Friday 8 February 2013

ইটোতকৈ সিটো চাৰ

বৰুৱা: ও দোষ্টী, জান' মোৰ দেউতা বৰ ডাঙৰ সাতোঁৰবিদ আছিল !
দত্ত: কচোন বাৰু তোৰ দেউতাৰা কি ধৰনৰ সাতোঁৰবিদ ?
বৰুৱা: এবাৰ মোৰ দেউতা ভৰলুত ডুব মাৰি ব্রহ্মপুত্রত ওলাইছিল
গৈ !!
দত্ত: ধেই ইমানখিনি কথা !!!…..তোৰ দেউতাৰা মোৰ দেউতাৰ আগত
একো নহয় ৷ বুজিছ’ ৷
এবাৰ মোৰ দেউতা জালুকবাৰীত থকা আমাৰ ঘৰৰ পানী টেংকিত ডুব
মাৰি AIDC ৰ ফুটপাথৰ Man hole ৰে গৈ ওলাইছিল !!
 
by Marylene D

ওজন জোখা মেচিন

ভিখাৰী:- অ’ দাদা, এটকা দিয়ক না, তিনি দিনৰ পৰা একো এটা খোৱা নাই
কলিতা:- তিনি দিনৰ পৰা একো খোৱা নাই যদি নো কি কৰিবি মাত্ৰ "এটকা" টোৰে হুঁ ?

ভিখাৰী: - [ মূৰটো কৰিম ] চান্দমাৰী ফাৰ্মাচীৰ আগত ওজন জোখা মেচিন এটা আছে, তাতে এটকা টো ভৰাই দি যোৱা তিনি দিনত কিমান ওজন হ্ৰাস পালে চাম আক’

 

by Changmai 

Sunday 2 December 2012

কোনে বেছি ভাল পায় ?


নবীন, থুলুক আৰু ভলং তিনিওটাই ৰঙিলীক ৰূপ সদায় দেখি দেখি তাইৰ প্ৰেমত পৰিল আৰু তাইক প্ৰপ’জ কৰিলেগৈ ৷ 

ৰঙিলীয়ে এটা চালীয়া হাঁহিৰে তিনিওটালৈ চাই ক’লে:~
তোমালোক কোনে মোক বেছি ভাল পোৱা আগতে তাৰ পৰীক্ষা কৰিম…. ফার্ষ্ট কোৱাচোন মোৰ বাবে তোমালোকে কি কি কৰিব পাৰিবা…??

নবীন : মই তোমাৰ বাবে নিজৰ জীৱনটোও শেষ কৰি দিব পাৰিম..
ৰঙিলী : সেইটোতো চবেই কয়..

থুলুক : মই তোমাৰ বাবে আকাশৰ জোন-তৰা আনি দিব পাৰিম..
ৰঙিলী : পুৰাণা ডায়লগ ..

ভলং: মই তোমাক মোৰ ফেচবুক পাচৱর্ডটো দি দিব পাৰিম..
ৰঙিলী : হায়.. পাগলটো কৰ’বাৰ !! … ইম্মান ভাল পাৱনে মোক..

by Abhijit Dehingia

প্ৰাৰ্থনা


ভক্ত : নাজানোহোঁ আৱাহন, নাজানোহোঁ বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্ছিত .....

ভগৱান : একোৱে নাজান যদি কি কৰিবলৈ টেটু ফালি মাতি আছ’ মোক... ??

by Bornaly H

থুলুকৰ হেয়াৰ কাটিঙ


থুলুক ফুৰিবলৈ গৈছিল মুম্বাইলৈ। পুৰা ফুৰিছে, অমিতাভৰ ঘৰৰ পৰা একেবাৰে শ্বাহৰুখৰ বাংলোলৈকে চব চাইছে। লগত নবীন। বান্দ্ৰাত ফুৰি থাকোঁতে দেখিলে এখন আটক ধুনীয়া ছেলুন। নাম হালিম'ছ্। চুলিয়েই কাটে নে আৰু কিবা কিবিও কৰে তাকে ভাবোতেই ধেৰ সময় গ'ল। যি হ'ব হ'ব বুলি থুলুকে নবীনক লগত লৈ সোমাল হোটেল যেন লগা ধুনীয়া ছেলুনখনত। মৰমলগা(!) ছোৱালীজনীয়ে আহি সুধিলে এপইন্টমেণ্ট আছে নে নাই। চুলি কাটিবলৈও এপইন্টমেণ্ট?

