Showing posts with label Assamese Assamese. Show all posts
Showing posts with label Assamese Assamese. Show all posts

Thursday 7 March 2013

How it is Done in Assam...

If Electricity goes off in America, they call the power office,

in Japan, they test the fuse

But in Assam, they check out the neighbour's house n say 'sobore goise, thike aase'!

Wednesday 21 November 2012

ৰ-কাৰ আৰু কেৰকণ


কেৰকনৰ বৰ ভয়... ঘৰৰ পৰা বাহিৰ হলেই গিৰিজাই মাষ্টৰে বাট আগুচি ধৰে... !কথা একো নাই.. মানুহৰ উচচাৰণত ভুল ধৰি ভাল পায় গিৰিজাই মাষ্টৰে.... মানে একেবাৰে শুদ্ধ উচ্চাৰণৰ মানুহ! (কেৰকনৰ আকৌ এনেই অলপ অসুবিধা হয়..... যেনে... আৰু টো আও.... প্ৰথম টো পথম ... ইত্যাদি.. ) 

আজি ৰাতিপুৱা কেৰকন ঘৰৰ বাহিৰলৈ ওলাল..! ওলায়েই দেখিলে যে মাষ্টৰ ৰৈ আছে.. বাহিৰত....! 

মাষ্টৰ : কলৈ যাৱ কেৰকন ?
কেৰকন : পতাপৰ দোকানলৈ যাও !
মাষ্টৰ  : (মুখ বিকটাই... ) হেৰৌ.. পতাপ নহয়... ঔ.. "প্ৰতাপ" হে..... ৰ কাৰ এডাল .. থাকে নহয়...! কিবা কাম আছিল নেকি ?
কেৰকন : (সাৱধান হৈ ...) নহয় মানে ছাৰ্.. পথমতে পতাপৰ দোকানৰ পৰা চাকি দুগছ লৈ স্কুল যাম !আজি শধান্জলি পাতিছে নহয় ! 
মাষ্টৰ  : (খঙেৰে...গালি পাৰি... ) তহত.. মূৰ্খবোৰে .. অসমীয়াৰ জাত মাৰিলি....! ৰ কাৰ যোগ দিবলৈ কিমান শিকাব লাগে ? পতাপ নহয় প্ৰতাপ্.... পথম নহয় প্ৰথম্.... আৰু মাৰিলি.. ঐ মাৰিলি.... ! শধান্জলি ... নহয় ... ঐ ..গৰু .. শ্ৰদ্ধাঞ্জলি.. হে ......!

এইবাৰ কেৰকনৰ সচাই ভয় লাগিল.... ! পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ... সি ভাবিলে.... যে মাষ্টৰক  মাফ খুজি ইয়াৰ পৰা পলাব পাৰিলেই হল আৰু ....! 
কেৰকন : (অলপ চিন্তা কৰি...) ত্ৰেত্ৰিয়া হ্ৰলে ছ্ৰাৰ, আজ্ৰিৰে প্ৰৰা ম্ৰই স্ৰব্ৰত্ৰে ৰ্ৰক্ৰাৰ যোগ্ৰ দ্ৰিম্ৰেই দ্ৰিম ...!আপ্ৰুনি চ্ৰিন্ত্ৰা নক্ৰৰ্ৰিব...! 

গিৰিজাই মাষ্টৰ  খঙতে মূৰ্ছা গল... !

by Madhurjya Gogoi

Saturday 25 August 2012

মুৰ্গী অৱতাৰ

কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে |


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |


কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |



উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#

Thursday 3 May 2012

A Worried Ketenga



কেটেঙা মহা চিন্তাত...

কেটেঙীয়ে যে তাক এৰি পেটেলাৰ লগত বিহু চাবলৈ গুছি গ’ল তাতে বৰ দুখ পালে | কিন্তু সেইটো চিন্তাৰ বিষয় নহয় | দুখতে সি বজাৰৰ পৰা প‍ইজনৰ বটল এটা কিনি আনিলে | ঘৰত আহি হে দেখিছে, এক্সপাইৰী ডেট এবছৰ আগতেই পাৰ হৈ গ”ল |

তাকে লৈ কেটেঙা চিন্তাত... প‍ইজনৰ বটল টো বেয়া হৈ যোৱা নাই তো ? 

অজলাটো কৰ’বাৰ .... 



by Changmai#

Fast foods Fall Faaaster

এটা আপেল আৰু এটা পিজা ১৫ মহলাৰ পৰা পেলাই দিয়া হ'ল।

আগতে কোনবিধ বস্তু তলত পৰিবহি??
.
.
.
.
.
.
.
.

.
.
.
.
.
.
.

.
উত্তৰঃ পিজাটো পৰিব, কাৰন পিজা ইজ্ এ ফাষ্ট্ ফুড


Contributed by Nayanjit