Thursday 3 May 2012

সুখৰ সংসাৰখন

The Happy-most Couple



কলিতাৰ একদম সুখৰ সংসাৰ !!!
অনবৰতে তেওঁলোকৰ ঘৰৰ পৰা হাঁহিৰ মাত উফৰি উফৰি আহে |
চুবুৰীয়াসকল হিংসাতে জ্বলি-পকি মৰে |

সেইদিনা হে গম পালোঁ ৰহস্যডাল - কলিতাৰ ওপৰত খং উঠিলে কলিতানীয়ে হেনো যিহকে পায় তাকে দলিয়ায়- বাচন বৰ্তন, ফুলদানী, মোবাইল ফোন, টিভিৰ ৰিম’ট...

কলিতাই জঁপিয়াই জঁপিয়াই বাচিবলৈ চেষ্টা কৰে, নালাগিলে প্ৰাণ খুলি হাঁহে | আৰু যদি কেনেবাকৈ লাগে, তেতিয়া কলিতানীয়ে হাত-তালি দি দি হাঁহে |

ইমান হাঁহি যে সংসাৰ একেবাৰে সুখত ডুব খাই আছে |


by Changmai#

No comments:

Post a Comment