 "হয়, এই গোটেই সপ্তাহটোৰ বুকিং সমাপ্ত হৈছে। আপুনি অহা সপ্তাহৰ কাৰণে বুকিং কৰিব পাৰে।"
"কিমান টকা লাগিব?"
"চুলি কাটিলে ১৫০০.০০ টকা, চুলিৰ ষ্টাইলিং ৩০০০.০০ টকাৰ পৰা ৬০০০.০০ টকা ইত্যাদি। আপুনি কি কৰিব বিচাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব।"
থুলুকে অলপসময় চিন্তা কৰিলে। তাৰ পাছত ক'লে: "অহঃ, অহা সপ্তাহলৈ মই মুম্বাইত নাথাকিম। পাছত আকৌ আহিলে কাটিম বাৰু। এনেয়ে মই 'ইটালেয়ান' ছেলুনত কাটো মোৰ চুলি, ইয়াত আপোনালোকৰ ছেলুনখন দেখি ভাল লগাত সোমাইছিলো। হ'ব, আজিলৈ আহোঁ।"
ধুনীয়া হাঁহি এটাৰে ছোৱালীজনীয়ে বিদায় দিলে দুয়োকে।
বাহিৰলৈ আহি নবীনৰ প্ৰশ্ন:"তই ইটালীয়ান ছেলুনত চুলি কাটো বুলি ক'লি যে? আমাৰ তাত ইটালীয়ান ছেলুন ক'ত আছে অ'?"
থুলুক: "ইটালীয়ান নহয় অ', ইটালেয়ান। ইটা-লে-আঁ। মানে সেই গোলোকৰ দোকানৰ সমুখৰ গছডালৰ তলত আকৌ। ৰাম সিঙৰ ছেলুন। ইটা এচপৰা পাৰি বহিলৈ ছুলি কটায়েই এই বয়স পালোহি দেছোন।"
(সঁচা কথা ক'লে থুলুক বেয়া)


by Rajib Ranjan

নগেনৰ বাইক

আমাৰ নগেন যোৱা বৄহস্পতিবাৰে গৈছিল এটিএমলৈ নিজৰ pleasure বাইকখন লৈ ... 
পইচা পাতি উলিয়াই মহানন্দে চিগাৰেট এটা জ্বলাই এক ফাৰ্লং মান দুৰৈৰ অফিচলৈ খোজ কাঢ়ি ঘুৰি আহিল । গধূলি থকা ঠাইলৈও (এক কি.মি. মান হ'ব) লগৰ এটাৰ লগত ফুটপাথেদি খোজ কাঢ়ি গ'ল, যাওঁতে এটা হাফ লগত । পিছদিনা আকৌ অফিচ আহিল খোজ কাঢ়ি । ঘুৰি গ'ল একেদৰেই । শনিবাৰে পূৱাই অফিচৰ ক্রিকেট মেচ এখন খেলিবলৈ দিচপুৰ প্লে গ্রাউণ্ডলৈ যাব লগা হোৱাতহে মনত পৰিল বাইকখনৰ কথা ; ভাবিলে আগদিনাখন অফিচতে এৰি আহিল হবলা ... সোমবাৰে অফিচ আহি আহি দেখে বাইকখন নাই । লাগিল হুৱাদুৱা ; সি আন্দাজ কৰিলে বাইক চুৰি হ'ল । ইনচুৰেঞ্চৰ কাৰণে পুলিচ থানাত এখন এজাহাৰো দিলে ।

গধুলী মনৰ দুখতে পুনৰ এটিএম লৈ গ'ল । পইচা উলিয়াই চুৰট এটা ধৰাইছেহে ... ওৱা তাৰ বাইকখন দেখোন ফুটপাথৰ দাতিত ৰখাই থোৱা আছে । নগেনে ভোৰভোৰালে 'আজিকালি চোৰবোৰ বৰ ভদ্র হৈছে দেই । কাম চাম হৈ যোৱাৰ পিছত জেগাৰ বস্তু আকৌ জেগাত...' ।

[বি.দ্র. - এই নগেন মোৰ সহকৰ্মী, ৰাঁচিত ঘৰ । আহমেদাবাদ আই আই এমৰ পৰা এম.বি.এ. কৰি আমাৰ প্র্তিস্থানত দুবছৰ ধৰি কৰ্মৰত । পোছাকী নামটো নকওঁ; এনেই তাক আমি apeman বুলিয়েই refer কৰো । সময়, ঘটনা, ঠাই সম্পুৰ্ণ সচাঁ ।]



by Surajit Neog

ৰঙিলী আৰু পমিলী

ৰঙিলী আৰু পমিলী এবাৰ ট্ৰেইনত উঠি চানাচুৰ চোবাই চোবাই গৈ আছিল..
পমিলী : অই ৰঙিলী… ক’ চোন তোক কেনেকুৱা হাজবেন্দ লাগিব..
ৰঙিলী : উ..ম..ম… কোটিপতি এটা লগিব..
পমিলী : আৰু যদি কোটিপতি নাপাৱ ..
ৰঙিলী : তেন্তে ৫০ লাখৰ দুটাৰে চলি যাব…
পমিলী : তেনেকুৱাও যদি নাপাৱ..
ৰঙিলী : তেন্তে ২৫ লাখৰ চাৰিটাৰে চলি যাব….
ইমান পৰে উপৰৰ বার্থত শুই থকা থুলুকে মাত লগালে …
: অই পমিলী… এই হাজাৰ পাই গ’লে মোক জগাই দিবি দেই..
তাৰ লগতে শুই থকা ভলঙেও লাহেকৈ মাত দিলে…
: আৰু মোক ৫০০ পালে..


by Abhijit Dehingia

সুখ শান্তি্ৰ ৰহস্য


কলিতা: তোমালৈ মোৰ হিংসাই হয় বুজিছা নে

চেংমাই: অ’ ... কিয় ?

