Saturday 1 November 2014

কেইটামান ৰূঢ় বাস্তৱ ঘটনা

  • স্কুটাৰ বা বাইকখন ভাল কৰাৰ পিছত হাতত যেতিয়া ম'বিল লাগি থাকে তেতিয়াই আপোনাৰ নাকটো খজুৱাব।
  • ধৰক আপুনি টিকটৰ বাবে শাৰী পাতি আছে। কাষৰ শাৰীটোত মানুহ কম দেখি সেইটো শাৰীত যদি থিয় হয় দেখিব আগৰ শাৰীটোৱেই খৰকৈ গৈ আছে।
  • টেলিফোনত ভুল নাম্বাৰ ডায়েল কৰিলে নাম্বাৰটো কেতিয়াও বিজি নাথাকে।
  • যেতিয়াই কাৰোবাক দেখুৱাব বিচাৰে যে বস্তুটো ভালদৰে কাম কৰা নাই তেতিয়া ই ঠিকেই কাম কৰিব।
  • কাৰোবাক লৈ ফুৰিবলৈ যোৱাৰ সময়ত কোনোবাই নেদেখাটো যদি বিচাৰে তেতিয়া চিনাকি কোনোবা ওলাবই ওলাব।
  • বাটত পোষ্টবক্স দেখিলে আপোনাৰ মনত পৰিব- ইচ ৰাম, চিঠিখন আজিও অনা নহ'ল!
  • ক'ৰবাত যাবলৈ বাছত উঠাৰ পিছতেই আপোনাৰ মনলৈ আহিব- পানীৰ মটৰটো অফ কৰা হ'ল নে নাই বা!
  • বহুপৰলৈ নন্ ষ্টপ পঢ়াশুনা কৰাৰ পিছত এক চেকেণ্ডৰ বাবে ম'বাইলটো হাতত লোৱাৰ লগে লগেই দেউতা সোমাই আহিব- 'পঢ়াৰ সময়ত খালি ম'বাইল!'
  • বছক যদি বাইকৰ টায়াৰ পাংচাৰ হোৱা বাবে পলম হোৱা বুলি কয় তেনেহ'লে পিছদিনা সচাঁকৈয়ে টায়াৰ পাংচাৰ হ'ব!
  • ৰাতি পথৰ দাতিঁত যেতিয়া সৰুপানী চুবলৈ যায় তেতিয়াই তীব্র হেডলাইট জ্বলাই গাড়ী এখন মাটি ফুটি হ'লেও ওলাব (পৃথিৱীৰ প্রতিজন পুৰুষৰ এই অভিজ্ঞতা আছে)
  • ফেচবুকত যেতিয়া কোনো ছোৱালীৰ লগত chatting জমি উঠে তেতিয়াই মানুহজনী আহি ওলাব !!
  • উঠি যোৱাৰ এলাহত মুখত চোবাই ধকা বগৰী গুটিটো খিৰিকিৰে দলিয়াই দিলে ৰডত লাগি উভতি আহিব, কিন্তু মূল্যবান কিবা দলিয়াই দিলে পাৰহৈ ক'ৰবাত পৰিবগৈ ।
  • অলাগতিয়াল,আবৰ্জনা বুলি পেলাই দিয়া বস্তু এটা পিছত লাগতিয়াল হৈ পৰে। এনে সময়ত ভাব হয়, ছে বস্তুটো মই কিয় পেলাই দিলো । 
  • বেকাৰ থকা সময়ত প্ৰেয়সীয়ে ফোন নকৰে । কিন্তু যেতিয়াই কিবা এটা important কাম কৰিবলৈ লব, তেতিয়া মোবাইলটো ধাৰাসাৰ বাজি থাকিব । 
  • মানুহজনক যেতিয়া দৰকাৰ নাথাকে বাটে-ঘাটে তেওঁক লগ পায় থাকিব । কিন্তু যেতিয়া তেওঁৰ প্ৰয়োজন হব দিনটোত ২৫ বাৰ তেওঁৰ ঘৰলৈ গৈ বাটৰ দুৱৰি মাৰি দিলেও তেওঁক লগ নাপায় ।

No comments:

Post a Comment