Friday 11 May 2012

An Intelligent Husband

পত্নীয়ে আলোচনী এখন পঢ়ি আছিল। 
আগেয়ে আলোচনীত fill up the gap  কৰি মানে গল্প, উপন্যাস আদি পেজত লগোৱাৰ পিচত খালী ঠাই থাকিলে তাতে এটা কবিতা লগাই অসমীয়া কবিতাৰ সেৱা কৰা বুলি সভাই সমিতিয়ে গামোছা লোৱা ধুৰন্ধৰ সম্পাদকে আজিকালি সেইটো কৰিব নোৱাৰা হল।
 কবিতাৰ followers  বাঢ়িল।
 বেপাৰৰ সুবিধাও অলপ বঢ়িল। গতিকে এটা সম্পূৰ্ণ পৃষ্ঠাৰ ব্যৱস্থা হল। 
খালী হৈ থকা তেনে এঠাইত লগাই থোৱা বিচিত্ৰ বাৰ্তা এটা পঢ়ি বিবাহিতৰ পত্নীৰ মূৰতো অলপ গৰমেই হল।
 স্বামীক কলে “চাওকচোন আজিও পৃথিৱীত এনে জাতি আছে হেনো, ঘোঁৰাৰ বিনিময়ত পত্নী বিক্ৰী কৰে। 
এইখনতে লিখিছে, কেনিয়াত হেনো তেনে জাতি আছে। কথাখিনি পঢ়ি ভয়েই লাগিছে। তুমিও যদি মোক তেনেকুৱা কৰা |”

স্বামীঃ ইচচ্ মোক কিবা তুমি ইমানেই বুৰ্বক বুলি ভাবিছা নে।
 তোমাক ঘোঁৰাৰ বিনিময়ত বিক্ৰী কৰিম? সেয়া হবই নোৱাৰে। 

কমচে কম মাৰুতি এখন লম|”
সমীয়া মানুহৰ বুধিয়েই বেলেগ।

Contributed By Ranjit KB

No comments:

Post a Comment