Sunday 2 December 2012

নগেনৰ বাইক

আমাৰ নগেন যোৱা বৄহস্পতিবাৰে গৈছিল এটিএমলৈ নিজৰ pleasure বাইকখন লৈ ... 
পইচা পাতি উলিয়াই মহানন্দে চিগাৰেট এটা জ্বলাই এক ফাৰ্লং মান দুৰৈৰ অফিচলৈ খোজ কাঢ়ি ঘুৰি আহিল । গধূলি থকা ঠাইলৈও (এক কি.মি. মান হ'ব) লগৰ এটাৰ লগত ফুটপাথেদি খোজ কাঢ়ি গ'ল, যাওঁতে এটা হাফ লগত । পিছদিনা আকৌ অফিচ আহিল খোজ কাঢ়ি । ঘুৰি গ'ল একেদৰেই । শনিবাৰে পূৱাই অফিচৰ ক্রিকেট মেচ এখন খেলিবলৈ দিচপুৰ প্লে গ্রাউণ্ডলৈ যাব লগা হোৱাতহে মনত পৰিল বাইকখনৰ কথা ; ভাবিলে আগদিনাখন অফিচতে এৰি আহিল হবলা ... সোমবাৰে অফিচ আহি আহি দেখে বাইকখন নাই । লাগিল হুৱাদুৱা ; সি আন্দাজ কৰিলে বাইক চুৰি হ'ল । ইনচুৰেঞ্চৰ কাৰণে পুলিচ থানাত এখন এজাহাৰো দিলে ।

গধুলী মনৰ দুখতে পুনৰ এটিএম লৈ গ'ল । পইচা উলিয়াই চুৰট এটা ধৰাইছেহে ... ওৱা তাৰ বাইকখন দেখোন ফুটপাথৰ দাতিত ৰখাই থোৱা আছে । নগেনে ভোৰভোৰালে 'আজিকালি চোৰবোৰ বৰ ভদ্র হৈছে দেই । কাম চাম হৈ যোৱাৰ পিছত জেগাৰ বস্তু আকৌ জেগাত...' ।

[বি.দ্র. - এই নগেন মোৰ সহকৰ্মী, ৰাঁচিত ঘৰ । আহমেদাবাদ আই আই এমৰ পৰা এম.বি.এ. কৰি আমাৰ প্র্তিস্থানত দুবছৰ ধৰি কৰ্মৰত । পোছাকী নামটো নকওঁ; এনেই তাক আমি apeman বুলিয়েই refer কৰো । সময়, ঘটনা, ঠাই সম্পুৰ্ণ সচাঁ ।]



by Surajit Neog

No comments:

Post a Comment