Tuesday 13 November 2012

কবিতা হেৰাল


স্বামী : হেৰা, কালি মই লিখা কবিতাটো ক'লৈ গ'ল ?
পত্নী : মই কেনেকৈ জানো ।
স্বামী : মাইনাই ফালি পেলালে নেকি ?
পত্নী : সি পঢ়িব নজনা ল'ৰাটোৱে কিয় আপোনাৰ কবিতা ফালিব !!!!

by Rajprotim Gogoi



ল’কৈ আৰু ডাক্তৰ


ল'কৈৰ প্রচণ্ড পেটৰ বিষ.. ডাক্টৰৰ ওচৰলৈ গ'ল.. ডাক্টৰো ডাক্টৰ আৰু.. কিবা বিলাতী টাইপ.. অসমীয়াতে কথা পাতে যদিও মাজে মাজে দুই এটা ইংৰাজী শব্দ নক'লে নিজকে ডাক্টৰ যেন নালাগেচোন.. ল'কৈক চালে কিবাকিবি যন্ত্র পাতি লগাই.. ঔষধ দিলে দুপালি.. 
মাজতে ইংৰাজী শব্দ ভৰোৱাৰ বিলাসিতাৰে ল'কৈক কলে, "এই দুপালি ল'.. এপালি মিল'ৰ (meal-aahar) আগত আৰু এপালি মিলৰ পাছত খাবি.." ল'কৈয়েও বুজি পোৱা যেন দেখুৱাই আহি ৰত্ন মহাজনৰ ধান বনা মিলটোৰ আগফালে গৈ এপালি আৰু মিলটোৰ পাছফালে গৈ এপালি ঔষধ খালে বাপ্পেকে..

হাজাৰ হ'লেও ল'কৈও দুশ্রেণী পঢ়া দিয়কচোন.. 
অলপ চলপ ইংৰাজী ত' বনতা হ্যে ভাই..!

by Riyan Raagini

খবৰদাৰ ...


হিটলাৰৰ অভিধান


হিটলাৰ- মোৰ অভিধানত 'অসম্ভব বুলি কোনো শব্দ নাই।

থুলুক- এতিয়া কৈ কি লাভ ? অভিধানখন কিনাৰ সময়ত চাই ল'ব লাগিছিল ভালকৈ।

হিঃহিঃহিঃহিঃ
_____________________
"সঁচা কথা ক'লে থুলুক বেয়া"

by Ractim G.

পিংকিৰ প্ৰাৰ্থনা


'পিংকিয়ে মন্দিৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিছে.: - "হে ভগৱান, কোনোবা বুদ্ধিমান ল'ৰা এটাক মোৰ প্ৰেমিক হিচাপে দিয়া।"

ভগৱান: - ঘৰলৈ যোৱাগৈ মাজনি, কাৰণণ বুদ্ধিমান ল'ৰাৰ প্ৰেমিকা নাথাকে...."

by Debajit Hazarika

Cooking & Kalitani


কলিতা: হোঁ এইখন লোৱা 
কলিতানী: কি হা এইখান?
কলিতা: ঔ এইখান কুকিং বুক
কলিতানী: হাউ... হাও ডেয়াৰ ইউ গিভ মি দিছ বুক? 
কলিতা: হাউ! ম‍ই দিয়া নাই ঔ, সেই যে কালি তুমি ভিক্ষাৰীটোক দিবলে দিছিলা তুমি ৰন্ধা বিৰিয়ানীখিনি, সেইখিনি খায়েই আজি ই এইখন কিতাপ তোমাক দিবলে দিছে হে- " হাউ টু কুক নাইচ ফুড"

by Changmai

থুলুকৰ অসুখ


থুলুকৰ প্ৰচণ্ড অসুখ । ডাক্তৰৰ ওচৰলৈ গৈ সি নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱালে । ডাক্তৰে বিভিন্ন ধৰণৰ স্বাস্থ্য সম্বন্ধীয় পৰীক্ষাসমুহ কৰালে যদিও বেমাৰটো ধৰা পেলাব নোৱাৰিলে ।