কলিতা: তোমালোকৰ সংসাৰখন ইমান সুখৰ কেনেকৈ ? অকণো কাজিয়া-পেছাল নাই, আমাৰ দেখোন ইমান খকা-খুন্দা লাগিয়েই থাকে !

 চেংমাই: অ’ ভেৰি ভেৰি চিম্প’ল | কিছুমান নিয়ম বনাই লৈছোঁ আমি আমাৰ মাজত | সেই খিনি মানি চলিলে শান্তিয়েই শান্তি | 
কলিতা: কি নিয়ম? মোকো শিকাই দিয়া হে |

চেংমাই: মানে আমি আমাৰ মাজত বুজা পৰা কৰি লৈছোঁ যে - সংসাৰৰ যিমান সৰু সুৰা সিদ্ধান্ত ল’ব লগীয়া থাকে, তেওঁ ল’ব আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত বোৰ ম‍ই ল’ম |

কলিতা: বাহ, পিছে কোনবোৰ সৰু কোনবোৰ ডাঙৰ কেনেকৈ গম পোৱা ? 
চেংমাই: এই ধৰা সৰু সৰু সিদ্ধান্ত মানে, দৰমহাৰ টকা কেইটা ক’ত খৰছ কৰা হ’ব, মাহটোত কেইখন শাৰী কিনা হ’ব, বিউটী পাৰ্লাৰত কিমান খৰছ হ’ব, ৰাতি-দিনৰ আহাৰত কি থাকিব, ল’ৰা-ছোৱালী কেইটা কোন স্কুলত পঢ়িব, ম‍ই অফিছলৈ যাওঁতে কি পিন্ধিম- এইবোৰ সৰু-সুৰা সিদ্ধান্ত আমাৰ এওঁ মানে মিছেজে লয় | 
আৰু ধৰা ডাঙৰ ডাঙৰ সিদ্ধান্ত, যেনে এইবাৰ বিজেপি জিকিলে ভাল নে কংগ্ৰ্ৰেছ; অ’বামা জিকাটো ভাল হ’ল নে বেয়া, অখিল গগৈয়ে কৰা কাম বোৰ কিমান যুক্তি পূৰ্ণ, আই.পি.এল.ত কোনটো টীমৰ কেপ্টেইন কোন হ’ব লাগে এইবোৰ ভাবি থকাতো মোৰ কাম | ডাঙৰ ডাঙৰ কথা চিন্তা কৰি থাঁকোতে সৰু সৰু কথাবোৰ মোৰ চিন্তা কৰিবলৈ সময়েই ক’ত? আৰু তেওঁৰ সিদ্ধান্তত মাতেই মাতিবলৈ সময় ক’ত ? গতিকে বুজিছাই নহয়- শান্তিয়েই শান্তি |

কলিতা: অ’ আই চি আই চি ...


by Changmai

ৰিণি আৰু মিনি


মিনি: ঐ ৰিণি, ত‍ই হেনো গোপালক এৰি দিলি?
ৰিণি: উপায় নাই, মোৰ তাৰ প্ৰতি থকা মৰমবোৰ কমি গ’ল |
মিনি: পিছে ত‍ই দেখোন এতিয়াও সি দিয়া আঙুঠি টোকে পিন্ধি আছ’ !!!
ৰিণি: তালৈ হে মৰম কমি গ’ল, আঙুঠি টোৰ কাৰণে থকা মৰম বোৰ একেই আছে |

by Changmai

Saturday 24 November 2012

গাধ বনাম হাবিলদাৰ


এবাৰ এখন সৰু চহৰৰ ভিতৰুৱা গাওঁ এখনৰ পথাৰৰ মাজত হঠাত্‍ দেখা হৈ গ’ল এটা গাধ আৰু মোৰ বাল্যকালৰ বন্ধু দত্তৰ ৷ বন্ধু দত্ত তেতিয়া তাৰেই কোনোবা এখন থানাৰ হাবিলদাৰ আছিল ৷


দত্তক একেবাৰে সন্মুখত পাই গাধই সুধিলে “ তই কোন বে ?”


হাবিলদাৰ দত্তই ইফালে-সিফালে চাই ওচৰে পাজৰে কাকো নেদেখি অতি গৰ্বৰে বুকু ফিন্দাই উত্তৰ দিলে “মই এইখন জিলাৰ S.P. !! পিছে তই কোন ?”


