এদিন কনটিলৌ

এদিন কনটিলৌৰ অসমীয়া ক্লাচত প্ৰস্ৰাৱ লাগিল~

সুধিলে... “মেডাম, মে’ আই গ’ টু ৱাচৰুম..? ”
.
.
.
মাষ্টৰণীয়ে খঙেৰে উত্তৰ দিলে..
“অসমীয়া ক্লাচত সকলো অসমীয়াত ক’ব লাগিব... ”
.
.
কনটিলৌয়ে পুণৰ অসমীয়াত সুধিলে,
“মহোদয়া, প্ৰসাৱ কৰিবলৈ যাঁওনে..? ”
.
.
মাষ্টৰণী: “অ’ যোৱা.. ”
.
.
.
পিছদিনা কনটিলৌৰ ইংৰাজী ক্লাচত প্ৰস্ৰাব লাগিল আৰু সুধিলে,
“মহোদয়া, প্ৰস্ৰাব কৰিবলৈ যাঁওনে..? ”
.
.
মাষ্টৰণীয়ে পুণৰ খঙেৰে উত্তৰ দিলে,
“ইংৰাজী ক্লাচত সকলো ইংৰাজীত সুধিবা.. ”
.
.
কনটিলৌয়ে পুণৰ সুধিলে,
“মেডাম, মে’ আই গ’ টু ৱাচৰুম..? ”
.
.
মাষ্টৰণীয়ে ক’লে,
“অ’কে, গ’.. ”
.
.
.
এইবাৰ কনটিলৌয়ে থিক কৰিলে যে আন কোনো মেডামক সি আৰু খং কৰিবলৈ সুবিধা নিদিয়ে... যি বিষয়ৰ ক্লাচ্, সেইমতেই ভাষা ব্যৱহাৰ কৰিব...

পিছদিনা মিউজিক ক্লাচত তাৰ প্ৰস্ৰাৱ লাগিল আৰু মাষ্টৰণীক চিধাচিধি কৈ দিলে...
.

.
.
.
.
.
.

“ইয়াই ৰে, ইয়াই ৰে, জোৰকৈ চুচু লাগিছে ৰে.. ”
By: Hemanta Hazarika
কেনে লাগিল:

Post a Comment

0 Comments