Monday 13 January 2014

মৌৰ জন্মদিন

মৌৰ জন্মদিন আজি ৷ আমাৰ জী মৌ ৷ সকলোৱে আজিকালি জন্মদিন পাতে ৷ সেয়েহে তায়ো মোক ধৰিছে তাইৰ জন্মদিন পাতিব লাগে ৷ মানে কেক আনি দিব লাগে, চকোলেট আনি দিব লাগে ৷ মই গৰীব মানুহ কৰ পৰা দিম ৷ সেয়েহে উপায় নাপায় কলো, হবদে তোৰ জন্মদিনত মই শিল সিজাই খুৱাম ৷ 
মই প্ৰকাণ্ড কেৰাহী এটা চোতালতে পাতিলো, জুই ধৰিলো আৰু তাৰ পাচত এটা আধাকেজি মান ওজনৰ চিকচিকিয়া শিল ধুই-ধাই কেৰাহীত উঠাই দিলো ৷ পানী গৰম হোৱাৰ পাচত শিলটো পুনৰ ধুই আগৰ পানীখিনি পেলাই নতুনকৈ পানী দি শিলটো পুনৰ কেৰাহীত বহাই দিলো ৷ তাই সুধিলে পাপা সছাই শিল সিজাবা ৷ 
মই অ বুলি কোৱাৰ লগে লগে তাই ওচৰৰ যিমান সৰু ল’ৰা-ছোৱালী মাতি আনিলে তাইৰ জন্মদিনৰ শিল সিজোৱা খাবলৈ ৷সম্পূৰ্ণ বাহিনি এটা মোৰ চাৰিওফালে বহি ললে ৷ কনমানি এজনীয়ে সুধিলে আংকল শিল সিদাবা? মই অ বুলি শলাগিলো ৷ 
আটায়ে অধিৰ আগ্ৰহেৰে ৰৈ থাকিল ৷ অলপ পাচত মই মচুৰ দাইল অলপ ধুই কেৰাহীত বহাই দিলো আৰু সিহতক কলো, অকল শিল সিজালে ভাল নালাগিব নহয়, সেই কাৰণে দাইল অলপ দিলো ৷ সিহতে ভাল পালে ৷তাৰ পিচত কলো চাউল অকমান দিও নেকি, খাই বৰ ভাল পা্বা ৷ সিহতে কলে দিয়া দিয়া ৷ সোনকালে শিলটো সিজাই লোৱা ৷ মই চাউল অলপ ধুই কেৰাহীত বহাই দিলো ৷ 
অলপ পিচত কলো, হল আৰু বেছি সময় নাই, নিমখ-হালধী দিলেই হৈ গল ৷ এনেকৈ আধাঘন্টা মানৰ মুৰত শিল সিজোৱা হল ৷ মই কেৰাহী নমাই কলপাত কাটি আতাইকে বহুৱাই সকলোকে কেৰাহীৰ পৰা শিল সিজোৱা আনি দিলো ৷ আটাইয়ে ইমান ফূৰ্তি কৰি খালে যে কবৰ ভাষা নাই ৷ 
এনেকৈ খুৱাব লগিয়া হোৱত মোৰ দুখ লাগিছিল যদিও সিহতৰ মনৰ ফুৰ্তি দেখি মনত বৰ ভালো লাগিল ৷ এৰা দুখিয়াৰ জন্মদিন এনেকুৱাই হয় আৰু ৷
By: Dipak Kalita

No comments:

Post a Comment