গাধটোও মোৰ বন্ধু দত্তৰ দৰেই মূৰটো দাঙি ইফালে-সিফালে চাই লাহেকৈ ক’লে “মই ঘোৰা !!!”


by Kallol Kumar Baruah

ইলাষ্টিক


অমিতাভ বচ্চনে নাতিনী আৰাধ্যাৰ প্ৰথম জন্মদিনতে ২৪ লাখ টকীয়া বি.এম. ডব্লিউ এখন দিছে হেনো | ক’ত বচ্চন চাহাব আৰু ক’ত আমাৰ কলিতা |

সৰু পুতেকে এদিন কলিতাক ক’লে:- পাপা পাপা, এইবাৰ মোৰ জন্মদিনত কিন্তু আণ্ডাৰপেণ্ট এটা দিব‍ই লাগিব কৈ দিছোঁ হ’লে- এইটো পিন্ধি থকা দুবছৰ হ’ল 

কলিতা:- হেৰেউ, ককায়েৰৰ পৰা কিবা এটা শিকচোন | চাৰিবছৰ আগতেই এটা কিনি দিছিলোঁ, এতিয়া ইলাষ্টিক ডাল হে বাকী আছেগৈ, তথাপিও কমপ্লেইন নাই ... তোৰ হে সদায় লাগে লাগে লাগে ...

পুতেক: - ##@@@$#@420#@$

by Changmai

Diploma আৰু আইতাক


আইতাকে হাতত পানীকেচুৱা এটা লৈ গাই আছে

"আমাৰে 'ডিপ্ল'মা' শুবয়ে বাৰিতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰিলে আমাৰে 'ডিপ্লমা'য়ে বুটলি খাব "

--এনেতে ওচৰৰে এজনীয়ে শুনি মাত লগালে

"অৰি'.. ভূলকৈ কিয় গাইছে? 'ডিপ্লমা' নহয় 'মইনা' হে কিবা??

আইতাকে ক'লে-

নহয় ছোৱালীক দিল্লীলৈ পঠাইছিলো 'ডিপ্লমা' আনিবলৈ। আহোতে এইটো লৈ আহিছে....

by Ractim G

চাংমাই সংবাদম


কলিতা কলিতা কৰি থকাৰ কাৰণে মোৰ বিৰুদ্ধে হেনো কোনোবাই গৈ বাংলাদেশৰ ক’ৰ্টত গৈ গোচৰ তৰি দিছেগৈ | হায় হায়, সঁচা কথাবোৰ লিখোঁতেই ইমান অসন্তোষ; তেনেহ’লে আজি মিছা কথা এটা কে লিখি দিওঁ, সঁচা কৈ কি লাভ ? কলিতা নিলিখি চাংমাই বুলিয়েই লিখি দিওঁচোন | ;)

এই যে চাংমাই বোলা মানুহটো... (ম‍ই নহয় দেই), বৰ খকুৱা বুজিছে নে!!!
এনিটাইম খাওঁ খাওঁ কৈ থাকে | মানুহজনীয়ে আবদাৰ পূৰাই পূৰাই তত নাপায় | 

চাংমাইৰ আক’ কিবা খাবলৈ মন গ’লে লেনিয়াই মিঠাকৈ কোৱাৰ অভ্যাস এটা আছে | তাৰ দ্বাৰা দুটা কাম সমাধা হয়- মানুহজনীৰ মুডটো চেক কৰাও হয় আৰু বস্তুটো ডিমাণ্ড কৰাৰ নিচিনা নালাগি "অনুৰোধ/প্ৰাৰ্থনা" যেন হে দেখে |

এই ধৰক চাংমাইৰ খাবলৈ মন গ’ল গৰম গৰম তেলপিঠা...

চাংমাই:- হেৰা....... | ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- কি নো? 

এই "কি নো" টোৰ উষ্ণতাটো জুখিয়েই চাংমায়ে বাকীখিনি কথা কয় |
চাংমাই:- হে হে হে, মানে বহুত দিন ম‍ই গৰম গৰম তেলপিঠা, মৰমৰীয়াকৈ ভজা যে.... খোৱাই নাই অ’ ... (মূখখন দুখতে ওলোমাই দিয়ে) 
মানুহজনী:- (মিচিকিয়াই) ও আই, মোক ক’লেই হয়; এতিয়াই বনাই আছোঁ দেই :-)

পিছে যিদিনা মানুহজনীৰ মুড অফ থাকে সেইদিনাখন একা?

চাংমাই:- হেৰা....... | ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- (ঘোপাকৈ চাই) কি নো? কি হ’ল? কি বহুউউউ.....ত দিন ?

