Monday 4 March 2013

দত্ত আৰু কলিতা


দত্তই কলিতাক ১২০০ টকা উভোতাই দিবলৈ আছে | যোৱা ছমাহৰ পৰা কলিতাই খুজি খুজি হায়ৰাণ হৈ গ’ল | দত্ত‍ই সদায় বাহানা দেখুৱাই মানা কৰি দিয়ে |

এদিন দুই বন্ধু বিয়া খাবলৈ মটৰচাইকেলত দূৰ গাওঁ এখনলৈ গ’ল | উভতি আহোঁতে সন্ধিয়া লাগো লাগোঁ | বাটতে এখন হাবি | হঠাত্‍ দুয়োকে চাৰি -পাঁচটা ডকাইতে ঘেৰি ধৰিলে |

দত্ত‍ই লগা লগ পকেট খুচৰি অলপ টকা উলিয়াই কলিতাৰ হাতত দি ক’লে: "হোঁ ল’ এইয়া ১০০০ টকা, এতিয়া ২০০ হে বাকী থাকিল দেই, সেইখিনি পিছত উভোতাই দিম" !

by Changmai

No comments:

Post a Comment