ডাক্তৰ- আপোনাৰ কি হৈছে সেয়া মই সঠিককৈ ক'ব নোৱাৰিম । কিন্তু যেন কিবা এটা কিবা এটা পুৰণা অসুখে আপোনাক আমনি কৰি আছে । মোৰ তেনে ভাৱেই হয় ।

থুলুক- ঠিকেই ধৰিছে । পিচে লাহে লাহে কওক । অসুখটো বৰ ডেঞ্জাৰাচ । বাহিৰতে বহি আছে ।

(এতিয়া কি কৰে কৰক)


by Bhaskarjyoti Das

পাপৰ আৰু জেলেপী


থুলুক আৰু নবীন দুৰ্গাপুজা চাবলৈ চহৰলৈ গ'ল । পকেটত দুয়োটাৰে মুঠ দহ টকা আছিল। তাৰে জেলেপী ৪ খন কিনি খাই বৈ দুয়োটাই ৰাতি এপৰলৈকে পুজা চালে । লাহে লাহে দুয়োটাৰে ভোক লাগিল । ঘৰলৈ বুলি ওভটি আহোতে এটা বিৱাহ ভৱন দেখি থুলুকে ক'লে-
ঔ নবীন, এইখন বিয়া যেন পালো, দেখিছনে কেনেকৈ বেন্ডপাৰ্টিয়ে বজাই আছে ।
নবীন- ও বিয়ায়েই হয় । ব'ল ব'ল ঘৰলৈ যাও । দেৰি হৈছে ।
থুলুক- হেৰৌ বিয়াঘৰ যেতিয়া ভাতপানীৰ ভাল আয়োজনেই হ'ব । মানুহো ঢেৰ আছে । তাতে পেটত কেঁচু কুমটিয়ে উৎপাত লগাইছে । ব'ল খাই লও ।
নবীন-হেৰৌ চিনন নাই জানন নাই ইয়াত কোনো । মই হ'লে যোৱাত নাই দেই । তোৰ মন গৈছে গৈ থাক ।
থুলুকে 'ৰ তেন্তে' বুলি ভিতৰত সোমাল আৰু দুই মিনিটমানৰ ভিতৰতে ওলাই আহি ক'লেহি - হেৰৌ বিয়া পাতিছে আৰু । যিখনহে খাবলৈ দিছে । প্ৰথমে পাপৰ এখন দিছে আৰু সেইখন খাবলৈ এখন চামুচ । কি যে সেৰেকা পাপৰ ! তই অকনমান খাই চাছোন ।
"এৰা অ', জ্বলাও নহয়, নিমখীয়াও নহয়, কি যে সেৰেকা"-নবীনে থুলুকে লৈ অনা টিচু পেপাৰখনৰ চোবাই থকা টুকুৰাটো থুৱাই উত্তৰ দিলে ।

(এতিয়া কি কৰে কৰক)

by Bhaskarjyoti Das


থুলুক আৰু সমুদ্ৰৰ অসুৰ


চন ১৮৯০ ৰ কথা | 
প্ৰশান্ত মহাসাগৰত থুলুক আৰু তিনিজব বন্ধু নাও এখনত উঠি গৈ আছিল | ৰাতিৰ সময় | হঠাতে হো-হোৱাই ধুমুহা এজাক বলিল আৰু এটা অসুৰ প্ৰকট হ’ল | 

হো-হোৱাই হাঁহি অসুৰটোৱে ক’লে: বা: কেনে মজা, আজি দেখোন ধেৰ খানা ... | কিন্তু তঁহতক বাচিবলৈ সুবিধা এটা নিদিলে কথাটো "আনফেয়াৰ" হ’ব| এটা কাম কৰ | এই বিশাল সাগৰৰ গভীৰ পানীত তঁহতে যি কোনো এটা বস্তু পেলাই দে, যদি ম‍ই বস্তু-টো বিচাৰি আনিব পাৰোঁ, ম‍ই জিকিম আৰু সেই পেলোৱা মানুহটোক খাই পেলাম | হো হো হা হা |

