ভেকুৱাম ক্লীনাৰ বিক্ৰী কৰা ছেলচমেন এজন থুলুকৰ ঘৰলৈ আহিল | আহি দুৱাৰত টোকৰ দিলে | থুলুকে দুৱাৰ খোলাৰ মাত্ৰকে Salesman টোৱে Demo দিবৰ বাবে গৰুৰ গোবৰ এসোপা ঘৰৰ মজিয়াত ছটিয়াই দিলে |
থুলুক:- ঔ ঔ এইয়া কি কৰিছা?
ছেলছমেন:- ডু ন”ট ৱ’ৰী চাৰ... এতিয়া দুই মিনিটতে এই ভেকুৱাম ক্লীনাৰটোৰে চব চাফা কৰি পেলাম | চাফা কৰিব নোৱাৰিলে মই নিজেই এই গোবৰখিনি খাই পেলাম |
থুলুক:- দুই মিনিটত?
ছেলছমেন:- হয় চাৰ, মাথোন দুই মিনিট মাত্ৰ |
থুলুক:- ঠিক আছে, তেনেহ’লে মই অকণমান পিঁয়াজ আৰু বিলাহী কাটি আনোঁগৈ তোমাৰ কাৰণে ৰ’বা |
ছেলছমেন:- হুৱাট ইউ মীন চাৰ?
থুলুক:- মানে সুদাই সুদাই গোবৰখিনি খাই সোৱাদ নাপাবা তো... কালি ৰাতিৰে পৰাই কাৰেন্ট নাই | এইখন অসম দেশ হয় ভাই...!
by Changmai#
0 Comments