰাৰ পিছত যমপুৰী পালেগৈ ৷ তাতে যমে তেওঁক সুধিলে - বোলে বাপু বিল, স্বৰ্গ অথবা নৰক তুমি কত থাকিবা সেয়া নিজেই নিৰ্বাচন কৰা ৷

বিলে দেখিলে - নৰকত ধূনীয়া ছোৱালীবোৰে বিকিনি পৰিধান কৰি নাচি বাগি ফুৰিছে আৰু স্বৰ্গত বুঢ়া হোৱা আপেশ্বৰীবোৰে নাচি আছে৷

বহু সময় ভাবি লৈ বিলে অৱশেষত থিক কৰিলে যে তেওঁ নৰকতে ৰৈ যাব ৷

পিছদিনা যেতিয়া বিলৰ ওপৰত তামাম নিৰ্যাতন চলোৱা হল, বিলে কান্দি কান্দি যমৰ ওচৰ পালেগৈ ৷ বিলে যমক সুধিলে- এয়া কি হ'ল?

যমে হাঁহি হাঁহি কলে - সেইবোৰ স্ক্ৰীন চেভাৰহে আছিল ৷


By: Ashok Kumar Nath

No comments:

Post a Comment