থুলুকৰ প্ৰথম বন্ধুটোৱে ওঁঠখন বেঁকা কৰি হাঁহি এটা মাৰি বেজী এটা সাগৰত পেলাই দিলে | ৮ মিনিটতে অসুৰটোৱে বেজীটো বিচাৰি আনি তেওঁক খাই পেলালে | 

দ্বিতীয় বন্ধুৱে নিজৰ মাথাৰ পৰা চুলি এডাল চিঙি পেলাই দি গোঁফৰ তলেদি মিচিকিয়াই হাঁহি এটা মাৰিলে | কিন্তু কিমাশ্চৰ্যম, অসুৰটোৱে ১১ মিনিটত সেই চুলিডালো বিচাৰি উলিয়ালে আৰু হো-হোৱাই বন্ধু ২ ক খাই পেলালে |

থুলুকৰ পাল | অসুৰৰ হাঁহিত তত্‍ নাই | থুলুকে লাহেকৈ পকেটৰ পৰা চুলাইৰ বটল টো উলিয়াই দুই টোপ সাগৰত ঢালি দি ক’লে- যা, বিচাৰি আন |

আজিলৈকে হেনো অসুৰটোৰ দেখা-দেখিয়েই নাই |

by Changmai

Capitalলৈ বুলি...


থুলুক আৰু নবীন দিল্লীলৈ বুলি ফ্লাইটত উঠিল ...! 

কিয়?

- সেই যে | এদিন দুয়োটাই চিম কাৰ্ড কিনিবলৈ দোকানলৈ গৈছিল; দোকানীয়ে ফ’ৰ্ম এখন দিলে | তাত স্পষ্টকৈ লিখা আছিল- WRITE IN CAPITAL বুলি; সেইকাৰণে কেপিটেললৈ বুলি.... 

বাৰু... ফ্লাইট এৰাৰ পিছত নবীনে উচপিচাই আছে | থুলুকে ক’লে কি হ’ল ঔ?
নবীন: উঠ, থিয় হ’ | 
থুলুক: কেলেই?
নবীন: দেখা নাই নেকি এয়াৰ হোষ্টেচ কিজনী কেনেকৈ থিয় হৈ আছে ? মহিলাক আসন এৰি দিব লাগে বুলি সৰুতে শিকা নাছিলি নেকি ? 

ANAKA HALA KANAKA HABA ?


by Shantichaya D.

পাৰ্থক্য ব-হু-ত


সমস্যা, প্ৰতিভা আৰু কৌশলৰ মাজৰ পাৰ্থক্য
দুজন ল’ৰাই এজনী ছোৱালীক ভাল পালে............ সমস্যা |
এজন ল’ৰাই একে সময়ত দুজনী ছোৱালীৰ লগত প্ৰেম কৰিলে.......... বিশাল প্ৰতিভা
এজন ল’ৰাই একে সময়ত দুজনী ছোৱালীৰ লগত প্ৰেম কৰিলে আৰু দুয়োজনী ভনীয়েক হ’লে.......... তাক সংবিধানৰ আটাইকেইটা ভাষাতে কৌশল বুলি অভিহিত কৰা হয় |

