Wednesday 2 May 2012

Double Take

Two to Tango


স্কুলত পঢ়ি থকাৰ দিনৰে কথা:-




১/ নয়নজিতৰ ৰিজাল্ট ওলাল, সি যেনেতেনে টানি-টুনি পাছ কৰিছে আৰু...

দেউতাক:- গৰু, গাধ, $*#@##, ওচৰৰে দত্তৰ জীয়েকে ৮৯% লৈ পাছ কৰিছে, একেই স্কুল, একেই ক্লাছ, একেই টিউচন মাষ্টৰ, একেই ফেচিলিটী... ত‍ই নো কেনেকৈ ৩২% পাইছ ?




নয়ন:- দত্তৰ জীয়েকক বেছি প্ৰশংসা নকৰিব দেউতা... ক্লাছত, টিউচনত, ৰাস্তাত, ফেচবুকত তাইক চাই চায়েই তো মোৰ এই অৱস্থা ... || হি: হি:

২/ বিজয়: দেউতা দেউতা, ম‍ই পৰীক্ষাত পাচ কৰিলে কি দিবা নো ?
দেউতাক: তোক যি লাগে তাকে দিম... কি লাগে ক’
বিজয়: এখন চাইকেল দিবা?
দেউতাক: দিম দিম
বিজয়: আৰু ফেইল কৰিলে ? হি: হি:
দেউতাক: পোন্ধৰ খন চাইকেল দিম...
বিজয়: ওৱা... এইটো আক’ কেনেকুৱা কথা ?
দেউতাক: ফেইল কৰিলে আৰু স্কুললৈ গৈ ফালিব নালাগে... চাইকেলৰ দোকানকে খুলিবি | হি: হি: .... ||




by Changmai#

The Super Intelligent Chef

গুৱাহাটী ক্লাৱত থকা গাৰ্লচ হো্ষ্টেল এখনৰ ৰান্ধনী গৰাকীয়ে কেলেন্ডাৰখন বৰ মনোযোগেৰে চাই আছে ।

আৰু চাই চাই অৱশেষত চিঞৰি উঠিল এইবাৰ চেকেন্ড চেটাৰডে টো সোমবাৰে পৰিছিল ।

মই ঘৰৰ পৰাই আহিব পাৰিলোহেতেন ৷

Contributed by Bhabita

Too Drunk!!!

গাজাৰী নহয়, মদাহীৰ কথা। 

অভাৰ খাই পূৰা আউট।

 ঘৰলৈ গৈ থাকোতে ৰাস্তাৰ কাষতে ধপংকৈ পৰিল।

 লগে লগে বমি।

 সেই সময়তে পথেৰে এটা কুকুৰে গৈ আছিল।

 তাজা তাজা বমি দেখি লোভ সামৰিব নোৱাৰিলে। 
জিহ্বা লকলকাই উঠিল।

 চেলেপ চেলেপকৈ চেলেকিব ধৰিলে।
 উহ! কি যে সোৱাদ।
 খাই খাই বপুৰাও শুই পৰিল। 
ইপিনে নিচাত বেহুচ মদাহীয়ে খেপিয়াই খেপিয়াই থাকোতে কুকুৰ নেজত হাত পৰিল।

 নেজডাল মোহাৰি মোহাৰি ক’বলৈ ধৰিলে—প্ৰিয়তমা, আনকালে খোপা বান্ধি থাকা।
 আজি দেখোন বেণী গাঁঠি আছা। তোমাক বৰ ধুনীয়া লাগিছে দেই। শুই থাকা। 

ৰাতি পুৱাবলৈ বহুপৰ আছে।

Contributed by Ranjit KB

Play yourself on the TV


প্ৰানেশ্বৰ:মই গীটাৰ বজাব শিকিছো

প্ৰানেশ্বৰী: তেন্তে তুমি টিভিত তোমাৰ টেলেন্ট দেখুৱালে ভাল হ’ব

প্ৰানেশ্বৰ: মই ইমান ভাল বজাওনে ?? (বুকু ফিন্দাই)

প্ৰানেশ্বৰী:নট ৰিয়েলি ...তেতিয়া এটলিষ্ট মই টিভিটো অফ কৰি থব পাৰিম ৷

Contributed by Ishanjyoti

Tit for Tat

প্ৰানেশ্বৰে দেউতাকক দুখেৰে ক’লে : “দেউতা ৷ মোৰ গাৰ্লফ্ৰণ্ডে মোৰ লগত ব্ৰেক-আপ কৰিলে ৷ তাই নতুন ল’ৰা এটা পটালে ৷ সেই গাধটোৰ লগত উঠা ফটোবোৰ মোলৈ তাই পঠিয়াই দিছে আজি ৷ ”

প্ৰানেশ্বৰৰ দেউতাক: ইমান ছেন্টি ফালিলে নহ’ব ৷ হিম্মত নাহাৰিবি ৷ তই এটা কাম কৰ মোৰ সোনাই ৷ 

প্ৰানেশ্বৰ:কি কাম দেউতা ?

