Saturday 9 March 2013

Happy Women's Day



International Women's Day Especial: Happy Women's Day! Don't Take Offence! 


১/ সুৰাপান কৰাৰ পিছত: এজন মতা মানুহৰ চিন্তা কৰাৰ শক্তি কমি যায়, তেওঁ ছেন্টিমেন্টেল হৈ পৰে, তেওঁৰ ড্ৰাইভিং কৰাৰ ষ্টাইল সলনি হৈ যায়, তেওঁ কাজিয়া কৰিবলৈ ভয় নকৰে, সৰু কাৰণতে তেওঁ চকুপানী টোকে, কেতিয়াবা হাও হাওকৈ কান্দে ... 
সুৰাপান নকৰাকৈও: এগৰাকী মহিলাই উপৰোক্ত কামখিনি প্ৰাকৃতিকভাৱেই কৰিব পাৰে | 

২/ এটা বেটেৰী আৰু এগৰাকী মহিলাৰ মাজৰ পাৰ্থক্য কি নো?
- বেটেৰীৰ পজিটিভ আৰু নিগেটিভ দুয়োটা চাইডেই থাকে

৩/ যেতিয়া আপোনাৰ পত্নী/ প্ৰেয়সীয়ে আপোনাক সোধে: তুমি এই বিষয়ে কি ভাবা’ বুলি; তেনেহ’লে ধুৰূপ জানিব, তেওঁ আচলতে আপোনাৰ মতামত নহয়, নিজৰ মতামত টোহে আপোনাৰ মুখেৰে শুনিবলৈ বিচাৰিছে ! 

৪/ মৃত্যুৰ পিছত যেতিয়া কলিতা স্বৰ্গলৈ গ’ল, তেতিয়া ভগবানে এদিন গোটেই মতা মানুহখিনিকে মাতি দুটা শাৰী পাতিবলৈ ক’লে | এটা শাৰীত নিজৰ পত্নীক শাসন কৰিব পৰা পতিসকল থিয় হ’ব আৰু আনটো শাৰীত পত্নীয়ে শাসন কৰা পতি সকল থিয় হ’ব |

দুঘন্টা পিছত ভগবান আহি দেখে যে পত্নীয়ে শাসন কৰা পতি সকলৰ শাৰীটো প্ৰায় ১০০ কি.মি. মান দীঘল হৈছেগৈ আৰু পত্নীক শাসন কৰা মানুহৰ শাৰীটোত কলিতা অকলে থিয় হৈ আছে | 

ভগবান: - চাব্বাছ, এজন হ’লেও সাহসী মানুহ যে ওলাল | কলিতা, কোৱাচোন তুমি তোমাৰ পত্নীক কেনেকৈ আৰু কি দৰে শাসনত ৰাখিছিলা? বাকী পুৰুষসকলেও শুনক আৰু কিবা এটা শিকক | 

কলিতা: - ম‍ই ... ম‍ই সেইবোৰ একো নাজানো দেই, এইমাত্ৰ মোৰ মানুহজনীয়ে আহি কৈ গ’ল, ইয়াতে থিয় দি থাক, নহ’লে ঠেং ভাঙি দিম, সেই কাৰণে হে ম‍ই ইয়াতে ৰৈ আছোঁ ...

ভগবান: - ও’ মাই গ’ড ...........

by Changmai

No comments:

Post a Comment