by Sushmita Das

গাঁঠিৰাম


এটা ল’ৰা নতুনকৈ এজনী ছোৱালীৰ প্ৰেমত পৰিল ৷ ছোৱালীজনী বহুত মডাৰ্ণ ৷ কথা-বতৰা,খোৱা-বোৱা,কাপোৰ-কানি চব মডাৰ্ণ ৷ ল’ৰাটো তামাম গাৱঁলীয়া ৷ সি দিনে-ৰাতিয়ে চেষ্টা কৰিছিল ,যাতে গাৰ্লফ্ৰেণ্ডৰ ওচৰত তাৰ ইম্প্ৰেছন বেয়া নহয় ৷ ইংৰাজীও দুটামান ক’বলৈ শিকিলে ৷ গাৰ্লফ্ৰেণ্ডৰ আগত সি গাৱঁলীয়া কথা-কাণ্ডবোৰ যিমান পাৰি বাদ দিবলৈ ধৰিলে ৷ লাহে লাহে সিও মডাৰ্ণ হৈ আহিল ৷ 
এদিনৰ কথা ৷ দুপৰীয়াৰ সময় ৷ ল’ৰাটোৰ ঘৰৰ ফোনটো তাল-ফাল কৰি বাজি উঠিল ৷ মাকে ফোনটো উঠালে ৷ 
-অ হেলেউ ৷ কোনেনো ক’লা ?
- হেল্ল’ ! এইটো বাৰু গাঁঠিৰামৰ ঘৰ হয়নে ? 
- অ হয় আকৌ ! তুমি নো কোনে ক’লা ?
-মই তাৰ গাৰ্লফ্ৰেণ্ড ৷ সি ক’ত গ’ল ?
- সি বাৰীৰ চুকত বহি শৌচ কৰি আছে ৷ এতিয়াই নাহে ৷ এক ঘন্টাৰ পাছত ফোন মাৰিবা দেই ৷ 
- (চাইলেন্ট)
[সেইদিনাৰ পৰা গাঁঠিৰামক সেইজনী ছোৱালীৰ লগত কোনেও দেখা নাপালে ৷ ]

by Ishaan Jyoti B.

পাতবেঙ আৰু থুলুক


থুলুকক যিয়েই লগ পাই সিয়েই যা-তা কথা কয় আৰু গালি পাৰে । যেনে ধৰক মূৰ্খ, মগজহীন, গাধ.. ইত্যাদি ইত্যাদি । এদিন আবেলি সি আমনজিমনকৈ ঘৰলৈ গৈ আছে । এনেতে এটা পাতবেঙ জাঁপ মাৰি তাৰ সমুখতে ৰৈ তাক ক'লে- ঐ মূৰ্খ । তোৰ মুৰত ঘিউ আছেনে নাই ?
থুলুক- আছে ।
পাতবেঙ- নাই ।
থুলুক- আছে আছে।
পাতবেঙ- নাই নাই। 
থুলুক- আছে পাই।
পাতবেঙে নাই বুলি কৈ কাষৰ পুখুৰিটোত জাঁপ দিলে ।

থুলুকৰ প্ৰতিক্ৰিয়া- এস, ইমান সৰু কথাতে চুইচাইড কৰিব লাগেনে ?

by Bhaskarjyoti Das

থুলুকৰ খঙ

থুলুকৰ নবীনৰ ওপৰত তামাম খং উঠি আছে। গোলোকৰ ওচৰত কৈ আছে: "এই নবীন ডাল। ভিখাৰী চাল্লা। খালী পইচা নাই, পইচা নাই।" গোলোকে বোলে, "কি হ'ল ঔ, তোক ধাৰলৈ পইচা খুজিছিল নেকি?" থুলুকৰ উত্তৰ: "নহয় ঔ, মইহে খুজিছিলো। যেতিয়াই খোজো, তেতিয়াই খালী পইচা নাই। চাল্লা ভিখাৰী"।

by Rajib Ranjan

হীৰাৰ আঙুঠি


থুলুক: জানমণি, এইটো লোৱা |
ঘৈণীয়েক: এইটো কি?
থুলুক: হীৰাৰ আঙুঠি...
ঘৈণীয়েক: আ আ আ ... মোৰ বিশ্বাসেই নহয়; ইউ আৰ চ’ চুইইইইইট | কিন্তু তুমি মোক স্কুটী এখন হে দিয়াৰ কথা আছিল ?
থুলুক: ধেই, স্কুটী কিবা নকলী পাই নেকি ? হি হি হি


by Shantichaya D.

