Friday 16 November 2012

থুলুক আৰু লটাৰী


থুলুকে লটাৰীত ১ লাখ টকা জিকি খুচ | লটাৰীৰ দোকানলৈ গৈ টকাখিনি ডিমাণ্ড কৰিলে |

দোকানী:- দাদা, এতিয়া আপোনাক ২০,০০০ টকা হে দিব পাৰিম, বাকী খিনি টকা আহিবলৈ এসপ্তাহমান লাগিব |

থুলুক:- ম‍ই সেই চব নাজানোঁ, মোক টকা এতিয়াই লাগে | দিলে পূৰা একলাখ টকা দে, নহ’লে লটাৰী টিকেটৰ দাম- পঞ্চাশ টকাটো উভোতাই দে |

by Changmai


Meditation Camp


এট ওৱান স্পিৰিচুৱেল ট্ৰেইনিং কেম্প-
সাধু: নিজৰ চৰিত্ৰৰ ওপৰত কন্ট্ৰ’ল ৰখাটো খুবেই জৰুৰী | চৰিত্ৰ নিকা হ’লে হে মন ভাল হ’ব, মন ভাল থাকিলেহে সকলো ভালে থাকিব | যেতিয়াই মন পিচলে, ভগৱানৰ নাম লৈ " হৰি ওঁম হৰি ওঁম " জপিব লাগে | যেতিয়াই কোনো ষোড়শীক দেখি মনে থৰকাচুটি হেৰুৱায়, ক’ব লাগে- হৰি ওঁম হৰি ওঁম | 

শিষ্যগণ: অ’ কে বাবা | 
সাধু: এতিয়া আমি গভীৰ ধ্যানত লিপ্ত হ’ম হঁক, সকলোৱে চকু মুদি নিবিষ্ট চিত্তেৰে ধ্যান কৰাহঁক | 

সকলো শিষ্য ধ্যানত মগ্নবিভোৰ | আনন্দত ধ্যানৰ লেভেল টু পাই থুলুকে বিৰবিৰাবলৈ ধৰিলে | 
থুলুক:- হৰি ওঁম হৰি ওঁম |
বাকী শিষ্যগণ সমস্বৰে:- ক’ত ক’ত ? 

by Changmai

শ্ব’পিং ম’লত


এজন বৃদ্ধ আৰু তেওঁৰ নাতিয়েক প্ৰথম বাৰৰ বাবে গাঁৱৰ পৰা গুৱাহাটী ফুৰিবলৈ গ’ল | এটা শ্বপিং মলত সোমাই তেওঁলোক থৰ লাগিল- ইমান ধুনীয়া ধুনীয়া বস্তু চাৰিওফালে, ইমান চাফ-চিকুণ, ইমান ৰঙীণ লাইট ... | তেনেতে তেওঁলোকে দেখিলে এজনী বুঢ়ী লাখুটি ডালত ভৰ দি দি বেৰ এখনৰ কাষলৈ গ’ল, তাত ৰঙা বুটাম এটা টিপিলে আৰু দুৱাৰ খন খোল খাই গ’ল | হতবাক হৈ দুয়ো চাই থাকোঁতেই বুঢ়ীজনী ভিতৰলৈ সোমাই গ’ল আৰু বেৰখনে বুঢ়ীক খাই পেলালে |

বৃদ্ধ আৰু নাতিয়েক টো এক্কে বাৰে অবাক্টেড ...!!!!

চকু কপালত তুলি সেইফালে চাই থাকোঁতেই বেৰখন খোল খালে- আৰু তাৰ পৰা "কঁকাল খামুচীয়া, গাল গুলপীয়া" ষোড়শী গাভৰু এজনী ওলাই আহিল |

দুই মিনিট মান থৰ লাগি থকাৰ পিছত বৃদ্ধ‍ই নাতিয়েকক চাই ক’লে- " যা সোণাই, জল্দি জল্দি আইতাৰক গাঁৱৰ পৰা লৈ আহ গৈ যা, দেৰি নকৰিবি..."

by Changmai

অ-কাৰ

Bhaskor: - কৰতল কমল মদৰ বতল লগত মটৰ কতৰ কতৰ গমন কৰয় ধলং পলং ( ৰাইজ বেয়া নাপাব এই অভাজনে তেৰাক চেৰাই যাব নোৱাৰো৷ ভুল পথে গলে যেন এই অভাজনক পোন বাট দেখোৱায় )