চাংমাই:- হে হে, মানে বহু-----ত দিন ম‍ই বাচন ধোৱা নাই অ’, ধুবলৈ বৰকে মন গৈ আছে ....

by Changmai

নিগনি আৰু হাতী


নিগনি : (হাতীক উদ্দেশ্যি)... ঐ তোৰ আন্দাৰপেন্টটো কেইদিনমানৰ কাৰণে দিবিনেকি ?
হাতী : .... হা হা হা হা .... কিয় ? তই পিন্ধিবিনেকি ? 
.......
.......
.......
.......
নিগনি : নহয় অ..... ডাঙৰ ছোৱালীজনীৰ বিয়া পাতিছো.... ! ৰভা দিব লাগে ...!

by Madhurjya Gogoi

মধুৰ মধুচন্দ্ৰিকা


মধুচন্দ্ৰিকাৰ নিশা-
পতি-পত্নীৰ কথোপকথন ।

ৰোমান্টিক মুডত পতি- "জান, তুমিয়েই মোৰ আশা, তুমিয়েই মোৰ মনমল্লিকা, তুমিয়েই মোৰ অপৰাজিতা, তুমিয়েই মোৰ ..."
.
.
.
.
.
.
.
.
.
.
.

পত্নীয়ে স্বামীক সাৱটি ধৰি ক'বলৈ ধৰিলে- "প্ৰিয়তম, আপুনিয়েই মোৰ গাঁঠিৰাম, আপুনিয়েই মোৰ নবীন, আপুনিয়েই মোৰ থুলুক..."

পতি- "$%^&*$%^$!"

by Bhaskarjyoti Das

বিবাহ বিচ্ছেদ


বিবাহ-বিচ্ছেদৰ আবেদন কৰিবলৈ ভলং উকীলৰ ওচৰলৈ গ’ল |

উকীল: - আৰ ইউ চিউৰ? কাৰণ বিচ্ছেদ হোৱাৰ পিছত কিন্তু আপোনাৰ পত্নীক প্ৰতিমাহে আধা দৰমহা দি থাকিব লাগিব !

ভলং: - তেনেহ’লে তো দেৰি কৰাৰ সকামেই নাই... এতিয়া দেখোন তেওঁ পূৰা দৰমহাকে ৰাখি থয়, পিছত কম চে কম আধাখিনি তো পাম... হুৱেৰ টু চাইন মাই চুইট নেম পিলিজ?

by Changmai

এম.পি.


অফিচাৰ: আপোনাৰ নাম কি?
প্রার্থীঃ M.P চাৰ ৷ 
অফিচাৰ: এম.পি ? তাৰ মানে কি?
প্রার্থীঃ মোহন পাল চাৰ ৷
অফিচাৰ:আপোনাৰ পিতাৰ নাম কি ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:তাৰ মানে কি?
প্রার্থীঃ মদন পাল চাৰ ৷
অফিচাৰ: আপোনাৰ যোগ্যতা?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (খং কৰি) এইটো কি?
প্রার্থীঃ মেট্রিক পাচ চাৰ ৷
অফিচাৰ:আপুনি কিয় কাম বিচাৰিছে ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (অঅহহ) তাৰ মানে কি?
প্রার্থীঃ মানি প্রব্লেম চাৰ ৷
অফিচাৰ: আপোনাৰ PERSONALITY বর্ণনা কৰক ৷ 
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:খুলি কওঁকচোন ৷ 
প্রার্থীঃ MAGNANIMOUS PERSONALITY চাৰ ৷
অফিচাৰ: আপুনি এতিয়া আহিব পাৰে ৷ 
প্রার্থীঃ এম.পি চাৰ ?
অফিচাৰ: এইটো কি আকৌ ?
প্রার্থীঃ MY PERFORMANCE …?
অফিচাৰ: M.P !!!
প্রার্থীঃ তাৰ মানে কি চাৰ ?

অফিচাৰ: MENTALLY PUNCTURED…



by Kallol Kumar Baruah

থুলুকৰ এক্সপেৰিমেন্ট

আপোনালোকে জানেনে থুলুকে কলেজত বিজ্ঞান পঢ়িছিল? প্ৰিয় বিষয় আছিল জীৱ বিজ্ঞান। ডাৰউইনৰ কথা পঢ়ি পঢ়ি থুলুকেও ধেৰ কিবা কিবি চেষ্টা কৰিছিল সেই তাহানিতে। তাৰেই কপাল বেয়া, অসম মুলুকত জন্ম ল'লে। নহ'লে ইমানদিনে তাৰ বিভিন্ন পৰীক্ষাৰ খবৰ গোটেই হাতীপটিয়ে জানিলে হয়। বিশ্বাস নকৰিব বুলি জানিয়েই মই থুলুকৰ তেনে এটা পৰীক্ষাৰ সবিশেষ গোটাই আনিছোঁ।
লক্ষ্যঃ ভেকুলীৰ ঠেঙৰ জোৰ হিচাপ
আপোনাক লাগিব: ১) এটা বেং ভেকুলী
২) এখন সৰু তক্তা
৩) কেইটামান আলপিন
৪) এটা ভিডিঅ' কেমেৰা (নহ'লেও চলিব)
৫) স্কেল বা ফিটা (ওচৰৰ বেৰত আঁকি ল'ব পাৰিলে একদম সঠিক হিচাপ পাই যাব)


