Saturday 5 November 2016

ঘৰুৱা দিহা

১) ঘৰত নিগনি ওলালে কি কৰিব?

- এদিন দেওবাৰে আপুনি ভগা হেতা আৰু থাল এখন লৈ মজিয়াত বহি যাব। তাৰ পাছত ফোনটো হাতত লৈ এঘণ্টামান কাৰোবাৰ লগত মিহি মিহি কথা পাতিব, যেতিয়ালৈকে সিজনাই নকয়- তোমাৰ মাতটো ইমান মিঠা, গান গালে বৰ ভাল লাগিব।

তাৰ পাছত আপুনি থালখনত হেতাৰে মৰিয়াই মৃদু সংগীত উৎপন্ন কৰি মধুৰ কণ্ঠেৰে গীত গোৱা আৰম্ভ কৰক। আপোনাৰ গীত শুনি নিগনি বিলাক গাতৰ পৰা ওলাই আহি নৃত্য কৰা আৰম্ভ কৰিব।

সিহঁতৰ ভাগৰ লগালৈকে নচুৱাই থাকক। এসময়ত নিগনিবোৰ ভাগৰি মাটিত ঢলি পৰিব। আৰু আপুনি এটা এটাকৈ উঠাই পলিথিন এটা ভৰাই, টানকৈ গাঁঠি মাৰি ডাষ্টবিনত পেলাই দিয়ক।

২) বেছিকে মহ ওলালে কি কৰিব?

- আঠুৱাত ফুটা থাকিলে সেই ফুটাৰে মহ সোমাই আপোনাক বৰ কামুৰিব পাৰে। তেতিয়া আপুনি এটা কাম কৰিব। ফুটাটোৰ বিপৰীত ফালে আঠুৱাখনত আৰু এটা ফুটা কৰি দিব, আৰু দুইটা ফুটাৰ মাজত এডাল পাইপ লগাই দিব। মহ এটা ফুটাৰে সোমাব আৰু পাইপৰ মাজেৰে গৈ ইটো ফুটাৰে বাহিৰ হৈ যাব।

- এইটো উপায়ে কাম নকৰিলে আৰু এটা বুধি কৰিব পাৰে। আঠুৱাখন এফালে অলপ ডাঙি কিছু দেৰি বহি থাকিব।
"সিন্ধি খুজি ফুৰন্তে দুৱাৰে পাইলো পথ" বুলি মহবোৰ হো- হোৱাই আপোনাৰ আঠুৱাৰ ভিতৰলে সোমাব। কিছুদেৰিৰ মুৰত যেতিয়া সকলো মহ আঠুৱাৰ ভিতৰত সোমাব, আপুনি পতকৈ আঠুৱাখনৰ তলফালে গাঁঠি এটা মাৰি বাহিৰত শুই থাকিব। আঠুৱাৰ ভিতৰত মহবোৰ খাবলৈ নেপায় এনেই মৰি যাব।

৩) মাখিৰ উৎপাত কিদৰে ৰোধিব?

- এটা বাতিত চূন আৰু নিমখ মিহলাই পাকঘৰত থৈ দিয়ক। মাখিয়ে সেইটোক মিঠাই বুলি খাই দিব আৰু লগে লগে নিমখৰ কোবত পিয়াহত ৰব নোৱাৰা হব। সি পানী খাবলৈ পুখুৰী বা কুৱাৰ ওচৰলে গ'লেই আপুনি তাক গতা মাৰি পানীত পেলাই দিয়ক। তাৰ পাখি কেইখন তিতি যাব আৰু তাকে শুকুৱাবলৈ সি জুইৰ ওচৰলৈ যাব। সেই সুযুগতে আপুনি জুইত এটা গ্ৰেনেড দলিয়াই দিয়ক। গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ মাখি হস্পিটেলত পৰি থাকিব। আৰু সেইদিনা ৰাতি আপুনি মনে মনে গৈ তাৰ অক্সিজেনৰ পাইপডাল খুলি দিব। মাখি নমৰিলে পইচা ৱাপচ।

৪) পইতাচোৰা কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

- নোৱাৰে, আৰু পাৰিলেও নকৰিব। সেইটোৱেই একমাত্ৰ বস্তু যিটোলৈ আপোনাৰ পত্নীয়ে ভয় কৰে।

Abhijit kalita

No comments:

Post a Comment