Saturday 1 November 2014

নগেন

by: Hirok Jyoti Debnath
নগেনে সিদিনা এখন দোকানলৈ গৈছিল !


নগেনৰ ঘৰত থকা পোহনীয়া কুকুৰটোৰ কাৰণে বিষ্কুট আনিবলৈ !

নগেন (দোকানীলৈ চাই)- অ ভাইটি, কুকুৰৰ বিষ্কুট আছে নেকি ?

দোকানী- থকাটো আছে, কিন্তু আপোনাক দিব নোৱাৰিম, মানে আমাক অৰ্দাৰ দিয়া আছে যে কুকুৰ আছে বুলি প্ৰমাণ নহলে দিয়া মানা আছে..কুকুৰ টো লগত লৈ আহিব, লৈ যাব !

নগেনে গুচি আহিল.

কেইদিনমানৰ পাছত আকৌ এদিন নগেনে সেই দোকান খনলৈ গল..

নগেন- ভাইটি, মেকুৰীক গা ধুওৱা চেম্পু আছে নেকি ?

দোকানী- আছে দাদা, কিন্তু আপোনাৰ মেকুৰী আছে বুলি প্ৰমাণ নহলে দিব নোৱাৰিম..!

নগেনৰ টিকনি গৰম হৈ গল..

সি ঘৰলৈ গৈ হাতত কলা পলিঠিনৰ বেগ এটা লৈ আহিল..

দোকানীজনে নগেনক দেখি কলে- আহক দাদা, কি লয় আহক..!

নগেনে মনতে ভাবিলে ৰহ বেটা তই মোক বহুত জলাইছ.. তোক মই আজি দি আছোঁ !

নগেনে ধুনীয়া হাঁহি মাৰি কলে- হাঃ হাঃ কি লাগে গম পাবা, আজি প্ৰমাণো লৈ আহিছোঁ... দিয়াচোন তোমাৰ হাতখন এই বেগটোত সোমাই চোৱা..!

দোকানীজনে নগেনৰ কথামতে বেগত হাত ভৰাই কলে- অ কিবা গৰম গৰম লাগিছে, কুমল, তিপি দিলে পিছলি যায় দেখোন দাদা... কি নো..?

নগেনে তামাম ফুৰ্টি কৰি কলে- হাঃ হাঃ এইয়া মোৰ হেৰি, এতিয়াই কৰি আনিছোঁ গৰমে গৰমে, দিয়া হাৰপিক এটা, টয়লেট চাফা কৰিবলৈ লাগে !!!

No comments:

Post a Comment