প্ৰণালী:
ভেকুলীটোক তক্তাখনৰ ওপৰত বহাই লওঁক। আলপিন এটা হাতত লৈ "এক, দুই, তিনি" বুলি মুখেৰে জোৰেৰে চিঞঁৰক আৰু ভেকুলীৰ টিকাত লাহেকৈ খুচি দিয়ক। বেং ভেকুলীটোৱে কিমান ওপৰলৈ জপিয়াই স্কেল বা ফিটা বা ভিডিঅ' কেমেৰাৰ ফুটেজ চাই হিচাপ কৰক আৰু লিখি ৰাখক। এতিয়া এখন এখনকৈ ভেকুলীটোৰ ঠেং কাটি গৈ থাকক আৰু একদ'ৰেই প্ৰতিবাৰ কিমান ওপৰলৈ জপিয়াই হিচাপ কৰি লিখি যাওক।
থুলুকে নিজে কৰা এই পৰীক্ষাটোৰ ফলাফল এখন প্ৰকাণ্ড নোটবুকত লিখি ৰাখিছিল। ময়ো আপোনালোকৰ সুবিধাৰ কাৰণে যেনেকৈ আছিল তেনেকৈয়ে তলত দি দিছো।


ফলাফলঃ
১) চাৰিটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ৪ ফুট জপিয়াব পাৰে।
২) তিনিটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ৩.২৫ ফুট জপিয়াব পাৰে।
৩) দুটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ২ ফুট জপিয়াব পাৰে।
৪) এটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ১.২৫ ফুট জপিয়াব পাৰে।
৫) চাৰিওটা ঠেং কাটি দিলে বেং ভেকুলীৰ শ্ৰৱণ শক্তি নোহোৱা হৈ সম্পূৰ্ণ কলা হৈ পৰে। বিষ অনুভৱ কৰিব পৰা ক্ষমতাও নোহোৱা হৈ পৰে। 

**থুলুকে এতিয়াও দুখ কৰে অসমত বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰ আদৰ নাই বুলি।

by Rajib Ranjan

পিন নাম্বাৰ

থুলুকৰ বিৰাট খং উঠি আছে।

বেংকৰ ওপৰত।

 কাইলৈ একাউণ্ট বন্ধ কৰি জমা টকা সকলো খিনি উলিয়াই পেলাব বোলে।

হয়ো দিয়কচোন, প্ৰয়োজনৰ সময়ত নিজৰ টকাকেইটাকে উলিয়াব নোৱাৰিলে বেংকত জমা থোৱাৰ কি যুক্তি আছে।সন্ধিয়া থুলুকক ২০০.০০ টকা এটা লাগিছিল, গেলামালৰ দোকানত দিবলৈ আছিল।

বজাৰৰ চুকত থকা বেংকৰ এটিএমটোত পইচা উলিয়াওঁ বুলি সোমাল।

কাৰ্ডখন নিৰ্দিষ্ট জেগাত সুমুৱাই দিয়াৰ পছত পিন নাম্বাৰ খুজিলে।

সি দিছে। শুদ্ধকৈ দিয়াৰ পাছতো ভুল বুলি কয়।

তিনি নে চাৰি বাৰ পিন নাম্বাৰটো ভৰালে, শেষত গৈ তাৰ এটিএম কাৰ্ডখনেই ব্লক হৈ থাকিল।

এই বয়সতনো বাৰু সি নিজৰ জেগাখনৰ পিন নাম্বাৰটোকে নাজানেনে।

হেৰৌ ইমানো বুৰ্বক নহয় দেচোন।

by Rajib Ranjan

Wednesday 21 November 2012

বাবা গণেশ


গনেশ : (পাৰ্বতীক ঊদ্দেশ্যি ) মা .... মা .... দেউতা কত আছে ? 
পাৰ্বতি : নাজানো ... বাথৰুম .. গৈছে চাগৈ ...!
গনেশ : (খঙত) সদাই সদাই কিমান কৈ থাকিব লাগে ? ভাঙ খাই খাই পাহৰি থাকে ! 
কিমান বাৰ কলো .... কাঁটা চামুচ এখন লাগে লাগে বুলি.. ! .. আনি নিদিলে.. আৰু 
মই সদায় সদায় এইডালেৰে নুডলছ খাব লাগে..... (ত্ৰিশূল ডাল টান মাৰি ....) !

by Madhurjya Gogoi

কিমধিকম

বাংলাদেশী স্বাস্থ্য বিভাগৰ মন্ত্ৰ : -

হাম দ' হামাৰে দ' বাকী চব আসাম ভেজ দ'*

by Ractim G

ফুটনি কি চাবা


এখন ৰেস্তোৰাত... তিনিজন বন্ধুৱে কথা পাতি আছিল্..! তাৰে এজন আমেৰিকান , এজন জাপানিজ ... আৰু এজন... অসমীয়া  ..! কথাই কথাই.. তেওলোকৰ মাজত.. নিজ নিজ দেশৰ 
টেকনলজিৰ ফুটনি.. আৰম্ভ হল !