A Letter from Thuluk


"চিঠি ফ্ৰ’ম থুলুক" 

ৰাইজে কিছুদিন আগতে থুলুকৰ মাকে থুলুকলৈ দিয়া চিঠিখন পঢ়িছিল | এইবাৰ থুলুকে মাকলৈ বুলি লিখা চিঠিখন পঢ়ক | থুলুক তেতিয়া ১৪-১৫ বছৰৰ চেঙেলীয়া এটা | 

মোৰ মৰমৰ মা জনী ঐ

মৰমবোৰ ল’বি | পিতাইলৈ লিখিবলৈ ভয় লাগে কাৰণে তোলৈকে লিখিছোঁ | 
কথাটো অলপ গম্ভীৰেই | ওচৰৰ কলিতা খুড়াৰ কামকৰা ছোৱালী ভেলেঙীৰ লগত এইয়া মই বাছত উঠি পলাই গৈ আছোঁ | ক’লৈ যাওঁ সেইটো নুসুধিবি, নকওঁ – কেনেবাকৈ পিতাইয়ে গম পালে ফুল স্পীডত জীপখন দৌৰাই আহি বাছখন ৰখাই লৈ বাটতে চবৰে আগত ভলুকা বাঁহৰ এচাৰিৰে মোৰ পিঠিত বলধ গৰুক কোবোৱাদি কোবাব | থাকিল, ভেলেঙীৰ কথা- হ’ব পাৰে তাইৰ বহুত বদনাম আছে চুবুৰীৰ কেইবাটাৰ লগতো হলিগলি আছে বুলি, কিন্তু মা ঐ, তাই সেইবোৰ লিলিমাই হে কৰে; আচল ভালপোৱাটো হেনো মোৰ প্ৰতিয়েই আছে | হি হি | আৰু তাইৰ চকু এটা কেঁৰা বা দেখিবলৈ বেয়া বুলি দুখ নকৰিবি, দুখ কৰি লাভ-টো নাই! কাৰণ এতিয়া যে তাই তোৰ বোৱাৰী হ’লহি! দেখিবলে ভাল নহ’লেও তাইৰ মনটো খুব ভাল, চবকে তাই সমানে ভাল পায়- চবৰে চিঠিৰ উত্তৰ দিয়ে, চবৰে এচ.এম.এচৰ ৰিপ্লাই দিয়ে, চবৰে ফোন তোলে, ভালকৈ লগ ধৰিলে চবৰে লগতে চান্স চাই ইলোৰা হলত চিনেমা চাবলৈকো যায় | ইমান মৰমিয়াল ছোৱালীজনীক চেহেৰাৰ ৰূপেৰে জুখিলে হ’ব জানো তয়েই ক’চোন ? 

এনেকৈ পলাই যাবলৈ মন নাছিল বুইছ? বিয়াখন তঁহতৰ সন্মতি মতেই পাতিম বুলি ভাবিছিলোঁ, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে তহঁতক কথাটো কাণ চোৱালো হয় | চাৰিবাৰকৈ মেট্ৰিক দি দি আমনি লাগিছে, কিমান আৰু তঁহতৰ কেটেৰা-জেঙেৰা শুনিম, ভেলেঙীৰ মৌ মিঠা মাত সদায় শুনিবলৈ পালে তঁহতৰ সেইবোৰো বৰদাস্ত কৰিব পাৰিম বাৰু (হি হি) | যি কি নহওক, পলোৱাৰ কথা নাছিলেই, তাই হে পৰহি ক’লে যে তাইৰ পেটত হেনো তোৰ নাতি | নাতি নে নাতিনী, এতিয়ালৈকে কনফাৰ্ম হোৱা নাই ৰ’, চাৰিমাহ হৈছে হে | পিছত চিঠি দি জনাম বাৰু কি হ’লগৈ | সি ডাঙৰ হ’লে এদিন আকৌ উভতি আহিম, তেতিয়া আৰু চাগে পিতাইয়ে মোক দগৰা পিটন নিদিব (হি হি) |

থওঁ দে, চিঠিখন তঁহতি পাৱ মানে আমি ডিব্ৰুগড়, শিৱসাগৰ জিলা পাৰেই হ’ম চাগে |
ভালে থাকিবি দেই |

