চন ১৮৯০ ৰ কথা |
প্ৰশান্ত মহাসাগৰত থুলুক আৰু তিনিজব বন্ধু নাও এখনত উঠি গৈ আছিল | ৰাতিৰ সময় | হঠাতে হো-হোৱাই ধুমুহা এজাক বলিল আৰু এটা অসুৰ প্ৰকট হ’ল |
হো-হোৱাই হাঁহি অসুৰটোৱে ক’লে: বা: কেনে মজা, আজি দেখোন ধেৰ খানা ... | কিন্তু তঁহতক বাচিবলৈ সুবিধা এটা নিদিলে কথাটো "আনফেয়াৰ" হ’ব| এটা কাম কৰ | এই বিশাল সাগৰৰ গভীৰ পানীত তঁহতে যি কোনো এটা বস্তু পেলাই দে, যদি মই বস্তু-টো বিচাৰি আনিব পাৰোঁ, মই জিকিম আৰু সেই পেলোৱা মানুহটোক খাই পেলাম | হো হো হা হা |
থুলুকৰ প্ৰথম বন্ধুটোৱে ওঁঠখন বেঁকা কৰি হাঁহি এটা মাৰি বেজী এটা সাগৰত পেলাই দিলে | ৮ মিনিটতে অসুৰটোৱে বেজীটো বিচাৰি আনি তেওঁক খাই পেলালে |
দ্বিতীয় বন্ধুৱে নিজৰ মাথাৰ পৰা চুলি এডাল চিঙি পেলাই দি গোঁফৰ তলেদি মিচিকিয়াই হাঁহি এটা মাৰিলে | কিন্তু কিমাশ্চৰ্যম, অসুৰটোৱে ১১ মিনিটত সেই চুলিডালো বিচাৰি উলিয়ালে আৰু হো-হোৱাই বন্ধু ২ ক খাই পেলালে |
থুলুকৰ পাল | অসুৰৰ হাঁহিত তত্ নাই | থুলুকে লাহেকৈ পকেটৰ পৰা চুলাইৰ বটল টো উলিয়াই দুই টোপ সাগৰত ঢালি দি ক’লে- যা, বিচাৰি আন |
আজিলৈকে হেনো অসুৰটোৰ দেখা-দেখিয়েই নাই |
by Changmai
No comments:
Post a Comment