আমেৰিকান : আমাৰ এমেৰিকাত এইবাৰ এখন এৰোপ্লেন বনাইছে যে, একেবাৰে মুনৰ (চন্দ্ৰ) লগে লগে উৰে ! 

জাপানিজ + অসমীয়া : কি ??? ইমান ওপৰেৰে উৰে ?

আমেৰিকান : (অলপ ভয কৰি) ... নহয মানে ... অলপ তলেদি উৰে .....

জাপানিজ : আমাৰ জাপানে আকৌ এতিযা এখন ছাবমেৰিন উলিযাইছে.... যিখন.. একেবাৰে .. সাগৰৰ তলৰ মাটিত লাগি চলিব পাৰে...!

অসমীয়া + আমেৰিকান : কি ??? সচাই নে ?

জাপানিজ : (লাজ পাই) ... নহয.... মানে ... অলপ ওপৰেদি চলে !

অসমীয়া : (অলপ ভাবি) এইবাৰ আমাৰ দেশত এনেকুৱা মানুহ আমি জন্ম দিছোঁ .... 
যে .... সেই মানুহবোৰে...... নাকেৰে ভাত খায !

জাপানিজ + আমেৰিকান : কি ??? ( আচৰিত হৈ .... )

অসমীয়া : ( বুকু ফিন্দাই ... ) নাই... মানে... অলপ তলেদি খায .....! হি হি হি

by Madhurjya Gogoi

ৰ-কাৰ আৰু কেৰকণ


কেৰকনৰ বৰ ভয়... ঘৰৰ পৰা বাহিৰ হলেই গিৰিজাই মাষ্টৰে বাট আগুচি ধৰে... !কথা একো নাই.. মানুহৰ উচচাৰণত ভুল ধৰি ভাল পায় গিৰিজাই মাষ্টৰে.... মানে একেবাৰে শুদ্ধ উচ্চাৰণৰ মানুহ! (কেৰকনৰ আকৌ এনেই অলপ অসুবিধা হয়..... যেনে... আৰু টো আও.... প্ৰথম টো পথম ... ইত্যাদি.. ) 

আজি ৰাতিপুৱা কেৰকন ঘৰৰ বাহিৰলৈ ওলাল..! ওলায়েই দেখিলে যে মাষ্টৰ ৰৈ আছে.. বাহিৰত....! 

মাষ্টৰ : কলৈ যাৱ কেৰকন ?
কেৰকন : পতাপৰ দোকানলৈ যাও !
মাষ্টৰ  : (মুখ বিকটাই... ) হেৰৌ.. পতাপ নহয়... ঔ.. "প্ৰতাপ" হে..... ৰ কাৰ এডাল .. থাকে নহয়...! কিবা কাম আছিল নেকি ?
কেৰকন : (সাৱধান হৈ ...) নহয় মানে ছাৰ্.. পথমতে পতাপৰ দোকানৰ পৰা চাকি দুগছ লৈ স্কুল যাম !আজি শধান্জলি পাতিছে নহয় ! 
মাষ্টৰ  : (খঙেৰে...গালি পাৰি... ) তহত.. মূৰ্খবোৰে .. অসমীয়াৰ জাত মাৰিলি....! ৰ কাৰ যোগ দিবলৈ কিমান শিকাব লাগে ? পতাপ নহয় প্ৰতাপ্.... পথম নহয় প্ৰথম্.... আৰু মাৰিলি.. ঐ মাৰিলি.... ! শধান্জলি ... নহয় ... ঐ ..গৰু .. শ্ৰদ্ধাঞ্জলি.. হে ......!

এইবাৰ কেৰকনৰ সচাই ভয় লাগিল.... ! পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ... সি ভাবিলে.... যে মাষ্টৰক  মাফ খুজি ইয়াৰ পৰা পলাব পাৰিলেই হল আৰু ....! 
কেৰকন : (অলপ চিন্তা কৰি...) ত্ৰেত্ৰিয়া হ্ৰলে ছ্ৰাৰ, আজ্ৰিৰে প্ৰৰা ম্ৰই স্ৰব্ৰত্ৰে ৰ্ৰক্ৰাৰ যোগ্ৰ দ্ৰিম্ৰেই দ্ৰিম ...!আপ্ৰুনি চ্ৰিন্ত্ৰা নক্ৰৰ্ৰিব...! 

