Sunday 26 January 2014

বন্ধুত্ব

পঢ়ি চাবাচোন মজা লাগিবও পাৰে নেলাগিবও পাৰে ৷৷

ডেকা তেজত কাজিয়া কৰি খুৱ ভাল লাগে নহয় জানো বন্ধুসকল ৷ পিছে এই কাজিয়াৰ কথায়ে কওঁ ৰৱা ৷ আমাৰ নগেনৰ পুতেক তেজাল চলি না নিজকে চলমান খান যেন পায় ৷ তাতে অলপ কেৰেটিও শিকি লৈছে ৷ তাতে বৰ গৰ্ব ৷ এদিনাখন সিহতৰ গাওৰ ওচৰৰ গাওৰ লৰা এজনৰ লগত খুব কাজিয়া লাগিল কিৱা ছোৱালীৰ সংক্ৰান্তত ৷ আচলতে তাৰ ইতিমধ্য প্ৰেয়সী আছেই ৷ সেই লৰাজনৰ ফাইলে খুৱ পিটিলে ৷ মাৰ চাৰ খাই একদম ভিজা মেকুৰি হৈ ঘৰত আহিল ৷ তাৰ পিছত ঘৰৰ মানুহৰ যিটো প্ৰতিক্ৰিয়া অলপ চাওকচোন ৷
বাপেক ( আজিকালি দেদ) -- চাল্লা কুকুৰ কিমানবাৰ কলো তোক সেইজনীৰ ওচৰলৈ নাযাবলৈ আকৌ তাতে মৰিবলৈ গৈছা ৷ পাইছা এতিয়া মজাপালি ৷
মাক (আজিকালি মম) -- অ হ হ মোৰ সোনটোৰ কোনে এনেকুৱা কৰিলে ঐ ৷ অ ৰা চোৱা আহিছো ৷
ভনিয়েক -- দাদা বিষাইছে নেকি ( দাদকে খংত হেই বান্দেৰী দেখা নাই ৷ আকৌ বিষাইছে নেকি বুলি সুধিৱ আহিছে ৷ ফুত যা ৷
অৱশেষত সি প্ৰেয়সীৰ ওচৰত গল ৷ অলপ সহানুভুতি বিচাৰি - পিছে প্ৰেয়সীৰো একেই প্ৰতিক্ৰিয়া ৷
যাওতে দেখোন সিংহটোৰ দৰে গৈছিলি ৷ এতিয়া কুকুৰৰ দৰে মাৰ খাই মোৰ ওচৰলৈ কিয় আহিছা ৷
মাকৰ বাহিৰে কাৰো সহানুভুতি নেপায় সি আহি থাকোতে তাৰ দুজনমান নলেগলে লগা বন্ধুই লগ পায় সুধিলে - কি হল ভাই ৷ কোনে মাৰিলে ৷ তেতিয়া সি সকলো কথা বিৱৰি কলে ৷
সিহতৰ প্ৰতিক্ৰিয়া -- কোন মাইকাল্লা ওলাল বে তোক মাৰিব ৷ অ ৰকি বল ৷ আমাৰ বলিয়া বান পাৰ্টিটোক মাত বে ৷
ঘৰৰ পৰা উলিয়াই আনি মাৰিম চাল্লা ৷
নীতিকথা ---বন্ধু সদায় গৰম ৷
By: Himanku Deka

No comments:

Post a Comment