প্ৰানেশ্বৰৰ দেউতাক : ফটোবোৰ তাইৰ দেউতাকলৈ পঠিয়াই দে পষ্ট কৰি ৷ পাওক মজাটো ৷ 

Contributed by Ishanjyoti Bora

মহৰ পোৱালি

Mosquito Masti

মহৰ পোৱালি এটা প্রথম উৰিবলৈ শিকিছে। 


এক পাক উৰাৰ পাছত বাপেকে সুধিলে:-উৰি উৰি কেনে লাগিল?

পোৱালি: খুব ভাল লাগিল পিতাই। যেনিয়ে যাওঁ তেনিয়ে মানুহবোৰে হাত চাপৰি বজায়, হি হি ...

Contributed by Tulika

ৰিচাৰ্জ/ডিছচাৰ্জ

আমাৰ গাজাৰী সকলৰ মাজৰে এজনে যোৱা তিনিবছৰ ধৰি ম’বাইল ফোন কোম্পানী এটাত যে কাম কৰি আছে, আপোনালোকে চাগে’ জানেই। ইমান দিনে গা-মূৰ ঠিকেই আছিল যদিও আজি হঠাৎ তেওঁৰ পেটৰ অসুখ হ’ল।
 অসুখ মানে অসুখেই__হাত নুশুকায় কোনো মতে। তেওঁ ডাক্তৰৰ ওচৰলৈ গৈ অসুখৰ বিৱৰণ দিলে এনেকৈ:-

: ছাৰ, পুৱাৰ পৰাই ব্যাপক হাৰত আউটগ’য়িং চলি আছে। 
অনবৰতে পেটৰ নতুন নতুন ৰিংটন শুনিবলৈ পাওঁ। পেটৰ বেলেন্স কেতিয়াবাই শেষ।
 চ’টা ৰিচার্জ কৰিব খুজিলেও লগে লগে ডিছচার্জ হৈ যায়।
 প্লিজ ছাৰ, যিমান সোনকালে পাৰে মোৰ এই স্কিমটো বন্ধ কৰক।


Contributed By Tulika

খতৰনাক শ্বায়েৰী

১) প্রেয়সীৰ প্রেমত ম'ৰি গ'ল পিটাৰ
হিৰো'হণ্ডা পেছন্ ৮০কিমি/লিটাৰ

২)যদি হোৱা বেমাৰ তেনে বিচাৰা কেমিস্ট্
মোৰ নাম খান, এণ্ড আই এম ন'ট্ এ টেৰ'ৰিস্ট

৩) ৰাতি ২ বজাত বজিল ঘ'ৰৰ বেল
দৰজা খোলোতে চকিদাৰে ক'লে অল' ইজ্ ৱেল

৪)কৰিব লাগে নিজৰ খৰছৰ ওপৰত কাবু
এচিকুত সেন্দুৰৰ মূল্য তুমি কি জানিবা ৰমেশ বাবু

contributed by Nayanjit

হনিমুন স্পেচিয়েল (18+)

নব-বিবাহিত মহিলা হনিমুনৰ প'ৰা ঘূৰি অহা পিছত....




বান্ধৱীসকলঃ ক'ত ক'ত ফুৰিলি ?

মহিলাঃ দিল্লী, আগ্রা, জম্মু আৰু মানালী

বান্ধৱীসকলঃ কি কি দেখিলি ?



মহিলাঃ ছিলিং ফেন।

Contributed by Nayanjit.

গুৰুম গুৰুম

ছোৱালী ক’ত ?

ভাৰত পাকিস্তানৰ যুদ্ধ

অসমৰ পৰাও কেইটামান গ’ল যুদ্ধলে, আমাৰ নয়নো গ’ল... 

বৰ্ডাৰত গুলিয়াগুলী... 
দুই পক্ষৰ সৈন্য লুকাই আছে |
অলপ পিছত পাকিস্তানৰ ফালৰ পৰা মাত আহিল, "ঐ কলিতা কি খবৰ? "
কলিতাই থিয় হৈ উত্তৰ দিলে, "ভালেই..."
গু-ৰু-ম, কলিতা তাতে বাগৰি পৰিল |
পাকিস্তানৰ পৰা পুনৰ, "ঐ হাজৰিকা, ভাল নে? "
হাজৰিকা থিয় হ’ল, গু-ৰু-ম
এনেকৈ লাহে লাহে বৰুৱা, শ‍ইকীয়া, চেতিয়া, লহকৰ চব এটা এটাকৈ গ’ল...

পাকিস্তানী: ঐ ডেকা, ভাল নে ?
নয়ন ডেকা: নিমাত
পাকিস্তেনী: ভাত খালি নে নাই
নয়ন ডেকা: নিমাত
পাকিস্তানী: ডেকা, বোলোঁ শুলি নেকি?
নয়ন ডেকা: নিমাত, নিশ্চুপ
পাকি্স্তানী: (লগৰ এটাক) ঐ কৰীম চা চোন, এই ছোৱালীজনী দেখিবলৈ ইমান ধুনীয়া...

