Monday 6 January 2014

আচল কথাটো

আর্শীষ দা প্ৰথম আমাৰ ঘৰলৈ অহাৰ দিনা কথা দেই ৰাইজ ।মোক ফোন কৰিলে বোলে নিভা তুমি আগবাঢ়ি আহিবা অলপ মই নহলে বিচাৰি নাপাম তোমালোকৰ ঘৰ ।মই বোলো ঠিক আছে ।

মই আগবাঢ়ি গ'লো অলপ ।আমাৰ ঘৰলৈ অহা উপপথটোৰ আধা বাট পাওঁতেই দেখিলোঁ আর্শীষ দাক কুকুৰ এটায়ে বগৰাই বগৰাই কামুৰি আছে ।মই কাণ্ড দেখি দৌৰি গ'লো ।আর্শীষ দায়ে চিঞৰিছে নিভা বচোৱা বচোৱা ..মইটো থাই কিক্ মাৰিবলে পজ দি ৰৈ আছো ভৰি এটা দাঙি ।নাই কুকুৰটোয়ে ভয় নকৰে ।এইবাৰ ওচৰৰ গছ এজোপাৰ পৰা সৰু ডাল এটা ভাঙি লৈ কুকুৰটোক বাৰুকৈয়ে দুকোব মান দিলো ।কুকুৰটোয়ে কেং কেং কেং কৰি আঁতৰি গ'ল ।

আর্শীষ দাক উঠাই দিলো পৰাৰ পৰা।ঘা লাগিল নি চালো ,নাই ক'তো এচিকতা তেজ নাই ।আমি দুয়ো আচৰিত হ'লো ।

কুকুৰটো তেতিয়া লৈকে আঁতৰি যোৱা নাই ।হাতত থকা ডাল টো লৈ খেদি গ'লো ।কুকুৰটোয়ে ভুভুভুভুক্ ভুক্ ভুক্ কৈ চিঞৰি মুখখন মেলি দিলে ।তেতিয়াহে গ'ম পালো আচল কথাটো আর্শীষ দায়ে কিয় অলপো দুখ পোৱা নায় ।

কুকুৰটোৰ দাঁত এটাও নাছিল ...সি এটা সোল কুকুৰহে !

No comments:

Post a Comment