Changmai: -
যমৰ কচম
বতৰ সৰল ||

মদৰ লগত
নহব মটৰ ||

মঙহ মঙহ
চমক চমক ||

মচক মচক
কড়ক কড়ক ||

চলপ চলপ
তৰল মৰম ||

নৰম মঙহ
লগত তৰল ||

চহৰ নগৰ
অজৰ অমৰ ||

ডেকা, এবটল বীয়েৰ আৰু এডাল সাপ আৰু এডাল কেঁচু


||ডেকা, এবটল বীয়েৰ আৰু এডাল সাপ আৰু এডাল কেঁচু ||

ডেকাই কোৱা সঁচা কাহিনী | বিশ্বাস কৰিলে কৰিব, নকৰিলে নো মোৰ কি ডাল আহে যায় ...!!! ;)
গৰমৰ দিন, দেওবাৰ | কি কৰিব ভাবি ভাবি ডেকাই এহাতত বৰশী আৰু এহাতত এটা ঠাণ্ডা বিয়েৰ লৈ বিলৰ পুখুৰীটোলেই মাছ মাৰিবলৈ ওলাই গ’ল | তালৈ গৈ হে মনত পৰিল যে মাছক দিবলৈ টোপ আনিবলৈ পাহৰিলেই নহয় | ইফালে সিফালে অলপ পায়চাৰি কৰাৰ পিছত দেখিলে সাপ এটাই কেঁচু এডাল মুখত লৈ লাঞ্চ কৰিবলৈ লৈছে | সাপডালৰ নেগুৰত গচকি ডেকাই কেঁচুডাল কাঢ়ি আনিলে | 

কাঢ়ি আনিলে হয়, কিন্তু কিছু পৰৰ পিছতে ডেকা অনুশোচনাৰ অগনিত দগ্ধপ্ৰায় হ’বলৈ ধৰিলে- এটা নিৰীহ প্ৰাণীৰ পৰা তাৰ ভোজন কাঢ়ি অনাটো কোনো পধ্যেই প্ৰকৃত মানৱৰ লক্ষণ নোহে | আত্মগ্লানিৰ অগ্নিত দহি ছাই হৈ যোৱাৰ আগতেই ডেকাই গৈ সাপটোৰ মুখত হাতত থকা বীয়েৰ বটল টোৰ পৰা দুটোপমান ঢালি দিলেগৈ- খা, ইয়াকে খাই তোৰ ভোক নিবাৰণ কৰ- বুলি | 

তত্পশ্চাত্‍ নিশ্চিন্তমনেৰে ডেকাই সুহুৰি বজাই বজাই কেঁচুৰ টোপ লগাই বৰশী বাই আছে | খন্তেক পিছত ভৰিত চেঁচা চেঁচা কিবা অনুভৱ হোৱাত ডেকাই তললৈ লৈ দেখে- সেই সাপডালে মুখত আৰু তিনিডাল কেঁচু আনি তাৰ ভৰিৰ ওচৰত থৈছেহি | 

সাপ:- আৰু যিমান কেঁচু লাগে আনি দিম, কিন্তু আৰু দুই চিপ মাৰিবলৈ দে না.... পিলিজ |

by Changmai

Family history


নবীনৰ মনিলতা নামৰ এজনী ভনীয়েক আছে যে , কেলেই লাজকুৰীয়াকৈ, কম কথা কৈছিল, মেডিকেল পঢ়িছিল যে পাহৰিলে নেকি ?? ধেত কেলেই অসমীয়াতে হিন্দী কয় যে ...... পাহৰিলে যদি পাহৰিলে আৰু ....
সেই মনিলতা গুৱাহাটী মেডিকেলত পঢ়ি থকাৰ সময়ৰ কাহিনী এইটো। নবীনেহে কোৱা কথা দেই ,
ডাক্তৰ বোৰে ৰোগী চাওঁতে বোলে family history taking বুলি এটা কথা আছে, মানে ধৰক কোনো ৰোগীৰ যদি ডায়েবেটিচ আছে তেখেত সুধিব লাগে তেওঁৰ ঘৰৰ আন কোনোৱাৰো তেনে ৰোগ আছে নেকি ইত্যাদি, ইত্যাদি ।
মনিলতায়েও নতুনকৈ ৰোগীচোৱা আৰম্ভ কৰিছে নিতৌ নতুন কথা শিকি আছে । এজন ৰোগীক আন দুজনে দাঙি লৈ আহিল মনিলতাৰ ওচৰলৈ--
মনিলতাই শুধিলে " কি হৈছে এখেতৰ ?"
ৰোগীজনে বিষত সেহাইঁ সেহাইঁ "ক'লে বাইদেউ গছৰ পৰা পৰিলো, ভৰিখন ভাঙিল যেন পাইছো, আহ! কিবা এটা সোনকালে কৰক "
মনিলতাই অলপ গহীনহৈ ক'লে "অ fracture হ'ব পাৰে , বাৰু কওঁকছোন আপোনাৰ ঘৰৰ আন মানুহৰো এনেদৰে গছৰ পৰা পৰি fracture হৈছে নেকি আগতে
????? "