নয়ন ডেকা থিয় হৈ উত্সুকতাৰ সৈতে: ক’ত? ক’তা? কোনজনী ছোৱালী?

গু-----ৰু-----ম ++++ গু------ৰু-------ম


by Changmai#

|| ভগৱান বিষ্ণুৰ পঞ্চম হাত ||

গোসাঁই এগৰাকিয়ে "কীৰ্ত্তন পুথি" খন ৰাইজক বুজাই বুজাই পঢ়ি আছিল। পঢ়ি পঢ়ি এইটো লাইন পালেগৈ "শংখ, চক্র, গদা, পদ্ম কৰ'তে তোমাৰ"



লগে লগে ৰাইজৰ শেষৰ শাৰিৰ পৰা এজনৰ প্রশ্নঃ "গোসাঁইদেউ, ভগৱান বিষ্ণুৰ ৪ খনহে হাত, শংখ, চক্র, গদা, পদ্মটো হাত চাৰিখনত থাকিল। পিছে কৰত খন ক'ত থব ?



গোসাঁইদেৱে মনে মনে অলপ ভাবিলে আৰু উত্তৰ দিলেঃ "কিয় কাষলতিৰ তলত আক'"।

Contributed By Nayanjit

Honeymoon Special

বুঢ়াৰ বিলৈ

এটা বুঢ়া এঠাইলৈ ফুৰিবলৈ গৈছিল, তাতে হোটেলত দুদিন থাকিল | লাষ্টৰ দিনা বিল ভৰি বুঢ়া ট্ৰেইন ধৰিবলৈ গ’ল; আদবাটতে মনত পৰিল যে তেওঁৰ ছাতিটো হোটেলৰ ৰূমতে থাকি আহিল দেখোন ...!!!
ৰিক্সা ঘূৰাই বুঢ়া আহি চিধাই হোটেলত ৰূমলৈ গ’ল | কিন্তু বিধিৰ বিপাক, সেই সময়কণতে সেই ৰূমটো হানিমুন কাপল এটাই (মানে নৱ-বিবাহিত দম্পতি আক’) ল’লেই নহয় | 
দুৱাৰত টোকৰ দিবলৈ যাওঁতেই বুঢ়াই শুনিলে ভিতৰৰ পৰা ভাঁহি অহা কথোপকথন :

পতি:- এই চকু কেইটা কাৰ?
পত্নী:- তোমাৰ তোমাৰ...
পতি:- এই চুলিখিনি কাৰ ?
পত্নী:- তোমাৰ... তোমাৰ
পতি:- এই ফুল যেন কোমল হাত খন কাৰ ?
পত্নী:- তোমাৰ তোমাৰ...
পতি:- এই হাঁহিটো কাৰ ?
পত্নী:- তোমাৰ তোমাৰ তোমাৰ...

বুঢ়াই আৰু ৰৈ থাকিব নোৱাৰি মাত দিলে:- ঐ, চব বস্তু তাৰ হ’ব পাৰে...... কিন্তু চুকত যে পৰি আছে ছাতিটো, সেইটো হ’লে মোৰ দেই, কৈ দিছোঁ ...



by Changmai#

Cramming all the way

ভাটৌ বিদ্যা

এটা ল’ৰাক মাষ্টৰে স্কুলত সুধিলে তিনিটা প্ৰশ্ন : 

১/ তোমাৰ ঘৰৰ ইনকাম কোনে কৰে?
২/ মাইকেল শ্বুমেকাৰে কেনেকৈ গাড়ী চলায়?
৩/ মুৰ্গীয়ে কি পাৰে?

ল’ৰাটোৱে এটাও উত্তৰ দিব নোৱাৰি লাজ পালে | তাকে দেখি মাষ্টৰে ক’লে- ঘৰত মাক সুধি শিকি আহিবা, কাইলৈ আকৌ সুধিম এইকেইটা...

ল’ৰাটোৱে মাকক সুধি উত্তৰ কেইটা ঠিক চে মুখস্থ কৰি ল’লে |


পিছদিনা স্কুলত মাষ্টৰে সুধিবলৈ পোৱাৰ আগতেই সি মুখস্থ কৰি থোৱা গোটেইকেইটা উত্তৰ একে উশাহতে দি পেলালে:- "দেউতাই ফুল স্পীডত কণী পাৰে "



by Changmai#

পতি হ’ ত’ এইচা

একান্ত বাধ্য পতি

কলিতানী:- হেৰি, আপুনি নো সদায় সদায় ৰাতিপুৱা মোৰ মুখত (চেহেৰাত) এমগ পানী কেলেই ঢালে? 

কলিতা:- তোমাক বিয়া কৰাওঁতে শহুৰে কৈছিল, মোৰ ছোৱালীজনী একেবাৰে, ফুলৰ দৰে, মৰহি যাবলৈ নিদিবা; সেই কাৰণে ডেইলী পানী ঢালোঁ আক’ ... একো কে নুবুজে পাই...


by Changmai#