Wednesday 15 January 2014

সেইবোৰ যোগাৰ কৰিব নালাগে

তোষেশ্বৰ ৰাইডিঙীয়া লেংটিচিঙা অঞ্চলৰ এজন আদৰ্শ ব্যক্তি ৷ তেও এজন শিক্ষক৷ পৰিয়ালত ঘৈনীয়েক আৰু ছোৱালী এজনী ৷ ছোৱালীজনীৰ নাম জোনালী৷ জোনালী মাক-বাপেকৰ বৰ আলাসৰ ৷মাক-বাপেকে বৰ মৰম কৰি ডাঙৰ-দীঘল কৰিছে তাইক ৷ 
জোনালীৰ বিয়াৰ বয়স হৈছে ৷ গতিকে বাপেকে ল’ৰাৰ সন্ধান কৰি আছে ৷ বাপেকৰ এটাই কথা – মদ খোৱা ল’ৰাৰ লগত ছোৱালী বিয়া কোনো মতেই নিদিয়ে ৷বাকি কিবা দোষ থাকিলেও থাকিব ৷ ল’ৰা দেখাত বেয়া হলেও কথা নাই, কিন্তু মদ খাব নালাগে৷ 
লাগিলে ছোৱালী ঘৰতে থাকিব৷ তেঁওৰ মতে মদ খোৱা ল’ৰালৈ ছোৱালী দিয়া মানে সেইজনী ছোৱালীক জীয়াই জীয়াই কবৰ দিয়াৰ লেখিয়া কথা৷ 
সেইমতে তেও ল’ৰাৰ খা-খবৰ লৈ আছে ৷ বহুত ল’ৰাৰ খবৰো পাইছে, কিন্তু সকলোবোৰ মদ খোৱা ল’ৰা ৷ তেও মনত ভাবিলে, কি দিন হ’ল এজন ভাল ল’ৰা বিচাৰি পোৱাতোও টান হ’ল দেখোন৷ 
অৱশেষত এজন মদ নোখোৱা ল’ৰাৰ সন্ধান পালে তেও ৷ 
নিৰ্ভৰযগ্য সূত্ৰে পোৱা খবৰ মতে ল’ৰাজন খুবেই ভাল – দেখাতো সুন্দৰ ৷ 
গতিকে তোষেশ্বৰ ডাঙৰীয়াই ল’ৰাজনৰ ঘৰত খবৰ পঠালে ছোৱালী চাবলৈ আহিবৰ কাৰণে ৷ 
সেইমতে ল’ৰাজন লগ-সমনীয়া লগত লৈ হাজিৰ হ’ল তোষেশ্বৰ ৰাইডিঙীয়াৰ ঘৰত ৷
 ল’ৰা আৰু তেঁওৰ লগৰিয়া সকল আহি বহাৰ পাচত তোষেশ্বৰ ৰাইডিঙীয়াই সুধিলে, বোপাইহত তোমালোকে মদ-পানী কিবা..... ৷

তেঁওৰ কথা শেষ হবই নাপালে, ল’ৰাজনে কৈ উঠিল – ডেউতা সেইবোৰ যোগাৰ কৰিব নালাগে ৷ আমি ৰাস্তাতে খাই আহিছো৷ তোষেশ্বৰ ৰাইডিঙীয়াৰ মুৰৰ চাৰিওপিনে ৰঙা-নীলা তৰা ঘূৰিব ধৰিলে ৷

No comments:

Post a Comment