ইতি তোৰ জীউ
থুলুক 

পুনৰ:- বেছিকে টেনচন নল’বি, ওপৰৰ চিঠিখন গোকাট মিছা | নহ’লে তোৰ প্ৰেছাৰ বাঢ়িব | ইমানো ডঙুৱা নহয় তোৰ পুতেৰ যে ইমান আনস্মাৰ্ট কাম এটা কৰি বংশৰ নাম ডুবাব | দীঘলকৈ উশাহ ল’চোন, অলপ মিচিকিয়াই হাঁহি পেলা | অঘটনটো যে নঘটিল, তাৰ বাবে ঈশ্বৰক ধন্যবাদ দে |

আচল কথাটো হ’ল, আজি মেট্ৰিকৰ ৰিজাল্ট যে আনিবলৈ গৈছিলোঁ, চিঠিখন পঢ়ি পাহৰিলিয়েই চাগে? এইবাৰো তোৰ পুতেক সৰকিব নোৱাৰিলে | দুখ নকৰিবি, গাওঁবুঢ়াৰ পিতেক মলক আৰু সেই যে কেণপাই, সিঁহত দুটাও মোৰ লগতে লাগি ধৰিলে | তঁহতে পিটিবি বুলিয়েই এই চিঠিখনৰ তিনি কপি কৰি আমি নিজৰ নিজৰ ঘৰলৈ পঠাইছিলোঁ | এতিয়া বুজিলি তো, যে মেট্ৰিকত ফেইল কৰাতকৈও ডাঙৰ ডাঙৰ বিপদ ঘটি যাব পাৰে | (হি হি) |

পিতনিখনৰ পিছফালে থকা আঁহতজোপাৰ পিছফালেই আমি তিনিওটা লুকাই আছোঁ | যদি নিবলৈ আহ, আহিবি, কিন্তু চাবি আক’, পিতাইৰ হাতত হালোৱা এচাৰিডাল দেখিলে মইি পিতনিতে জাঁপ দি মৰি যাম | যোৱাবাৰৰ পিটন খাই মোৰ পিঠিখন দমলা-দমল হৈছিল, এতিয়াও চেৰেং চেৰেং কৈ মনত পৰে সেই পিটন | 
আহিবি মা, তোলৈ বাট চাম | হি হি |

তাৰিখ: আজি আবেলি
স্থান: নামঘৰটোৰ পিছফালে থকা পিতনিখন |

by Changmai

আপুনি কি কৰিব বাৰু?


সমুহ গাজাৰীয়ান লৈ মুকলি প্রশ্ন

ধৰি লওক আপুনি আমন জিমনকৈ বহি আছিল ৷ হৰ্ঠাৎ আপোনাৰ আঙ্গুলি এটা নাকত সোমোৱাই দিয়াত আপুনি হেঙুনৰ টুকুৰা এটা পালে ৷ এতিয়া কি কৰিব সেই টুকুৰা ???

১/ বিচনাৰ চুকত লগাই থব
২/ বেৰত সানি থব
৩/ হাততে লৈ আঙ্গুলিৰে মোহাৰি বল বনাব 

উত্তৰ নিদিয়া কেইজনক গম পাম যে তেঁও লোকে সেই বস্তুটো খাই পেলালে ৷

by Bhaskor Barukial

কোন বেছি ভাল ?


কলিতা: মাম্মী বেছি ভাল নে পাপ্পা ?
পুতেক: দুইজনেই ভাল
কলিতা: নহয়, এজনৰ নাম কোৱা, মাম্মী নে পাপ্পা?
পুতেক: দুয়োজনেই ....