ৰোগীজনে কি ক'লে সেইটো গ'ম নাপালো ।
(মনিয়ে আকৌ কথাটো কিন্তু মিছা বুলি কয় দেই, আচলতে কথাটো একদম সঁচা হয়, মোক নবীনে কৈছিল নহয় )

by Banajit Pathak

থুলুকৰ কাৰেণ্ট বিল


থুলুকৰ টেমা গৰম হৈ আছে। আগৰ দিনেই ভাল আছিল। মাহৰ মূৰত দস্তুৰমত ঘৰলৈ কাগজ আহিব। কাগজত লিখা থাকিব কিমান টকা দিব লাগিব। আৰু সি দি থৈ আহিব। আৰু ফোনটো সদায় নিজৰ জেগাত বিদ্যমান। বিচাৰি ফুৰিব নালাগে। এই ম'বাইলডাল অহাৰ পৰাই চব নষ্ট হ'ল। বিল কিমান আহিব কোনো হিচাপ নাই। এমাহত ৭০০ টকা যদি পাছৰ মাহত ১২০০ টকা। আৰু ফোনটো বেছিভাগ সময় বিচাৰি থাকোতেই টাইম যায়। বিলখনো ঘৰলৈ নাহে। পইচা কিমান হৈছে জানিবলৈ ফোন কৰিব লাগে। তাকো আকৌ ইংৰাজীতহে কথা ক'ব লাগে। সিফালে থকাকেইটাই যিহে পটৰ পটৰ ইংৰাজীত কয়। সিও কম ভকত নহয়। সিও শিকি লৈ আজি ফোনালে: "মাই ম'বাইল বিল হাউ মাছ?"।
আৰে ভাই তোক ফোনৰ বিল শুধিছো, তই উলিয়াই মেলি ক।
তাই বেটীয়ে উত্তৰ দিয়ে: "চাৰ, জাষ্ট ডায়েল 123 টু ন' ইয়'ৰ কাৰেণ্ট বিল।"

দি দিলে থুলুকেও: "ইষ্টুপিট, ননচেন্চ!! ফোন বিল, নট্ কাৰেণ্ট বিল। কাৰেণ্ট বিল পেইড্।"

by Rajib Ranjan

ইংৰাজী অনুবাদ


ইংৰাজীলৈ অনুবাদ কৰ:

১/ কালি তোক পাণ্ডেৰ দোকানত চিগাৰেট টানি থকা দেখিছিলো 
ইয়েস্তাৰদে আই চ’ ইউ পুলিং চিগাৰেট ইন পাণ্ডে চপ | 

২/ছোৱালীৰ পিছে পিছে কিয় ঘূৰ? লাজ নাই?
হুৱাই ইউ ৰ’টেট আফটাৰ গাৰ্ল- ন’ চেম ?

৩/কাগজখন তুলি ডাষ্টবিনত পেলা !
আফটাৰ লিফ্টিং দা পেপাৰ ফল ইন ডাষ্টবিন ! 

৪/মই বিচাৰোঁ মোৰ ল’ৰাটোৱে পঢ়ক আৰু ছোৱালীজনীৰ বিয়া হৈ যাওক |
আই ৱান্ট টু ষ্টাডী মাই চান এন্ড মেৰী মাই ড’টাৰ | 

৫/অনুগ্ৰহ কৰি চিৰিয়াখানাৰ জন্তুবোৰক খাবলৈ নিদিব |
প্লীজ ডু নট ট্ৰাই টু ইট দা এনিমেলচ অব দা জু | 

৬/কি খবৰ?
হুৱাট ইজ নিউজ?

