Tuesday 11 March 2014

নেতাবোৰৰ কথা

By: Anuj Kumar Das
এসোপা‬ নেতাক কঢ়িয়াই নিয়া তীব্ৰ বেগী বিলাসী বাছখন নিয়ন্ত্ৰণ হেৰুবাই পথৰ দাঁতিৰ এটা গছত খুন্দা মাৰি, ওচৰৰ পঁকাধানৰ খেতি পথাৰত ওলটি গল...নেতামখাই চিঞৰ-বাখৰ লগালে ।
তাকে দেখি খেতিপথাৰত কাম কৰি থকা মানুহবোৰ দৌৰি আহিল আৰু সকলোবে মিলি গাঁত এটা কৰি...'মৃত'/'অৰ্ধ-মৃত'/'আহত'... সকলো নেতাকে পুতিঁ দিলে ।

ইফালে দুৰ্ঘটনাৰ খবৰ পাই তদন্তৰ বাবে পুলিচ আহিল...আৰু খেতিয়ক সকলক সুধিলেঃ-..."আপোনালোকে দুৰ্ঘটনাটো দেখিছিল নে ?"
.

খেতিয়কসকলে কলেঃ-হয় দেখিছিলো...নেতাবিলাকক পুতিঁ থলো...(স্থান এদুখৰলৈ দেখুবাই)... এই খিনিতে !
.

পুলিচঃ-...গোটেই নেতা বোৰেই মৰি গল নে ?
.

খেতিয়কসকলঃ-...হেঃহেঃহেঃ সেই কথাটো হে কব নোবাৰিম...প্ৰায়েবোৰেই ছোন মৰি থাকিল...কিন্তু দুই/এটাই পিছে কৈছিল 'মৰিলো ঐ বচাওঁক'...'মৰিলো ঐ বচাওঁক',..বচাওঁক - বুলি...কিন্তু নেতাবোৰৰ কথা জানো বিশ্বাস কৰিব পাৰি ?...
.
.
.

খেতিয়কসকল কথাত বেহুচঁ পুলিচ !

No comments:

Post a Comment