কলিতা: বাৰু, ধৰা মাম্মী দিল্লীলৈ আৰু পাপ্পা কলকাতালৈ গ’ল; কাৰ লগত যাবা তুমি ?
পুতেক: দিল্লীলৈ যাম, বৰ ধুনীয়া ঠাই হেনো... 
কলিতা: ওহ, আৰু ধৰা মাম্মী কলকতা আৰু পাপ্পা দিল্লীলৈ গ’ল, তেতিয়া তো মোৰ লগত দিল্লীলৈ যাবা?
পুতেক: নেযাওঁ, কলকাতালৈ যাম; কাৰণ দিল্লী দেখোন অলৰেডি গৈয়েই আহিলোঁ ...
কলিতা #$%%#@##


by Changmai

Mobile Mobile


দেউতাক : বাবা, তোৰ মোবাইল ফোনটো একমিনিটৰ বাবে দেচোন.........
পুতেক : একচেকেণ্ড দেউতা, মই মোবাইলটো আনল’ক কৰি দিওঁ........

প্ৰেয়সীৰ ফটো.... ডিলিট...........
ইনবক্স-আউটবক্স...... ডিলিট
ৰিচিভড কল... ডিলিট
ডিলিট
ডিলিট
ডিলিট.....................................

পুতেক : এয়া লোৱা দেউতা,
দেউতাক: নাই অ’ সময় চাবলগীয়া আছিল, একো নাই বাৰু তয়েই চাই দেচোন সোণ :) 
পুতেক: দেউতাআআআআআআআআআআআআআআআআআআআআআআআআ

by Sushmita Das

অংক জংক পংক


থুলুকৰ অংক জংক পংক 

থুলুকে এক মিনিটতে আপোনাৰ প্ৰিয় ব্যক্তিজন কোন কৈ দিব পাৰিব | আপুনি মাথোন এই অংকটোৰ সমাধান কৰক | 

১ ৰ পৰা ৯ৰ ভিতৰত যিকোনো সংখ্যা এটা ভাবক | 
সংখ্যাটো ৩ ৰে পূৰণ কৰক
ফলাফলৰ লগত এতিয়া ৩ যোগ কৰক 
ফলাফলৰ লগত আকৌ ৩ পূৰণ কৰক 
আপুনি যিটো দুই অংকৰ সংখ্যা পালে, সেই অংক দুয়োটাকে যোগ কৰি দিয়ক (উদাহৰণ- আপুনি যদি পাইছে ৬২, তেন্তে ৬+২ কৰক )
এতিয়া যিটো উত্তৰ পালে সেইমতে এই সূচীখন চাওক, আপোনাৰ প্ৰিয় ব্যক্তিজন সেই নম্বৰতে থাকিব লাগে |

১. যতীন বৰা
২. তৰুণ গগৈ
৩. মহাত্মা গান্ধী
৪. মনমোহন সিং
৫. লাডেন
৬. অ’বামা
৭. শ্বাহৰুখ খান
৮. জুবিন
৯. থুলুক
১০. মিথুন চক্ৰবৰ্তী
১১. শচীন তেণ্ডুলকাৰ
১২. নবীন

by Changmai

ভাত ঘুমটি


Salesman আৰু Salad


ভেকুৱাম ক্লীনাৰ বিক্ৰী কৰা ছেলচমেন এজন থুলুকৰ ঘৰলৈ আহিল | আহি দুৱাৰত টোকৰ দিলে | থুলুকে দুৱাৰ খোলাৰ মাত্ৰকে Salesman টোৱে Demo দিবৰ বাবে গৰুৰ গোবৰ এসোপা ঘৰৰ মজিয়াত ছটিয়াই দিলে |

থুলুক:- ঔ ঔ এইয়া কি কৰিছা?
ছেলছমেন:- ডু ন”ট ৱ’ৰী চাৰ... এতিয়া দুই মিনিটতে এই ভেকুৱাম ক্লীনাৰটোৰে চব চাফা কৰি পেলাম | চাফা কৰিব নোৱাৰিলে ম‍ই নিজেই এই গোবৰখিনি খাই পেলাম | 
থুলুক:- দুই মিনিটত?
ছেলছমেন:- হয় চাৰ, মাথোন দুই মিনিট মাত্ৰ | 

থুলুক:- ঠিক আছে, তেনেহ’লে ম‍ই অকণমান পিঁয়াজ আৰু বিলাহী কাটি আনোঁগৈ তোমাৰ কাৰণে ৰ’বা | 
ছেলছমেন:- হুৱাট ইউ মীন চাৰ? 