গিৰিজাই মাষ্টৰ  খঙতে মূৰ্ছা গল... !

by Madhurjya Gogoi

চহৰত এদিন ভেকোলা


এবাৰ আমাৰ ভেকোলা চহৰলৈ গৈছিল ! চহৰত সি এজনি খুব ধুনীয়া ছোৱালী দেখিলে....!
ছোৱালীজনীয়ে চুটি গাউন এটা পিন্ধি আছিল ! ভেকোলাই ভাবিলে যে তাৰ ঘৈণীয়েকলৈ তেনেকুৱা কিবা এটা লৈ যাব.... আৰু তাৰ ঘৈণীয়েক পুতলীকো ধুনীয়া দেখা হব !.. লাহে লাহে সি ছোৱালীজনীক সুধিলে.... 
... “ ভন্টি, কি নাম তোমাৰ ?” 
... “ কিয় লাগে ?”(ঘোপাকৈ চাই... ) 
... “ নাই মানে এনেই সুধিছো ...!” 
... “ ভন্টি, এইটো কত পায় ?” (গাউনটোলৈ আঙুলিয়াই) 
... “ গছত লাগে...” (খঙেৰে ...) 
... “ ভন্টি.... বৰ কলিতে ছিঙিলা দেই ....

by Madhurjya Gogoi

Friday 16 November 2012

অখম দেশৰ কাহিনী


ভৱিষ্যত কালৰ কথা:

অখম নামৰ দেশখনত ৰজা বিবুদ্ধিত পৰিল | তেওঁ যোৱাৰ পিছত দেশৰ ৰজা কোনটো পুতেকক পাতি যাব পাৰি তাকে চিন্তা কৰি কৰি তেওঁৰ খাদ্য হজম নোহোৱা হ’ল, ৰাতি শেতেলিত পৰিলেও চকুলৈ নিদ্ৰা নহা হ’ল | তেওঁৰ মনোকষ্ট দেখি কাৰণ সোধাত মহামন্ত্ৰীক তেওঁ সকলোখিনি বুজাই ক’লে- যিহেতু প্ৰত্যেকটো পুতেককে তেওঁ সমানেই স্নেহ কৰে, গতিকে উত্তৰাধিকাৰী নিৰ্বাচন কৰিবলৈ লৈ তেওঁ বিপাঙত পৰিছে |

মহামন্ত্ৰীয়ে নাকটো অলপ সময় খজুৱাই থাকি ৰজাক বুধি এটা দিলে - বুধিটো ৰজাৰ পচন্দো হ’ল | কথা মতেই সন্ধিয়ালৈ তেওঁ তিনিও পুত্ৰক মাতি আনি এশ এশ টকা গাইপতি দিলে আৰু ক’লে যি এই এশ টকাৰে বস্তু ক্ৰয় কৰি আনি এই কোঠাটো পূৰ কৰি পেলাব পাৰিব, তেঁওকেই ম‍ই দেশৰ ভাবী-অধিপতি বুলি জনগণৰ আগত ঘোষণা কৰি দিম | তিনি পুত্ৰ মূৰ দোঁৱাই ওলাই গ’ল |

পিছদিনা :

কনিষ্ঠ পুত্ৰ ইজিপি-য়ে দুইবস্তা ঘাঁহ আনি মজিয়াত মেলি দিলে | মজিয়াখন ভৰি গ’ল | ৰজা খুছ |
মহামন্ত্ৰী:- মজিয়াখন বাৰু পূৰ হ’ল কিন্তু বাকী খালী ঠাই খিনি?

মাজু পুত্ৰ বিডেপি-য়ে একবস্তা কপাহ আনি মেলি দিলে | বতাহৰ শুভ্ৰ কপাহ উৰি ভৰি পৰিল | ৰজা খুছ | কিন্তু কিছু সময়ৰ পিছতে কপাহখিনি মজিয়াত পৰি স্থিৰ হৈ ৰ’ল |
মহামন্ত্ৰী:- ছেইম প্ৰবলেম এজ এব’ভ | নেছেল |

জ্যেষ্ঠ পুত্ৰ খংগ্ৰেছে প্ৰথমতে খিৰিকীবোৰ বন্ধ কৰিলে, তাৰ পিছত দুৱাৰখন | তাৰ পিছত জেপৰ পৰা মম এডাল আৰু জুইশলা এটা উলিয়াই ফচকৈ কাঠি জ্বলাই অগ্নি-সংযোগ কৰি দিলে | গোটেই কোঠাটো মমৰ প্ৰকাশেৰে ভৰি পৰিল | ৰজা মহা-খুছ, কেছ চ’ল্ভড- উত্তৰাধিকাৰী হাজিৰ!!!

মহামন্ত্ৰী: - বাৰু বাৰু কামতো বাৰু সিজিল | কোঠাটো বাৰু ভৰি পৰিল | কিন্তু এডাল মমৰ দাম ৫ টকা আৰু জুইশলাইৰ দাম ১ টকা, মুঠ ৬ টকা হে খৰচ হ’ল; বাকী ৯৪ টকা ক’ত ?

খংগ্ৰেছ:- (লাহেকৈ আগবাঢ়ি মহামন্ত্ৰীৰ পকেটত ৫০ টকা গুজি দি), এহ খুড়া খং-ৰাগনো কিয় কৰে হে? লওক- মিঠাই খাব ...

by Changmai