Monday 16 December 2013

আজি কি খাই আহিলি ?

আজিৰ পৰা প্ৰায় ১০ বছৰ মান আগৰ কথা
এখন স্কুলত এজন শিক্ষক আছিল, তেওঁ সদায় ছাত্ৰ ছাত্ৰী বোৰক বৰ মৰম কৰিছিল আৰু কেতিয়াবা কাৰোবাক সুধিছিল "আজি কি খাই আহিলি ? , বা আজি ভাত কিহেৰে

খা ই আহিলি " ইত্যদি ইত্যাদি ৷

এদিন এনেকৈয়ে এজন ছাত্ৰ ক সুধুতে সি কলে "ছাৰ আমাৰ মাই আজি পায়স বনাছিলে তাকে খাই আহিলো "তেতিয়া শিক্ষক জনে কলে" তুৰ মাৰই বনোৱা পায়স অকনমান কালিলৈ মোৰলৈ লৈ আহিবি চোন "কথা মতে পিচদিনাখন লৰাটোৱে এটা চৰিয়াত পায়স অলপমান লৈ গ'ল
বাটত ল'ৰা টোৰ প্ৰেসাব কৰিবলগাত সি ৰাস্তাৰ কাষতে সি পায়সৰ চৰিয়াটো থৈ প্ৰেসাব কৰিব গ'ল আৰু ঘুৰি আহি দেখে যে এটা কুকুৰে পায়স খিনি খাই আছে , সি কুকুৰ টোক খেদি আধা খোৱা পায়স খিনিকে লৈ স্কুল পালেগৈ আৰু শিক্ষক জনক খাবলৈ দিলে

শিক্ষক জনে খাই লৈ কলে "বঢিয়া হৈছে আৰু অকনমান আনিব নোৱাৰিলিনে ৷ "তেতিয়া ছাত্ৰ জনে কলে "এঃ নকব আৰু ছাৰ , সৰহকৈ য়ে আনিছিলো বাটতে আধা কুকুৰে খালে কাৰণেহে "
তেতিয়া শিক্ষক জনে খঙতে তাক দুচাট মান দি সি অনা চৰিয়াটো ভাঙিবলৈ ধৰিলে, ইয়াকে দেখি ছাত্ৰ জনে কি ক'লে জানেনে

ছাৰ ছাৰ সেইটো নাভাঙিব , সেইটোত ৰাতি মায়ে মূটে ৷ "
by: পবিত্র শইকীয়া

2 comments: