Wednesday 21 August 2013

গাৰ্ডেনৰ ঝুলনি

গভীৰ নিশা, প্ৰায় দুই বাজিছে ঘৰৰ কলিং বেলটো বাজি উঠিল...

টিং-টং টিং-টিং

গভীৰ নিদ্ৰাত শুই থকা কলিতা সাৰ পাই কোনোমতে দুৱাৰখন খুলিলে .

 দুৱাৰ খুলি কলিতাই কোনোমতে চকু দুটা মেলি দত্তক থিয় হৈ থকা দেখা পালে আৰু সুধিলে

এই মাজ নিশা কি হ’ল?

দত্তই ক’লে- অনুগ্ৰহ কৰি অলপ ঠেলিবা নেকি ?
আজি দত্তই ডিঙি পৰ্যন্ত গিলিলে নেকি ভাবি কলিতাই দত্তক যাবলৈ কৈ দুৱাৰখন বন্ধ কৰিলে |

 কিন্তু পিছ মুহূৰ্ততে কলিতাই টোপনিৰ জালত কিবা ভাবি নিজকে দোষী অনুভৱ কৰিলে

কিয়নো মানুহে মানুহক সহায় কৰাটো উচিত বুলি ভাবি কলিতাই দুৱাৰখন আকৌ খুলিলে আৰু ক’লে

দত্ত আপুনি আছেনে ? আপোনাক এতিয়াও ঠেলিব লাগিবনে?

দত্ত- হয় লাগিব… কলিতা- ঠিক আছে কিন্তু আপুনি ক’ত আছে??? . .

দত্ত- মই ইয়াতে মানে আপোনাৰ গাৰ্ডেনৰ ঝুলনিত বহি আছোঁ

By: Nilesh Barman

No comments:

Post a Comment