থুলুক:- মানে সুদাই সুদাই গোবৰখিনি খাই সোৱাদ নাপাবা তো... কালি ৰাতিৰে পৰাই কাৰেন্ট নাই | এইখন অসম দেশ হয় ভাই...!

by Changmai#

কলিতাৰ পুতেক




পুতেক:- দেউতা দেউতা, ম‍ই পৰীক্ষাত ৯৭ পালোঁ | 
কলিতা:- অ’ বা:, চাব্বাছ, কোনটো চাবজেক্টত ? 
পুতেক:- চবতে...
কলিতা:- চবতে?
পুতেক:- মানে চব মিলাই! ইংৰাজী- ২২, অসমীয়া- ২৩, বিজ্ঞান- ১১, সমাজ বিদ্যা- ২০ আৰু গণিত- ২১ | হি: হি: 
কলিতা:- কটা, নিধক, মোৰ বিশ্বাসৰ হত্যাকাৰী, এলেহুৱা, অকামিলা, পচলা খোৱা ধোদ, নিৰ্লজ্জ কিশোৰ- ফাইনেল পৰীক্ষাত যদি ৬০% শতাংশতকৈ কম আহে, মোক নিজৰ দেউতাৰ বুলি পাহৰি যাবি; কৈ দিলোঁ | 

তিনিমাহৰ পিছত বছেৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখন-

কলিতা:- জান টো, এইফালে আহচোন, ৰিজাল্ট দিলে নহয় আজি, কিমান % পালি ?
পুতেক:- আপুনি কোন বাৰু, ঠিক ধৰিব পৰা নাই! বেয়া নাপায় যদি নিজৰ পৰিচয় কণ দিবনে?

by Changmai#

ইন্টাৰভিউত কণপিতৌ



কনপিতৌয়ে এবাৰ ইন্টাৰভিঊ এটা দিবলৈ গ'ল।

চাৰ: হুৱেৰ আৰ ইউ বর্ন?

কনপিতৌ: আচাম।

চাৰ: হুইচ পার্ট?

কনপিতৌ: হুইচ পার্ট আকৌ কি? গোটেই ব'দী উৱাচ বর্ন ইন আচাম আক' ।

by Tulika N.

তীখৰৰ তীখৰ বুদ্ধি


তীখৰৰ কথা মনত আছে নে ? সেই যে প্ৰিয় ফুল কেকটাছ বুলি কৈছিল........ 

এইবাৰ গৰমৰ বন্ধত তীখৰ বাপেকৰ লগত মাছ মাৰিবলৈ গ’ল | দিনৰ দিনটো মাছ মাৰি এটা গৰৈ মাছ হে উঠিল খালৈটোত |তীখৰৰ বৰ হেঁপাহ, সেইটো পুৰি খাব | পিছে বাপেকে সেইটো অকলে পুৰি খোৱাত লাগিল | বৰ হতাশ মনেৰে তীখৰ দেউতাকৰ ফালে চাই ৰ’ল | তাৰ মনৰ ভাৱ বুজি দেউতাকে ক’লে....
দেউতাক : হেৰৌ, তহঁতৰ ঢেৰ দিন পৰি আছে জীৱনত এইবোৰ খাবলৈ,আজি ময়েই খাওঁ দে |

পিছদিনা ৰাতিপুৱা | দেউতাকে টেটুঁফালি আছে তীখৰক পথাৰলৈ যাব লাগে বুলি | ইফালে তীখৰ মহাৰাজ শুই উঠাই নাই | বিছনাৰ পৰাই মাত লগালে...
তীখৰ : দেউতা, আমাৰ গোটেই জীৱনটো পৰি আছে পথাৰলৈ যাবলৈ, আজি তয়েই যাচোন অকলে....

By Sushmita Das