Saturday 24 November 2012

থুলুকৰ এক্সপেৰিমেন্ট

আপোনালোকে জানেনে থুলুকে কলেজত বিজ্ঞান পঢ়িছিল? প্ৰিয় বিষয় আছিল জীৱ বিজ্ঞান। ডাৰউইনৰ কথা পঢ়ি পঢ়ি থুলুকেও ধেৰ কিবা কিবি চেষ্টা কৰিছিল সেই তাহানিতে। তাৰেই কপাল বেয়া, অসম মুলুকত জন্ম ল'লে। নহ'লে ইমানদিনে তাৰ বিভিন্ন পৰীক্ষাৰ খবৰ গোটেই হাতীপটিয়ে জানিলে হয়। বিশ্বাস নকৰিব বুলি জানিয়েই মই থুলুকৰ তেনে এটা পৰীক্ষাৰ সবিশেষ গোটাই আনিছোঁ।
লক্ষ্যঃ ভেকুলীৰ ঠেঙৰ জোৰ হিচাপ
আপোনাক লাগিব: ১) এটা বেং ভেকুলী
২) এখন সৰু তক্তা
৩) কেইটামান আলপিন
৪) এটা ভিডিঅ' কেমেৰা (নহ'লেও চলিব)
৫) স্কেল বা ফিটা (ওচৰৰ বেৰত আঁকি ল'ব পাৰিলে একদম সঠিক হিচাপ পাই যাব)


প্ৰণালী:
ভেকুলীটোক তক্তাখনৰ ওপৰত বহাই লওঁক। আলপিন এটা হাতত লৈ "এক, দুই, তিনি" বুলি মুখেৰে জোৰেৰে চিঞঁৰক আৰু ভেকুলীৰ টিকাত লাহেকৈ খুচি দিয়ক। বেং ভেকুলীটোৱে কিমান ওপৰলৈ জপিয়াই স্কেল বা ফিটা বা ভিডিঅ' কেমেৰাৰ ফুটেজ চাই হিচাপ কৰক আৰু লিখি ৰাখক। এতিয়া এখন এখনকৈ ভেকুলীটোৰ ঠেং কাটি গৈ থাকক আৰু একদ'ৰেই প্ৰতিবাৰ কিমান ওপৰলৈ জপিয়াই হিচাপ কৰি লিখি যাওক।
থুলুকে নিজে কৰা এই পৰীক্ষাটোৰ ফলাফল এখন প্ৰকাণ্ড নোটবুকত লিখি ৰাখিছিল। ময়ো আপোনালোকৰ সুবিধাৰ কাৰণে যেনেকৈ আছিল তেনেকৈয়ে তলত দি দিছো।


ফলাফলঃ
১) চাৰিটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ৪ ফুট জপিয়াব পাৰে।
২) তিনিটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ৩.২৫ ফুট জপিয়াব পাৰে।
৩) দুটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ২ ফুট জপিয়াব পাৰে।
৪) এটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ১.২৫ ফুট জপিয়াব পাৰে।
৫) চাৰিওটা ঠেং কাটি দিলে বেং ভেকুলীৰ শ্ৰৱণ শক্তি নোহোৱা হৈ সম্পূৰ্ণ কলা হৈ পৰে। বিষ অনুভৱ কৰিব পৰা ক্ষমতাও নোহোৱা হৈ পৰে। 

**থুলুকে এতিয়াও দুখ কৰে অসমত বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰ আদৰ নাই বুলি।

by Rajib Ranjan

No comments:

Post a Comment