Wednesday 2 May 2012

Honeymoon Special

বুঢ়াৰ বিলৈ

এটা বুঢ়া এঠাইলৈ ফুৰিবলৈ গৈছিল, তাতে হোটেলত দুদিন থাকিল | লাষ্টৰ দিনা বিল ভৰি বুঢ়া ট্ৰেইন ধৰিবলৈ গ’ল; আদবাটতে মনত পৰিল যে তেওঁৰ ছাতিটো হোটেলৰ ৰূমতে থাকি আহিল দেখোন ...!!!
ৰিক্সা ঘূৰাই বুঢ়া আহি চিধাই হোটেলত ৰূমলৈ গ’ল | কিন্তু বিধিৰ বিপাক, সেই সময়কণতে সেই ৰূমটো হানিমুন কাপল এটাই (মানে নৱ-বিবাহিত দম্পতি আক’) ল’লেই নহয় | 
দুৱাৰত টোকৰ দিবলৈ যাওঁতেই বুঢ়াই শুনিলে ভিতৰৰ পৰা ভাঁহি অহা কথোপকথন :

পতি:- এই চকু কেইটা কাৰ?
পত্নী:- তোমাৰ তোমাৰ...
পতি:- এই চুলিখিনি কাৰ ?
পত্নী:- তোমাৰ... তোমাৰ
পতি:- এই ফুল যেন কোমল হাত খন কাৰ ?
পত্নী:- তোমাৰ তোমাৰ...
পতি:- এই হাঁহিটো কাৰ ?
পত্নী:- তোমাৰ তোমাৰ তোমাৰ...

বুঢ়াই আৰু ৰৈ থাকিব নোৱাৰি মাত দিলে:- ঐ, চব বস্তু তাৰ হ’ব পাৰে...... কিন্তু চুকত যে পৰি আছে ছাতিটো, সেইটো হ’লে মোৰ দেই, কৈ দিছোঁ ...



by Changmai#

No comments:

Post a Comment