৭/হেল্লো, আপুনি কোনে কৈছে?
হেল্লো, হু উ টেলিং?

by Changmai

লংগুটীয়া বন্ধু


দুই জিগৰি দোস্ত , লঙ্গুটিয়া বন্ধুৰ একেদিনাই জন্মদিন ! দুয়ো দুয়োকে শুভেচ্ছা দিবলৈ ফোন কৰিলে ! 

অমিতাভ বাচন : মেৰে পাচ গাড়ী হ্যে , বাঙলা হে তোমাৰে পাচ কিয়া হ্যে ?? আইই....

হাঁহিৰাম গগৈ : মেৰে পাচচ লাখো বাংলাদেশী হ্যে ! হয় নে নহয় !? মিছা ক'লে কিডাল হ'ব ! 

by Marylene D

Tuesday 13 November 2012

গৈগৈ আৰু দুত্তা


গৈগৈ:- কুহুৰ কুহুৰ, ইমান কে কাহ হৈ আছে চাৰিদিনমানৰ পৰা- অশান্তি পাইছোঁ দেই একদম
দুত্তা:- ল’ মোৰ বটলটোৰ পৰাই দুই চিপ মাৰি দে লাহেকে...
গৈগৈ:- ধেত, কি কৱ? মদ খালে মোৰ কাহটো গুছি যাব নেকি কিবা?
দুত্তা:- হুইট, কেলে নেযাব? মদ খোৱাৰ পিছত মোৰ চাকৰিটো গ’ল, গাড়ীখন গ’ল, ঘৈণীজনীও গুছি গ’ল... তোৰ কাহটো নো কেলে নেযাব ?
গৈগৈ:- বাত মে লেকিন দম হ্যায় দেই ...


by Changmai

কথাৰ নাই শেষ


কথা পাতি পাতি গাড়ী চলাই থাকোতে দুজন মানুহক খুন্দিয়াই নিহত কৰাৰ অপৰাধত দুগৰাকী মহিলাৰ ১০ বছৰ জেইল হৈছিল ।

দুয়ো সম্পুর্ণ ১০ বছৰ জেইলত একেলগে কটাই মুকলি হোৱাৰ দিনা জেইলৰ গেটৰ পৰা ওলাইয়ে ইজনীয়ে সিজনীলে চাই মিচিকিয়ালে আৰু ক'লে-
" বাকী বোৰ কথা ঘৰত গৈ ভাল কে পাতিম গে আৰু দেই "

by Mon Zeet

কবিতা হেৰাল


স্বামী : হেৰা, কালি মই লিখা কবিতাটো ক'লৈ গ'ল ?
পত্নী : মই কেনেকৈ জানো ।
স্বামী : মাইনাই ফালি পেলালে নেকি ?
পত্নী : সি পঢ়িব নজনা ল'ৰাটোৱে কিয় আপোনাৰ কবিতা ফালিব !!!!

by Rajprotim Gogoi



ল’কৈ আৰু ডাক্তৰ


ল'কৈৰ প্রচণ্ড পেটৰ বিষ.. ডাক্টৰৰ ওচৰলৈ গ'ল.. ডাক্টৰো ডাক্টৰ আৰু.. কিবা বিলাতী টাইপ.. অসমীয়াতে কথা পাতে যদিও মাজে মাজে দুই এটা ইংৰাজী শব্দ নক'লে নিজকে ডাক্টৰ যেন নালাগেচোন.. ল'কৈক চালে কিবাকিবি যন্ত্র পাতি লগাই.. ঔষধ দিলে দুপালি.. 
মাজতে ইংৰাজী শব্দ ভৰোৱাৰ বিলাসিতাৰে ল'কৈক কলে, "এই দুপালি ল'.. এপালি মিল'ৰ (meal-aahar) আগত আৰু এপালি মিলৰ পাছত খাবি.." ল'কৈয়েও বুজি পোৱা যেন দেখুৱাই আহি ৰত্ন মহাজনৰ ধান বনা মিলটোৰ আগফালে গৈ এপালি আৰু মিলটোৰ পাছফালে গৈ এপালি ঔষধ খালে বাপ্পেকে..

হাজাৰ হ'লেও ল'কৈও দুশ্রেণী পঢ়া দিয়কচোন.. 
অলপ চলপ ইংৰাজী ত' বনতা হ্যে ভাই..!

by Riyan Raagini

খবৰদাৰ ...


