Monday 13 January 2014

'কবি-সন্মিলন'

এবাৰ এখন 'কবি-সন্মিলন' চলি আছিল ! স্বনামধন্য কবি, বিশিষ্ট লেখক-লেখিকা, সাংবাদিক- সাহিত্যক আদি কৰি প্রায় শতাশিক লোক উপস্থিত আছিল !

কিন্তু সকলোয়ে লেহেমীয়া কবিতা আবৃত্তি শুনি শুনি হয়তু আমনি পাইছিল, সেইয়ে সকলো নিৰাশ মনোভাবেৰে বহি আছিল !

আমাৰ কনটিলৌৰ সহ্য নহ'ল, সি নিজেই ষ্টেজৰ ওপৰত উঠি গৈ ঘোষণা কৰিলে --
.....স্বনামধন্য ব্যক্তি সকল, এইবাৰ মই এটা 'কবিতা' শুনাম !

..
..

'এটা কুকুৰ'

মানুহ বিলাকে সমস্বৰে : --
..বাঃ হ বাঃ হ !!

টিলৌয়ে আকৌ আৰম্ভ কৰিলে--
..'এটা কুকুৰ, তাৰ ওপৰত এটা কুকুৰ' !

সকলোয়ে সমস্বৰত : --
...বাঃহ বাঃহ !

টিলৌয়ে আকৌ :
'এটা কুকুৰ, তাৰ ওপৰত দুটা কুকুৰ, তাৰ ওপৰত তিনিটা কুকুৰ !

এই বাৰ মানুহবিলাক মনে মনে আছে, কিছু সময়ৰ পিছত এজনে কলে :
...বাঃহ বাঃহ !

টিলৌয়ে আকৌ আৰম্ভ কৰিলে :
..এটা কুকুৰ, তাৰ ওপৰত দুটা কুকুৰ, তাৰ ওপৰত তিনিটা, তাৰ ওপৰত চাৰিটা কুকুৰ !

এইবাৰ এজন মানুহ ছিঁঞৰি
উঠিল :
..আৰে এইটো কেনেকুৱা কবিতা হ'ল ??

..
..

টিলৌ : কবিতা বাদ দিয়ক না,

..
..

....বেলেঞ্চ চাওক, বেলেঞ্চ !!
By: Dípankar Nath

No comments:

Post a Comment