থুলুকৰ টেমা গৰম হৈ আছে। আগৰ দিনেই ভাল আছিল। মাহৰ মূৰত দস্তুৰমত ঘৰলৈ কাগজ আহিব। কাগজত লিখা থাকিব কিমান টকা দিব লাগিব। আৰু সি দি থৈ আহিব। আৰু ফোনটো সদায় নিজৰ জেগাত বিদ্যমান। বিচাৰি ফুৰিব নালাগে। এই ম'বাইলডাল অহাৰ পৰাই চব নষ্ট হ'ল। বিল কিমান আহিব কোনো হিচাপ নাই। এমাহত ৭০০ টকা যদি পাছৰ মাহত ১২০০ টকা। আৰু ফোনটো বেছিভাগ সময় বিচাৰি থাকোতেই টাইম যায়। বিলখনো ঘৰলৈ নাহে। পইচা কিমান হৈছে জানিবলৈ ফোন কৰিব লাগে। তাকো আকৌ ইংৰাজীতহে কথা ক'ব লাগে। সিফালে থকাকেইটাই যিহে পটৰ পটৰ ইংৰাজীত কয়। সিও কম ভকত নহয়। সিও শিকি লৈ আজি ফোনালে: "মাই ম'বাইল বিল হাউ মাছ?"।
আৰে ভাই তোক ফোনৰ বিল শুধিছো, তই উলিয়াই মেলি ক।
তাই বেটীয়ে উত্তৰ দিয়ে: "চাৰ, জাষ্ট ডায়েল 123 টু ন' ইয়'ৰ কাৰেণ্ট বিল।"
দি দিলে থুলুকেও: "ইষ্টুপিট, ননচেন্চ!! ফোন বিল, নট্ কাৰেণ্ট বিল। কাৰেণ্ট বিল পেইড্।"
by Rajib Ranjan
0 Comments