হিটলাৰৰ অভিধান


হিটলাৰ- মোৰ অভিধানত 'অসম্ভব বুলি কোনো শব্দ নাই।

থুলুক- এতিয়া কৈ কি লাভ ? অভিধানখন কিনাৰ সময়ত চাই ল'ব লাগিছিল ভালকৈ।

হিঃহিঃহিঃহিঃ
_____________________
"সঁচা কথা ক'লে থুলুক বেয়া"

by Ractim G.

পিংকিৰ প্ৰাৰ্থনা


'পিংকিয়ে মন্দিৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিছে.: - "হে ভগৱান, কোনোবা বুদ্ধিমান ল'ৰা এটাক মোৰ প্ৰেমিক হিচাপে দিয়া।"

ভগৱান: - ঘৰলৈ যোৱাগৈ মাজনি, কাৰণণ বুদ্ধিমান ল'ৰাৰ প্ৰেমিকা নাথাকে...."

by Debajit Hazarika

Cooking & Kalitani


কলিতা: হোঁ এইখন লোৱা 
কলিতানী: কি হা এইখান?
কলিতা: ঔ এইখান কুকিং বুক
কলিতানী: হাউ... হাও ডেয়াৰ ইউ গিভ মি দিছ বুক? 
কলিতা: হাউ! ম‍ই দিয়া নাই ঔ, সেই যে কালি তুমি ভিক্ষাৰীটোক দিবলে দিছিলা তুমি ৰন্ধা বিৰিয়ানীখিনি, সেইখিনি খায়েই আজি ই এইখন কিতাপ তোমাক দিবলে দিছে হে- " হাউ টু কুক নাইচ ফুড"

by Changmai

থুলুকৰ অসুখ


থুলুকৰ প্ৰচণ্ড অসুখ । ডাক্তৰৰ ওচৰলৈ গৈ সি নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱালে । ডাক্তৰে বিভিন্ন ধৰণৰ স্বাস্থ্য সম্বন্ধীয় পৰীক্ষাসমুহ কৰালে যদিও বেমাৰটো ধৰা পেলাব নোৱাৰিলে ।

ডাক্তৰ- আপোনাৰ কি হৈছে সেয়া মই সঠিককৈ ক'ব নোৱাৰিম । কিন্তু যেন কিবা এটা কিবা এটা পুৰণা অসুখে আপোনাক আমনি কৰি আছে । মোৰ তেনে ভাৱেই হয় ।

থুলুক- ঠিকেই ধৰিছে । পিচে লাহে লাহে কওক । অসুখটো বৰ ডেঞ্জাৰাচ । বাহিৰতে বহি আছে ।

(এতিয়া কি কৰে কৰক)


by Bhaskarjyoti Das

পাপৰ আৰু জেলেপী


থুলুক আৰু নবীন দুৰ্গাপুজা চাবলৈ চহৰলৈ গ'ল । পকেটত দুয়োটাৰে মুঠ দহ টকা আছিল। তাৰে জেলেপী ৪ খন কিনি খাই বৈ দুয়োটাই ৰাতি এপৰলৈকে পুজা চালে । লাহে লাহে দুয়োটাৰে ভোক লাগিল । ঘৰলৈ বুলি ওভটি আহোতে এটা বিৱাহ ভৱন দেখি থুলুকে ক'লে-
ঔ নবীন, এইখন বিয়া যেন পালো, দেখিছনে কেনেকৈ বেন্ডপাৰ্টিয়ে বজাই আছে ।
নবীন- ও বিয়ায়েই হয় । ব'ল ব'ল ঘৰলৈ যাও । দেৰি হৈছে ।
থুলুক- হেৰৌ বিয়াঘৰ যেতিয়া ভাতপানীৰ ভাল আয়োজনেই হ'ব । মানুহো ঢেৰ আছে । তাতে পেটত কেঁচু কুমটিয়ে উৎপাত লগাইছে । ব'ল খাই লও ।
নবীন-হেৰৌ চিনন নাই জানন নাই ইয়াত কোনো । মই হ'লে যোৱাত নাই দেই । তোৰ মন গৈছে গৈ থাক ।
থুলুকে 'ৰ তেন্তে' বুলি ভিতৰত সোমাল আৰু দুই মিনিটমানৰ ভিতৰতে ওলাই আহি ক'লেহি - হেৰৌ বিয়া পাতিছে আৰু । যিখনহে খাবলৈ দিছে । প্ৰথমে পাপৰ এখন দিছে আৰু সেইখন খাবলৈ এখন চামুচ । কি যে সেৰেকা পাপৰ ! তই অকনমান খাই চাছোন ।
"এৰা অ', জ্বলাও নহয়, নিমখীয়াও নহয়, কি যে সেৰেকা"-নবীনে থুলুকে লৈ অনা টিচু পেপাৰখনৰ চোবাই থকা টুকুৰাটো থুৱাই উত্তৰ দিলে ।

