পিয়াজ কাটি আছিলো

নগেনৰ ঘৰত চোৰ সোমাল।
 চোৰে ঘৰৰ সকলো বস্ত চুৰ কৰি লৈ গ'ল।
নগেনে কথাটো পুলিচক জনালে।

পুলিচ আহিল।
ঘৰৰ মানুহক পুলিচে এফালৰ পৰা সুধিবলৈ ধৰিলে.....।

পুলিচঃ (প্ৰথমে খগেনক সুধিলে) তই চোৰ আহোতে কি কৰি আছিলি....?
খগেনঃ চাৰ, মই শুই আছিলো। চোৰ দুটাই মোক ধৰি ভৰি হাত বান্ধী মুখত চেলোটেপ লগাই দিলে ।

পুলিচঃ মনালিছা তুমি চোৰ আহোতে কি কৰিছিলা....?
মনালিছাঃ চাৰ মই জিকা কাটি আছিলো ।
মোক চোৰ এটাই গলটোত ধৰি মুৰ্গী বনাই দিলে।
 মানে চাৰ মই কণী পাৰিম যেন লাগি গ'ল ।

পুলিচঃ নগেন তইপিছে কি কৰিছিলি..?......

নগেনঃ চাৰ, মই পিয়াজ কাটি আছিলো।


মনালিছাই কণী পাৰিলে ফ্ৰাই কৰিম বুলি।

By: Biswa Bijeet Dutta
কেনে লাগিল:

Post a Comment

0 Comments