(এতিয়া কি কৰে কৰক)

by Bhaskarjyoti Das


থুলুক আৰু সমুদ্ৰৰ অসুৰ


চন ১৮৯০ ৰ কথা | 
প্ৰশান্ত মহাসাগৰত থুলুক আৰু তিনিজব বন্ধু নাও এখনত উঠি গৈ আছিল | ৰাতিৰ সময় | হঠাতে হো-হোৱাই ধুমুহা এজাক বলিল আৰু এটা অসুৰ প্ৰকট হ’ল | 

হো-হোৱাই হাঁহি অসুৰটোৱে ক’লে: বা: কেনে মজা, আজি দেখোন ধেৰ খানা ... | কিন্তু তঁহতক বাচিবলৈ সুবিধা এটা নিদিলে কথাটো "আনফেয়াৰ" হ’ব| এটা কাম কৰ | এই বিশাল সাগৰৰ গভীৰ পানীত তঁহতে যি কোনো এটা বস্তু পেলাই দে, যদি ম‍ই বস্তু-টো বিচাৰি আনিব পাৰোঁ, ম‍ই জিকিম আৰু সেই পেলোৱা মানুহটোক খাই পেলাম | হো হো হা হা |

থুলুকৰ প্ৰথম বন্ধুটোৱে ওঁঠখন বেঁকা কৰি হাঁহি এটা মাৰি বেজী এটা সাগৰত পেলাই দিলে | ৮ মিনিটতে অসুৰটোৱে বেজীটো বিচাৰি আনি তেওঁক খাই পেলালে | 

দ্বিতীয় বন্ধুৱে নিজৰ মাথাৰ পৰা চুলি এডাল চিঙি পেলাই দি গোঁফৰ তলেদি মিচিকিয়াই হাঁহি এটা মাৰিলে | কিন্তু কিমাশ্চৰ্যম, অসুৰটোৱে ১১ মিনিটত সেই চুলিডালো বিচাৰি উলিয়ালে আৰু হো-হোৱাই বন্ধু ২ ক খাই পেলালে |

থুলুকৰ পাল | অসুৰৰ হাঁহিত তত্‍ নাই | থুলুকে লাহেকৈ পকেটৰ পৰা চুলাইৰ বটল টো উলিয়াই দুই টোপ সাগৰত ঢালি দি ক’লে- যা, বিচাৰি আন |

আজিলৈকে হেনো অসুৰটোৰ দেখা-দেখিয়েই নাই |

by Changmai

Capitalলৈ বুলি...


থুলুক আৰু নবীন দিল্লীলৈ বুলি ফ্লাইটত উঠিল ...! 

কিয়?

- সেই যে | এদিন দুয়োটাই চিম কাৰ্ড কিনিবলৈ দোকানলৈ গৈছিল; দোকানীয়ে ফ’ৰ্ম এখন দিলে | তাত স্পষ্টকৈ লিখা আছিল- WRITE IN CAPITAL বুলি; সেইকাৰণে কেপিটেললৈ বুলি.... 

বাৰু... ফ্লাইট এৰাৰ পিছত নবীনে উচপিচাই আছে | থুলুকে ক’লে কি হ’ল ঔ?
নবীন: উঠ, থিয় হ’ | 
থুলুক: কেলেই?
নবীন: দেখা নাই নেকি এয়াৰ হোষ্টেচ কিজনী কেনেকৈ থিয় হৈ আছে ? মহিলাক আসন এৰি দিব লাগে বুলি সৰুতে শিকা নাছিলি নেকি ? 

ANAKA HALA KANAKA HABA ?


by Shantichaya D.

পাৰ্থক্য ব-হু-ত


সমস্যা, প্ৰতিভা আৰু কৌশলৰ মাজৰ পাৰ্থক্য
দুজন ল’ৰাই এজনী ছোৱালীক ভাল পালে............ সমস্যা |
এজন ল’ৰাই একে সময়ত দুজনী ছোৱালীৰ লগত প্ৰেম কৰিলে.......... বিশাল প্ৰতিভা
এজন ল’ৰাই একে সময়ত দুজনী ছোৱালীৰ লগত প্ৰেম কৰিলে আৰু দুয়োজনী ভনীয়েক হ’লে.......... তাক সংবিধানৰ আটাইকেইটা ভাষাতে কৌশল বুলি অভিহিত কৰা হয় |

by Sushmita Das

গাঁঠিৰাম


এটা ল’ৰা নতুনকৈ এজনী ছোৱালীৰ প্ৰেমত পৰিল ৷ ছোৱালীজনী বহুত মডাৰ্ণ ৷ কথা-বতৰা,খোৱা-বোৱা,কাপোৰ-কানি চব মডাৰ্ণ ৷ ল’ৰাটো তামাম গাৱঁলীয়া ৷ সি দিনে-ৰাতিয়ে চেষ্টা কৰিছিল ,যাতে গাৰ্লফ্ৰেণ্ডৰ ওচৰত তাৰ ইম্প্ৰেছন বেয়া নহয় ৷ ইংৰাজীও দুটামান ক’বলৈ শিকিলে ৷ গাৰ্লফ্ৰেণ্ডৰ আগত সি গাৱঁলীয়া কথা-কাণ্ডবোৰ যিমান পাৰি বাদ দিবলৈ ধৰিলে ৷ লাহে লাহে সিও মডাৰ্ণ হৈ আহিল ৷ 
এদিনৰ কথা ৷ দুপৰীয়াৰ সময় ৷ ল’ৰাটোৰ ঘৰৰ ফোনটো তাল-ফাল কৰি বাজি উঠিল ৷ মাকে ফোনটো উঠালে ৷ 
-অ হেলেউ ৷ কোনেনো ক’লা ?
- হেল্ল’ ! এইটো বাৰু গাঁঠিৰামৰ ঘৰ হয়নে ? 
- অ হয় আকৌ ! তুমি নো কোনে ক’লা ?
-মই তাৰ গাৰ্লফ্ৰেণ্ড ৷ সি ক’ত গ’ল ?
- সি বাৰীৰ চুকত বহি শৌচ কৰি আছে ৷ এতিয়াই নাহে ৷ এক ঘন্টাৰ পাছত ফোন মাৰিবা দেই ৷ 
- (চাইলেন্ট)
[সেইদিনাৰ পৰা গাঁঠিৰামক সেইজনী ছোৱালীৰ লগত কোনেও দেখা নাপালে ৷ ]

by Ishaan Jyoti B.

পাতবেঙ আৰু থুলুক


থুলুকক যিয়েই লগ পাই সিয়েই যা-তা কথা কয় আৰু গালি পাৰে । যেনে ধৰক মূৰ্খ, মগজহীন, গাধ.. ইত্যাদি ইত্যাদি । এদিন আবেলি সি আমনজিমনকৈ ঘৰলৈ গৈ আছে । এনেতে এটা পাতবেঙ জাঁপ মাৰি তাৰ সমুখতে ৰৈ তাক ক'লে- ঐ মূৰ্খ । তোৰ মুৰত ঘিউ আছেনে নাই ?
থুলুক- আছে ।
পাতবেঙ- নাই ।
থুলুক- আছে আছে।
পাতবেঙ- নাই নাই। 
থুলুক- আছে পাই।
পাতবেঙে নাই বুলি কৈ কাষৰ পুখুৰিটোত জাঁপ দিলে ।

থুলুকৰ প্ৰতিক্ৰিয়া- এস, ইমান সৰু কথাতে চুইচাইড কৰিব লাগেনে ?

by Bhaskarjyoti Das

থুলুকৰ খঙ

থুলুকৰ নবীনৰ ওপৰত তামাম খং উঠি আছে। গোলোকৰ ওচৰত কৈ আছে: "এই নবীন ডাল। ভিখাৰী চাল্লা। খালী পইচা নাই, পইচা নাই।" গোলোকে বোলে, "কি হ'ল ঔ, তোক ধাৰলৈ পইচা খুজিছিল নেকি?" থুলুকৰ উত্তৰ: "নহয় ঔ, মইহে খুজিছিলো। যেতিয়াই খোজো, তেতিয়াই খালী পইচা নাই। চাল্লা ভিখাৰী"।

by Rajib Ranjan